সমললৈ যাওক

নিউ মুন (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিউ মুন  

নিউ মুনৰ প্ৰথম প্ৰকাশৰ বেটুপাত
লেখক ষ্টিফেনি মেয়াৰ
শিৰোনাম New Moon
প্ৰচ্ছদ শিল্পী গেইল ডুবিনিন (শৈলী)
জন গ্ৰাণ্ট (আলোকচিত্ৰ)
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
শৃংখলা টোৱাইলাইট শৃংখলা
প্ৰকাৰ চেমনীয়া উপন্যাস, ৰোমাণ্টিক উপন্যাস,ভেম্পায়াৰ কল্পকাহিনী
প্ৰকাশক লিটল, ব্ৰাউন
প্ৰকাশ ৬ ছেপ্টেম্বৰ , ২০০৬
মিডিয়া প্ৰকাৰ ছপা (পকাবন্ধা, কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৫৬৩
আই.এচ.বি.এন. 0-316-16019-9
অ.চি.এল.চি নং 69104227
এল চি শ্ৰেণীকৰণ PZ7.M5717515 New 2006
পূৰ্বৱৰ্তী টোৱাইলাইট
পৰৱৰ্তী ইক্লিপ্ছ

নিউ মুন (ইংৰাজী: New Moon) ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে। এডৱাৰ্ডৰ ভায়েকে বেলাক আক্ৰমণ কৰাত বেলাৰ সুৰক্ষাৰ বাবে সি তাইক এৰি গুচি যায় আৰু হতাশাগ্ৰস্ত,ভগ্নহৃদয় বেলাক জেকব ব্লেকে এক শ্ৰেষ্ঠ বন্ধুৰ ৰূপত সেই যন্ত্ৰণাৰ পৰা কিছু সকাহ দিয়ে। কিন্তু বেলাৰ জীৱনে আকৌ নতুন পথ লয় যেতিয়া জেকবৰ এক অবিশ্বাসনীয় চৰিত্ৰ পোহৰলৈ আহে আৰু এডৱাৰ্ডৰ ভনীয়েক এলিছে আহি বেলাক সাক্ষাৎ কৰে।

মেয়াৰৰ মতে এইখন হ'ল সঁচা প্ৰেম হেৰুওঁৱাৰ বিষয়ে এখন কিতাপ।[1] কিতাপখনৰ নামটোৱে চন্দ্ৰচক্ৰৰ আটাইতকৈ আন্ধাৰ সময়খিনিক বুজায়,অৰ্থাৎ নিউ মুনত বেলা স্বানৰ জীৱনৰ আটাইতকৈ দুঃখজনক আৰু অন্ধকাৰ সময়খিনিৰ কথা বৰ্ণনা কৰা হৈছে।[2] মেয়াৰে এই উপন্যাসখন টোৱাইলাইট প্ৰকাশ হোৱাৰ আগতে লিখি উলিয়াইছিল। কিতাপখন লিখাটো তেওঁৰ বাবে কঠিন আছিল কিয়নো তেওঁ পঢ়ুৱৈৰ সঁহাৰিৰ বিষয়ে অৱগত নাছিল আৰু বেলাৰ যন্ত্ৰণাৰ বিষয়ে বৰ্ণনা কৰোঁতে প্ৰায়ে কান্দি পেলাইছিল।

৬ ছেপ্টেম্বৰ,২০০৬ ত নিউ মুনৰ প্ৰথম পকাবন্ধা ১০,০০০খন কিতাপ প্ৰকাশ হয়।[3] আমেৰিকা যুক্তৰাষ্ট্ৰত নিউ মুনে প্ৰকাশ পোৱাৰ লগে লগে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে আৰু বেষ্টচেলাৰ তালিকা সমূহত শীৰ্ষস্থান দখল কৰি বছৰটোৰ এখন সফল গ্ৰন্থ হিচাপে পৰিগণিত হয়। ই নিউ য়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকা আৰু য়ুএছএ টুডেৰ শীৰ্ষ ১৫০খন বেষ্টচেলাৰৰ তালিকাত প্ৰথমস্থান দখল কৰে[4][5] আৰু ৫ মিলিয়নতকৈও বেছি বিক্ৰীৰে সৰ্বাধিক বিক্ৰী হোৱা কেঁচাবন্ধা শিশুগ্ৰন্থ হিচাপে পৰিগণিত হয়।[6] তদুপৰি নিউ মুনে ২০০৯ চনত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ স্থান দখল কৰে[7] আৰু ই প্ৰায় ৩৮টা ভাষালৈ অনূদিত হৈছে। ২০ নৱেম্বৰ,২০০৯ত ইয়াৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে।[8]


