সমললৈ যাওক

ভাৰতীয় ৰে’ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Indian Railwaysৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতীয় ৰে’ল
ধৰণ ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান
স্থাপিত ১৬ এপ্ৰিল ১৮৫৩[1]
মুখ্য কাৰ্যালয় নতুন দিল্লী, ভাৰত
দেশ/অঞ্চল ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব
বিনয় মিট্টল
(চেয়াৰমেন)[2]
পৰিসেৱা যাত্ৰীবাহী ৰে’ল
মালগাড়ী
বাছ সেৱা
পৰ্যটন সেৱা
পাৰ্কিং সেৱা
অন্যান্য সম্পৰ্কীয় সেৱা
ৰাজহ বৃদ্ধি ১০৬,৬৪৭ কোটি টকা (২০১১-১২)[3]
মুঠ আয় বৃদ্ধি ৯,৬১০ কোটি টকা (২০১১-১২)[3]
স্বত্বাধিকাৰী ভাৰত চৰকাৰ (১০০%)
কৰ্মচাৰীৰ সংখ্যা ১৪ লাখ (২৯১১)[4]
বিভাগসমূহ ১৭টা জ'ন[5]
ৱেবছাইট http://www.indianrailways.gov.in
ভাৰতীয় ৰেল
ৰিপৰ্টিং মাৰ্ক IR
অঞ্চল ভাৰত
কাৰ্যকাল ১৬ এপ্ৰিল ১৮৫৩বৰ্তমানলৈ
ট্ৰেক গজ ১৬৭৬ মিঃ মিঃ; ১০০০ মিঃ মিঃ; ৭৬২ মিঃ মিঃ; ৬১০ mm
বৈদ্যুতিকৰণ ২১,৫০০ কিঃমিঃ
দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃ
ৱেবছাইট http://www.indianrailways.gov.in
Indian railway schematic map

ভাৰতীয় ৰে’ল (ইংৰাজী: Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে’লপথ আৰু ৭,৫০০টা ষ্টেশ্যনৰে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল জালিকা (networks)। ভাৰতীয় ৰে’লে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰে’লৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰে’লে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল।

১৮৫৩ চনত ভাৰতত প্ৰথম ৰে’লপথ নিৰ্মাণ কৰা হৈছিল ব’ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰে’ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে’ল" নামকৰণ কৰা হয়। ভাৰতীয় ৰে’লৰ অধীনত ব্ৰডগ’জ, মিটাৰগ’জ আৰু নেৰ’গ’জ ৰে’লপথেৰে দীৰ্ঘ দূৰত্বৰ আৰু উপনগৰীয়- উভয় প্ৰকাৰৰ ৰে’লেই চলাচল কৰে। ভাৰতৰ বহুকেইখন ঠাইত ইয়াৰ ডবা আৰু ইঞ্জিন নিৰ্মাণৰ কাৰখানাও আছে। ভাৰতীয় ৰে’লে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰে’ল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে।

ভাৰতীয় ৰে’ল ১৪ লাখ কৰ্মচাৰীৰে বিশ্বৰ চতুৰ্থ বৃহৎ ব্যৱসায়িক নিয়োগকৰ্তা। ভাৰতীয় ৰে’ল ২২৯,৩৮১টা মালগাড়ীৰ ডবা, ৫৯,৭১৩টা যাত্ৰী ডবা আৰু ৯,২১৩টা ইঞ্জিনৰ গৰাকী। প্ৰতিদিনে চলাচল কৰা ৰে’লৰ সংখ্যা প্ৰায় ১০,০০০ খন। ২০১২ চনৰ ৩১ মাৰ্চৰ দিনালৈকে ২২,২২৪ কিলোমিটাৰ ৰে’লপথ (মুঠ ৰে’লপথৰ ৩৪%) বৈদ্যুতিকৰণ কৰা হৈছে।[6] ১৯৬০ চনৰে পৰা ভাৰতীয় ৰে’লৰ বৈদ্যুতিক পথত ২৫,০০০ ভল্ট এ.চি. বিদ্যুৎ (অভাৰহেড ট্ৰেক্‌ছন) ব্যৱহাৰ কৰা হয়।

বোম্বে বৰোদা এণ্ড চেণ্ট্ৰে’ল ইণ্ডিয়া ৰে’লৱে’ৰ মুখ্য কাৰ্যালয়, ১৯০৫

ভাৰতৰ ৰে’ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰে’লপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে’লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে’লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।[7]

প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছে ভাৰতত ৰে’লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও ব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে’লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে’লৱে" (Great Indian Peninsula Railway) গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বাইৰ ব’ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰে’লৱে’ই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কি:মি: দৈৰ্ঘ্যৰ এটা ৰে’লপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে’ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব’ৰী বন্দৰ ষ্টেশ্যনৰ পৰা থানেলৈকে প্ৰথম ৰে’লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড[8] নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে’লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত।[9] ব’ৰী বন্দৰ ষ্টেশ্যনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ’ল। গ’থিক স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেশ্যনটোৱে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে।[10]

১৮৪৫-৪৬ চনত কলকাতাৰ পৰা আৰু দিল্লীলৈ ৰে’লপথ বহুওৱাৰ বাবে জৰীপ কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰে’লৱে’ই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰে’লপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰে’লৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কি:মি: দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে’লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰে’লৰ সেৱা আৰম্ভ হয়।

মাদ্ৰাজ ৰে’লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ’ড বা আৰকটলৈ (Walajah Road) ৬৩ কি:মি: ৰে’লপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'ছাউদাৰ্ন ৰে’লৱে’' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কি:মি:) দৈৰ্ঘ্যৰ এটা ৰে’লপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰে’লপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তদুপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৮৩২ চনত সৰ্বপ্ৰথম ৰে’লপথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্তাৱ আগবঢ়াইছিল।[11] এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘ্যৰ ৰে’লপথ ১৮৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰে’লপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ।[12]

১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰে’লৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কি:মি: দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰিছিল। ১৮৮২ চনত অসম ৰে’লৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰে’লপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কি:মি: দৈৰ্ঘ্যৰ মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ নিৰ্মাণ কৰা এই ৰে’লপথ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে "ডিব্ৰু-শদিয়া ৰে’লৱে়" নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰে’লৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰে’লৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰে’লপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰে’লপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যকাৰ ৰে’লপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰে’লৱে’ই।

ৰে’লৱে’ মণ্ডল

[সম্পাদনা কৰক]
দিল্লীত থকা ভাৰতীয় ৰে’লৰ মুখ্য কাৰ্যালয়
দক্ষিণ ৰে’লৱেৰ মুখ্য কাৰ্যালয়, চেন্নাই
পশ্চিম ৰে’লৱেৰ মুখ্য কাৰ্যালয়, মুম্বাই
মধ্য ৰে’লৱেৰ মুখ্য কাৰ্যালয়, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, মুম্বাই

স্বাধীনতাৰ পাছত ভাৰতৰ ৰে’ল পৰিবহণক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰে’লক ৬টা মণ্ডলত বিভাজন কৰা হয়[13]। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰে’লৰ আৰু কিছুমান মণ্ডলৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰে’লৰ মুঠ মণ্ডল ১৭টা[14] প্ৰতিটো মণ্ডলক একাধিক ডিভিজনত ভাগ কৰা হৈছে। বৰ্তমান ভাৰতীয় ৰে’ল মুঠ ডিভিজনৰ সংখ্যা ৬৮টা।[4][15]

