দ্য গড অৱ স্মল থিংছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দ্য গড অৱ স্মল থিংছ  
Thegodofsmallthings.jpg
লেখক অৰুন্ধতী ৰয়
প্ৰচ্ছদ শিল্পী সঞ্জীৱ সেঠ
দেশ ভাৰত
ভাষা ইংৰাজী
প্ৰকাশক ইণ্ডিয়াইংক, ভাৰত
প্ৰকাশ ১৯৯৭
মিডিয়া প্ৰকাৰ পকাবন্ধা আৰু কেঁচাবন্ধা
আই.এচ.বি.এন. 0-06-097749-3
অ.চি.এল.চি নং 37864514

দ্য গড অৱ স্মল থিংছ (১৯৯৭) হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়ৰ প্ৰথম উপন্যাস।"কাক,কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়্ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সৰু সৰু কথাবোৰেই মানুহৰ জীৱন আৰু আচৰণক কেনেকৈ প্ৰভাৱান্বিত কৰে তাৰ কাহিনী থকা এই উপন্যাসখনে ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰে।

দ্য গড অৱ স্মল থিংছ হ’ল ৰয়ৰ প্ৰথম আৰু একমাত্ৰ উপন্যাস। চাৰি বছৰৰ মূৰকত ১৯৯৬ চনত সম্পূৰ্ণ হোৱা এই উপন্যাসখনৰ বাবদ ৰয়ে আধা মিলিয়ন পাউণ্ড অগ্ৰিম ধন পাই। কিতাপখনৰ স্বত্ব প্ৰায় ২১ খন দেশত বিক্ৰী কৰা হয়। ২০১৩ চনত উপন্যাসখনৰ আধাৰত তলখিয়া নামৰ এক পাকিস্তানী ধাৰাবাহিক প্ৰচাৰিত হয়।

সংক্ষিপ্ত কাহিনীভাগ[সম্পাদনা কৰক]

কাহিনীৰ পটভূমি হ’ল বৰ্তমান কেৰালাৰ কোট্টায়ম জিলাৰ আয়মেনাম চহৰ। উপন্যাসৰ কাহিনীভাগ আৰম্ভ হয় ১৯৬৯ চনত যেতিয়া যমজ ভাই-ভগ্নী এস্থাপেন আৰু ৰাহেল সাত বছৰীয়া হৈ থাকে আৰু শেষ হয় ১৯৯৩ চনত যেতিয়া ৩১ বছৰীয়া এস্থা আৰু ৰাহেলৰ পুনৰ্মিলন ঘটে। ইংৰাজীৰ লগতে মালায়ালম শব্দৰ সঘন প্ৰয়োগ ঘটোৱা এই উপন্যাসখনে কেৰালাৰ সাম্যবাদী আন্দোলন,জাতিভেদ প্ৰথা,ছিৰিয়ান খ্ৰিষ্টিয়ান সকলৰ জীৱন ধাৰণ প্ৰণালী আদি বিভিন্নকথা সামৰি লয়।

