দিলৱালে দুলহনিয়া লে জায়েংগে
দিলৱালে দুলহনিয়া লে জায়েংগে (DDLJ) হৈছে আদিত্য চোপ্ৰাৰ পৰিচালনাত ১৯৯৫ চনৰ ২০ অক্টোবৰত মুক্তি পোৱা এখন হিন্দী ছবি । [1] প্ৰযোজক যশ চোপ্ৰা ৷ এই ছবিখনত শ্বাহৰুখ খান আৰু কাজল মূল চৰিত্ৰত অভিনয় কৰিছে ৷ দিলৱালে দুলহনিয়া লে জায়েংগে ভাৰতৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি। হাজাৰ সপ্তাহৰ অন্তত ২০১৪ চনৰ ১২ ডিচেম্বৰত মুম্বাইৰ মাৰাঠা মন্দিৰ থিয়েটাৰত এই ছবিখনে ইতিহাস ৰচনা কৰে। [2]
দিলৱালে দুলহনিয়া লে জায়েংগে | |
---|---|
পৰিচালক | আদিত্য চোপ্ৰা |
ৰচনা | আদিত্য চোপ্ৰা |
সংগীত পৰিচালক | যতিন-ললিত |
প্ৰযোজনা কোম্পানী |
|
পৰিবেশক | য়াশ্ব ৰাজ ফিল্ম |
মুক্তি |
২০ অক্টোবৰ ১৯৯৫ |
দৈৰ্ঘ্য |
১৮৯ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ৪ কোটি |
শ্ব’টো এতিয়াও চলি আছে। ৰাজ (শ্বাহৰুখ) আৰু ছিমৰাণ (কাজল) পৰিয়ালসহ বহিঃৰাজ্যত বাস কৰা ভাৰতীয়। বন্ধু-বান্ধৱীৰ সৈতে ইউৰোপ ভ্ৰমণত লগ হয় আৰু প্ৰেমত পৰে। [4] স্থানীয় বন্ধু এজনৰ পুত্ৰৰ লগত চিমৰনৰ দেউতাকে বিয়াৰ ব্যৱস্থা কৰিছে। বিয়াৰ বাবে ঘৰলৈ যোৱা ছিমৰনৰ পিছে পিছে ৰাজও ভাৰতলৈ আহে। দেউতাকৰ সন্মতি সাপেক্ষে ৰাজে ছিমৰণক ধৰিবলৈ কৰা প্ৰচেষ্টাক কেন্দ্ৰ কৰি ছবিখন আবদ্ধ। ভাৰত, লণ্ডন আৰু ছুইজাৰলেণ্ডত ডিডিএলজেৰ শ্বুটিং হৈছিল।
এই ছবিখনে ভাৰত আৰু বিদেশত ভাল সংগ্ৰহ কৰি বছৰৰ শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটা লাভ কৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Suhasini; Loke, Atul . "India's Love Story Movie".90sPopular Movie(19 January 2023)
- ↑ "27 years of DDLJ". Timesnownews.com. 27 Years of DDLJ Retrieved 5 August 2024
- ↑ https://en.m.wikipedia.org/wiki/Yash_Raj_Films
- ↑ Mashal, Mujib; Raj, Suhasini; Loke, Atul (19 January 2023). "India's Love Story with a Movie Still on the Big Screen After 27 Years".BOLLYWOOD-DDLJ The New York Times. Archived from the original on 22 January 2023. Retrieved 22 January 2023.