স্থাপনাৰ তাৰিখ মণ্ডল সদৰ ডিভিজন
১৪-৪-১৯৫১দক্ষিণ ৰে’লৱে
Southern Railway
চেন্নাইচেন্নাই, ত্ৰিচি, মাদুৰাই,
পালাক্কাড, চালেম, ত্ৰিবান্দ্ৰম
৫-১১-১৯৫১মধ্য ৰে’লৱে
Central Railway
মুম্বাইমুম্বাই, ভুচাৱল, পুণে,
চোলাপুৰ, নাগপুৰ
৫-১-১৯৫১পশ্চিম ৰে’লৱে
Western Railway
মুম্বাইমুম্বাই চেণ্ট্ৰে’ল, ৰতলম, আহমেদাবাদ,
ৰাজকোট, ভাৱনগৰ, বদোদৰা
১৪-৪-৯৫২উত্তৰ ৰে’লৱে
Northern Railway
নতুন দিল্লীদিল্লী, আম্বালা, ফিৰোজপুৰ,
লক্ষ্ণৌ, মোৰাদাবাদ
১৪-৪-১৯৫২উত্তৰ-পূব ৰে’লৱে’
North Eastern Railway
গোৰখপুৰইজ্জত নগৰ, লক্ষ্ণৌ, বাৰাণসী
১৪-৪-১৯৫২পূব ৰে’লৱে’
Eastern Railway
কলকাতাহাওৰা, শিয়ালদহ, আচানচোল,
মালদা
১৯৫৫দক্ষিণ পূব ৰে’লৱে’
South Eastern Railway
কলকাতাআদ্ৰা, চক্ৰধৰপুৰ, খৰগপুৰ,
ৰাঁচী
১৯৫৮উত্তৰ-পূব সীমান্ত ৰে’লৱে’
Northeast Frontier Railway
গুৱাহাটীআলিপুৰ দুৱাৰ, কাটিহাৰ, ৰঙিয়া,
লামডিং, তিনিচুকীয়া
২-১০-১৯৬৬দক্ষিণ মধ্য ৰে’লৱে
South Central Railway
চেকেন্দ্ৰাবাদচেকেন্দ্ৰাবাদ, হায়দৰাবাদ, গুণ্টাকল,
গুণ্টুৰ, নান্দেন, বিজয়ৱাড়া
১-১০-২০০২পূব মধ্য ৰে’লৱে
East Central Railway
হাজীপুৰদানাপুৰ, ধানবাদ, মুগলচৰাই,
সমষ্টিপুৰ, সোণপুৰ
১-১০-২০০২উত্তৰ পশ্চিম ৰে’লৱে’
North Western Railway
জয়পুৰজয়পুৰ, আজমেৰ, বিকানীৰ,
জোধপুৰ
১-৪-২০০৩দক্ষিণ পূব মধ্য ৰে’লৱে
South East Central Railway
বিলাসপুৰবিলাসপুৰ, ৰায়পুৰ,
নাগপুৰ
১-৪-২০০৩দক্ষিণ পশ্চিম ৰে’লৱে
South Western Railway
হুবলীহুবলী, বাংগালুৰু, মহিশূৰ,
১-৪-২০০৩পশ্চিম মধ্য ৰে’লৱে
West Central Railway
জব্বলপুৰজবলপুৰ, ভূপাল, কোটা
১-৪-২০০৩পূব উপকূলীয় ৰে’লৱে
East Coast Railway
ভুৱনেশ্বৰখুৰ্দা ৰোড, চম্বলপুৰ, ৱালটায়াৰ,
১-৪-২০০৩উত্তৰ মধ্য ৰে’লৱে
North Central Railway
এলাহাবাদএলাহাবাদ, আগ্ৰা, ঝাঁসী
৩১-১২-২০১০মেট্ৰ’ ৰে’লৱে, কলকাতা
Metro Railway, Kolkata
কলকাতা

নিয়োগ আৰু প্ৰশিক্ষণ

[সম্পাদনা কৰক]

ভাৰতীয় ৰে’লৰ কৰ্মচাৰীসকলক ৰাজপত্ৰিত ("ক" বৰ্গ আৰু "খ" বৰ্গ) আৰু অৰাজপত্ৰিত ("গ" বৰ্গ আৰু "ঘ" বৰ্গ) হিচাপে ভাগ কৰা হৈছে।[16] 'ক' বৰ্গৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি দিয়ে।[17] 'গ' বৰ্গ আৰু 'ঘ' বৰ্গৰ কৰ্মচাৰীসকলক ২০খন ৰে’ল নিয়োগ বোৰ্ডে (Railway Recruitment Board) নিযুক্তি দিয়ে। এই নিয়োগ বোৰ্ডবোৰক "ৰে’ল নিয়োগ নিয়ন্ত্ৰণ বোৰ্ডে" (Railway Recruitment Control Board) নিয়ন্ত্ৰণ কৰে।[18] ভাৰতীয় ৰে’লৰ সকলো বৰ্গৰ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ সংখ্যা ২৯১টা। "ক" বৰ্গৰ বিষয়াসকলক এইকেইটা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হয়।[19]

  1. ৰে’লৱে ষ্টাফ কলেজ, বডোদাৰা (Railway Staff College, Vadodara)।
  2. ভাৰতীয় ৰে’ল চিভিল ইঞ্জিনিয়াৰিং সংস্থান, পুণে (Indian Railway Institute of Civil Engineering, Pune)।
  3. ভাৰতীয় ৰে’ল চিগনেল ইঞ্জিনিয়াৰিং আৰু দূৰসঞ্চাৰ সংস্থান (Indian Railway Institute of Signal and Telecommunications Engineering, Secunderabad)।
  4. ভাৰতীয় ৰে’ল মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সংস্থান (Indian Railway Institute of Mechanical and Electrical Engineering, Jamalpur)।
  5. ৰে’ল সুৰক্ষা বল একাডেমী (RPF Academy, Lucknow)।

উৎপাদন গোট

[সম্পাদনা কৰক]
বৈদ্যুতিক ইঞ্জিনৰ পেণ্টোগ্ৰাফ (Pentograph)
চিত্তৰঞ্জন লোকোমটিভ ৱৰ্কচত নিৰ্মাণ কৰা এটা WAP-5 ইঞ্জিন, ভূপাল ষ্টেশ্যনত
নিউ জলপাইগুৰি ষ্টেশ্যনত ৰৈ থকা WDP4 ডিজেল ইঞ্জিন বাজ

ভাৰতীয় ৰে’লে ৰে’ল মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰে’লৰ চলন্ত সম্পদৰ (rolling stock) বেছি অংশই (ডবা, ইঞ্জিন বা ইয়াৰ অংশ বিশেষ) ৮টাকৈ উৎপাদন গোটত নিৰ্মাণ কৰে। ভাৰতীয় ৰে’ল চলন্ত সম্পদ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাই নহয়, বহুকেইখন দেশলৈ ই সামগ্ৰী ৰপ্তানিও কৰে। প্ৰতিটো উৎপাদন গোটৰ মুৰব্বী এজন মহা প্ৰবন্ধক।

ক্ৰমিক নংনামসংক্ষিপ্ত ৰূপস্থাপনা বৰ্ষঅৱস্থানমুখ্য উত্পাদন
১.গোল্ডেন ৰক লোকোমটিভ ৱৰ্কশ্বপচ্
Golden Rock Locomotive Workshops
GOC১৯২৮ত্ৰিচিডিজেল আৰু বৈদ্যুতিক ইঞ্জিন
২.চিত্তৰঞ্জন লোকোমটিভ ৱৰ্কচ্
Chittaranjan Locomotive Works
CLW১৯৪৭চিত্তৰঞ্জন, আচানচোলবৈদ্যুতিক ইঞ্জিন
৩.ডিজেল লোকোমটিভ ৱৰ্কচ্
Diesel Locomotive Works
DLW১৯৬১বাৰাণসীডিজেল ইঞ্জিন
৪.ডিজেল লোকো মডাৰ্নাইজেচন ৱৰ্কচ্
Diesel-Loco Modernisation Works
DMW১৯৮১পাতিয়ালাডিজেল আৰু বৈদ্যুতিক ইঞ্জিন
৫.ইণ্টিগ্ৰে’ল কোচ ফেক্টৰী
Integral Coach Factory
ICF১৯৫২চেন্নাইযাত্ৰীবাহী ডবা
৬.ৰে’ল কোচ ফেক্টৰী
Rail Coach Factory
RCF১৯৮৬কাপুৰথালাযাত্ৰীবাহী ডবা
৭.ৰে’ল হুইল ফেক্টৰী
Rail Wheel Factory
RWF১৯৮৪বাংগালুৰুৰে’লৰ চকা আৰু এক্সেল
৮.ৰে’ল হুইল ফেক্টৰী
Rail Wheel Factory
RWF2011চাপ্ৰা, বিহাৰৰে’লৰ চকা আৰু এক্সেল

