নাথু-লা গিৰিপথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নাথু লা গিৰিপথ
Nathu La-Stairs.JPG
উচ্চতা ৪,৩১০ মিটাৰ (১৪,৪০০ ফুট)
পাৰ কৰে ৰেশম পথ
অৱস্থান  ভাৰত (ছিক্কিম) –  চীন (তিব্বত)
পৰ্বতমালা হিমালয়
স্থানাঙ্ক 27°23′11″N 88°49′52″E / 27.386448°N 88.831190°E / 27.386448; 88.831190স্থানাংক: 27°23′11″N 88°49′52″E / 27.386448°N 88.831190°E / 27.386448; 88.831190
ছিক্কিম মানচিত্ৰত নাথু-লা গিৰিপথৰ অৱস্থান

নাথু-লা পাছ ভাৰতৰ ছিক্কিম আৰু তিব্বতৰ সীমান্তবৰ্তী ঐতিহাসিক গিৰিপথ৷ হিমালয়ৰ ১৪,৪০০ ফুট উচ্চতাত অৱস্থিত এই গিৰিপথ বিশ্বৰ উচ্চতম গিৰিপথবোৰৰ অন্যতম৷ ১৯০৩ চনত ইয়ং হাজবেণ্ড নামৰ সামৰিক বিষয়া এজনে তিব্বতৰ লাছালৈ এটা অভিযান চলোৱাৰ সময়ত এই গিৰিপথটো আৱিস্কাৰ কৰে৷ তেতিয়াৰপৰা এই পথেদি তিব্বতৰ লগত ভাৰতৰ ব্যৱসায়-বাণিজ্য চলিছিল৷ [1]

১৯৬২ চনৰ ২০ অক্টোবৰত চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত নাথু-লা পাছ বন্ধ হৈ যায়৷ সুদীৰ্ঘ ৪৪ বছৰ বন্ধ হৈ থকাৰ পাছত গিৰিপথটো পুনৰ মুকলি কৰি দিয়া হয়৷ ২০০৩ চনত ভাৰত আৰু চীনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷ তাৰ পাছত কেৱল পৰ্যটকৰ বাবে নাথু-লা পাছ মুকলি কৰি দিয়া হয়৷ ইয়াৰ পাছত ২০০৬ চনৰ ৬ জুলাইৰপৰা ব্যৱসায়-বাণিজ্যৰ বাবেও পথটো মুকলি কৰি দিয়া হয়৷[1]

ইতিহাস[সম্পাদনা কৰক]

১৯০৩-০৪ চনত ব্ৰিটিছৰ তিব্বত অভিযানত নাথু লাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে ৰাছিয়ান সাম্ৰাজ্যক তিব্বতৰ আভ্যন্তৰীণ প্ৰসংগবোৰৰ পৰা আঁতৰত ৰাখিব বিচাৰিছিল। এইদৰেই তেওঁলোকে সেই ক্ষেত্ৰত থিতাপি লৈছিল। ১৯০৪ চনত মেজৰ ফ্ৰান্সিছ ইয়ংহাছবেণ্ড, যিজনে সেইসময়ত তিব্বতৰ ব্ৰিটিছ কমিছনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল-তেওঁ নাথু লা গিৰিপথেৰে এটা অভিযানৰ নেতৃত্ব দি লাছা(Lhasa) দখল কৰিছিল। ইয়াৰ ফলস্বৰূপে তিব্বতৰ গিয়ানটিছ আৰু গাৰ্টকত দুটা বাণিজ্যস্থল স্থাপিত হৈছিল; লগতে নিকটৱৰ্তী চুম্বী উপত্যকাৰ নিয়ন্ত্ৰণো ব্ৰিটিছৰ হাতলৈ গৈছিল৷ পৰৱৰ্তী নৱেম্বৰ মাহত চীন আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তিৰ ফলত ছিক্কিম আৰু তিব্বতৰ মাজত এক বাণিজ্যিক দ্বাৰ মুকলি হয়। [2][3]

