সমললৈ যাওক

ধৰ্ম হুঁচৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধৰ্ম হুঁচৰি হʼল মায়ামৰা ধৰ্মৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱৰ শিষ্য অষ্টভুজ তথা তেওঁৰ অন্য ধৰ্মীয় গুৰু শিষ্যৰ সৈতে দীক্ষিত মটক আৰু মৰাণ জনগোষ্ঠীৰ সমাজত প্ৰচলিত এক লোক পৰম্পৰা[1] তথাকথিত হুঁচৰি তকৈ কিছু পৃথক ধৰ্ম হুঁচৰি প্ৰতি পাঁচ বছৰ বা দহ বছৰ অন্তত গোৱা হয়।[1] এই প্ৰথা গাওঁ খনত বান্ধি লোৱা নিয়মৰ ভিতৰত নিৰ্ভৰ কৰে। যথা সময়ত নিদিষ্ট বছৰটো আহি পোৱাৰ লগে লগে গাওঁখন শুচি কৰি লোৱা হয়। কোনোৱে কিবা সমাজ বৰ্জনীয় কাম কৰি বাহিৰত থাকিলেও নিদিষ্ট নীতি নিয়মৰ দ্বাৰা শুচি কৰি সমাজৰ লগত সংগ দিয়া হয়। তাৰ পিছত গাঁৱৰ বয়োজেষ্ঠ আৰু ভকত বৃন্দৰ সহযোগত হুঁচৰি শিকা পৰ্ব আৰম্ভ হয়।[2] শৰণীয়াল লোকে এই হুঁচৰিত যোগ নিদিয়ে আৰু ছোৱালীৰ চৰিত্ৰ দেখিবলৈ পোৱা নাযায়।[3] বিবাহিত যুৱক সকলে সম্পূৰ্ণ ব্ৰহ্মচাৰিত্ব ব্ৰতেৰে হুঁচৰিত অংশগ্ৰহণ কৰে।[3] ঘৰুৱা খাদ্যৰ বাহিৰে বাকী খাদ্য হুঁচৰি গোৱা‌ সময়ত খোৱা নিষিদ্ধ।[3] হুঁচৰি গাবলৈ প্ৰয়োজন হোৱা যাবতীয় খৰচৰ পৰা আদি কৰি সকলো পৰিকল্পনা কৰি লোৱা হয়। তাৰ পিছত ঢুলীয়া, নামতি, পাৰিষদ,পোহৰ, ৰখিয়া, তামোলি আদি পদ সমূহ বিতৰণ কৰে। মটক সকলে বেদৰ বিহু গৰু বিহুৰ দিনৰ পৰা আৰু মৰাণ সকলে মৰাণ বিহুৰ গৰু বিহুৰ দিনৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰে। নিদিষ্ট দিনত হুঁচৰি পদধূলা পেলাবলৈ যাওঁতে সম্পু্ৰ্ণ নীৰৱতা অৱলম্বন কৰি শাৰী পাতি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰে। শাৰীবোৰৰ একেবাৰে আগত পোহৰ বিভাগৰ এজন সদস্য ক্ৰমাণয়ে নামতি, ঢুলীয়া, তামুলী, পাৰিষদ, ৰখিয়া আদি চৰিত্ৰবোৰ থাকে। বিষ্ণুৰ মাহাত্ম্য বিষয়ক নামেৰে আ‍ঁত ধৰা হুঁচৰিৰ শেষৰ ফালে গৃহস্থৰ আৰ্শীবাদ দিয়াৰ পাছত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত গাই নাচি বাগি বিদায় লোৱা হয়।[4] নাচোঁতেও নিদিষ্ট নিয়মেৰে চেওঁ ধৰি নীৰৱতা অৱলম্বন কৰি নচা হয়। হাই উৰুমি কিৰিলী মৰা নিষেধ। হুঁচৰিৰ কৃষ্ণ ভকত সকলে ইজনে আনজনক কতুম বুলি সম্বোধন কৰে। ধৰ্ম হুঁচৰি উজনি অসমৰ ফালে দেখিবলৈ পোৱা যায়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]