নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব (ইংৰাজী: Feminist film theory) হৈছে দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰভাৱত নাৰীবাদী ৰাজনীতি আৰু নাৰীবাদী তত্ত্বৰ পৰা উদ্ভৱ হোৱা আৰু ১৯৭০ চনৰ আশে-পাশে আমেৰিকাত দৃষ্টিগোচৰ হোৱা এক তাত্ত্বিক চলচ্চিত্ৰ সমালোচনা। বছৰ বছৰ ধৰি হৈ থকা চলচ্চিত্ৰৰ অগ্ৰগতিৰ সমান্তৰালকৈ নাৰীবাদী চলচ্চিত্ৰ তত্ত্বৰ বিকাশ আৰু পৰিৱৰ্তন ঘটিছে; যাতে চলচ্চিত্ৰৰ বৰ্তমানৰ পদ্ধতিসমূহ ইয়াৰ জৰিয়তে বিশ্লেষণ কৰিব পৰা যায় আৰু অতীতৰ ছবিসমূহ বিশ্লেষণ কৰিবলৈও ই এটা বাট মুকলি কৰে। বিশ্লেষণ কৰা চলচ্চিত্ৰৰ উপাদান আৰু ইয়াৰ তাত্ত্বিক আধাৰৰ সন্দৰ্ভত নাৰীবাদীসকলৰ চিনেমা বিশ্লেষণৰ বহু দৃষ্টিভংগী বিদ্যমান।

ইতিহাস[সম্পাদনা কৰক]

নাৰীবাদী চলচ্চিত্ৰ তত্ত্বৰ বিকাশ ১৯৬০ আৰু ১৯৭০ চনত দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু নাৰী অধ্যয়নৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[1] প্ৰথম অৱস্থাত আমেৰিকাত ১৯৭০ চনৰ আৰম্ভণিতে নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব সাধাৰণতে সমাজবিজ্ঞান তত্ত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল আৰু চলচ্চিত্ৰৰ আখ্যান বা ধাৰাত নাৰী চৰিত্ৰৰ কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব, যেনে: মাৰ্জাৰী ৰ'জেনৰ পপকৰ্ণ ভেনাছ: ৱমেন, মুভিজ, এণ্ড দ্য আমেৰিকান ড্ৰিম (১৯৭৩) আৰু মলি হাস্কেলৰ ফ্ৰম ৰিভাৰেন্স টু ৰেপ: দ্য ট্ৰিটমেণ্ট অৱ ৱমেন ইন মুভিজ (১৯৭৪)ত নাৰীক চলচ্চিত্ৰত চিত্ৰিত কৰাৰ ধৰণসমূহ বিশ্লেষণ কৰা হৈছে, আৰু ই কেনেকৈ বহল ঐতিহাসিক প্ৰেক্ষাপটৰ সৈতে জড়িত-সেয়া উপস্থাপন কৰা হৈছে। ইয়াৰ উপৰি নাৰীবাদী সমালোচনাসমূহে চলচ্চিত্ৰত চিত্ৰিত সাধাৰণ কু-সংস্কাৰ, মহিলাসকলৰ সক্ৰিয়তা বা নিষ্ক্ৰিয়তা আৰু মহিলাসকলক পৰ্দাৰ সময়ো পৰীক্ষা কৰে।[2]

ইয়াৰ বিপৰীতে ইংলেণ্ডৰ চলচ্চিত্ৰ তত্ত্ববিদসকলে সমালোচনাত্মক তত্ত্ব, মনোবিশ্লেষণ, চেমিঅ’টিক্স আৰু মাৰ্ক্সবাদৰ লগত সংযুক্ত হৈছিল। অৱশেষত ১৯৮০ চনত আমেৰিকাৰ পণ্ডিত সমাজৰ ভিতৰত এই ধাৰণাসমূহে ঠাই লাভ কৰে। বিশ্লেষণে সাধাৰণতে ছবি এখনৰ পাঠ্যৰ ভিতৰৰ অৰ্থ আৰু পাঠ্যই গঢ়ি তোলা দৰ্শনৰ বিষয়ৰ ধৰণ এটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰি চিনেমাৰ নিৰ্মাণ প্ৰক্ৰিয়াই নাৰীক কেনেকৈ প্ৰতিনিধিত্ব কৰে; তাক কেনেদৰে প্ৰভাৱিত কৰে আৰু যৌনতাবাদক কিদৰে শক্তিশালী কৰে সেই বিষয়েও পৰীক্ষা কৰা হৈছিল।[3]

১৯৭৬ চনত আৰম্ভণিৰ স্নাতক ছাত্ৰী জেনেট বাৰ্গষ্ট্ৰম, ছেণ্ডী ফ্লিটাৰমেন, এলিজাবেথ লায়ন আৰু কনষ্টেন্স পেনলিয়ে কেমেৰা অবস্কুৰা নামৰ আলোচনীখন প্ৰকাশ কৰে। ছবিত নাৰীক কেনেকৈ চিত্ৰিত কৰা হয়, কিন্তু উন্নয়ন প্ৰক্ৰিয়াৰ পৰা তেওঁলোকক কিদৰে বাদ দিয়া হয় সেই বিষয়ে আলোচনা কৰে। কেমেৰা অবস্কুৰা আজিও ড্যুক ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু ই চলচ্চিত্ৰ তত্ত্বৰ পৰা সংবাদ মাধ্যমৰ অধ্যয়নলৈ গতি কৰিছে।[4]

