সমললৈ যাওক

দীনবন্ধু মিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীনবন্ধু মিত্ৰ

দীনবন্ধু মিত্ৰৰ প্ৰতিকৃতি আৰু স্বাক্ষৰ
স্থানীয় নাম দীনবন্ধু মিত্ৰ
জন্ম গন্ধৰ্ব নাৰায়ণ
১৮২৯
চৌবেড়িয়া, গোপালনগৰ, উত্তৰ ২৪ পৰগনা, বেঙ্গল প্ৰেসিডেন্সি, ব্ৰিটিশ ভাৰত
মৃত্যু ০১ নৱেম্বৰ, ১৮৭৩ (৪৪ বছৰ)
কলকাতা, বংগ প্ৰেছিডেন্সী, বৃটিছ ভাৰত
আত্মীয়-স্বজন নীলমণি মিত্ৰ (খুড়া)


দীনবন্ধু মিত্ৰ (ইংৰাজী: Dinobandhu Mitra) ( জন্ম-১০ এপ্ৰিল,১৮২৯[1] মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ।[2] দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

দীনবন্ধু মিত্ৰ উত্তৰ চৌব্বিশ পৰগনাৰ গোপালনগৰ থানাৰ অন্তৰ্গত চৌবেড়িয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল আৰু দেউতাকৰ নাম আছিল কালাচাঁদ মিত্ৰ। তেওঁৰ জন্মগত নাম আছিল গন্ধৰ্ব নাৰায়ণ। কিন্তু তেওঁ নিজৰ নামটো পৰিবৰ্ত্তন কৰি দীনবন্ধু মিত্ৰ ৰাখে। প্ৰাথমিক শিক্ষা গাঁৱৰে পাঠশালাত গ্ৰহণ কৰে। দীনবন্ধুক কৈশোৰ অৱস্থাত তেওঁৰ দেউতাকে ১৮৪০ চনত জমিদাৰৰ সম্পত্তিত তেওঁৰ বাবে এটা চাকৰিৰ ব্যৱস্থা কৰিছিল। কিন্তু সৰু লৰা দীনবন্ধুৱে কলকাতালৈ পলাই যায় আৰু তেওঁৰ খুৰাক নীলমণি মিত্ৰৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰে। ১৮৪৬ চনৰ সময়ছোৱাত তেওঁ জেমছ লঙৰ দ্বাৰা পৰিচালিত বিনামূলীয়া বিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে নামভৰ্তি কৰে। দিনবন্ধু মিত্ৰ সৰুকালৰে পৰা এজন প্ৰতিভাশালী শিক্ষাৰ্থী আছিল আৰু কেইবাটাও বৃত্তি লাভ কৰিছিল। ১৮৫০ চনত তেওঁ হিন্দু মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু শৈক্ষিক উৎকৰ্ষৰ বাবে বৃত্তি লাভ কৰে। অৱশ্যে তেওঁ হিন্দু মহাবিদ্যালয়ৰ অন্তিম পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল আৰু তাৰ পৰিৱৰ্তে ১৮৫৫ চনত পাটনাত পোষ্টমাষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ কৃষ্ণনগৰ, নদিয়া, ঢাকা আৰু উৰিষ্যাৰ ডাক বিভাগৰ বিভিন্ন পদত সেৱা আগবঢ়াইছিল। ১৮৭০ চনত তেওঁক চেৰাম্পোৰত চুপাৰনামিউনিকেৰী পোষ্টমাষ্টাৰ কৰা হয়। ১৮৭২ চনত তেওঁ ভাৰতীয় ৰেলৰ পৰিদৰ্শক হিচাপে যোগদান কৰে।[3]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