অন্যান্য সহযোগী প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

ৰে’ল মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰতীয় ৰে’লৰ কেইটামান সহযোগী প্ৰতিষ্ঠান আছে, যি কেইটা প্ৰতিষ্ঠান ৰে’লৱে’ৰ নিৰ্মাণ, গৱেষণা, আধুনিকীকৰণ,সূচনা প্ৰণালী, অনলাইন টিকট প্ৰণালী, পৰ্যটন আদি বিভিন্ন কাৰ্যত জড়িত।[20] সেইকেইটা হ’ল

ক্ৰমিক নংনামসংক্ষিপ্ত ৰূপকাৰ্যাৱলী
১.ভাৰত ৱাগন এণ্ড ইঞ্জিনিয়াৰিং কোম্পানী
Bharat Wagon and Engineering Co. Ltd.
BWELমালগাড়ীৰ বিভিন্ন প্ৰকাৰৰ ডবা নিৰ্মাণ কৰে।[21]
২.ৰে’লৱে সূচনা প্ৰণালী কেন্দ্ৰ
Centre for Railway Information Systems
CIRSভাৰতীয় ৰে’লৰ সমগ্ৰ কম্পিউটাৰ সম্বন্ধীয় গতিবিধিৰ ছত্ৰ-সংগঠন।[22]
৩.ভাৰতীয় কণ্টেইনাৰ নিগম লিমিটেড
Container Corporation of India Ltd.
CONCOR৬১ টাতকৈয়ো অধিক টাৰ্মিনেল যোগে অন্তঃ-প্ৰদেশ আৰু বন্দৰ, লগতে বিভিন্ন মহানগৰসমূহৰ মাজত ৰে’ল আৰু মটৰ পথৰে কণ্টেইনাৰ সেৱা আগবঢ়ায়।[23]
৪.ডেডিকেটেড ফ্ৰেট কৰিড’ৰ
Dedicated Freight Corridor Corporation of India Ltd.
DFCCILমালগাড়ীৰ তৰিৎ সঞ্চালনৰ বাবে ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ নিৰ্মাণ, পৰিচালনা আৰু তদাৰক কৰিবলৈ গঠন কৰা এটা সংস্থা।[24]
৫.ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন
Indian Railway Catering and Tourism Corporation
IRCTCযাত্ৰীৰ আহাৰ, ই-টিকেটিং, হোটেল, বিমান, ৰে’ল পৰ্যটন।[25]
৬.ইৰকন ইণ্টাৰনেচনেল লিনিটেড
IRCON International Ltd
IRCONএটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষীকৃত নিৰ্মাণ-সংস্থা। ইৰকনে ভাৰতত ২৮০ টাতকৈয়ো অধিক আৰু বিদেশত ৯০টাতকৈয়ো অধিক পৰি-গাঁথনিমূলক প্ৰকল্প সফলতাৰে সমাপ্ত কৰিছে।[26]
৭.ইণ্ডিয়ান ৰে’লৱে ফাইনেঞ্চ কৰ্পোৰেচন লিমিটেড
Indian Railway Finance Corporation Limited
IRFCভাৰতীয় ৰে’লৰ বিভিন্ন যোজনাৰ বাবে বিত্তৰ যোগান ধৰিবলৈ বজাৰৰ পৰা ধনৰাশি সংগ্ৰহ কৰে। এই ধন, বিশেষকৈ চলন্ত সম্পদ ক্ৰয় আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্যৱহাৰ হয়।[27]
৮.কোংকণ ৰে’লৱে কৰ্পোৰেচন
Konkan Railway Corporation
KRCLভাৰতৰ পশ্চিম উপকূলৰ দুৰ্গম কোংকণ অঞ্চলত মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক ৰাজ্যক সংযোগ কৰি ৭৬০ কি:মি: পথত ৰে’লসেৱা আগবঢ়াইছে।[28]
৯.মুম্বাই ৰে’লৱে বিকাশ কৰ্পোৰেচন
Mumbai Railway Vikas Corporation
MRVCমুম্বাই উপনগৰীয় ৰে’লৰ পৰি-গাঁথনিৰ উন্নয়ন[29]
১০.ৰে’লটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া
Railtel Corporation of India
RailTelৰে’ল নিয়ন্ত্ৰণ পদ্ধতি আৰু সুৰক্ষাৰ হেতু ব্ৰডবেণ্ড টেলিকম আৰু মাল্টিমেডিয়া নেটৱৰ্ক তৈয়াৰ কৰা।[30]
১১.ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক চাৰ্ভিছ
Rail India Technical and Economic Services
RITESপৰিবহণ, পৰিগাঁথনি আৰু সম্বন্ধিত প্ৰাদ্যোগিকী ক্ষেত্ৰৰ এটা বহু-অনুশাসনমূলক পৰামৰ্শ সংগঠন।[31]
১২.ৰে’ল বিকাশ নিগম
Rail Vikas Nigam
RVNLৰে’লপথ আৰু বৃহৎ দলং নিৰ্মাণ আদি পৰিযোজনাসমূহ কাৰ্যকৰী কৰাৰ বাবে বিত্তীয় আৰু মানৱ সংসাধনৰ ব্যৱস্থা কৰে।[32]

আনহাতে দিল্লীৰ মেট্ৰ’ ৰে’ল ব্যৱস্থা পৰিচালিত কৰা "দিল্লী মেট্ৰ’ ৰে’ল কৰ্পোৰেচন" (DMRC) এটা স্ব-শাসিত প্ৰতিষ্ঠান। কলকাতা মেট্ৰ’ৰ বাদে অন্যান্য মহানগৰৰ মেট্ৰ’ ৰে’ল ব্যৱস্থাৰ সৈতে ভাৰতীয় ৰে’লৰ সংযোগ নাই।

চলন্ত সম্পদ

[সম্পাদনা কৰক]
আগ্ৰা ষ্টেশ্যনত দুটা ভাপ ইঞ্জিনে পানী ভৰাইছে
ৰাষ্ট্ৰীয় ৰে’ল সংগ্ৰহালয়ত এটা 'বেয়াৰ গেৰেট ৬৫৯৪' ইঞ্জিন

ভাৰতীয় ৰে’লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰে’লৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰে’লত (Heritage Train) ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াক চাৰি বা পাচটা ইংৰাজী আখৰেৰে চিহ্নিত কৰা হয়।

  • ১ম আখৰটোৱে বুজায় কি ট্ৰেক গজৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – W – ব্ৰডগজৰ বাবে, Y – মিটাৰগজৰ বাবে, Z – ২ ফুট ৬ ইঞ্চি বহল নেৰ’গজৰ বাবে, N – ২ ফুট বহল নেৰ’গজৰ বাবে।
  • ২য় আখৰটোৱে বুজায় ইঞ্জিনটো কি শক্তিৰ চালিত হয় – D – ডিজেলেৰে চালিত, C – ডি.চি. বিদ্যুতেৰে চালিত, A – এ.চি. বিদ্যুতেৰে চালিত, CA – ডি.চি আৰু এ.চি. উভয় বিদ্যুতেৰ ইঞ্জিন চালিত (CAক এটা আখৰ বুলি গণ্য কৰা হয়), B – বেটাৰীৰে চালিত(এনে ইঞ্জিন বিৰল)।
  • ৩য় আখৰটোৱে বুজায় কি কামৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – G-মালগাড়ীৰ বাবে, P-যাত্ৰীবাহী গাড়ীৰ বাবে, M-যাত্ৰীবাহী আৰু মালগাড়ী উভয়ৰে বাবে, S-চাণ্টিঙৰ বাবে, U-উপনগৰীয় ৰে’লৰ বাবে (Electric multiple unit), R-ৰে’লি কাৰৰ বাবে।
  • ৪ৰ্থ আখৰটোৱে বুজায় ইঞ্জিনৰ অশ্বশক্তি (horsepower) বা মডেল নম্বৰ।

উদাহৰণ স্বৰূপে, WDG-4 ইঞ্জিন মানে হ’ল ই এটা ব্ৰডগজ ইঞ্জিন, ডিজেলেৰে চালিত হয়, মালগাড়ীৰ বাবে নিৰ্মিত আৰু ইয়াৰ অশ্বশক্তি ৪০০০ (১০০০ অশ্বশক্তি = ১)।

