ধোঁৱাচাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ধোঁৱাচাং অসমৰ গাঁৱৰ মানুহৰ বাবে অপৰিহাৰ্য সামগ্ৰী বিশেষ। ঘৰৰ জুহাল বা ৰান্ধনিশালৰ ওপৰত চাৰিটাকৈ খুটি পুতি নাইবা বিশেষ পদ্ধতিৰে ধোঁৱাচাংখন ওলমাই ৰখাই হয়। [1] ই প্ৰায় দুইৰ পৰা চাৰি খলপীয়া হয়।

ধোঁৱাচাঙৰ ব্যৱহাৰ[সম্পাদনা কৰক]

গাঁৱৰ মানুহৰ বাবে ধোঁৱাচাংখন অপৰিহাৰ্য সামগ্ৰী বিশেষ। গাখীৰৰ কলহ-টেকেলি, সাজৰ কলহ আদি ধোঁৱাচাঙৰ সাধাৰণতে ওপৰ খলপাত ওভতাই থৈ দিয়ে। ডলা-চালনী, পাচি-খৰাহীবোৰো সাজি উলিওৱাৰ পাছত ঘূণে নধৰিবৰ বাবে ধোঁৱাচাঙত থৈ দিয়ে। পুৰণিকলীয়া সাঁচিপাতৰ পুথি বা অন্যান্য পুথি-পাঁজি গামোচাৰে মেৰিয়াই, তাৰ ওপৰত আকৌ ৰঙা কাপোৰেৰে বান্ধি সযতনেৰে ধোঁৱাচাঙত থৈ দিয়ে। অসমৰ জলবায়ু, বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৰা এনে ব্যৱস্থাই বহু পুথি পাঁজিক আজিও জীয়াই ৰাখিছে। [1]

ধোঁৱাচাঙত কলহৰ ভিতৰত নানাবিধৰ জলপানে যিদৰে সুৰক্ষিত ঠাই পাইছিল, সেই দৰে বিভিন্ন ঔষধ পাতি আৰু ৰবি শস্যৰ বীজ সংৰক্ষণতো ধোঁৱাচাঙৰ ভূমিকা অগ্ৰগণ্য। কলখাৰনিৰ বাবে ভীমকলৰ বাকলি ধোঁৱাচাঙৰ কোনোবা এটা চুকত শুকাবলৈ ধৰে। সৰহকৈ ধৰি অনা মাছ শুকুৱাবৰ বাবে চালনীত বিহলঙনী পাৰি দি ধোঁৱাচাঙত যতন কৰি থৈ দিয়ে। তদুপৰি ধোঁৱাচাঙত লাগি ৰোৱা এলান্ধুও বিভিন্ন বন দৰৱৰ উপাদান হিচাপে ব্যৱহাৰ হয়। [1]

জতুৱা ঠাঁচত ধোঁৱাচাং[সম্পাদনা কৰক]

অসমীয়া ভাষাৰ জতুৱা ঠাঁচত "ধোঁৱাচাঙত তুলি থোৱা" বুলিলে তিৰ্য্যক অৰ্থত কোনো বিষয় বা বস্তু অব্যৱহাৰ বা চৰ্চাৰ অভাবত হেৰাই যোৱা বা পাহৰি যোৱা বুজায়।

আৰু চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ত্ৰিদীপ নীলিম শইকীয়া (৬ জানুৱাৰী ২০১৩). "ধোঁৱাচাং". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ৩০.