নিউ জলপাইগুৰি ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিউ জলপাইগুৰি
Indian RailwayJunction Station
ষ্টেচনৰ তথ্য
ঠিকনা শিলিগুৰি, জলপাইগুৰি জিলা, পশ্চিমবঙ্গ
 ভাৰত
স্থানাংক 26°40′57″N 88°26′42″E / 26.6825°N 88.444889°E / 26.6825; 88.444889
উচ্চতা ১১৪.০০ মিটাৰ (374.02 ফুট)
লাইন দাৰ্জিলিং হিমালয়ান ৰেল,
হাওৰা-নিউ জলপাইগুৰি পথ,
হালদিবাৰী-নিউ জলপাইগুৰি পথ,
নিউ জলপাইগুৰি-আলিপুৰদুৱাৰ-শামুকতলা ৰোড পথ,
বাৰাউনি-গুৱাহাটী পথ,
কাটিহাৰ-শিলিগুৰি-নিউ জলপাইগুৰি পথ
পাৰ্কিং আছে
চাইকেলৰ সুবিধা ?
Baggage check আছে
আন তথ্য
মুকলি ১৯৬১
ষ্টেচন ক'ড NJP
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেল
ডিভিজন কাটিহাৰ
অধিকাৰিত্ব ভাৰতীয় ৰেল
ষ্টেচন স্থিতি কাৰ্যক্ষম
অৱস্থান
নিউ জলপাইগুৰি ৰেল ষ্টেচন is located in পশ্চিমবংগ
পশ্চিমবঙ্গৰ মানচিত্ৰত নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ অৱস্থান

নিউ জলপাইগুৰি পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ শিলিগুৰি নগৰত অৱস্থিত ভাৰতীয় ৰেলৰ এটা জংচন ষ্টেচন।

অৱস্থান[সম্পাদনা কৰক]

হিমালয়ৰ পাদদেশত অৱস্থিত শিলিগুৰিৰ নগৰাঞ্চল পশ্চিমবঙ্গৰ দুখন জিলাত বিয়পি আছে: দাৰ্জিলিং জিলা আৰু জলপাইগুৰি জিলা। শিলিগুৰি নগৰাঞ্চলত থকা ৩টা ৰেল ষ্টেচনৰ শিলিগুৰি টাউন আৰু শিলিগুৰি জংচন দাৰ্জিলিং জিলাত আৰু নিউ জলপাইগুৰি জলপাইগুৰি জিলাৰ অন্তৰ্ভূক্ত।[1] শিলিগুৰি উত্তৰবঙ্গৰ আটাইতকৈ ডাঙৰ আৰু দ্ৰুত বিকশিত নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি গণ্য কৰা হয়।[2]

ইতিহাস[সম্পাদনা কৰক]

উত্তৰ বঙ্গ, চিক্কিম, ভূটান আৰু অসমৰ দুৱাৰমুখ স্বৰূপে শিলিগুৰিৰ এক বিশেষ গুৰুত্ব আছিল। স্বাধীনতাৰ আগৰ কালচোৱাত কলকাতাৰ সৈতে বঙ্গৰ পূব অংশৰ মাজেৰে উত্তৰ বঙ্গ আৰু অসমৰ ৰেল সংযোগ আছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনত বঙ্গৰ পূব অংশটো পাকিস্তানৰ অন্তৰ্ভূক্ত হ'ল। ফলস্বৰূপে পশ্চিমবঙ্গৰ দক্ষিণাঞ্চল তথা ভাৰতৰ মুখ্যভূমিৰ সৈতে উত্তৰ বঙ্গ আৰু অসমৰ ৰেল সংযোগ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিল।[3] সেয়েহে আসাম লিংক প্ৰজেক্টৰ অধীনত ১৯৪৮ চনৰ ২৬ জানুৱাৰীৰ পৰা শিলিগুৰি জংচন ষ্টেচন হৈ অসমৰ ফকিৰাগ্ৰামৰ পৰা বিহাৰৰ কিষানগঞ্জলৈ এটা মিটাৰগ'জ পথ নিৰ্মাণৰ কাম যুদ্ধকালীন ক্ষীপ্ৰতাৰে আৰম্ভ হ'ল আৰু ১৯৪৯ চনৰ ডিচেম্বৰ মাহত এই কাম সমাপ্ত হ'ল। নৱনিৰ্মিত পথচোৱাৰে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা প্ৰথম যাত্ৰীবাহী ৰেল চলিবলৈ ধৰে।[3][4]

১৯৬০ৰ দশকত ভাৰতীয় ৰেলে প্ৰজেক্ট ইউনিগ'জৰ অধীনত মিটাৰগ'জ ৰেলপথসমূহক ব্ৰডগ'জলৈ পৰিবৰ্তন কৰাৰ কাম আৰম্ভ কৰে আৰু শিলিগুৰি নগৰৰ দক্ষিণ দিশেৰে এটা নতুন ব্ৰডগ'জ ৰেলপথ বহুওৱা হয়। সেয়েহে শিলিগুৰি টাউন ষ্টেচনৰ দক্ষিণে এটা নতুন ৰেল ষ্টেচন স্থাপন কৰিবলগীয়া হ'ল। ষ্টেচনটোৰ নাম নিউ শিলিগুৰি ৰখাৰ পোষকতা কৰা হৈছিল যদিও অৱশেষত নিউ জলপাইগুৰি ৰখা হ'ল। ১৯৬৪ চনলৈ ই অঞ্চলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেচনলৈ পৰিবৰ্তন হয়। এই ষ্টেচনটো ব্ৰডগ'জ (কিষাণগঞ্জ, বাৰসোইলৈ) আৰু মিটাৰগ'জ (শিলিগুৰি জংচন, আলিপুৰ দুৱাৰলৈ) উভয় ৰেলপথেৰে সংযোজিত হৈ আছিল। শিলিগুৰি টাউন ষ্টেচনলৈ থকা দাৰ্জিলিং হিমালয়ান নেৰ'গ'জ লাইনো নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হৈছিল।[3] নিউ জলপাইগুৰি আৰু শিলিগুৰি জংচনৰ মাজৰ মিটাৰগ'জ ৰেলপথটো পিছত ব্ৰডগ'জলৈ পৰিবৰ্তন কৰা হয়।