নিউ মুনে ঘাইকৈ ভাল মতামতেই লাভ কৰে। সমালোচকসকলৰ মতে "প্ৰায় ৰূপকথাৰ লেখিয়া" টোৱাইলাইটতকৈ নিউ মুনৰ লিখনি পৈণত আৰু ৰহস্যঘন। মেয়াৰৰ লিখনিয়ে ভূঁয়সী প্ৰশংসা পায় আৰু বেলাৰ চাৰিত্ৰিক বিকাশ তথা প্ৰেম আৰু বিৰহৰ বৰ্ণনাই ইয়াক জনপ্ৰিয় কৰি তোলে। অৱশ্যে কিছুসংখ্যকৰ মতে কিতাপখনৰ মাজ অংশই ইয়াক লেহেমীয়া কৰি পেলাইছে।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ইজাবেলা স্বানৰ ১৮তম জন্মদিনত তাইৰ ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড আৰু তাৰ পৰিয়ালে এক ভোজমেলৰ আয়োজন কৰে। অসাবধানতাবশতঃ এটা উপহাৰ খুলি থাকোঁতে তাইৰ হাতত অলপ কটা যায় আৰু তাৰ পৰা ওলোৱা তেজৰ গোন্ধত এডৱাৰ্ডৰ তোলনীয়া ভায়েক জেস্পাৰ সংযমহীন হৈ পৰে আৰু বেলাক হত্যা কৰাৰ চেষ্টা কৰে। বেলাৰ সুৰক্ষাৰ বাবে কালেন পৰিয়ালটোৱে ফোৰ্কছ এৰি দূৰলৈ গুচি যায় আৰু বেলাই যাতে নিজৰ জীৱনত আগবাঢ়ি যায় তাৰ বাবে যাবৰ পৰত এডৱাৰ্ডে বেলাক কয় যে সি এতিয়া তাইক ভাল নাপায়। এয়া শুনি বেলা মৰ্মাহত আৰু হতাশাগ্ৰস্ত হৈ পৰে।

তাৰ পিছৰ কেইমাহত বেলাই আৱিষ্কাৰ কৰিলে যে মটৰ চাইকেল চলোৱা,থিয় গৰাৰ পৰা জঁপিওৱা আদি বিপদজনক কাম কৰিলে তাই মনতে এডৱাৰ্ডৰ কণ্ঠস্বৰ শুনিবলৈ পায়। হাঁহিমুখীয়া জেকব ব্লেকৰ লগত লাহে লাহে গঢ়ি উঠা গাঢ় বন্ধুত্বৰ মাজতে তাই এডৱাৰ্ডক হেৰুঁওৱাৰ বেদনা পাহৰিবলৈ যত্নপৰ হয়। পিছে বেলাই আৱিষ্কাৰ কৰে যে জেকব আৰু তাৰ জনগোষ্ঠীৰ কিছুমান সদস্য দৰাচলতে কুকুৰনেছীয়া মানুহহে। জেকব আৰু সিহঁতৰ দলটোৱে বেলাক দুই দুষ্ট ভেম্পায়াৰ ল'ৰেণ্ট আৰু ভিক্টোৰিয়াৰ পৰা ৰক্ষা কৰে কাৰণ ভিক্টোৰিয়াৰ প্ৰেমিক জেমছ ক কালেন সকলে টোৱাইলাইটত বধ কৰিছিল আৰু তাই বেলাক হত্যা কৰি ইয়াৰ প্ৰতিশোধ ল'ব বিচাৰিছিল।