উল্লেখযোগ্য যে এই শ্ৰেণী বিভাজন পদ্ধতি ভাপ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিহেতু ভাপ ইঞ্জিন ইতিমধ্যে ভাৰতত বন্ধ হৈ গৈছে। পুৰণি পদ্ধতিত ভাপ ইঞ্জিনবোৰক M বা WP শ্ৰেণী বুলি সূচীত কৰা হৈছিল।

১৯৫১ চনৰ ৩১ মাৰ্চত ভাৰতীয় ৰে’লৰ ভাপ ইঞ্জিন ৮,১২০টা, ডিজেল ইঞ্জিন ১৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৭২টা থকাৰ বিপৰীতে ২০১১ চনৰ ৩১ মাৰ্চত ইঞ্জিনৰ সংখ্যা এনেধৰণৰ – ভাপ ইঞ্জিন ৪৩টা, ডিজেল ইঞ্জিন ৫,১৩৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৪,০৩৩টা।[33]

মালগাড়ীৰ ডবা

[সম্পাদনা কৰক]

১৯৫১ চনৰ ৩১ মাৰ্চত মালগাড়ীৰ ডবাৰ সংখ্যা আছিল ২০৫,৫৯৬টা। ১৯৮০ চনৰ ৩১ মাৰ্চত হয়গৈ ৪০৫,১৮৩টা। কিন্তু ডবাৰ সংখ্যা ক্ৰমশঃ কমি গৈ ২০১০ চনৰ ৩১ মাৰ্চত হ’ল ২১৯,৯৩১টা। এই সংখ্যা প্ৰয়োজনতকৈ বহু কম। মটৰ পৰিবহণৰ প্ৰভুত্বৰ বাবে ৰে’ল বিভাগৰ মাল পৰিবহণৰ পৰা হোৱা আয় কমি গৈছে। ১৯৫০-৫১ চনত ভাৰতীয় ৰে’লে ৯৩০ লাখ টন মাল পৰিবহণ কৰাৰ বিপৰীতে ২০০৯-১০ চনত পৰিবহণ কৰিছিল ৮৯২০ লাখ টন। কিন্তু মাল পৰিবহণৰ এই বৰ্দ্ধিত পৰিমাণ ট্ৰাকেৰে কঢ়িওৱা মালৰ পৰিমাণতকৈ বহু কম। ১৯৫১ চনত ৰে’ল পৰিবহণ আৰু মটৰ পৰিবহণৰ অংশ আছিল ক্ৰমে ৬৫% আৰু ৩৫%। বৰ্তমান ৰে’ল পৰিবহণৰ অংশ কমি হ’লগৈ মাত্ৰ ৩০%।[33]

যাত্ৰীবাহী ৰে’লৰ ডবা

[সম্পাদনা কৰক]

ভাৰতত যাত্ৰীবাহী ৰে’লৰ বিভিন্ন প্ৰকাৰৰ ডবা আছে। Electric Multiple Unit (EMU) ডবা কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, হায়দৰাবাদ, পুণা আৰু বাংগালুৰুত চলাচল কৰা উপনগৰীয় ৰে’লত ব্যৱহাৰ হয়। এনে ডবাৰ সংখ্যা ২০১০ চনৰ ৩১ মাৰ্চত আছিল ৭,৪৭৪টা। EMU ডবাৰ দুটা শ্ৰেণী আছে- প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। দুয়োটা শ্ৰেণীত কেৱল বহা আসনৰহে ব্যৱস্থা আছে। আনহাতে ২০১০ চনৰ ৩১ মাৰ্চত EMU বাদ দি যাত্ৰীবাহী ৰে’লৰ ডবাৰ সংখ্যা আছিল ৪৩,৫১৮টা আৰু অন্যান্য ডবাৰ (সামগ্ৰী কঢ়িওৱা ডবা, গাৰ্ডৰ ডবা, ডাক কঢ়িওৱা ডবা, ভোজন ডবা আদি) সংখ্যা আছিল ৬,৫০৫টা।[33]

ভাৰতীয় ৰে’লে ৭০% ৰাজহ মাল পৰিবহণৰ পৰা আৰু ৩০% যাত্ৰী পৰিবহণৰ পৰা লাভ কৰে। ২০১১-১২ বৰ্ষত ৰে’ল বিভাগৰ মাল পৰিবহণ আৰু যাত্ৰী পৰিবহণৰ পৰা হোৱা আয় আছিল ক্ৰমে ৬৮,৬২০ কোটি টকা আৰু ৩০,৪৬০ কোটি টকা। আয়ৰ বেছি অংশ মাল পৰিবহণৰ পৰাই আহে। ৰে’ল বিভাগে যাত্ৰীভাড়া কম কৰি ৰাখিছে আৰু যাত্ৰীভাড়াৰ পৰা হোৱা লোকচান মাল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰা পুৰায়। ১৯৯০ চনৰ পৰা ৰে’ল বিভাগে মালগাড়ীৰ একক ডবা ভাড়ালৈ দিয়া পদ্ধতিৰ সলনি কৰি সম্পূৰ্ণ ৰেক (full rake) ভাড়ালৈ দিয়া পদ্ধতি প্ৰৱৰ্তন কৰিছে। ভাৰতীয় ৰে’লে কঢ়িওৱা সামগ্ৰীৰ ভিতৰত কয়লা, চিমেণ্ট, খাদ্য শস্য আৰু লোৰ আকৰেই প্ৰধান।

ট্ৰেক আৰু গজ

[সম্পাদনা কৰক]
দাৰ্জিলিংৰ এক নেৰ’ গজ ট্ৰেন

ভাৰতীয় ৰে’লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মি:মি:, মিটাৰ গজ – বহল ১০০০ মি:মি: আৰু দুই ধৰণৰ নেৰ’ গজ। এটা নেৰ’ গজৰ বহল ৭৬২ মি:মি: আৰু আনটো নেৰ’ গজৰ বহল ৬১০ মি:মি:। মুঠ পথ (route) দৈৰ্ঘ্য ৬৫,০০০ কি:মি:ৰ বিপৰীতে মুঠ ৰে’ল চিৰিৰ (tract) দৈৰ্ঘ্য ১,১৫,০০০ কি:মি:।[34] ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰে’লপথ বৈদ্যুতিকৰণ কৰা হৈছে।[35] মুঠ ৰে’ল চিৰিৰ (track) ৯১% আৰু মুঠ ৰে’ল পথৰ (route) ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘ্যৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰে’ল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ’ গজ ৰে’লপথৰ দৈৰ্ঘ্য ২,০০০ কি:মি:। সাধাৰণতে নেৰ’ গজ ৰে’ল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। দাৰ্জিলিং হিমালয়ান ৰে’লৱে’, কালকা-চিমলা ৰে’লৱে’ আৰু কাংগ্ৰা ভেলী ৰে’লৱে’ তিনিটা লেখত লবলগীয়া নেৰ’ গজ পথ। .[36]

বৰ্তমান ভাৰতৰ ৰে’লপথত প্ৰিষ্ট্ৰেচড কংক্ৰীট (prestressed concrete), ষ্টীল অথবা কাষ্ট আইৰণৰ শ্লীপাৰ (Sleepers) ব্যৱহাৰ কৰা হয়। বহুল ভাবে প্ৰিষ্ট্ৰেচড কংক্ৰীট শ্লীপাৰেই ব্যৱহাৰ কৰা হয়। অতীতত ব্যৱহাৰ কৰা কাঠৰ শ্লীপাৰ বৰ্তমান নাইকিয়া হৈ গৈছে।

যাত্ৰীবাহী ৰে’লৰ প্ৰকাৰ

[সম্পাদনা কৰক]
ৰাজধানী এক্সপ্ৰেছ
এখন এক্সপ্ৰেছ ৰে’ল

গড় বেগ, থামন (halts) আৰু যাত্ৰীলৈ আগবঢ়োৱা সুবিধাৰ ওপৰত ভিত্তি কৰি যাত্ৰীবাহী ৰে’লসমূহক নিম্নোক্ত শ্ৰেণীত বিভাজন কৰা হৈছে।[37]