খঙাল দেউতাক ‘পাপাচি’ আৰু ৰুগীয়া,তিতামুখীয়া মাক ‘মামাচি’ৰ পৰা কোনোমতে আঁতৰি থাকিবলৈ প্ৰয়াস কৰি থকা অম্মু আইপে এবাৰ গৰমৰ বন্ধত কলিকতালৈ যায় আৰু আয়েমেনামলৈ উভতি অহাৰ সলনি চাহ-বাহিচাত কাম কৰা মানুহ এজনৰ লগত পলাই যায়। কিন্তু সুৰামত্ত স্বামীৰ শাৰীৰিক অত্যাচাৰ,নিজৰ ওপৰৱালাৰ ওচৰত অম্মুক গতাই দিয়াৰ চেষ্টা আদিৰ ফলত ৰাহেল আৰু এস্থাৰ জন্মৰ পিছত অম্মুৱে পুনৰ আয়েমেনামলৈ ঘূৰি আহি মাক-দেউতাক আৰু ভাই চাকোৰ লগত থাকিবলৈ লয়। চাকোৱে আকৌ অক্সফ’ৰ্ডত থকা কালত মাৰ্গাৰেট নামৰ এক ইংৰাজ ছোৱালীৰ লগত বিয়াত বহে আৰু তেওঁলোকৰ ছ’ফি নামৰ ছোৱালী এজনীৰ জন্ম হয়। কিন্তু মাৰ্গাৰেটেৰ আন এজন মানুহৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পোৱাত চাকোৱে পুনৰ ভাৰতলৈ ঘূৰি আহে আৰু পাপাচিৰ মৃত্যুৰ পিছত মাকৰ আচাৰ কোম্পানী “পেৰাডাইজ পিকল্ছ এণ্ড প্ৰিজাৰ্ভছ” চম্ভালিবলৈ লয়। পাপাচিৰ ভনীয়েক বেবী কোচম্মা বা নৱোমী আইপো সেইখন ঘৰতে থাকে। যুৱতীকালত তেওঁ এজন ধৰ্মযাজকৰ প্ৰেমত পৰি তেওঁৰ কাষ চাপিবলৈ ৰোমান কেথলিক হয়। কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হয় আৰু বেবী কোচম্মা আজীৱন অবিবাহিতা হৈ থাকে। কিতাপখনত কোচম্মাক আনৰ দুখত সুখী হোৱা এক চৰিত্ৰ হিচাপে দেখুওৱা হৈছে যিয়ে অম্মু আৰু শিশুহালক কষ্ট দিয়াৰ প্ৰয়াস কৰি থাকে। যেতিয়া মাৰ্গাৰেটৰ দ্বিতীয় পতিৰ মৃত্যু হয়,চাকোৱে দুয়োকে খ্ৰিষ্টমাছত আয়েমেনামলৈ মাতে। সিহঁত অহাৰ আগদিনা অম্মুহঁতে এখন চিনেমা চাবলৈ যাই য’ত এজন চৰবতৰ দোকানীয়ে,এস্থাৰ ভাষাত ‘কমলাৰস আৰু নেমুৰসৰ মানুহ’জনে সুযোগ পাই এস্থাৰ ওপৰত উত্পীড়ন চলাই যিয়ে এস্থাক ভয়ভীত কৰি তোলে। মাৰ্গাৰেটক আনিবলৈ বিমানবন্দৰলৈ যাওঁতে ৰাহেলে বাটত ভেলুথাক দেখা যেন পাই।

ভেলুথা আছিল দলিত সম্প্ৰদায়ৰ এক যুৱক যাৰ পৰিয়ালটোৱে বছৰ বছৰ ধৰি আইপ পৰিয়ালত কাম কৰি আহিছে। এক সুদক্ষ কাঠমিস্ত্ৰী ভেলুথাৰ লগত অপ্ৰত্যাশিতভাৱে ৰাহেল আৰু এস্থাৰ এক অন্তৰংগতা গঢ়ি উঠে। তাক দেখি অম্মুৱেও ভেলুথাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে আৰু “দিনত ল’ৰা-ছোৱালীহালে ভাল পোৱা মানুহজনক তাই ৰাতি ভাল পোৱা” হৈ পৰে।