সমসাময়িকভাৱে এক ভুল বুজাবুজিৰ পৰিণতিত এডৱাৰ্ডে ভাবি লয় যে বেলাই আত্মহত্যা কৰিছে। সেয়েহে সি ইটালীৰ ভোল্টেৰালৈ গৈ তাত থকা ভেম্পায়াৰ শাসকবৰ্গ ভল্ট্চুৰি পৰিয়ালক তাৰ প্ৰাণ ল'বলৈ উচটাবলৈ যায়। এলিছ আৰু বেলাই ইটালীত উপস্থিত হয় আৰু কোনোমতে এডৱাৰ্ডক ৰক্ষা কৰে। ইটালী এৰাৰ আগতে ভল্ট্চুৰিয়ে এডৱাৰ্ডক সকীয়াই দিয়ে যে যিহেতু বেলাই ভেম্পায়াৰসকলৰ অস্তিত্বৰ কথা গম পাইছে গতিকে তাইক হয় হত্যা কৰিব লাগিব নহয় তাইক ভেম্পায়াৰলৈ সলনি কৰিব লাগিব। ফোৰ্কছলৈ ঘূৰি আহি এডৱাৰ্ডে বেলাক কয় যে সি সদায় বেলাক ভাল পাই থাকিব আৰু তাইৰ সুৰক্ষাৰ অৰ্থে হে মিছাকৈয়ে ভাল নাপায় বুলি কৈছিল। তাই এডৱাৰ্ডক ক্ষমা কৰে আৰু এডৱাৰ্ডক অসন্তুষ্ট কৰি কালেন পৰিয়ালে বেলাক ভেম্পায়াৰলৈ সলনি কৰাৰ সপক্ষে মত দিয়ে কাৰণ সি ভাবে যে ভেম্পায়াৰ হোৱাটো এক অভিশাপ। ইপিনে জেকবে এডৱাৰ্ডক সোঁৱৰাই দিয়ে যে যদি কালেনসকলে বেলাক কামোৰে তেন্তে কুকুৰনেছীয়া মানুহ আৰু কালেনসকলৰ বহুবছৰ পুৰণি শান্তিৰ সন্ধিৰ নিয়ম ভংগ হ'ব।

টোৱাইলাইট লিখি উঠাৰ পিছত মেয়াৰে দেখিলে যে তেওঁ বহুকেইটা উপসংহাৰ লিখি পেলালে আৰু ক'লে "মই সোনকালে বুজি পালোঁ যে বেলা আৰু এডৱাৰ্ডৰ প্ৰেমকাহিনী ইমানতে শেষ কৰিবলৈ মই সাজু নাছিলোঁ"।[9] তেওঁ ফৰেভাৰ ডন নামৰ ছিকুৱেল এখন লিখিবলৈ ধৰিলে য'ত বেলাৰ হাইস্কুলৰ অন্তিম বছৰটিৰ বৰ্ণনা আছিল।[10] সেই সময়তে তেওঁ গম পালে যে টোৱাইলাইটে চেমনীয়া উপন্যাস হিচাপে বজাৰত মুক্তি লাভ কৰিব।[10] আৰু সেয়েহে একেই পাঠকলৈ লক্ষ্য কৰি তেওঁ এক নতুন ছিকুৱেল নিউ মুন লিখিবলৈ ল'লে।[10] মেয়াৰে উপন্যাসখনৰ কাহিনী তথা চৰিত্ৰসমূহে কি কৰিব সেয়া ভাবিবলৈ ল'লে। প্ৰথমতে তেওঁ বেলাক এডৱাৰ্ডে এৰি যোৱা ধাৰণাটো ভাল পোৱা নাছিল যদিও শেষত তাক গ্ৰহণ কৰে।[10]

৫ মাহত তেওঁ নিউ মুন লিখি শেষ কৰে। এইবাৰ তেওঁ প্ৰথমৰপৰাই জানিছিল যে ই প্ৰকাশ পাব আৰু লিখি থাকোঁতে "মঞ্চত উঠাৰ দৰে এক ভয়ানক অনুভৱ" হৈছিল। হ'লেও মেয়াৰে জেকব চৰিত্ৰটি কিতাপখনে তেওঁক দিয়া আটাইতকৈ প্ৰিয় উপহাৰ বুলি গণ্য কৰি কয় যে এই চৰিত্ৰটি তেওঁৰ খুব প্ৰিয় আৰু তেওঁ তাৰ উপস্থিতি আৰু চৰিত্ৰৰ পৰিসৰ বঢ়াব খোজে।[10]

কিতাপখনৰ শেষৰপিনে থকা ক্লক টাৱাৰত ভল্ট্চুৰিৰ সৈতে মুখামুখি হোৱা দৃশ্যটো মেয়াৰে প্ৰথমতে লিখিছিল। ফোৰ্কছৰ নিছিনাকৈ তেওঁ ভল্ট্চুৰিৰ বসতি হিচাপে কোনো আচল চহৰখনৰ নাম উল্লেখ কৰিব বিচৰা নাছিল।[11] চহৰখনৰ নাম তেওঁ "ভল্ট্চুৰিন" দিব খুজিছিল।[12] কিন্তু ইটালীৰ মানচিত্ৰত ভল্টেৰা নামৰ চহৰখন দেখি ইয়াকেই তেওঁৰ কল্পনাৰ চহৰ হিচাপে ৰূপ দিয়ে।[11]


