তালা টুডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তালা টুডু
জন্ম ১৯৭২
ৰাঁচী, ঝাৰখণ্ড, ইণ্ডিয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান লাল বাহাদুৰ শাস্ত্ৰী মেম’ৰিয়েল কলেজ
পেচা লেখিকা, নাৰ্ছ
আত্মীয়-স্বজন ৰবীন্দ্ৰনাথ মুৰ্মু(ভায়েক)

তালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চাঁওতালি ভাষাৰ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৭২ চনত।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

টুডু ৰবীন্দ্ৰনাথ মুৰ্মুৰ ভগ্নী। তেৱোঁ সাহিত্য অকাডেমী অনুবাদ বঁটা বিজেতা এগৰাকী চাঁওতালি সাহিত্যিক৷ জীৱিকা হিচাপে তেওঁ টাটা ষ্টীল কোম্পানীত কৰ্মৰত৷[1] তালা টুডু লাল বাহাদুৰ শাস্ত্ৰী সোঁৱৰণী মহাবিদ্যালয়ৰ ছাত্ৰী আছিল।[2] টুডু পেছাত এজন অধিবক্তা গণেশ টুডুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন ল’ৰা আছে। তেওঁলোকৰ নাম অনিষা আৰু আশিস। তালা জামছেদপুৰ টাটা মেইন হস্পিতালৰ নাৰ্ছ৷[2]

ক’ভিদ সংকট[সম্পাদনা কৰক]

তালা এগৰাকী ক’ভিদ যোদ্ধা হিচাপে পৰিচিত৷ হস্পিতালত কৰ্তব্যৰত অৱস্থাতে তেওঁ ক’ভিদ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু ২০২০ চনৰ ১২ আগষ্টত তেওঁ ক’ভিদ পজিটিভ হিচাপে চিনাক্ত হৈছিল৷ ২৭ আগষ্টত তেওঁ পৰীক্ষাত নিগেটিভ হৈছিল৷[3]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

টুডুৱে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ পৰিণীতা নমাৰ উপন্যাসখন বাপলানিজ নামেৰে চাঁওতালি ভাষালৈ অনুবাদ কৰে। ই আছিল তেওঁৰ প্ৰথম অনুবাদ।[4] এই কামৰ বাবে তেওঁক ২০১৫ চনত সাহিত্য অকাডেমী অনুবাদ বঁটাৰে সন্মানিত কৰা হয়।[5]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Tribal translation gets Akademi pat - Santhali writer Rabindranath Murmu renders Bengali novel in own tongue". The Telegraph. 22 December 2012. https://www.telegraphindia.com/jharkhand/tribal-translation-gets-akademi-pat-santhali-writer-rabindranath-murmu-renders-bengali-novel-in-own-tongue/cid/353205। আহৰণ কৰা হৈছে: 27 November 2019. 
  2. 2.0 2.1 "Found in translation, a debut feat". The Telegraph. 22 February 2016. https://www.telegraphindia.com/jharkhand/found-in-translation-a-debut-feat/cid/1320280। আহৰণ কৰা হৈছে: 27 November 2019. 
  3. "ক’ভিদ". https://www.telegraphindia.com/jharkhand/a-tribal-nurse-who-braved-the-odds-and-emerged-a-covid-winner/cid/1790555। আহৰণ কৰা হৈছে: 14 March 2024. 
  4. "সাঁওতালি অনুবাদে শৰৎচন্দ্ৰ, পুৰস্কাৰ তালা টুডুৰ" (bn ভাষাত). Anandabazar Patrika. 19 February 2016. https://www.anandabazar.com/women/woman-awarded-for-translating-saratchandra-chattopadhyay-in-santali-1.313206। আহৰণ কৰা হৈছে: 27 November 2019. 
  5. "AKADEMI TRANSLATION PRIZES (1989-2018)". Sahitya Akademi. http://sahitya-akademi.gov.in/awards/anuvad_samman_suchi.jsp। আহৰণ কৰা হৈছে: 20 November 2019.