ক্ৰম ৰে’লৰ নাম বিৱৰণ
দুৰন্ত এক্সপ্ৰেছ২০০৯ চনত দুৰন্ত এক্সপ্ৰেছ সেৱা আৰম্ভ কৰা হয়। মহানগৰ আৰু ৰাজ্যৰ ৰাজধানী সংযোগী বাণিজ্যিক থামনবিহীন (non-stop) দ্ৰুতগামী ৰে’ল।
ৰাজধানী এক্সপ্ৰেছসম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ৰে’ল। বেগ ঘণ্টাত প্ৰায় ১৩০ কি:মি:। ৰাজধানী এক্সপ্ৰেছেৰে ভাৰতৰ মুখ্য নগৰসমূহক ৰাজধানী নতুন দিল্লীক সংযোগ কৰা হৈছে।
শতাব্দী এক্সপ্ৰেছসম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি ৰে’ল।
গৰীৱ ৰথসম্পূৰ্ণৰূপে বানানুকুল দ্ৰুতগামী ৰে’ল। দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল-৩ আৰু বাতানুকুল চেয়াৰ কাৰ শ্ৰেণী। আৰ্থিক কাৰণত ৰাজধানী এক্সপ্ৰেছেৰে ভ্ৰমণ কৰিবলৈ সক্ষম নোহোৱা যাত্ৰীসকললৈ লক্ষ্য ৰাখি এই ৰে’লখন প্ৰচলন কৰা হৈছিল।
জনশতাব্দীসম্পূৰ্ণৰূপে সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি এক্সপ্ৰেছ। শতাব্দী এক্সপ্ৰেছৰ অনুকৰণত এই ৰে’লখন প্ৰচলন কৰা হৈছিল। অধিকতম বেগ ঘণ্টাত ১৩০ কি:মি:। ৰে’লখন দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল চেয়াৰ কাৰ আৰু চিটাৰ শ্ৰেণী (Seater Class)।
সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছকোনো এখন বিশেষ ৰাজ্যৰ সৈতে দেশৰ ৰাজধানীৰ দ্ৰুত সংযোগ কৰিবলৈ এই ৰে’লখন প্ৰচলন কৰা হৈছিল। সংশ্লিষ্ট ৰাজ্যখনৰ বাদে এই ৰে’লখন পাৰ হৈ যোৱা আন কোনো ৰাজ্যত ইয়াৰ বাণিজ্যিক থামন নাই।
হমসফৰ এক্সপ্ৰেছ২০১৬ৰ ৰে’ল বাজেটত এই ৰে’লখনৰ বিষয়ে ঘোষণা কৰা হয়। মূলতঃ সাধাৰণ জনতাক 'বিলাসী' ৰে’লৰ মাদকতা দিবলৈ প্ৰচলন কৰা ই এখন সম্পূৰ্ণৰুপে বাতানুকুল থ্ৰি টিয়েৰ ডবাযুক্ত ৰে’ল॥[38]
দ্ৰুতগামী মেইল আৰু এক্সপ্ৰেছ ৰে’লগড়বেগ প্ৰতি ঘণ্টাত ৫৫ কি:মি:। মেইল/ এক্সপ্ৰেছৰ তুলনাত থামনৰ সংখ্যা কম, এই ৰে’লত যাত্ৰা কৰা যাত্ৰীৰ পৰা অতিৰিক্ত চুপাৰফাষ্ট চাৰচাৰ্জ আদায় কৰা হয়।
মেইল আৰু এক্সপ্ৰেছ ৰে’লভাৰতৰ গৰিষ্ঠ সংখ্যক ৰে’ল এই শ্ৰেণীৰ। তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ ষ্টেশ্যনবোৰত এই ৰে’ল ৰয়।
১০যাত্ৰীবাহী আৰু বেগী যাত্ৰীবাহী ৰে’লকম বেগৰ আৰু সাধাৰণতে দ্বিতীয় শ্ৰেণীৰ অসংৰক্ষিত আসনৰ ৰে’ল। সকলো ষ্টেশ্যনতে ৰয়। বেগী যাত্ৰীবাহীবোৰ অৱশ্যে কিছুমান ষ্টেশ্যনত নৰয়। কিছুমান বিশেষ নৈশ যাত্ৰীবাহীত শয়নযান শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু বাতানুকুল-৩ শ্ৰেণীৰ ডবা সংযোগ কৰা হয়।
১১উপনগৰীয় ৰে’লমুম্বই, দিল্লী, কলকাতা, চেন্নাই, হায়দৰাবাদ আৰু পুণাৰ নগৰ অঞ্চলত চলাচল কৰে। সাধাৰণতে প্ৰতিটো ষ্টেশ্যনত ৰয়। আসন অসংৰক্ষিত।
১২মেট্ৰ’ ৰে’লবৃহৎ মহানগৰীৰ পৰিবহণৰ গুৰুত্বপূৰ্ণ মাধ্যম। কলকাতা মেট্ৰ’ ৰে’লৰ বাদে অইনবোৰ মেট্ৰ’ ভাৰতীয় ৰে’লৰ পৰিসীমাৰ বাহিৰত।

যাত্ৰীবাহী ৰে’লৰ শ্ৰেণী

[সম্পাদনা কৰক]
ৰাজধানী এক্সপ্ৰেছৰ এটা বাতানুকুল প্ৰথম শ্ৰেণীৰ ডবাৰ অন্তৰ্ভাগ
শতাব্দী এক্সপ্ৰেছৰ এটা চেয়াৰ কাৰ শ্ৰেণী ডবাৰ অন্তৰ্ভাগ
এটা শয়ন যান শ্ৰেণীৰ ডবা

ভাৰতীয় ৰে’লত বাতানুকুল অথবা অবাতানুকুল একাধিক শ্ৰেণী আছে। এখন ৰে’লত এটা বা একাধিক শ্ৰেণী থাকিব পাৰে। মন্থৰ গতিৰ যাত্ৰীবাহী ৰে’লবোৰত সাধাৰণতে অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসন থকাৰ বিপৰীতে ৰাজধানী, দুৰন্ত, শতাব্দী আৰু গৰীৱ ৰথ ৰে’লত কেৱল বাতানুকুল শ্ৰেণীহে আছে। ৰাজধানী, দুৰন্ত আৰু শতাব্দী ৰে’লত যাত্ৰীসকলক যোগান ধৰা খাদ্যৰ মূল্য টিকটৰ সৈতে সংযোজিত হৈ থাকে। প্ৰায় প্ৰতিখন দূৰণিবতীয়া ৰে’লত পেণ্ট্ৰি কাৰৰ (pantry car) ব্যৱস্থা থাকে। পেণ্ট্ৰি কাৰৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক নিজৰ আসনত খাদ্য যোগান ধৰে।[39][39][40]

ক্ৰমিক নং শ্ৰেণী সংক্ষিপ্ত নাম
বাতানুকুল ১ম শ্ৰেণী (Air-conditioned 1st Class) 1A
১ম শ্ৰেণী (1st Class) FC
বাতানুকুল ২-খলপীয়া শয়ন (Air-conditioned 2 tier Sleeper) 2A
বাতানুকুল ৩-খলপীয়া শয়ন (Air-conditioned 3 tier Sleeper) 3A
বাতানুকুল ৩-খলপীয়া সুলভ (Air-coditioed 3 tier Economy) 3E
বাতানুকুল চকী যান শ্ৰেণী (Air-conditioned Chair Car) CC
শয়ন যান (Sleeper Class) SL
২য় শ্ৰেণী বৈঠক (2nd Seating) 2S
অসংৰক্ষিত ২য় শ্ৰেণী (2nd Class) II

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ভাৰতীয় ৰে’ল

[সম্পাদনা কৰক]

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকা ভাৰতীয় ৰে’লৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ[41] (আগৰ নাম ভিক্টোৰিয়া টাৰ্মিনাচ) আৰু ভাৰতৰ পাৰ্বত্য ৰে’লে স্থান পাইছে। বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভূক্ত ভাৰতৰ পাৰ্বত্য ৰে’লত তিনিটা ৰে’লৱে’ অন্তৰ্ভুক্ত হৈছে:[42]

  • ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য পৰীক্ষামূলক তালিকাত (UNESCO world heritage tentative list) বিশ্বৰ দীৰ্ঘতম নেৰ’ গজ (৬১০ মি:মি:) ৰে’লৱে’ 'মহাৰাজ ৰে’লৱে’' বা 'গোৱালিয়ৰ লাইট ৰে’লৱে’'ই স্থান পাইছে।[43]

কেইখনমান উল্লেখযোগ্য ৰে’ল

[সম্পাদনা কৰক]
চায়েঞ্চ এক্সপ্ৰেছ
মূলভূমিৰ সৈতে ৰামেশ্বৰমক সংযোগ কৰা পামবান দলং
  • ভাৰতীয় ৰে’লে বিশেষকৈ বিদেশী পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজকীয় সা-সুবিধাৰে কেইখনমান অতি বিলাসী পৰ্যটন ৰে’লৰ প্ৰৱৰ্তন কৰিছে। সেই কেইখন হ’ল:
  1. পেলেচ অন হুইলচ (Palace on Wheels): ভাৰতীয় ৰে’ল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত এই ৰে’লখন চলোৱা হৈছে। ই বিশ্বৰ দহখন বিলাসী ৰে’লৰ অন্যতম। যাত্ৰাৰ আৰম্ভণী আৰু,সামৰণি ষ্টেশ্যন দিল্লী। পেলেচ অন হুইলচৰ সাদিনীয়া ভ্ৰমণসূচীত ৰাজস্থানৰ জয়পুৰ, চেৱাই মাধোপুৰ, চিতোৰগড়. উদয়পুৰ, যোধপুৰ, ভৰতপুৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাক সামৰি লৈছে।
  2. ডেক্কান অ’ডিচি (Deccan Odyssey): ভাৰতীয় ৰে’ল আৰু মহাৰাষ্ট্ৰ পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত ২০০৫ চনত ৰে’লখন প্ৰৱৰ্তন কৰা হৈছে। ইয়াক ইউৰোপৰ পৰ্যটন ৰে’ল অ’ৰিয়েণ্টেল এক্সপ্ৰেছ বা দক্ষিণ আফ্ৰিকাৰ পৰ্যটন ৰে’ল ব্লু ট্ৰেইনৰ সৈতে তুলনা কৰা হয়। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেশ্যন মুম্বাইছত্ৰপতি শিৱাজী টাৰ্মিনাছ। ডেক্কান অ’ডিচিৰ ভ্ৰমণসূচীত আছে- সিন্ধুদূৰ্গ, গোৱা, কোহলাপুৰ, ঔৰংগাবাদ আৰু নাচিক Archived 2012-09-18 at the Wayback Machine
  3. গোল্ডেন চেৰিয়ট (The Golden Chariot): ভাৰতীয় ৰে’ল আৰু কৰ্ণাটক ষ্টেট টুৰিজিম ডেভলপমেণ্ট কৰ্পোৰেচনৰ যুগ্ম উদ্যমত ২০০৮ চনত ৰে’লখন প্ৰৱৰ্তন কৰা হৈছে। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেশ্যন যশোৱন্তপুৰম (বাংগালুৰু)। গোল্ডেন চেৰিয়টৰ 'প্ৰাইড অৱ চাউথ' শীৰ্ষক ভ্ৰমণসূচীত কাবিনী, শ্ৰীৰংগপট্টনম, মহীশূৰ, শ্ৰাৱণবেলাগোলা, বেলুৰ, হালেবিল, হাম্পি, বাদামী, পাট্টাদকাল আৰু গোৱাক সামৰি লৈছে। আনহাতে 'ছাউদাৰ্ন স্প্লেণ্ডাৰ' শীৰ্ষক ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হ’ল— চেন্নাই, মহাবলীপুৰম, পণ্ডিচেৰী, টিৰুচিৰাপল্লী, টাঞ্জোৰ, মাদুৰাই, কন্যাকুমাৰী, থিৰুঅনন্তপুৰম আৰু আলেপ্পি।
  4. ৰয়েল ৰাজস্থান অন হুইলচ (Royal Rajasthan on Wheels): ভাৰতীয় ৰে’ল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যম। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি হয় দিল্লীৰ চফদৰজং ষ্টেশ্যনত। সাদিনীয়া ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হ’ল— যোধপুৰ, উদয়পুৰ, চিতোৰগড়, চেৱাই মাধোপুৰ, জয়পুৰ, খাজুৰাহো (মধ্য প্ৰদেশ), বাৰাণসী (উত্তৰ প্ৰদেশ) আৰু আগ্ৰা
  5. মহাৰাজচ্ এক্সপ্ৰেছ (Maharajas’ Express): ভাৰতীয় ৰে’লৰ সহযোগী প্ৰতিষ্ঠান IRCTC য়ে এই বিলাসী ৰে’লখন চালনা (operate)) কৰে। মহাৰাজ এক্সপ্ৰেছৰ বিভিন্ন মূল্যৰ একাধিক ভ্ৰমণসূচী আছে। সেইবোৰ হ’ল— ১. ইণ্ডিয়ান স্প্লেণ্ডাৰ, ২. হেৰিটেজ অৱ ইণ্ডিয়া, ৩. ট্ৰেজাৰ্চ অৱ ইণ্ডিয়া, ৪. জেমচ অৱ ইণ্ডিয়া আৰু ৫. ইণ্ডিয়ান পেনোৰামা।
  • ইণ্ডিয়ান ৰে’লৱে’ কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচনে বিলাসী ৰে’ল মহাৰাজ এক্সপ্ৰেছ চালনা কৰাৰ উপৰিও আৰু কেইখনমান পৰ্যটন ৰে’ল চলায়। সেই কেইখন হ’ল—[44]
  1. মহাপৰিনিৰ্বাণ এক্সপ্ৰেছ
  2. ভাৰত তীৰ্থ
  3. পঞ্জ তখট দৰ্শন
  4. ভাৰত দৰ্শন
  5. ষ্টীম এক্সপ্ৰেছ
  6. কালকা-চিমলা বিশেষ ৰে’ল
  7. দাৰ্জিলিং হিমালয়ান পৰ্যটন ৰে’ল।
  • চায়েঞ্চ এক্সপ্ৰেছ ১৬টা বাতানুকুল ডবাযুক্ত এই ৰে’লখন এখন ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী। ভাৰতৰ" বিজ্ঞান আৰু প্ৰাদ্যোগিকী মন্ত্ৰনালয়" আৰু "পৰিবেশ আৰু বন মন্ত্ৰনালয়"ৰ যৌথ সহযোগত এই ৰে’লখন প্ৰৱৰ্তন কৰা হৈছে। Archived 2011-11-27 at the Wayback Machine
  • লাইফলাইন এক্সপ্ৰেছ (Lifeline Express) এখন বিশেষ ৰে’ল, যিখনক এখন ভ্ৰাম্যমাণ চিকিত্সালয় বুলি কব পাৰি। ভাৰতৰ গ্ৰামাঞ্চলৰ ৰাইজত চিকিত্সা সেৱা আগবঢ়াবলৈ ভাৰতৰ "ৰে’ল মন্ত্ৰালয়" আৰু "স্বাস্থ্য মন্ত্ৰালয়"ৰ যৌথ প্ৰচেষ্টাত এই ৰে’লখন প্ৰৱৰ্তন কৰা হৈছে। ৰে’লখনত অস্ত্ৰোপচাৰ কক্ষকে ধৰি ৰোগী থাকিবলৈ ৱাৰ্ডো আছে।[45]
  • বিবেক এক্সপ্ৰেছ ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰে’ল। এই ৰে’লখনে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ৪,২৮৬ কি:মি: দূৰত্ব ৮২ ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰে।[46][47]
  • হাওৰা ডেৰাডুন ডাবল ডেকাৰ এক্সপ্ৰেছ ভাৰতৰ প্ৰথম বাতানুকুল ডাবল ডেকাৰ ৰে’ল। ২০১১ চনৰ ১ অক্টোবৰৰ পৰা হাওৰা আৰু ঝাৰখণ্ড ৰাজ্যৰ ধানবাদৰ মাজত এইখন ৰে’লৰ চলাচল আৰম্ভ হয়।[48]