নিউ মুনৰ প্ৰথম খচৰাটি প্ৰকৃত উপন্যাসখনতকৈ যথেষ্ট বেলেগ। তাত বেলাই কেতিয়াও বিচাৰি পোৱা নাছিল যে জেকব এটা কুকুৰনেছীয়া মানুহ গতিকে তাত প্ৰায় ৭০টা পৃষ্ঠা কম আছিল। লগতে উপসংহাৰটিও বেলেগ আছিল।[13] বেলাৰ যন্ত্ৰণা বৰ্ণনা কৰাটো মেয়াৰৰ বাবে বৰ কঠিন আছিল আৰু তেওঁ প্ৰায় কান্দি উঠিছিল।[10] তেওঁ কয় যে তেওঁ কেতিয়াও বেলাৰ দৰে হিয়াভগা যন্ত্ৰণাৰ সন্মুখীন হোৱা নাই গতিকে নিজা অভিজ্ঞতাৰ পৰা এইখিনি কথা তেওঁ লিখিব নোৱাৰে, সেয়েহে তেওঁ নিজৰ সন্তান এটি হেৰুওৱাৰ কথা ভাবি সেইখিনি লিখিছিল[14] কাৰণ তেওঁৰ চৰিত্ৰই তেনেকুৱা, "সুখ আৰু দুখৰ প্ৰতি সমানেই উন্মুখ"। মেয়াৰৰ মতে এই কাহিনীটো শ্বেইকছপীয়েৰৰ ৰোমিও এণ্ড জুলিয়েট নাটৰ পৰা অনুপ্ৰাণিত।[15]

বেটুপাত আৰু শীৰ্ষক

[সম্পাদনা কৰক]

বেটুপাত

[সম্পাদনা কৰক]

নিউ মুনৰ বেটুপাতৰ শৈলী গেইল ডুবিনিনৰ আৰু আলোকচিত্ৰ হৈছে জন গ্ৰাণ্টৰ। বিভিন্ন অনুষ্ঠানত মেয়াৰে কৈ আহিছে যে বেটুপাত নিৰ্বাচনত তেওঁৰ কোনো হাত নাই[16] আৰু বেটুপাতটো তেওঁৰ পছন্দও হোৱা নাই। তেওঁৰ মতে এইটো "এটা ধুনীয়া শতছিন্ন টিউলিপ যাৰ একো অৰ্থই নাই"।[16] প্ৰথমতে মেয়াৰে এটা ঘড়ীৰ ছবি দিবলৈ পৰামৰ্শ দিছিল কাৰণ উপন্যাস খনত 'সময়' এটি অতি গুৰুত্বপূৰ্ণ বিষয়। কিন্তু বেটুপাত নিৰ্বাচনৰ দায়িত্বত থকা দলটো এটা পাহি সৰিবলৈ লোৱা টিউলিপৰ ছবি নিৰ্বাচন কৰে যিয়ে বেলাই এটোপা তেজ হেৰুওৱা কথাটো বুজাইছে।[17]

উপন্যাসখন লিখা হোৱাৰ পিছত মেয়াৰে টোৱাইলাইটৰ লগত মিলাকৈ দিনটোৰ কোনোবা এটা সময়ৰ নামেৰে ইয়াৰ নাম দিব খুজিলে। আৰু টোৱাইলাইটৰ ছিকুৱেল হিচাপে বেলাৰ জীৱনৰ দুখঃদ সময়ছোৱা বুজাবলৈ ইয়াৰ নাম দিলে নিউ মুন,"অৰ্থাং আটাইতকৈ অন্ধকাৰ ৰাতিটো, যেতিয়া আকাশত চন্দ্ৰ নাথাকে"।[10]


প্ৰকাশ আৰু সঁহাৰি

[সম্পাদনা কৰক]

৬ ছেপ্টেম্বৰ,২০০৬ ত লিটল,ব্ৰাউনে আমেৰিকা যুক্তৰাষ্ট্ৰত নিউ মুনৰ প্ৰথম ১০০,০০০খন কিতাপ প্ৰকাশ কৰে।[3] কিতাপখনৰ চাহিদা ইমানেই বেছি আছিল যে ইবেই ত ইয়াৰ আগতীয়াকৈ পঢ়িবপৰা সংস্কৰণ প্ৰায ৩৮০ ডলাৰত বিক্ৰী হৈছিল।[18] প্ৰকাশৰ দ্বিতীয় সপ্তাহত ই জনপ্ৰিয় শিশু লেখক ক্ৰিষ্টোফাৰ পাওলিনি, মাৰ্কাছ যুকাছ আদিক স্থানচ্যুত কৰি,[19] শিশু গ্ৰন্থৰ "নিউ য়ৰ্ক টাইমছ বেষ্ট চেলাৰ তালিকা"ত শীৰ্ষস্থান দখল কৰে[4] আৰু প্ৰায় এঘাৰ সপ্তাহ সেই স্থান অক্ষুণ্ণ ৰাখে। সেই তালিকাত ই প্ৰায় ৪৭ সপ্তাহজুৰি থাকে।[20] প্ৰকাশৰ দুসপ্তাহৰ পিছত ই য়ুএছএ টুডেৰ বেষ্টচেলাৰ তালিকাত প্ৰৱেশ কৰে আৰু ১৫০ সপ্তাহজুৰি থাকে তথা পিছলৈ প্ৰথম স্থানো দখল কৰে।[5] USA Today ranked it at #29 on its 2007 top-selling books list.[21]

