সমললৈ যাওক

দেৱেন দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱেন দত্ত
জন্ম ৫ এপ্ৰিল, ১৯৪৪
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ১৭ আগষ্ট, ২০২৩ (৭৯ বছৰ)
গুৱাহাটী চিকিৎসা মহাবিদ্যলয়, গুৱাহাটী
পেচা শিক্ষাবিদ, ৰাজহুৱা কৰ্মী, লেখক
ভাষা অসমীয়া
আত্মীয়-স্বজন নিবাৰণ বৰা, অৰুন্ধতী দত্ত

দেৱেন দত্ত (ইংৰাজী: Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল।[1][2] কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।[3] ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল। স্পষ্টবাদী বুলি তেওঁৰ নাম আছিল আৰু দৈনিক কাকতত তেওঁ অকুতোভয় শীৰ্ষকেৰে নিয়মীয়া কলম লেখিছিল।

১৯৪৪ চনৰ ৫ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ নাজিৰাত দেৱেন দত্তৰ জন্ম হৈছিল।[2]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

কটন কলেজৰপৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ দত্তই ১৯৬৫ চনত দিল্লীৰ ৰামযশ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু কটন মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপক ৰূপে মকৰল হয়।[4] কিছুবছৰ তেওঁ গড়গাঁও মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। ২০০২ চনত কটন কলেজৰ উপাধ্যক্ষ ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু গ্ৰাহক সুৰক্ষা সমিতিৰ সভাপতি ৰূপে ৰাজহুৱা জীৱন আৰম্ভ কৰে। [4] দত্তৰ সভাপতিত্বৰ সময়ছোৱাত গ্ৰাহক সুৰক্ষা সমিতিয়ে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু নাগৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কাম কৰিছিল।

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

দেৱেন দত্তই ২০০৪ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা তৃণমূল গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়।[5] কিৰিপ চলিহাৰ হাতত তেওঁ নিৰ্বাচনত পৰাস্ত হয়।[6]

২০২৩ চনৰ ১৭ আগষ্ট তাৰিখে স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃত্যু হয়।[2][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Assam: Noted Educationalist Deven Dutta Passes Away". The SentinelThe Sentinel. 18 August 2023. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-noted-educationalist-deven-dutta-passes-away-663130। আহৰণ কৰা হৈছে: 2025-08-29. 
  2. 2.0 2.1 2.2 "শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ". অসমীয়া প্ৰতিদিন. ১৮ আগষ্ট, ২০২৩. https://www.asomiyapratidin.in/assam/devan-dutta-passed-away। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩. 
  3. "শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান". এন ই নাও নিউজ, গুৱাহাটী. ১৮ আগষ্ট, ২০২৩. https://assam.nenow.in/noted-academician-active-social-worker-prof-deben-dutta-passes-away/। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩. 
  4. 4.0 4.1 4.2 "Eminent Educationist and social activist Prof Deven Dutta passes away". নিউজ লাইভ. ১৮ আগষ্ট, ২০২৩. https://newslivetv.com/eminent-educationist-social-activist-prof-deven-dutta-passes-away/। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩. 
  5. "Academician in political debut – TGP fields Deven Dutta from Guwahati seat". ABP GroupThe Telegraph India. 2 March 2004. https://www.telegraphindia.com/north-east/academician-in-political-debut-tgp-fields-deven-dutta-from-guwahati-seat/cid/766358। আহৰণ কৰা হৈছে: 2025-08-29. 
  6. "General Elections, 2004 – The 14th Lok Sabha: List of Successful Candidates". Election Commission of IndiaChief Electoral Officer, Madhya Pradesh. https://ceomadhyapradesh.nic.in/Links/Books/2004_Vol_I.pdf। আহৰণ কৰা হৈছে: 2025-08-29.