সমললৈ যাওক

ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


"ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ"

গানটিৰ ৰচয়িতা কাজী নজৰুল ইছলাম
আব্বাসউদ্দীন আহমদ-ৰ নাতে ৰচুল
কথা কাজী নজৰুল ইছলাম
প্ৰকাশ পায় ১৯৩৫
মুক্তি পায় ১৯৩৫
বাণীবন্ধন হয় ১৯৩৫
প্ৰকাৰ নজৰুল সঙ্গীত,গজল
লেখক কাজী নজৰুল ইছলাম
সুৰকাৰ কাজী নজৰুল ইছলাম
গীতিকাৰ কাজী নজৰুল ইছলাম

ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ (বঙালী: ত্ৰিভুবনের প্ৰিয় মুহাম্মদ, অৰ্থাৎ "ত্ৰিভুৱনৰ প্ৰিয় মহম্মদ") বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ দ্বাৰা ৰচিত এটি‍ ইছলামিক গীত বা গজল, যিয়ে ইছলামৰ নবী মহম্মদৰ আগমনৰ আনন্দবাৰ্তা বহন কৰে। ১৯৩৫ চনত তেওঁ পৰম্পৰাগত তুৰ্কী লোকগীত কাতিবিম-ৰ সুৰত ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ গজলটি‍ ৰচনা কৰে। [1] [2] কাতি‍বিমৰ সুৰত নজৰুলৰ প্ৰথম গীত আছিল 'শুকনো পাতাৰ নূপুৰ’, যিটো গীত প্ৰথমবাৰৰ বাবে ১৯৩৩ চনত সেই যুগৰ বিখ্যাত গায়িকা বাইজী হৰিমতী দেৱীয়ে ৰেকৰ্ডিং কৰিছিল। ১৯৩৫ চনত একে সুৰত প্ৰায় তেওঁৰ ‘ত্ৰিভুৱনেৰ প্ৰিয় মহম্মদ’ নামৰ আন এটা ৰেকৰ্ডিং ওলায়, যিটো তেওঁৰ সংগীতৰ দৰেই সুন্দৰ আৰু গীতটি‍ গাইছিল তেওঁৰ শিষ্য আৰু আপোন শিল্পী আব্বাছুদ্দিন আহমদে।[2]

‘ত্ৰিভুৱনৰ প্ৰিয় মুহাম্মদ’ গজলটিক এসময়ত আৰৱ্য শৈলীৰ সংগীত বুলি গণ্য কৰা হৈছিল। আৰু ইয়াৰ সত্যতা পৰীক্ষা কৰিবলৈ নজৰুল-গৱেষক আছাদুল হকে ষাঠিৰ দশকত গীতটোৰ উৎসৰ বিষয়ে‍ গৱেষণা আৰম্ভ কৰিছিল। বাংলাদেশৰ "দৈনিক ইত্তেফাক"ৰ পৃষ্ঠাত "সংগীতজ্ঞ নজৰুলৰ বাংলা গীতত আৰৱী সুৰৰ সফল প্ৰয়োগ" শিৰোনামেৰে তেওঁ প্ৰবন্ধ লিখিছিল। ১৯৬৫ চনত তুৰস্কৰ আংকাৰাত গৱেষক আছাদুল হকে এটা তুৰ্কী গীত শুনিছিল আৰু ‘শুকনো পাতা নূপুৰ’ গীতটোৰ সুৰৰ সৈতে তেওঁ এক অদ্ভুত সাদৃশ্য লক্ষ্য কৰিছিল। নজৰুল-কথিত আৰৱী সুৰ তেনেহ'লে ক'ত? আছাদুল গীতটিৰ পটভূমি জনাৰ বাবে লাগি থাকিল। তেওঁ চৰকাৰী কামত যেতিয়াই লেবানন বা ছিৰিয়ালৈ যায়, তেতিয়াই সুৰটি সন্ধান কৰে। এদিন এজন বৃদ্ধই তেওঁক জনালে যে‍ এইটো ছিৰিয়াৰ হাজাৰ বছৰীয়া পুৰণি সুৰ! গীতটো হ’ল, ‘বানাত ইস্কান্দাৰিয়া’ বা আলেকজেণ্ড্ৰিয়াৰ কন্যা’! যাৰ তুৰ্কী সংস্কৰণটোক ‘কাতিবিম’ বুলি কোৱা হয়। উস্কুদাৰ ভ্ৰমণৰ সময়ত এগৰাকী ছোৱালীয়ে নিজৰ কেৰাণীক লৈ লিখা এইটি এটি‍ 'কাতিবিম' গীত।[2]

‘ত্ৰিভুৱনৰ প্ৰিয় মুহাম্মদ’ শীৰ্ষক গজলটিৰ সুৰ নজৰুলে ক’ত পালে বা কাৰ পৰা শিকিলে তাৰ কোনো স্পষ্ট ধাৰণা পাবলৈ নাই। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে ১৯১৪ চনত জাৰ্মান বাহিনীৰ বিৰুদ্ধে প্ৰশিক্ষণৰ বাবে ইৰাকলৈ পঠিওৱা বেঙ্গল ৰেজিমেণ্টৰ জোৱানসকলৰ পৰা নজৰুলে ‘কাতিবিম’ৰ সুৰটো পাইছিল। আৰু সেই সুৰতেই গীতটি‍ ৰচনা কৰিছিল।[3]

১৯২৬ চনত কলকাতাৰ আলফ্ৰেড থিয়েটাৰলৈ‍ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল ইজিপ্তৰ নৃত্যশিল্পী ফৰিদা৷ সেই কথাত নজৰুল যথেষ্ট আপ্লুত হৈছিল। ইজিপ্তীয় সুৰৰ ‘মোমের পুতুল মমির দেশের মেয়ে’ গীতটিৰ আঁৰত ফৰিদাৰ প্ৰভাৱ থকাটো অস্বাভাৱিক নহয়, কোনে ক’ব পাৰে যে তেনেকৈয়ে হয়তো ফৰিদাৰ কণ্ঠতেই কলকাতাত ‘আলেকজেণ্ড্ৰিয়াৰ কন্যা’ বা ‘কাতিবিম’ৰ সৈতে নজৰুলৰ প্ৰথম কথা-বতৰা![2]

গীতৰ কথা

[সম্পাদনা কৰক]

ত্ৰিভুবনেৰ প্ৰিয় মুহাম্মদ এলো ৰে দুনিয়ায়।
আয় ৰে সাগৰ আকাশ বাতাস দেখবি যদি আয়॥
ধূলিৰ ধৰা বেহেশতে আজ, জয় কৰিল দিল ৰে লাজ।
আজকে খুশিৰ ঢল নেমেছে ধূসৰ সাহাৰায়॥
দেখ আমিনা মায়েৰ কোলে, দোলে শিশু ইসলাম দোলে।
কচি মুখে শাহাদাতেৰ বাণী সে শোনায়॥
আজকে যত পাপী ও তাপী, সব গুনাহেৰ পেল মাফী।
দুনিয়া হতে বে-ইনসাফী জুলুম নিল বিদায়॥
নিখিল দৰুদ পড়ে লয়ে নাম, সাল্লাল্লাহু আলায়হি ওয়া সাল্লাম।
জীন পৰী ফেৰেশতা সালাম জানায় নবীৰ পায়॥

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]