তানিয়া চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তানিয়া চৌধুৰী
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম তানিয়া চৌধুৰী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
জন্ম ১৩ জুন, ১৯৯৫ (২৮ বছৰ)
গুৱাহাটী, অসম, ভাৰত
বাসগৃহ গুৱাহাটী, অসম
উচ্চতা ১৬২ চেমি
ওজন ৬৬ কিগ্ৰা
ক্ৰীড়া
ক্ৰীড়া ল'ন বলছ্

তানিয়া চৌধুৰী (ইংৰাজী: Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ।[1] তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।

কেৰিয়াৰ[সম্পাদনা কৰক]

কমনৱেলথ গেমছ[সম্পাদনা কৰক]

চৌধুৰীয়ে ২০২২ চনলৈ তিনিখনকৈ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ল'ন বল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।[2] উক্ত প্ৰতিযোগিতাত তেওঁৰ তিনিজনীয়া দলটোৱে পুল বিৰ শীৰ্ষস্থান দখল কৰিছিল যদিও ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। চাৰি বছৰৰ পিছত তেওঁ ২০১৪ চনৰ কমনৱেলথ গেমছত পুনৰ অংশগ্ৰহণ কৰে।[3]

২০২২ চনত তেওঁ বাৰ্মিংহামৰ কমনৱেলথ গেমছত মহিলাৰ একক আৰু মহিলাৰ তিনিজনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।[4]

বিশ্ব চেম্পিয়নশ্বিপ[সম্পাদনা কৰক]

তেওঁ ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বিশ্ব আউটড'ৰ বলছ চেম্পিয়নশ্বিপৰ বাবেও নিৰ্বাচিত হয়।[5]

এছিয়া পেচিফিক[সম্পাদনা কৰক]

এছিয়া পেচিফিক বলছ চেম্পিয়নশ্বিপত চৌধুৰীয়ে তিনিটাকৈ পদক লাভ কৰিছে। ২০০৯ চনত তেওঁ চাৰিজনীয়া দলৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পোৱাৰ উপৰি কুইন্সলেণ্ডৰ গোল্ড কোষ্টত অনুষ্ঠিত ২০১৯ চনৰ এছিয়া পেচিফিক বলছ চেম্পিয়নশ্বিপত একক আৰু তিনিজনীয়া শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[6][7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]