নাথু লাত ভাৰতীয় আৰু চীনা সৈন্য

১৯৪৭ আৰু ১৯৪৮ চনত ছিক্কিমক সদ্য-স্বাধীনতাপ্ৰাপ্ত ভাৰতৰ লগত চামিল কৰিবলৈ এক লোকপ্ৰিয় ভোটিঙৰ ব্যৱস্থা কৰা হৈছিল যদিও কাৰ্যত সেইয়া ব্যৰ্থ প্ৰমাণিত হ'ল৷ সেইকাৰণে ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ছিক্কিমক এক বিশেষ সুৰক্ষিত মৰ্যাদা(special protectorate status) প্ৰদান কৰে। নেহৰুৰ সেই সিদ্ধান্তত ছিক্কিমে সন্মতি দিয়ে আৰু ভাৰতীয় সেনাবাহিনীক নাথু লাকে সাঙুৰি আন সীমান্তবোৰত অৱস্থান ল'বলৈ অনুমতি দিয়ে। সেইছোৱা সময়ত ১,০০০তকৈও অধিক খচ্চৰ আৰু প্ৰায় ৭০০ মানুহে নাথু লাৰ মাজেৰে হোৱা আন্তঃসীমান্ত বাণিজ্যত জড়িত আছিল। [4] ১৯৪৯ চনত যেতিয়া তিব্বতীয় চৰকাৰে তাত বসবাস কৰি থকা চীনদেশীয় মানুহখিনিক নিৰ্বাসন কৰাৰ সিদ্ধান্ত ল'লে, তেতিয়া নিৰ্বাসিত হোৱা সৰহসংখ্যক মানুহেই নাথুলা-ছিক্কিম-কলিকতা পথটোৱেই অনুসৰণ কৰিছিল। [5]

১৯৫০ চনত তিব্বত চীনৰ নিয়ন্ত্ৰণাধীন হয়। ১৯৫৯ চনত চীনে এক তিব্বতীয় বিদ্ৰোহ দমন কৰে। ইয়াৰ ফলত ছিক্কিমৰ গিৰিপথবোৰেৰে তিব্বতীয় শৰণাৰ্থীৰ সোঁত ব'বলৈ ধৰে। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বিভীষিকা ছিক্কিমে প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই গিৰিপথেৰে চলাচল সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় আৰু চাৰি দশকতকৈও অধিক কাল এই পথৰে যাতায়াত স্তব্ধ হৈ থাকে। ১৯৬৭ চনৰ ৭ আৰু ১৩ ছেপ্টেম্বৰৰ মাজত চীন আৰু ভাৰতৰ সৈন্যৰ মাজত ছদিনজোৰা সুতীব্ৰ সীমান্ত-যুদ্ধ হয়। এই যুদ্ধত গধুৰ যুদ্ধাস্ত্ৰও ব্যৱহৃত হৈছিল। [6] ১৯৭৫ চনৰ মে' মাহত, ছিক্কিম ভাৰতৰ লগত সংযুক্ত হয় আৰু ভাৰত দেশৰ দ্বাবিংশতম ৰাজ্য হৈ পৰে । অৱশ্যে, চীনে সেই একত্ৰীকৰণত সন্মত হোৱা নাছিল। বেইজিঙে ছিক্কিমক এখন স্বাধীন ৰাষ্ট্ৰ বুলিয়েই গণ্য কৰি থাকে। চীনৰ মতে ভাৰতে সামৰিক প্ৰতিৰক্ষাবেষ্টনীৰ মাজত আৱদ্ধ হৈ গণভোটটো গ্ৰহণ কৰিলে। [7]

