ধোঁৱাবৰণীয়া নলচুপি চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia)
P. s. socialis in Hyderabad, India.
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Cisticolidae[2]
গণ: Prinia
প্ৰজাতি: P. socialis
বৈজ্ঞানিক নাম
Prinia socialis
(Sykes, 1832)
সমাৰ্থক

Burnesia socialis

ধোঁৱাবৰণীয়া নলচুপি চৰাই (ইংৰাজী: Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।

বিৱৰণ[সম্পাদনা কৰক]

P. s. stewartii with supercilium visible (Haryana, India)
In Pune, India

ধোঁৱাবৰণীয়া নলচুপি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৩-১৪ ছে:মি: হয়। ইয়াৰ পাখি চুটি আৰু ঘূৰণীয়া হয়। এই চৰাইবিধৰ নেজডাল সাধাৰণতে দাং খুৱাই ৰাখে। ধোঁৱাবৰণীয়া নলচুপি চৰাইৰ ঠোঁট ছুটি আৰু গাঢ় ক'লা বৰণীয়া। ইয়াৰ মূৰৰ ওপৰৰ অংশ মুগাবৰণীয়া হোৱা দেখা যায়। প্ৰজননৰ কালত পূৰ্ণবয়স্ক মতা চৰাইৰ দেহ ছাঁই বৰণীয়া আৰু মূৰৰ ওপৰত ক'লা টুপী থকা দেখা যায়। [3]

বিতৰণ[সম্পাদনা কৰক]

ধোঁৱাবৰণীয়া নলচুপি চৰাই ভাৰত উপমহাদেশত স্থানীয় চৰাই। ইয়াক ঘাইকৈ ভাৰত, নেপাল, বাংলাদেশ, ভূটান, শ্ৰীলংকা আৰু ম্যানমাৰত দেখিবলৈ পোৱা যায়।

বাসস্থান[সম্পাদনা কৰক]

এই চৰাইবিধ ঘাইকৈ শুকান আৰু মুকলি ঘাঁহনি, কাঠনি, জোপোহা গছৰ বনাঞ্চল আদিত দেখা যায়। তদুপৰি নগৰীয়া অঞ্চলৰ উদ্যান, খেতি-পথাৰ আদিতো এই চৰাইবিধ দেখা যায়।

আচৰণ[সম্পাদনা কৰক]

ধোঁৱাবৰণীয়া নলচুপি চৰায়েযোৰ পাতি থাকে কিন্তু জিৰণি লোৱাৰ সময়ত অকলশৰে গছৰ ডালত জোপোহাত পৰেগৈ। .[4]

খাদ্য[সম্পাদনা কৰক]

এই চৰাইবিধ পতংগভোজী। ইয়াৰ মাতটো চ্চীপ-চ্চীপ-চ্চীপ-চ্চীপ.. ধৰণৰ।[3]

Calls with the "spark" sounds at end

প্ৰজনন[সম্পাদনা কৰক]

Nest with eggs, Hyderabad, India

ধোঁৱাবৰণীয়া নলচুপি চৰায়ে মাটিৰ পৰা অলপ ওপৰত জোপোহা বা ওখ ঘাহত বাহ সাজে। এবাৰত ই ৩-৫ টাকৈ কণী পাৰে।[5][6] ইয়াৰ প্ৰজননৰ কাল ঠাইবিশেষে বেলেগ বেলেগ হয়। ভাৰতত ঘাইকৈ বাৰিষা প্ৰজননকৰে বুলি জনা যায়। [7][3][8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Prinia socialis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106007376। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Alström, Per; Alström, P; Ericson, PG; Olsson, U; Sundberg, P; Ericson, Per G.P.; Olsson, Urban and Sundberg, Per (Feb 2006). "Phylogeny and classiWcation of the avian superfamily Sylvioidea". Molecular Phylogenetics and Evolution খণ্ড 38 (2): 381–397. doi:10.1016/j.ympev.2005.05.015. ISSN 1055-7903. PMID 16054402. 
  3. 3.0 3.1 3.2 Rasmussen, P. C. and Anderton, J. (2005). Birds of South Asia: The Ripley Guide.. Smithsonian Institution & Lynx Edicions. ISBN 84-87334-67-9. 
  4. Hemanth, J. (1990). "On the roosting of the Ashy Wren-Warbler". Newsletter for Birdwatchers খণ্ড 30 (5&6): 15. http://www.archive.org/stream/NLBW30_56#page/n16/mode/1up/. 
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; hbk নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. Ramanan, R. V. (1995). "The nest of Ashy Wren Warbler Prinia socialis". Newsletter for Birdwatchers খণ্ড 35 (1): 17. http://www.archive.org/stream/NLBW35_1#page/n18/mode/1up/. 
  7. George,J. C. (1962) (PDF). Nest-shifting behaviour of the Ashy Wren-Warbler. 78. 435–6. http://sora.unm.edu/sites/default/files/journals/auk/v078n03/p0435-p0436.pdf. 
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; cat নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

লগতে চাওক[সম্পাদনা কৰক]

  • Balachandran, S; Rosalind, Lima (1992): Southern Ashy Wren-Warbler Prinia socialis socialis Sykes in Pt. Calimere Wildlife Sanctuary, Tamil Nadu.J. Bombay Nat. Hist. Soc. 89(3), 377.
  • Jairamdas, Arjun (1977) Three nests of Ashy Wren Warbler – diary of one season. Newsletter for Birdwatchers . 17(2):4–6.
  • Subramanya, S.; Veeresh, G. K. (1998) Nesting of two insectivorous birds in the rice fields of Bangalore. Chap. 4. In: Birds in Agricultural Ecosystem. (Eds: Dhindsa, MS; Rao, P Syamsunder; Parasharya, BM) Society for Applied Ornithology, Hyderabad, 10–17.
  • Ajmeri, R. M.; Das, A. R. K.; Sasikumar, M. (1961) An unusual nest of the Ashy Wren-warbler (Prinia socialis). Newsletter for Birdwatchers . 1(4):1.

বাহভিক সংযোগ[সম্পাদনা কৰক]