যেতিয়া পৰিয়ালৰ মানুহে এই প্ৰেমৰ কথা গম পাই তেওঁলোকে অম্মুক কোঠাত বন্দী কৰি ভেলুথাক খেদি দিয়ে। অম্মুৱে এই ঘটনাৰ বাবে ল’ৰা-ছোৱালীহালক গালি পাৰে আৰু সিহঁতক ‘গলগ্ৰহ’ বুলি কয়। দুঃখিত হৈ এস্থা আৰু ৰাহেলে ঘৰ এৰি গুচি যায় আৰু ছ’ফি মলৰ কথাত ভোল গৈ তাইকো লগত লৈ যায়। নিশাৰ ভাগত ওচৰৰ নদীটো পাৰ হ’বলৈ চেষ্টা কৰোতে ছ’ফি পানীত ডুবি মৃত্যু মুখত পৰে। ইপিনে বেবী কোচম্মাই পুলিছৰ ওচৰত ভেলুথাক ছ’ফি মৃত্যুৰ কাৰণে দায়ী বুলি আৰু ভেলুথাই অম্মুক বলাত্কাৰৰ চেষ্টা কৰা আৰু ঘৰৰ মানুহক ভাবুকি দিয়া বুলি গোচৰ দিয়ে। পুলিছে ভেলুথাক কৰায়ত্ত কৰে আৰু সামাজিক সীমা লংঘন কৰা বাবে তাক মাৰ-ধৰ কৰে। যেতিয়া এস্থা আৰু ৰাহেলে পুলিছ অধীক্ষকক সঁচা কথাবোৰ কৈ দিয়ে তেতিয়া সাম্যবাদীসকলৰ ৰোষত পৰাৰ ভয়ত তেওঁ বেবী কোচম্মাক আটক কৰে। আনফালে আঘাতপ্ৰাপ্ত ভেলুথাৰ মৃত্যু ঘটে। তেতিয়া অম্মুৱে পুলিছৰ আগত ভেলুথা আৰু তাইৰ মাজত থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰে। পিছত বেবী কোচম্মাই চাকোক পতিয়ন নিয়াই যে ছ’ফিৰ মৃত্যুৰ বাবে অম্মু আৰু তাইৰ ল’ৰা-ছোৱালহালহে দায়ী। খঙৰ প্ৰকোপত চাকোৱে অম্মুক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে আৰু অম্মুৱে বাধ্যত পৰি এস্থাক দেউতাকৰ লগত থাকিবলৈ পঠিযাই দিয়ে। দুয়োৰে কেতিয়াও দেখা-সাক্ষাত্ নহয় আৰু অম্মুৱে কিছুবছৰ পিছতে দুখ-দুৰ্দশাৰ কৱলত পৰি মৃত্যুমুখত পৰে। ৰাহেল উচ্চশিক্ষাৰ বাবে আমেৰিকালৈ যায়। তাত তাই বিয়াত বহে,সেই বিয়াখন ভাঙেও আৰু কেইবাটাও চাকৰি এৰি তাই শেষত আয়েমেনামলৈ ঘূৰি আহে। এস্থা আৰু ৰাহেল বহু বছৰৰ মূৰত পুনৰ একলগ হয়। কিন্তু শৈশৱৰ সেই ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত এক অপৰাধবোধে এস্থাক প্ৰায় নিৰ্বাক আৰু ৰাহেলক ভাবুক কৰি তোলে। সিহঁতক বুজি পোৱা কোনো মানুহ বিচাৰি নাপাই দুয়ো একেলগে শুই থাকে।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • এস্থা: এস্থা বা এস্থাপেন য়াকো ৰাহেলৰ যমজ ভাই। কিছু ভাবুক আৰু বুদ্ধিমান এস্থাক ছ’ফিৰ মৃত্যুৱে অধিক ব্যতিবস্ত কৰে কাৰণ ছ্’ফিৰ আগমনৰ মাত্ৰ এদিন আগেয়ে তাৰ ওপ্ৰত এজন মানুহে যৌন নিৰ্যাতন চলাই। আচাৰ ফেক্টৰীত এস্থাই যি ‘দুটা চিন্তা’ চিন্তা কৰে(“সকলোৰে লগত সকলো কথা ঘটিব পাৰে”, আৰু “সদায় সাজু হৈ থকাটো ভাল”) সি উপন্যাসৰ ঘটনাক নতুন মোৰ দিয়ে। শৈশৱৰ ঘটনাবোৰ আৰু মাকৰ পৰা বিচ্ছিন্ন হৈ দেউতাকৰ লগত থাকিবলগীয়া হোৱা কথাই এস্থাক বাৰুকৈয়ে আঘাত দিয়ে। জীৱনৰ অধিক সময় বেলেগ বেলেগ হৈ থাকিলেও এস্থা আৰু ৰাহেল ইমান নিকট যে বহুসময়ত দুয়োকে ৰয়ে এজন ব্যক্তি বুলি বৰ্ণনা কৰিছে।
  • ৰাহেল: কাহিনীটোৰ আঁত ধৰোতা ৰাহেল এস্থাতকৈ বয়সত ওঠৰ মিনিত সৰু। সাত বছৰীয়া ৰাহেলৰ চুলিবোৰ প্ৰায়ে মূৰৰ ওপৰত এক “পানীৰ ফোৱাঁৰা” হৈ থাকে আৰু তাই ব্ছি ভাগ হালধীয়া আৰু ৰঙা প্লাষ্টিকৰ চশমা এযোৰ পিন্ধি থাকে। ৰাহেল বুধিমতী আৰু খোলা স্বভাৱৰ আৰু ভেলুথাৰ বাহিৰে সদাই সকলোৱে তাইক এস্থাতকৈ নিম্নমানৰ বুলি ভাবে। ঘটনাবোৰৰ পিছতোৰাহেল অম্মুৰ লগতে থাকে আৰু পিছলৈ এজন ইউৰোপীয়ান মানুহৰ লগত হোৱা এক অসফল বিবাহৰ অন্তত পুনৰ আয়েমেনামলৈ ঘূৰি আহে।
  • অম্মু: অম্মু হ’ল এস্থা আৰু ৰাহেলৰ মাক যিয়ে কেৱল পৰিয়ালৰ বান্ধোনৰ পৰা মুক্তি পাবলৈ বিয়াত বহিছিল। কিন্তু স্বামীৰ অত্যাচাৰত তাই পুনৰ ঘৰলৈ ঘূৰি আহে। ল’ৰা-ছোৱালী হালৰ সাত বছৰ বয়্স অম্মু দলিত সম্প্ৰদায়ৰ মিস্ত্ৰী ভেলুথাৰ প্ৰেমত পৰে যিয়ে উপন্যাসৰ সমগ্ৰ ঘটনাত হোতা হিচাপে কাম কৰে।
  • ভেলুথা: ভেলুথা হ’ল দলিত জাতিৰ এক অস্পৃশ্য মিস্ত্ৰী যিয়ে আইপ পৰিয়ালৰ আচাৰ ফেক্টৰীত কাম কৰে। মালায়ালম ভাষাত তাৰ নামটোৰ অৰ্থ বগা,কাৰণ সি দেখিবলৈ বহুত ক’লা। সাম্যবাদৰ আন্দোলনৰ এক সক্ৰিয় কৰ্মী ভেলুথাই পিছলৈ অম্মুৰ প্ৰেমতপৰে আৰু পুলিছৰ প্ৰহাৰত ম্ৰ্ত্যু বৰণ কৰেH
  • চাকো: চাকো এস্থা আৰু ৰাহেলৰ মোমায়েক আৰু বয়সতঅম্মুতকৈ চাৰি বছৰ ডাঙৰ।[1] চাকোৱে আকৌ অক্সফ’ৰ্ডত থকা কালত মাৰ্গাৰেট নামৰ এক ইংৰাজ ছোৱালীৰ লগত বিয়াত বহে আৰু তেওঁলোকৰ ছ’ফি নামৰ ছোৱালী এজনীৰ জন্ম হয়। কিন্তু মাৰ্গাৰেটেৰ আন এজন মানুহৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পোৱাত চাকোৱে পুনৰ ভাৰতলৈ ঘূৰি আহে। পিছত ছ’ফিৰ আয়েমেনামত মৃত্যু হয়।
  • বেবী কোচম্মা: বেবী কোচম্মা এস্থা আৰু ৰাহেলৰ পেহী আইতাক। আমেৰিকাত ফুলনি সজ্জাৰ শিক্ষা গ্ৰহণ কৰি আহি মইবৰ ভাৱত থকা বেবী কোচম্মাই আগবয়সত এজন আইৰিছ ধৰ্মাযাজকক প্ৰাণভৰি ভাল পাই কিন্তু বিফল হয়। নিজৰ জীৱনৰ বিফলতাই তেওঁৰ মনত এক তিক্ততা আৰু বিৰক্তিৰ জন্মদিয়ে যাৰ ফলস্বৰুপে তেওঁ অম্মু আৰু শিশুহালক দেখিব নোৱাৰা হয়।

