ঢোঁৰা সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঢোঁৰা সাপ (Checkered keelback)
সংৰক্ষণ স্থিতি
NE
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
গণ: Xenochrophis
প্ৰজাতি: X. piscator
বৈজ্ঞানিক নাম
Xenochrophis piscator
(Schneider, 1799)

ঢোঁৰা সাপ (ইংৰাজী: checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি।

বিৱৰণ[সম্পাদনা কৰক]

ঢোঁৰা সাপৰ গাৰ বাকলিৰ ধৰণ

ঢোঁৰা সাপৰ চকুযোৰ তুলনামূলক ভাবে যথেষ্ট সৰু। ইয়াৰ গাৰ বাকলিবোৰ ১৯টা শাৰীত সজ্জিত হৈ থাকে। ইয়াৰ গাৰ বৰণ ঠাইবিশেষে বেলেগ বেলেগ হ'ব পাৰে। সমগ্ৰ দেহটোত কিছুমান গাঢ় ৰঙৰ ফোঁট থাকে। দেহটো দেখাত হালধীয়া বৰণৰ হয়। [1]

বাসস্থান[সম্পাদনা কৰক]

ঢোঁৰা সাপ ঘাইকৈ পুখুৰী বা নৈৰ আশে পাশে দেখিবলৈ পোৱা যায়। ই সাধাৰণতে সৰু মাছ আৰু পানী ভেকুলী আদি খাই জীয়াই থাকে।

বিতৰণ[সম্পাদনা কৰক]

ঢোঁৰা সাপ প্ৰধানকৈ আফগানিস্তান, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, পশ্চিম মালয়েছিয়া, চীন, টাইৱান আৰু ইন্দোনেছিয়া আদি দেশত বিস্তৃত হৈ আছে।

প্ৰকাৰ[সম্পাদনা কৰক]

  • X. p. melanzostus: Indonesia (Borneo [?], Java, Sulawesi [?]; Sumatra), India (Andaman and Nicobar Islands)
  • X. p. piscator (Schneider, 1799): Bangladesh, Bhutan, India, Myanmar, Pakistan, People's Republic of China (including Hainan), Sri Lanka, Taiwan, and Thailand

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Boulenger, G.A. (1890) Fauna of British India. Reptilia and Batrachia.

লগতে চাওক[সম্পাদনা কৰক]

  • Dutt, Kalma 1970 Chromosome Variation in Two Populations of Xenochrophis piscator Schn. from North and South India (Serpentes, Colubridae). Cytologia 35: pp. 455–464
  • Schneider, J. G., 1799 Historiae Amphibiorum narturalis et literariae. Fasciculus primus, continens Ranas. Calamitas, Bufones, Salamandras et Hydros. Jena, 266 S.