প্ৰতিবেশী দেশৰ সৈতে ৰে’ল সংযোগ

[সম্পাদনা কৰক]
জয়নগৰ - জনকপুৰ পথৰ এখন নেৰ’গজ ৰে’ল
  • নেপাল নেপাল: নেপালৰ সৈতে ভাৰত দুটা ৰে’লপথেৰ সংযোজিত হৈ আছে – ১। ৰাক্সৌল (ভাৰত) – বীৰগঞ্জ (নেপাল) ৰুট, ২) জয়নগৰ (ভাৰত) – জনকপুৰ (নেপাল) ৰুট। প্ৰথম পথটো মিটাৰগজৰ আৰু দ্বিতীয় পথটো নেৰগজৰ যদিও ব্ৰডগজলৈ ৰূপান্তৰণৰ কাম চলি আছে।[49]
  • পাকিস্তান পাকিস্তান: ভাৰত আৰু পাকিস্তানৰ মাজত দুখন আন্তঃৰাষ্ট্ৰীয় ৰে’ল চলাচল কৰে – ১) থৰ এক্সপ্ৰেছ (Thar Express) – ভাৰতৰ 'ভগত কী কোঠী' ষ্টেশ্যন পাকিস্তানৰ কৰাচীৰ মাজত, ২) সমঝৌতা এক্সপ্ৰেছ (Samjhauta Express) – ভাৰতৰ অমৃতসৰ জংচন আৰু পাকিস্তানৰ লাহোৰ জংচনৰ মাজত (আতাৰি ষ্টেশ্যন হৈ)।
  • বাংলাদেশ বাংলাদেশ: ২০০৮ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ কলকাতা আৰু বাংলাদেশৰ ঢাকাৰ মাজত মৈত্ৰী এক্সপ্ৰেছ (Maitree Express) নামৰ এখন আন্তঃৰাষ্ট্ৰীয় ৰে’লৰ চলাচল আৰম্ভ হৈছে। তদুপৰি ভাৰতৰ সিংগাবাদ আৰু পেট্ৰাপোলৰ পৰা বাংলাদেশৰ ৰোহনপুৰ আৰু বেনাপোললৈ মালগাড়ী সেৱা চলি আছে। ২০১১ চনৰ চেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশ চৰকাৰে ভাৰতৰ আগৰতলা আৰু বাংলাদেশৰ আখাউৰা উপজিলাৰ মাজত আন এখন যাত্ৰীবাহী ৰে’ল চলাচলৰ প্ৰস্তাৱত অনুমোদন জনাইছে।[50]

