ধ্ৰুৱবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধ্ৰৱবাদ (ইংৰাজী: Classicism) হৈছে সাহিত্য বিচাৰৰ পদ্ধতিগত আৰু তাত্ত্বিক মতবাদৰ ভিতৰত ধ্ৰুৱবাদ অন্যতম। ইংৰাজী 'Classicism'ৰ অসমীয়া প্ৰতিশব্দ হিচাবে 'ধ্ৰুৱবাদ' শব্দটো ব্যৱহাৰ হৈ আহিছে। সাহিত্যৰ গুণগত আৰু ৰূপগত মান নিৰূপনৰ বাবে গ্ৰহণ কৰা তাত্ত্বিক মতবাদেই 'ক্লাছিচিজিম্'। তেনে গুণগত মান ৰক্ষা কৰি ৰচনা কৰা সাহিত্যই 'ক্লাছিকেল' সাহিত্য। 'ক্লাছিকেল' শব্দটোৰ অসমীয়া পৰিভাষা হ'ল 'ধ্ৰুপদী'।[1] 'ক্লাছিচিজিম্‌'ক আভিধানিক অৰ্থত কোৱা হৈছে, “সৰলতা, বন্ধন আৰু শৃংখলা প্ৰাচীন ৰোম আৰু গ্ৰীচৰ ক্লাছিক কলা আৰু সাহিত্যৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ থোৰতে বুজাবলৈ 'ক্লাছিছিজিম' শব্দটো শিথিলভাৱে প্ৰয়োগ কৰা হয়। আনহাতে, 'ক্লাছিক' আৰু 'ক্লাচিকেল' বিশেষণ দুটা তেনে গুণবিশিষ্ট যিকোনো কৃতিকে বুজাবলৈ ব্যৱহাৰ কৰা হয়।”

প্ৰকৃততে, প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ মহৎ সাহিত্যকৰ্মসমূহৰ ৰচনা ৰীতি, চিন্তাৰ গভীৰতা আৰু বস্তুনিষ্ঠতা, গাঁথনিক শৃংখলা, মতাদৰ্শৰ পৰিপূৰ্ণতা আদিক উৎকৃষ্ট তথা আদৰ্শৰূপে গ্ৰহণ কৰি সেই কৃতিসমূহৰ সযত্ন অনুশীলন কৰাই ধ্ৰুৱবাদৰ মূল কথা। 'ধ্ৰুৱ' এই শব্দটো ধ্ৰুৱ নক্ষত্ৰৰ পৰা লোৱা হৈছে। ধ্ৰুৱ তৰাক স্থিৰ আৰু অচঞ্চল বুলি ধৰা হয়। সাহিত্যৰ যি তত্ত্বই এনে স্থিৰ, অচঞ্চল সাহিত্যৰ পৰিচয় দান কৰে, সেয়ে ধ্ৰুৱবাদ; তেনে সাহিত্যই ধ্ৰুৱবাদী বা ধ্ৰুপদী বা ধ্ৰুপদী সাহিত্য। আনকি গীতৰো যিটো স্থায়ী অংশ তাক 'ধ্ৰুপদ' বোলা হয়। অসমীয়া তথা ভাৰতীয় অন্য অন্য ভাষাতো ব্যৱহৃত ধ্ৰুপদী শব্দটোৰে 'ক্লাছিকেল' শব্দৰ অৰ্থ-গৌৰৱকে প্ৰকাশ কৰা হৈছে। ভাৰতবৰ্ষত এই শব্দৰ ব্যৱহাৰ ঊনবিংশ শতিকাৰ পৰাহে হৈছে।

লেটিন ভাষাৰ 'Classicus' শব্দৰ পৰা 'Classical' শব্দটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। ঐলাচ গেলিয়াচ (Aulus Gellius) নামৰ এজন লোটন লেখকে সৰ্বপ্ৰথম এই শব্দটো ব্যৱহাৰ কৰাৰ তথা পোৱা যায়। প্ৰকৃততে, গ্ৰীচ আৰু ৰোমৰ শ্ৰেষ্ঠ সাহিত্যকৰ্মসমূহক বুজাবৰ বাবে 'ক্লাছিক' শব্দটো প্ৰয়োগ কৰা হৈছিল। সেই দৃষ্টিৰে হোমাৰইলিয়াড আৰু ওডিছী ক্লাছিক বা ধ্ৰুপদী সাহিত্য। একেদৰে ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখনকো ধ্ৰুপদী সাহিত্য বুলি কোৱা হয়। মূলতঃ ধ্ৰুপদী সাহিত্যৰ লক্ষ্য বা বিশেষত্বৰে সমৃদ্ধ সাহিত্যৰ ধাৰা টোকে ধ্ৰুৱবাদ বুলি কোৱা হয়।[2]