নাথু লাত থকা চীনা সামৰিক বাহিনীৰ চেকপ'ষ্ট

২০০৩ চনত, চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্কটো সামান্য সুস্থিৰ হোৱাত ভাৰতৰ প্ৰধান মন্ত্ৰীঅটল বিহাৰী বাজপেয়ীয়ে চীন দেশ ভ্ৰমণ কৰে আৰু সীমান্ত পুনৰ মুকলি কৰাৰ কথা উল্লেখ কৰে। ২০০৫ চনৰ ২ অক্টোবৰত সীমান্ত মুকলি কৰাৰ কথা আছিল যদিও চীনদেশত সৃষ্টি হোৱা আন্তঃগাঁথনিগত সমস্যাৰ বাবে শেষমুহূৰ্তত সেই কাৰ্যসূচী পিছুৱাই দিয়া হয়। অৱশেষত, ২০০৬ চনৰ ৬ জুলাই তাৰিখে নাথু লা গিৰিপথ মুকলি কৰি দিয়া হয়। [8]

ভূগোল[সম্পাদনা কৰক]

নাথু লা গিৰিপথৰ এক দৃশ্য

নাথু লা গিৰিপথটো ছিকিমৰ ৰাজধানী গেংটকৰ পৰা ৫৪ কিলোমিটাৰ পূব দিশত অৱস্থিত আৰু তিব্বতৰ ৰাজধানী লাছাৰ পৰা ৪৩০ কিলোমিটাৰ নিলগত অৱস্থিত৷ [9][10] শীতকালত এই সমগ্ৰ পথছোৱা প্ৰচুৰ তুষাৰপাতেৰে আবৃত হৈ থাকে। নাথুলাত কোনো বতৰ-বিজ্ঞান কেন্দ্ৰ নাই, সেইবাবে ঠাইখণ্ডৰ উষ্ণতা আৰু বৃষ্টিপাত সম্পৰ্কীয় তথ্যপাতি আহৰণ কৰাৰ কোনোধৰণৰ প্ৰণালীবদ্ধ ব্যৱস্থাও নাই। [11] অৱশ্যে গ্ৰীষ্মকালত ঠাইটুকুৰাৰ তাপমান ১৫ ডিগ্ৰীতকৈ অধিক নহয়। [12]

উদ্ভিদ আৰু প্ৰাণীকুল[সম্পাদনা কৰক]

ঠাইখণ্ডৰ উদ্ভিদকুলৰ এক ছবি

নাথুলা আৰু তিব্বতৰ আশে-পাশে, ঠাইখণ্ডত যথেষ্ট পৰিমাণে উদ্ভিদ দেখিবলৈ পোৱা নাযায়। ঠায়ে-ঠায়ে অৱশ্যে গুল্মজাতীয় উদ্ভিদ দৃষ্টিগোচৰ হয়। ঠাইখণ্ডত দেখিবলৈ সৰু-জোপোহাজাতীয় উদ্ভিদৰ ভিতৰত ৰডোডেনড্ৰন, জুনিপাৰ আদি প্ৰধান।নাথুলাৰ তৃণভূমিত প'ৱা, মেক'ন'পছিছ, পেডিকুলাৰিছ, প্ৰিমুলা আৰু একনিটাম আদি প্ৰধান। এই ঠাইখণ্ডৰ চাৰিমহীয়া বৰ্ধনৰ কালছোৱাত সচৰাচৰ জলতৃণ, ঔষধীয় উদ্ভিদ বৰকৈ দেখিবলৈ পোৱা যায়৷ এই ভূমিত বিচৰণ কৰিবলৈ নানাধৰণৰ পতংগ, বনৰীয়া আৰু ঘৰচীয়া তৃণভোজী প্ৰাণী আহে। নিকটৱৰ্তী "কিয়ংনছলা এলপাইন অভয়াৰণ্য"ত কিছুমান বিৰল, বিপদাপন্ন ভূমি-অৰ্কিড আৰু ওখ জুনিপাৰ আছে। [13]