সমস্যা আৰু বিচাৰ্য বিষয়

[সম্পাদনা কৰক]
  1. ভাৰতীয় ৰে’লত এতিয়াও ১৯৬২ চনৰ প্ৰযুক্তি বিদ্যমান। অৱশ্যে দ্ৰুতগতিত ভাৰতীয় ৰে’লৰ কাৰিকৰী বিকাশ হৈ আছে। ইঞ্জিন, ডবা, ৰে’লপথৰ আধুনিকীকৰণৰ কাম বহু বাকী।[51] ভাৰতত ১০০ বছৰতকৈয়ো পুৰণি ৩৬,০০০খন ৰে’ল দলং আছে। এই দলংবোৰেৰে গধূৰ আৰু শক্তিশালী ৰে’ল পাৰ হৈ যোৱা কোনোমতে বিপদমুক্ত নহয়। কিন্তু ভাৰতীয় ৰে’লত বিনিয়োগৰ পৰিমাণ বহু কম। স্বাভাৱিকতে আধুনিকীকৰণৰ কামো পিছ পৰি আছে। ২০০৪ চনত ভাৰতীয় ৰে’লে মাত্ৰ ২২০ কি:মি: নতুন পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে চীন চৰকাৰে বছৰি ১১০০ কি:মি:তকৈয়ো অধিক ৰে’লপথ বছৰি নিৰ্মাণ কৰে।[52]
  2. ভাৰতীয় ৰে’লৰ তুলনামূলকভাৱে দুৰ্ঘটনাৰ সংখ্যা সৰহ। দুৰ্ঘটনাবোৰ কূটাঘাট, কাৰিকৰী আৰু পৰিগাঁথনিগত কাৰণৰ উপৰিও মানৱীয় ভুলৰ বাবেও সংঘটিত হৈছে। ভাৰতত ১৭,০০০খন ৰক্ষীবিহীন ৰে’লগেট আছে। এইবোৰতো সঘনে দুৰ্ঘটনা সংঘটিত হয়।[52]
  3. ভাৰতীয় ৰে’লে নতুন পথ নিৰ্মাণ, দ্বৈত পথ নিৰ্মাণ, গজ পৰিবৰ্তন আদি বহু প্ৰকল্প হাতত লৈছে। ২০১১ চনৰ এপ্ৰিললৈ এনে প্ৰকল্পৰ সংখ্যা ৩৪৭টা। কিন্তু বহু প্ৰকল্পৰ কাম সময়মতে সমাপ্ত নহয়। ফলস্বৰূপে প্ৰকল্পৰ খৰচ বাঢ়ি যায়। ২০০৭-১২ পঞ্চবৰ্ষ পৰিকল্পনাৰ সময়চোৱাত ভাৰতীয় ৰে’লে যদিও ১০,২৮৬ কি:মি: ৰে’লপথ নতুনকৈ নিৰ্মাণ, দ্বৈতকৰণ বা গজ পৰিবৰ্তন কৰিছে,এয়া নিৰ্দ্ধাৰিত লক্ষ্যতকৈ বহু কম।[53]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Times Of India". The Times Of India (India). 15 April 2010. http://timesofindia.indiatimes.com/city/patna/ECR-to-observe-Railway-Week-today/articleshow/5807165.cms.
  2. "Railway Unit". Official webpage of Indian Railways. http://pib.nic.in/release/release.asp?relid=62207 আহৰণ কৰা হৈছে: 6 June 2009.
  3. 1 2 "Railways Fiscal Budget 2012". http://www.indianrailways.gov.in/railwayboard/uploads/directorate/finance_budget/Budget12-13/Railway%20Revenue%20Receipts%20%26%20Expenditure%202012-13.pdf আহৰণ কৰা হৈছে: 15 March 2012.
  4. 1 2 Indian Railways Year Book (2009–2010). Ministry of Railways, Government of India. 2011. পৃষ্ঠা. 13. http://www.indianrailways.gov.in/railwayboard/uploads/directorate/stat_econ/Stat_0910/Year%20Book%202009-10-Sml_size_English.pdf আহৰণ কৰা হৈছে: 26 August 2008.
  5. "Kolkata Metro is now the 17th zone of Indian Railways". The Times of India. December 29, 2010. Archived from the original on November 4, 2012. https://web.archive.org/web/20121104080043/http://articles.timesofindia.indiatimes.com/2010-12-29/india/28264643_1_metro-railway-kolkata-metro-foundation-stone আহৰণ কৰা হৈছে: January 21, 2013.
  6. [http://im1.indiarailinfo.com/506503/0/remapa309072012.jpg Archived 2015-02-26 at the Wayback Machine Status of electrification on Indian Railways, Indiaraininfo.com, Retrieved on January 21, 2013
  7. "Heritage consciousness". The Hindu. http://www.hindu.com/mp/2004/01/26/stories/2004012600270300.htm আহৰণ কৰা হৈছে: February 16, 2012.
  8. "Official site of Nothern Railway". http://www.nr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,283 আহৰণ কৰা হৈছে: February 16, 2012.
  9. "ভাৰতীয় ৰে'লৰ ইতিহাস". http://www.irfca.org/~mrinal/history_ir.html আহৰণ কৰা হৈছে: February 13, 2012.
  10. "ছত্ৰপতি শিৱাজী টাৰ্মিনাচ". Archived from the original on January 19, 2012. https://web.archive.org/web/20120119201622/http://www.mumbainet.com/travel/cststation.htm আহৰণ কৰা হৈছে: February 13, 2012.
  11. "Heritage consciousness". The Hindu. http://www.hindu.com/mp/2004/01/26/stories/2004012600270300.htm আহৰণ কৰা হৈছে: February 16, 2012.
  12. "Official site of Nothern Railway". http://www.nr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,283 আহৰণ কৰা হৈছে: February 16, 2012.
  13. "ভাৰতীয় ৰেলৰ পুনৰ্গঠন". http://www.irfca.org/~mrinal/irhistory3.html আহৰণ কৰা হৈছে: April 15, 2012.
  14. http://www.indianrailways.gov.in/
  15. "Zones and their Divisions in Indian Railways". Indian Railways. Archived from the original on 19 March 2015. https://web.archive.org/web/20150319003737/http://www.indianrail.gov.in/ir_zones.pdf আহৰণ কৰা হৈছে: 26 August 2011 format=PDF.
  16. "Railway Board Directorates". INDIAN RAILWAY ESTABLISHMENT CODE. Indian Railways. http://www.indianrailways.gov.in/railwayboard/view_section.jsp?lang=0&id=0,1,388.
  17. "Indian Railways level which constitutes the Governing Council of Association". irts.org.in. Archived from the original on 2017-07-02. https://web.archive.org/web/20170702052941/http://www.irts.org.in/view_section.jsp?lang=0&id=0,1,409.
  18. "Indian Railways Establishment Manual". rrcb.gov.in. http://rrcb.gov.in/rrbs.html.
  19. "List Training centers for Indian Railway Employees". Indian Railway Employee. June 6, 2006. Archived from the original on January 16, 2013. https://web.archive.org/web/20130116224714/http://indianrailwayemployee.com/content/list-training-centers-indian-railway-employees আহৰণ কৰা হৈছে: January 21, 2013.
  20. "administrative control of the railways". indianrailways. http://www.indianrailways.gov.in/railwayboard/view_section.jsp?lang=0&id=0,1,388.
  21. "Bharat Wagon & Engineering Co. Limited official website, Retrieved on January 16, 2013". Archived from the original on January 5, 2013. https://web.archive.org/web/20130105012901/http://bharatwagon.bih.nic.in/ আহৰণ কৰা হৈছে: January 17, 2013.
  22. "CRIS offcial website". Archived from the original on 2013-01-23. https://web.archive.org/web/20130123123521/http://cris.org.in/CRIS/About_us/About_us আহৰণ কৰা হৈছে: 2013-01-17.
  23. CONCOR offcial website
  24. "DFCCIL offcial site". Archived from the original on 2013-01-09. https://web.archive.org/web/20130109034634/http://dfccil.org/DFCC/About%20Us/About_us আহৰণ কৰা হৈছে: 2013-01-17.
  25. "IRCTC offcial website". Archived from the original on 2013-02-02. https://web.archive.org/web/20130202083435/http://www.irctc.com/displayServlet আহৰণ কৰা হৈছে: 2013-01-17.
  26. IRCON offcial website
  27. IRFC offcial website
  28. KRCL official website
  29. MRVC official website
  30. "RailTel official website". Archived from the original on 2021-09-19. https://web.archive.org/web/20210919120433/https://www.railtelindia.com/railtel/18/introduction.aspx আহৰণ কৰা হৈছে: 2013-01-17.
  31. "আৰ্কাইভ কপি". Archived from the original on 2013-01-13. https://web.archive.org/web/20130113101737/http://www.rites.com/ আহৰণ কৰা হৈছে: 2013-01-24.
  32. "আৰ্কাইভ কপি". Archived from the original on 2013-10-31. https://web.archive.org/web/20131031144113/http://rvnl.org/index.php আহৰণ কৰা হৈছে: 2013-01-24.
  33. 1 2 3 ৰেল বাজেট ব্যাখ্যাত্মক জ্ঞাপন ২০১২-১৩, আহৰণ- জানুৱাৰী ১৬, ২০১৩
  34. compiled and edited by Research, Reference and Training Division. (2011). India Yearbook 2011. Publications Division, Ministry of Information & Broadcasting, Govt. of India. ISBN 978-81-230-1674-0.
  35. "আৰ্কাইভ কপি". Archived from the original on 2015-02-26. https://web.archive.org/web/20150226004723/https://im1.indiarailinfo.com/506503/0/remapa309072012.jpg আহৰণ কৰা হৈছে: 2012-09-25.
  36. "Toy Trains Of India". Our Trips – Royal Train Tours. India Calling Tours (P) Limited. http://www.triptoindia.com/toy-trains-of-india-royal-train-tours-of-india-calling-tours-trip-to-india.html আহৰণ কৰা হৈছে: 12 May 2007.
  37. "railway operations  — I". IRFCA.org. Indian Railways Fan Club. http://www.irfca.org/faq/faq-ops.html আহৰণ কৰা হৈছে: 11 June 2007.
  38. "Humsafar Express: 15 facts that make Indian Railways’". https://www.financialexpress.com/photos/business-gallery/471686/humsafar-express-unveiled-by-suresh-prabhu-15-facts-indian-railways-new-luxury-ac-3-tier-train-for-common-man/ আহৰণ কৰা হৈছে: 18 February 2019.
  39. 1 2 "General Information on travelling by IR". IRFCA.org. Indian Railways Fan Club. http://www.irfca.org/faq/faq-travel.html আহৰণ কৰা হৈছে: 3 June 2007.
  40. "Class of Travel". indiarail.co.uk. S.D.Enterprises Ltd. Archived from the original on 13 May 2007. https://web.archive.org/web/20070513200442/http://www.indiarail.co.uk/indrail.htm আহৰণ কৰা হৈছে: 3 June 2007.
  41. "Chhatrapati Shivaji Terminus (formerly Victoria Terminus)". World Heritage List. World Heritage Committee. 2004. http://whc.unesco.org/en/list/945 আহৰণ কৰা হৈছে: 5 January 2009.
  42. "Mountain Railways of India". World Heritage List. World Heritage Committee. 1999. http://whc.unesco.org/en/list/944/ আহৰণ কৰা হৈছে: 5 January 2009.
  43. "The Maharaja Railways of India". UNESCO. http://whc.unesco.org/en/tentativelists/5403/ আহৰণ কৰা হৈছে: January 21, 2013.
  44. "Rail tourism India official website". Archived from the original on 2011-02-02. https://web.archive.org/web/20110202142727/http://www.railtourismindia.com/ আহৰণ কৰা হৈছে: 2012-10-06.
  45. "Lifeline Express". Mahindra.com. Archived from the original on October 28, 2012. https://web.archive.org/web/20121028145423/http://www.mahindra.com/How-We-Help/Health/Lifeline-Express আহৰণ কৰা হৈছে: January 21, 2013.
  46. {{cite web | url=http://www.economist.com/blogs/banyan/2012/02/riding-indias-railways
  47. http://indiarailinfo.com/train/dibrugarh-kanyakumari-vivek-express-15906-dbrg-to-cape/15768/7288/1010 | title=All aboard the Vivek Express | publisher=The Economist | date=February 1, 2012 | accessdate=January 21, 2013}}
  48. Disha Kanwar (October 2, 2011). "First AC double-decker train flagged off from Bengal". Business Standard. http://www.business-standard.com/india/news/first-ac-double-decker-train-flagged-offbengal/451142 আহৰণ কৰা হৈছে: January 21, 2013.
  49. http://www.myrepublica.com/portal/index.php?action=news_details&news_id=34547
  50. "India approves new railway link with Bangladesh". TwoCircles.net. September 21, 2011. http://twocircles.net/2011sep21/india_approves_new_railway_link_bangladesh.html আহৰণ কৰা হৈছে: January 21, 2013.
  51. http://www.rediff.com/news/2003/jul/03inter.htm
  52. 1 2 "Indian Railway safety issues mount". India Transport Portal. June 30, 2011. Archived from the original on July 20, 2013. https://web.archive.org/web/20130720050850/http://indiatransportportal.com/2011/06/indian-railway-safety-issues-mount/ আহৰণ কৰা হৈছে: January 21, 2013.
  53. "Railways rapped for tardy progress in laying new lines". The Economic Times. Jul 27, 2012. Archived from the original on May 10, 2013. https://web.archive.org/web/20130510200149/http://articles.economictimes.indiatimes.com/2012-07-27/news/32889414_1_tardy-progress-cost-escalation-railways আহৰণ কৰা হৈছে: January 21, 2013.