মিত্ৰই কলেজত পঢ়ি থাকোঁতেই সাহিত্য ৰচনা লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কাব্যশৈলী কবি ঈশ্বৰ চন্দ্ৰ গুপ্তাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁৰ কবিতাবোৰে কলকাতাৰ বুদ্ধিজীৱীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। যদিও তেওঁ নাটক লিখি বেছি ভাল পাইছিল।[4] ডাক বিভাগত চাকৰি কৰা কালত চাকৰিৰ সংক্ৰান্তত তেওঁ দেশৰ বিভিন্ন প্ৰান্তলৈ গৈছিল আৰু তেওঁ সমাজ তথা মানৱ জীৱনক নিবিড়ভাৱে অধ্যয়ন কৰাৰ সুযোগ পাইছিল আৰু বাস্তৱবাদৰ ওপৰত ভিত্তি কৰিয়েই এক বুজন সংখ্যক নাটক ৰচনা কৰি গৈছিল। তেওঁৰ কবিতা গ্ৰন্থসমূহৰ ভিতৰত আছে 'সুৰাধুনী কাব্য' (প্ৰথম অংশ ১৮৭১ চনত প্ৰকাশ পাইছিল, দ্বিতীয় অংশ ১৮৭৬ চনত প্ৰকাশ পাইছিল) আৰু 'দ্বাদশ কবিতা' (১৮৭২)। তেওঁৰ নাটকসমূহৰ ভিতৰত আছে 'নীল দৰ্পণ' (১৮৬০), 'নবীন তাপসভিনি' (১৮৬৩), 'বিয়ে পাগলা বুডো' (১৮৬৬), 'সাধবাৰ একাদশী' (১৮৬৬), 'লীলাৱতী' (১৮৬৭), 'জামাই বৰিক' (১৮৭৩) আৰু 'কমল কামিনী'(১৮৭৩)। উপন্যাসৰ ভিতৰত তেওঁ 'পোদা মাহেহশ্বৰ' শীৰ্ষক এখন উপন্যাসো লিখিছিল। তেওঁৰ আন এটা প্ৰসিদ্ধ অৱদান আছিল 'জামালয়ে জীবন্ত মানুষ' (যমৰ আৱাসত এজন জীৱন্ত ব্যক্তি) মৌলিক কাহিনীটো পিছলৈ ভানু বন্দোপাধ্যায় আৰু বাসৱী নন্দী অভিনীত একে নামেৰে চলচ্চিত্ৰ এখন নিৰ্মাণ কৰা হৈছিল

নীলদৰ্পন

[সম্পাদনা কৰক]
চিত্ৰ:নীলদৰ্পণ Nil Darpan.jpg
English translation of Nil Darpan.

দীনবন্ধু মিত্ৰৰ নাটক 'নীল দৰ্পন'খন নীল খেতিয়কসকলৰ দুৰ্দশাৰ বিষয়বস্তুৰ ওপৰত আধাৰ কৰি লিখিছিল। এই নাটকখন তেওঁ ৰচনা কৰিছিল নীলকৰ-বিষধৰ-দংশন-কাতৰ-প্ৰজানিকৰ-ক্ষেমঙ্কৰেণ-কেনচিৎ-পথিক ছদ্মনামেৰে। যদিও এই নাটকখনেই তেওঁক খ্যাতি আৰু সম্মানৰ চূড়ান্ত শীৰ্ষত উপনিত কৰাইছিল। ১৮৫৮ চনৰ নীল খেতিয়কসকলৰ বিদ্ৰোহৰ ওপৰত লিখা নাটকখন এখন বাস্তৱধৰ্মী নাটক। চিপাহী বিদ্ৰোহৰ এবছৰ পিছত বংগ‌ই ইয়াৰ ইতিহাসত আন এটা গুৰুত্বপূৰ্ণ বিদ্ৰোহ দেখিছিল। নাটকখন ঢাকাৰ পৰা প্ৰকাশিত হৈছিল আৰু প্ৰকাশৰ পিছতে নাটকখনে বাতৰি কাকতত এটা ডাঙৰ বিতৰ্ক তথা জনসচেতনতা জগাই তুলিছিল।[5] উৰিষ্যাৰ গাওঁ আৰু বংগত পোষ্টমাষ্টাৰ হিচাপে চাকৰি কৰি থকা সময়ত নীল খেতিয়কসকলে ভোগা দুৰ্দশাৰ স্বচক্ষে দেখা পোৱা প্ৰথম অভিজ্ঞতা নাটকখনত প্ৰতিফলিত হৈছিল। মাইকেল মধুসূদন দত্তই নাটকখন প্ৰকাশ হোৱাৰ লগে লগে ইংৰাজীলৈ অনুবাদ কৰিছিল।[6] ৰেভাৰেণ্ড জেমছ লঙে নাটকখনৰ ইংৰাজী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল। নাটকখনে ইউৰোপত ব্যাপক প্ৰচাৰ লাভ কৰিছিল লগতে ইউৰোপৰ আন ভাষালৈ অনুবাদ কৰা হৈছিল। সেই সময়ত আন কোনো বাংলা কিতাপেই ইমান ব্যাপক প্ৰচাৰ লাভ কৰা নাছিল। নীল বৃক্ষৰোপণৰ কুফলৰ বিষয়ে মানুহৰ সজাগতা বৃদ্ধিত ইয়াৰ ভূমিকাৰ বাবে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে 'নীল দৰ্পণ'ক 'আংকল টমৰ কেবিন'ৰ সৈতে তুলনা কৰিছিল।