এই ঠাইত মানুহৰ কোনো নিগাজী বাসস্থল নাই যদিও এক বৃহৎসংখ্যক প্ৰতিৰক্ষা জোৱানে নাথুলাৰ সীমান্তত নিজৰ দায়িত্ব পালন কৰে। অল্পসংখ্যক অঘৰী তিব্বতীয় য়াক, ভেড়া আৰু ছাগলী নাথুলাত দেখিবলৈ পোৱা যায়৷ [14] নাথুলাত কিছুমান বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণী যেনেঃ তুষাৰ চিতা, তিব্বতীয় কুকুৰনেছীয়া বাঘ, তিব্বতীয় তুষাৰ মুৰ্গী, সোণালী ঈগল আদি দৃষ্টিগোচৰ হয়৷ [15]

অৰ্থনীতি[সম্পাদনা কৰক]

১৯৬২ চনলৈকে,অৰ্থাৎ গিৰিপথটো বন্ধ কৰি নিদিয়াৰ আগলৈকে, কিছুমান সামগ্ৰী যেনে কলম, ঘড়ী, কপাহী কাপোৰ, তেল, চাবোন, ঘৰ-নিৰ্মাণৰ সামগ্ৰী, ভঙা-চিঙা দুচকীয়া আৰু চাৰিচকীয়া বাহনাৰ অংশাদি খচ্চৰৰ পিঠিত উঠাই তিব্বতলৈ ৰপ্তানি কৰা হৈছিল।দুশটা খচ্চৰে নিজৰ পিঠিত মোটামুটি আশী কিলো ওজন কঢ়িয়াই গেংটকৰ পৰা লাছালৈ নিছিল। সেইবোৰ তেনেকৈ কঢ়িয়াই নিওঁতে প্ৰায় বিছ-পঁছিশদিনৰ সময় লাগিছিল। ওভতনিৰ পথত সিহঁতে ভাৰতলৈ ৰেশম, কেঁচা ঊল, ঔষধী উদ্ভিদ, দেশীয় সুৰা, মূল্যৱান পাথৰ, সোণৰ আৰু ৰূপৰ সামগ্ৰী লৈ আহিছিল। [16]সেইখিনি সময়ৰ বাণিজ্যত মাৰোৱাৰী মানুহৰেই অংশগ্ৰহণ আছিল সৰ্বাধিক। দুশখন স্বীকৃতিপ্ৰাপ্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৯৫শতাংশৰেই গৰাকী আছিল তেওঁলোক। [3]

২০০৬ চনৰ পৰা এই গিৰিপথেৰে বাণিজ্যৰ এক নতুন ধাৰা আৰম্ভ হয়। সেই বছৰৰে জুলাই মাহৰ পৰা সপ্তাহটোৰ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে বেপাৰ কৰিবলৈ অনুমতি দিয়া হয়। [8] লগতে ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীসমূহক শুল্কবিহীন কৰি দিয়া হয়৷ সেই সামগ্ৰীসমূহৰ ভিতৰত কৃষিজাত সৰঞ্জাম, কম্বল, তামৰ পণ্য, কাপোৰ, চাইকেল, কফি, চাহ, বাৰ্লি, চাউল, ঘেঁহু, ময়দা, শুকান ফল, পাচলি, সব্জিৰ তেল, ধঁপাত, মছলা, কেৰাচিন,ষ্টেছনাৰি, বাচন-বৰ্তন, দুগ্ধজাত সামগ্ৰী, টিনত থকা খাদ্য আদি। আনহাতে চীন দেশে ৰপ্তানি কৰা শুল্লবিহীন সামগ্ৰীৰ ভিতৰত আছিল ছাগলীৰ ছাল, ভেড়াৰ ছাল, ঊল, কেঁচা ৰেশম, য়াকৰ নেজ, য়াকৰ নোম, চীনা মাটি, বৰেক্স, মাখন, সাধাৰণ নিমখ, ঘোঁৰা, ছাগলী, আৰু ভেড়া।[17] [18]