ধ্ৰুৱবাদৰ সংজ্ঞা[সম্পাদনা কৰক]

ধ্ৰুৱবাদৰ সংজ্ঞা ‌স্পষ্টভাবে পোৱা নাযায়। তথাপিও আধুনিক কবি আৰু কাব্য-সমালোচক টি এছ ইলিয়টৰ মতে, “যেতিয়া জাতীয় সভ্যতাই বিকাশৰ নিজস্ব ধাৰাৰ শীৰ্ষ বিন্দু লাভ কৰে, জাতীয় মানসিকতাই যেতিয়া পৰিণত অৱস্থা লাভ কৰে, জাতীয় ভাষা পৰিপুষ্টি সাধনেৰে সমৃদ্ধ হয় আৰু ৰচনা-ৰীতিৰ ধাৰা যেতিয়া সুনিৰ্দিষ্ট হৈ উঠে, ধ্ৰুপদী সাহিত্য ৰচনাৰ পৰিৱেশ তেতিয়াহে ৰচিত হয়।”[3]

ধ্ৰুৱবাদৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

ধ্ৰুৱবাদৰ কিছুমান বৈশিষ্ট্যও আছে। সেয়া হৈছে:

  1. ৰচনাৰীতিৰ সংযমতা
  2. বস্তুধৰ্মিতা
  3. উৎসুক্যবিহীনতা
  4. শ্ৰেয়বোধ
  5. গভীৰ মানবতাবোধ
  6. প্ৰকাশভংগীৰ বস্তুনিষ্ঠা
  7. পৰম্পৰা বা ঐতিহাৰ প্ৰতি শ্ৰদ্ধা
  8. ৰুচিবোধ আৰু ৰূপৰ (form) ওপৰত গুৰুত্ব
  9. বিহিত ৰচনা-ৰীতি[4]

ধ্ৰুৱবাদৰ বিশিষ্ট লক্ষণ[সম্পাদনা কৰক]

  1. ভাবৰ সৰ্বজনীনতা
  2. ভাষাৰ সংযত আৰু প্ৰয়োগ
  3. ৰচনাৰীতিৰ নৈব্যক্তিকতা
  4. অংগসজ্বাৰ প্ৰতি অত্যধিক প্ৰবণতা
  5. চিন্তাৰ সু-সমন্বয়[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ড॰হেমন্ত শৰ্মা[সম্পা.](প্ৰথম সংস্কৰণ,২০২০).সাহিত্যতত্ত্ব.সৰস্বতী প্ৰকাশন.ৰাজগড়.পৃষ্ঠা.৪৯
  2. ড॰হেমন্ত শৰ্মা[সম্পা.](প্ৰথম সংস্কৰণ,২০২০).সাহিত্যতত্ত্ব.সৰস্বতী প্ৰকাশন.ৰাজগড়.পৃষ্ঠা.৫১
  3. নগেন শইকীয়া(নৱম সংস্কৰণ,২০১৬).সাহিত্যিৰ বাদ বৈচিত্ৰ্য.কৌস্তুুভ প্ৰকাশ.মিলন নগৰ,ডিব্ৰুগড়.পৃষ্ঠা.৭
  4. ড॰হেমন্ত শৰ্মা [সম্পা.] (প্ৰথম সংস্কৰণ,২০২০).সাহিত্যতত্ত্ব.সৰস্বতী প্ৰকাশন.ৰাজগড়.পৃষ্ঠা.৫১
  5. ড॰হেমন্ত শৰ্মা [সম্পা.] (প্ৰথম সংস্কৰণ,২০২০).সাহিত্যতত্ত্ব.সৰস্বতী প্ৰকাশন.ৰাজগড়.পৃষ্ঠা.৫০

সহায়ক গ্ৰন্থপুঞ্জী[সম্পাদনা কৰক]

  • ওজা,অঞ্জন কুমাৰ; সাহিত্য সমালোচনাৰ তত্ত্ব,নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতি,গুৱাহাটী
  • শইকীয়া,নগেন; সাহিত্য-বাদবৈচিত্ৰ্য,কৌস্তুুভ প্ৰকাশ,মিলন নগৰ,ডিব্ৰুগড়
  • শৰ্মা, হেমন্ত; সাহিত্যতত্ত্ব,সৰস্বতী প্ৰকাশন, ৰাজগড়