শৈলী[সম্পাদনা কৰক]

অ-সৰলৰৈখিক বৰ্ণনা[সম্পাদনা কৰক]

দ্য গড অৱ স্মল থিংছৰ কাহিনীভাগে এক সৰলৰেখাত গতি কৰি নাথাকে। বৰঞ্চ সোৱঁৰণী আৰু দীঘলীয়া উপকাহিনীবোৰে আইপ পৰিয়ালৰ কাহিনীটো গঢ় দিছে। কিবা কিবি ঘটনাৰ লগত সংগতি ৰাখি ৰাহেলে কথাবোৰ যিভাৱে মনত পেলাইছে কথাবোৰ সেইভাৱে বৰ্ণনা কৰা হৈছে।পোনপটীয়াকৈ নহ’লেও ৰাহেলেই উপন্যাসখনত আঁত-ধৰোতা হিচাপে কাম কৰিছে।

কৌশল[সম্পাদনা কৰক]

যিহেতু উপন্যাসখনত অনুভৱৰ ওপৰত বেছি যোৰ দিয়া হৈছে,ৰয়ে শিশুমনৰ দৃষ্টিভংগী আৰু সৰলমনা স্বভাৱ দেখাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। তাৰ বাবে মাজে মাজে তেওঁ কিছুমান শব্দত বৰফলাৰ আখৰ ব্যৱহাৰ কৰিছে। ডাঙৰে কোৱা কথা কিছুমান তেওঁ শিশুহালৰ মুখেৰে নতুন ধৰণে,শব্দবোৰৰ ভঙা পতা কৰি,নতুন উচ্চাৰণেৰে কোৱাইছে।

অভিযোজন[সম্পাদনা কৰক]

ধাৰাবাহিক[সম্পাদনা কৰক]

  • তলখিয়া (২০১৩), এক পাকিস্তানী ধাৰাবাহিক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Roy, Arundhati. The God of Small Things. IndiaInk. পৃষ্ঠা. 37. ISBN 8186939024. 
  • Ch'ien, Evelyn. "The Politics of Design: Arundhati Roy." In Weird English. Harvard University Press, 2004.

অধিক পঢ়্ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]