ৰ'ড'ডেনড্ৰন নামৰ গুল্মজাতীয় ফুলবিধৰ খেতি, ১৯৩৮ চনৰ নাথুলাত।

ভাৰতৰ কিছুসংখ্যক ব্যৱসায়ীৰ মনত এক ভয় সোমাইছিল যে, ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীবোৰে তিব্বতত এক সীমিত পৰিসৰহে লাভ কৰিছিল৷ আনহাতে চীন দেশে ছিকিম আৰু পশ্চিম বংগৰ চল্‌তি বজাৰত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিছিল। [19]গিৰিপথটোৰ পুনঃউন্মোচনে দুয়োখন প্ৰদেশৰ মাজত অৰ্থনৈতিক বাতাৱৰণ সুচল কৰিব বুলি ভবা হৈছিল যদিও কাৰ্যতঃ সেইয়া হৈ নুঠিল। তিব্বত স্বায়ত্বশাষিত আঞ্চলিক বাণিজ্য সংস্থাই দাখিল কৰা প্ৰতিবেদন অনুসৰি, ২০০৬ চনৰ ৫১টা দিনৰ ব্যৱসায়ৰ সময়ত নাথুলাৰ মাজেৰে কেৱল ১,৮৬,২৫০ আমেৰিকান ডলাৰৰহে ব্যৱসায় হৈছিল। [20]