শেহতীয়াকৈ পণ্ডিতসকলে নিজৰ কাম সম্প্ৰসাৰণ কৰি টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ বিশ্লেষণকো সামৰি লৈছে। ইয়াৰ উপৰি তেওঁলোকে পাৰ্থক্যৰ ধাৰণাসমূহ অন্বেষণ কৰিবলৈ আৰম্ভ কৰিছে৷ নাৰীৰ মাজত থকা পাৰ্থক্য, নাৰীবাদী চলচ্চিত্ৰ তত্ত্বৰ ছাঁত সন্নিৱিষ্ট বিভিন্ন পদ্ধতি আৰু দৃষ্টিভংগী, আৰু বহুত্বৰ বিষয়ে আলোচনাত পদ্ধতি আৰু উদ্দেশ্যপ্ৰণোদিত প্ৰভাৱৰ তথ্য লিপ্ত হৈছে; যিয়ে ছবিৰ বিকাশত প্ৰভাৱ পেলায়। একাডেমীত অনুভূত এংলো- আৰু ইউৰোকেন্দ্ৰিকতাৰ উত্তৰ-ঔপনিৱেশিক সমালোচনাৰ প্ৰতি সঁহাৰি জনাই পণ্ডিতসকলেও ক্ৰমান্বয়ে বিশ্বব্যাপী দৃষ্টিভংগী গ্ৰহণ কৰিছে। "গোটেই বিশ্বৰ বিভিন্ন স্থানত আৰু শ্ৰেণী, বৰ্ণ আৰু জনগোষ্ঠীৰ মাজত পৃথক পৃথক নাৰীবাদ, জাতীয়তাবাদ আৰু সংবাদ মাধ্যমৰ ওপৰত" অধিক গুৰুত্ব দিয়া হৈছে।[5]শেহতীয়া বৰ্ষসমূহত পণ্ডিতসকলেও নিৰৱ চলচ্চিত্ৰ উদ্যোগৰ মহিলাসকলৰ প্ৰতি মনোযোগ দিছে আৰু সেই ছবিসমূহৰ ইতিহাস তথা মহিলাৰ শৰীৰ আৰু ছবিসমূহত তেওঁলোকক কেনেকৈ চিত্ৰিত কৰা হৈছে সেই সম্পৰ্কে গুৰুত্ব দিছে।[6][7]জেন গেইনছৰ মহিলা চলচ্চিত্ৰ অগ্ৰগামী প্ৰকল্প (WFPP) হৈছে নিৰৱ যুগৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰা মহিলাসকলৰ তথ্যকোষ। ৰেচেল শ্বাফৰ দৰে পণ্ডিতসকলে নিৰৱ আৰু অনিৰৱ চলচ্চিত্ৰৰ ক্ষেত্ৰত অগ্ৰণী মহিলাসকলক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত ইয়াক এক ডাঙৰ কৃতিত্ব হিচাপে উল্লেখ কৰিছে।[7]

শেহতীয়া বছৰবোৰৰ পৰা বহুতে নাৰীবাদী চলচ্চিত্ৰ তত্ত্বক নাৰীবাদৰ এটা ম্লান হৈ অহা ক্ষেত্ৰ বুলি বিশ্বাস কৰে৷ বৰ্তমান সংবাদ মাধ্যমৰ অধ্যয়ন আৰু তত্ত্বক কেন্দ্ৰ কৰি বিপুল চৰ্চা কৰা হৈছে। এই ক্ষেত্ৰসমূহ বৃদ্ধি পোৱাৰ লগে লগে নাৰীবাদী চলচ্চিত্ৰ তত্ত্বত সৃষ্টি হোৱা কাঠামোটোক অন্যান্য ৰূপৰ সংবাদ মাধ্যমৰ বিশ্লেষণৰ লগত খাপ খুৱাই লোৱা হৈছে।[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Freeland, Cynthia (3 October 1996). "Feminist Film Theory". http://www.uh.edu/~cfreelan/courses/femfilm.html। আহৰণ কৰা হৈছে: 10 October 2019. 
  2. Smelik, Anneke. "And The Mirror Cracked: Feminist Cinema and Film Theory."New York: St. Martin's Press, 1998. Page 7-8.
  3. Erens, Patricia. "Introduction", Issues in Feminist Film Criticism. Patricia Erens, ed. Bloomington: Indiana University Press, 1990. pp. xvii.
  4. Hastie, Amelie; Joyrich, Lynne; White, Patricia; Willis, Sharon (2015), Mulvey, Laura; Rogers, Anna Backman, eds., "(Re)Inventing Camera Obscura", Feminisms, Diversity, Difference and Multiplicity in Contemporary Film Cultures (Amsterdam University Press): pp. 169–184, ISBN 9789089646767 
  5. McHugh, Kathleen and Vivian Sobchack. “Introduction: Recent Approaches to Film Feminisms.” Signs 30(1):1205–1207.
  6. Mizejewski, Linda (2019-05-14). "Specters of Slapstick and Silent Film Comediennes by Maggie Hennefeld, and: Comic Venus: Women and Comedy in American Silent Film by Kristen Anderson Wagner (review)". Journal of Cinema and Media Studies খণ্ড 58 (3): 177–184. doi:10.1353/cj.2019.0035. ISSN 2578-4919. 
  7. 7.0 7.1 Schaff, Rachel (2019-08-07). "Jane Gaines, Pink-Slipped: What Happened to Women in the Silent Film Industries?". Nineteenth Century Theatre and Film খণ্ড 46 (2): 231–233. doi:10.1177/1748372719863945. ISSN 1748-3727. 
  8. Cobb, Shelley; Tasker (January 2016). "Feminist Film Criticism in the 21st Century". Film Criticism খণ্ড 40 (1). doi:10.3998/fc.13761232.0040.107. ISSN 2471-4364.