পৰৱৰ্তী জীৱন আৰু উত্তৰাধিকাৰী

[সম্পাদনা কৰক]
বংগৰ চোবেৰিয়াত মিত্ৰৰ আবক্ষ মূৰ্তি।

লুচাই অভিযানত প্ৰদান কৰা সেৱাৰ বাবে ব্ৰিটিছ চৰকাৰে দীনবন্ধু মিত্ৰক ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল। বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ৰাজলক্ষ্মী দেৱীৰ বিবাহ সম্পন্ন হৈছিল দীনবন্ধু মিত্ৰৰ মধ্যস্থতাত।[7]১৮৭৩ চনৰ ১ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। ১৯৪৭ চনত প্ৰতিষ্ঠিত দীনবন্ধু মহাবিদ্যালয়খন মিত্ৰৰ নামেৰে নামকৰণ কৰা হৈছে।[8]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. image=https://photos.google.com/photo/AF1QipOvJkRZdluCRwz7VbZ58u66EerYRFZmdEXeM4aL
  2. Ghosha, Ajitakumāra, 1919-2005. (1998). Dinabandhu Mitra. প্ৰকাশক New Delhi: Sahitya Akademi. ISBN 81-260-0546-7. OCLC 51488064. 
  3. https://en.banglapedia.org/index.php?title=Mitra,_Rai_Bahadur_Dinabandhu
  4. ৰায় দীনবন্ধু মিত্ৰ বাহাদুৰেৰ জীবনী. https://bn.wikisource.org/wiki/%E0%A6%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC_%E0%A6%A6%E0%A7%80%E0%A6%A8%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%81_%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%B0_%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A6%B0%E0%A7%87%E0%A6%B0_%E0%A6%9C%E0%A7%80%E0%A6%AC%E0%A6%A8%E0%A7%80. 
  5. Dinabandhu Mitra, Ajit Kumar Ghoshal, Shahitya Academy Publication
  6. Prothom Alo, Sunil Ganguli, Ananda Publishers
  7. (en ভাষাত) দীনবন্ধু মিত্ৰকে আজও কেন আমৰা স্মৰণ কৰি / Dinabandhu Mitra by Dr Niranjan Bandopadhyay, https://www.youtube.com/watch?v=vaL_lngOB5g, আহৰণ কৰা হৈছে: 2020-01-06 
  8. "About Us". dinabandhumahavidyalaya.org. http://dinabandhumahavidyalaya.org/index.php?option=com_content&view=article&id=46&Itemid=55। আহৰণ কৰা হৈছে: 2020-01-06.