সা-সুবিধা[সম্পাদনা কৰক]

নিউ জলপাইগুৰিত ২টা ২খনীয়া বিচনাৰ বাতানুকুল ৰিটায়াৰিং ৰুম, ৬টা দুখনীয়া বিচনাৰ অবাতানুকুল ৰিটায়াৰিং ৰুম, ১টা তিনিখনীয়া বিচনাৰ ডৰমেট'ৰী আৰু ১টা বাৰখনীয়া বিচনাৰ ডৰমেট'ৰী আছে।[5] অন্যান্য সা-সুবিধাবোৰ হ'ল- কম্পুটাৰাইজড্ যাত্ৰী আৰক্ষণ কেন্দ্ৰ, আমিষ আৰু নিৰামিষ ভোজন গৃহ আৰু গ্ৰন্থ বিপনী।[6]

যাত্ৰীৰ গতি[সম্পাদনা কৰক]

টিকট বিক্ৰীৰ লেখেৰে সৰ্বোচ্চ ১০০টা ষ্টেচনৰ ভিতৰত নিউ জলপাইগুৰিও আছে।[7]

ব্যস্ততাপূৰ্ণ ষ্টেচন[সম্পাদনা কৰক]

১০০খনতকৈয়ো অধিক ৰেল নিউ জলপাইগুৰিৰ মাজেৰে পাৰ হৈ যায়। ২০১২ৰ পৰিসংখ্যা মতে ৭খন এক্সপ্ৰেছ আৰু ৬খন যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ আৰম্ভণি আৰু সমাপ্তি নিউ জলপাইগুৰি ষ্টেচনত হয়।[8]

গুৱাহাটী ৰাজধানী, ব্ৰহ্মপুত্ৰ মেইল, দাৰ্জিলিং মেইল, হাওৰা-নিউ জলপাইগুৰি শতাব্দী এক্সপ্ৰেছ আদি বহুকেইখন মৰ্যদাপূৰ্ণ ৰেল নিউ জলপাইপাইগুৰিয়ে চম্ভালে।[8] ভাৰতীয় ৰেলৰ সৰ্বাধিক দীঘলীয়া পথৰ ৰেল 'ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ' এই ষ্টেচনৰ মাজেৰে পাৰ হৈ যায়। এই ৰেলখনে ৪২৮৬ কিঃমিঃ দূৰত্ব ৮২:৩০ ঘণ্টাত অতিক্ৰম কৰে। 'গুৱাহাটী-থিৰুঅনন্তপুৰম এক্সপ্ৰেছ' (৩,৪৭৪ কিঃমিঃ), 'গুৱাহাটী-ওখা এক্সপ্ৰেছ' (৩,২২২ কিঃমিঃ), 'গুৱাহাটী-দাদৰ এক্সপ্ৰেছ' (২,৬৫৭ কিঃমিঃ) আদি আন কেইখনমান দীঘলীয়া গতিপথৰ ৰেলেও নিউ জলপাইগুৰি স্পৰ্শ কৰে।[9]

ছবি ভঁৰাল[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Siliguri Jalpaiguri Development Authority". http://www.sjda.org/about-us/location.html। আহৰণ কৰা হৈছে: 2012-01-28. 
  2. "Siliguri Online". Archived from the original on 2013-03-30. https://web.archive.org/web/20130330115724/http://www.siligurionline.net/। আহৰণ কৰা হৈছে: 2012-01-28. 
  3. 3.0 3.1 3.2 "India: the complex history of the junctions at Siliguri and New Jalpaiguri". IRFCA. http://www.irfca.org/docs/rinbad-siliguri.html। আহৰণ কৰা হৈছে: 2011-11-12. 
  4. "Indian Railway History Timeline". Archived from the original on 2012-07-14. https://archive.ph/20120714085533/http://irse.bravehost.com/IRHTML.htm। আহৰণ কৰা হৈছে: 2011-11-12. 
  5. "Retiring rooms in Northeast Frontier Railway". Indian Railways. http://www.indianrailways.gov.in/railwayboard/uploads/retiring/retnefr1.jsp। আহৰণ কৰা হৈছে: 10 July 2013. 
  6. "New Jalpaiguri railway station". Make my trip. Archived from the original on 27 June 2013. https://web.archive.org/web/20130627064735/http://www.makemytrip.com/railways/new_jalpaiguri-njp-railway-station.html। আহৰণ কৰা হৈছে: 10 July 2013. 
  7. "Indian Railways Passenger Reservation Enquiry". Availability in trains for Top 100 Booking Stations of Indian Railways. IRFCA. http://www.indianrail.gov.in/7days_Avl.html। আহৰণ কৰা হৈছে: 10 July 2013. 
  8. 8.0 8.1 "New Jalpaiguri Railway Station details". indiantrains.org. http://www.indiantrains.org/station-details/?code=NJP&name=NEW+JALPAIGURI। আহৰণ কৰা হৈছে: 2012-01-28. 
  9. "Trivia". IRFCA. http://www.irfca.org/faq/faq-trivia.html। আহৰণ কৰা হৈছে: 2012-01-28.