আনহাতে ভাৰতীয় প্ৰেক্ষাপটত কেৱল ভাৰতীয় নাগৰিকেহে বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে গিৰিপথটো দৰ্শন কৰিব পাৰে,[9] গেংটকৰ পৰা এদিন আগতে অনুমতি-পত্ৰ সংগ্ৰহ কৰি। [21] উল্লেখনীয় যে, ছিকিমৰ কিছুমান মঠ দৰ্শন কৰিবলৈ এই গিৰিপথটোৱে তীৰ্থযাত্ৰীসকলক সহায় কৰি আহিছে। বিশেষকৈ ৰুমটেক মঠ, যিটোক বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ অন্যতম পবিত্ৰ ঠাই হিচাপে গণ্য কৰা হয়। আনহাতে হিন্দুসকলক এই গিৰিপথটোৱে মানসৰোবৰ হ্ৰদৰ যাত্ৰাকাল হ্ৰাস কৰাত সহায় কৰিছে (পোন্ধৰ দিনৰ পৰিৱৰ্তে দুটা দিন)।[22]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২০ শ সংখ্যা): ৪৫. ১৬ - ৩০ ছেপ্তেম্বৰ ২০১২. 
  2. Carrington, Michael: "Officers Gentlemen and Thieves: The Looting of Monasteries during the 1903/4 Younghusband Mission to Tibet", Modern Asian Studies 37, 1 (2003), pp. 81–109.
  3. 3.0 3.1 Pradhan, Keshav (6 July 2006). "Trading Heights". Times of India, Mumbai (Bennett, Coleman & Co. Ltd.): পৃষ্ঠা 10. http://articles.timesofindia.indiatimes.com/2006-07-06/india/27820656_1_nathu-la-india-china-border-india-and-china. 
  4. "Historical Review". China Tibet Information Center. 5 July 2006. Archived from the original on 12 February 2007. https://web.archive.org/web/20070212230118/http://en.tibet.cn/newfeature/cknduila/ckndl_qt/t20060705_130884.htm। আহৰণ কৰা হৈছে: 1 December 2006. 
  5. "Nathu La: 'Sweetness and light'". Rediff.com. 6 July 2006. Archived from the original on 18 July 2006. https://web.archive.org/web/20060718041751/http://specials.rediff.com/news/2006/jul/06sld03.htm। আহৰণ কৰা হৈছে: 1 December 2006. 
  6. Sreedhar (1998). "China Becoming A Superpower and India's Options". Across the Himalayan Gap: An Indian Quest for Understanding China (Ed. Tan Chung). Indira Gandhi National Centre for the Arts, New Delhi. Archived from the original on 12 February 2007. https://web.archive.org/web/20070212015549/http://ignca.nic.in/ks_41065.htm। আহৰণ কৰা হৈছে: 1 December 2006. 
  7. https://www.news18.com/news/india/sikkim-a-thorn-in-india-china-relations-1453775.html
  8. 8.0 8.1 "Historic India-China link opens". BBC News. 6 July 2006. Archived from the original on 7 July 2006. https://web.archive.org/web/20060707022630/http://news.bbc.co.uk/2/hi/south_asia/5150682.stm। আহৰণ কৰা হৈছে: 6 July 2006. 
  9. 9.0 9.1 Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠা: 43. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  10. Saha, Sambit (8 September 2003). "Trading post: Prospects of Nathu-La". Rediff.com. Archived from the original on 24 February 2006. https://web.archive.org/web/20060224111833/http://www.rediff.com/money/2003/sep/08trading.htm। আহৰণ কৰা হৈছে: 4 December 2006. 
  11. Envis Team (30 June 2006). "Vol-IV Water Environment" (PDF). Carrying Capacity Study of Teesta Basin in Sikkim. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠাসমূহ: 30–31. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.sikenvis.nic.in/CCSOTB/Vol-IV_Water%20Environment.pdf। আহৰণ কৰা হৈছে: 16 February 2007. 
  12. Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠা: 33. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  13. Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠা: 114. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  14. Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  15. Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠা: 44. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  16. Roy, Ambar Singh (25 November 2003). "Nathula 'Pass'port to better trade prospects with China". Hindu Business Line. The Hindu. Archived from the original on 29 September 2007. https://web.archive.org/web/20070929120935/http://www.blonnet.com/2003/11/25/stories/2003112502160200.htm। আহৰণ কৰা হৈছে: 6 July 2006. 
  17. https://zeenews.india.com/?aid=307263&sid=NAT
  18. Ministry of Commerce & Industry, Government of India (23 August 2006). "Trade Between India And China Through Nathu La Pass". Press Information Bureau: Press releases. NIC. Archived from the original on 10 December 2007. https://web.archive.org/web/20071210005128/http://pib.nic.in/release/release.asp?relid=20154। আহৰণ কৰা হৈছে: 16 February 2007. 
  19. "Nathu-la shows the way: It opens a new route to amity". The Tribune. 8 August 2006. Archived from the original on 15 December 2006. https://web.archive.org/web/20061215125216/http://www.tribuneindia.com/2006/20060708/edit.htm#2। আহৰণ কৰা হৈছে: 2 December 2006. 
  20. "Nathu La Pass on Sino-Indian border closes". China Daily. 15 October 2006. Archived from the original on 19 January 2007. https://web.archive.org/web/20070119120843/http://www.chinadaily.com.cn/china/2006-10/15/content_708347.htm। আহৰণ কৰা হৈছে: 19 February 2007. 
  21. Envis Team (4 June 2006). "Ecodestination of India-Sikkim Chapter" (PDF). Eco-destinations of India. The Environmental Information System (ENVIS), Ministry of Environment and Forest, Government of India. পৃষ্ঠা: 45. Archived from the original on 19 June 2007. https://web.archive.org/web/20070619234731/http://www.scstsenvis.nic.in/Sikkim%20chapter.pdf। আহৰণ কৰা হৈছে: 1 December 2006. 
  22. Vinayak, G (28 July 2004). "Nathu La: closed for review". The Rediff Special (Rediff.com). Archived from the original on 22 February 2006. https://web.archive.org/web/20060222225540/http://www.rediff.com/news/2004/jul/28spec2.htm। আহৰণ কৰা হৈছে: 26 November 2006. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]