য়ুএছএ টুডেয়ে ইয়াক ২০০৭ চনত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত ২৯তম স্থান দিয়ে। ২০০৮ চনৰ অক্টোবৰ মাহত ইয়াক "যোৱা ১৫ বছৰৰ বেষ্টচেলিং কিতাপৰ তালিকা" ত ৩৭তম স্থান দিয়ে।[22] য়ুএছএ টুডেৰ মতে ২০০৮ চনত নিউ মুন আছিল দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা কিতাপ য'ত প্ৰথম আছিল ইয়াৰেই প্ৰিকুৱেল টোৱাইলাইট[23] আৰু ২০০৯ত ই হয় সৰ্বাধিক বিক্ৰী হোৱা কিতাপ আৰু তেনেকৈয়ে এই শৃংখলাটিৰ চাৰিখন কিতাপে প্ৰায় দুবছৰ এই শীৰ্ষস্থান দখল কৰে।[7]

সমালোচকৰ সঁহাৰি

[সম্পাদনা কৰক]

কিছুমান সমালোচকে ইয়াৰ মাজভাগ কিছু লেহেমীয়া বুলি ক'লেও নিউ মুনে ঘাইকৈ ভাল মতামতেই লাভ কৰে। স্কুল লাইব্ৰেৰী জাৰ্ণালৰ হিলাছ জে মাৰ্টিন কয় "টোৱাইলাইটতকৈ কম পোনপটীয়া যদিও সমানেই আকৰ্ষণীয় নিউ মুনে ইয়াৰ বাবে আতুৰ প্ৰথমখনৰ অনুৰাগীসকলক সীমাহীন আমোদ দিব আৰু তৃতীয়খন পঢ়িবৰ বাবে শ্বাসৰূদ্ধকাৰী অৱস্থাত এৰি যাব"।[24] বুকলিষ্টৰ চিণ্ডি ডোব্ৰেজে কয় যে সাধাৰণ মানুহ হৈ থাকিবলৈ বেলাৰ অনিচ্ছাই "সেইবিলাক ছোৱালীকো আলোড়িত কৰিব যিয়ে অমৰ হ'ব নিবিচাৰে আৰু সেই ভেম্পায়াৰ সকলকো ভাল পাবলৈ বাধ্য কৰাব যিয়ে বেলাৰ ৰক্তক্ষৰণ জ্বৰৰঙা চকুৰে চাই ৰয়" আৰু "চেমনীয়া সকলে ইয়াক গোগ্ৰাসে গিলি আৰু অধিক পাবলৈ ভোকাতুৰ হৈ থাকিব"।[25] টীনৰীডছ ডট কমৰ নোৰা পিয়েলে কৈছে যে মাজভাগৰ "কিছু অংশত কাহিনীটো লেহেমীয়া আৰু পাঠকে ভেম্পায়াৰজন উভতি অহাটো কামনা কৰে" যদিও তেওঁ বিশ্বাস কৰে যে "নিউ মুনে মেয়াৰৰ অনুৰাগীসকলক ইয়াৰ ছিকুৱেলৰ বাবে ৰূদ্ধশ্বাস কৰি পেলাব কাৰণ এতিয়া বেলাই বুজি পাইছে যে মানৱত্ব এৰি ভেম্পায়াৰ হোৱাৰ সিদ্ধান্ত কৰিলে তাই চিৰকালৰ বাবে কি কি হেৰুওৱাব লাগিব"।[26] এবাউট ডট কমৰ আনা লিম্বাৰেও কৈছে "মাজৰ অংশটো কিছু মন্থৰ" আৰু কাহিনীটোৰ কিছু কিছু দিশ "অনুমেয়"। হ'লেও তেওঁ ইয়াক ৫টা তৰাৰ ভিতৰত ৩.৫ দি কয় যে কিতাপখনৰ "এক দুঃখজনক,বিষণ্ণ টান আছে যিয়ে চৰিত্ৰবোৰৰ চিন্তাধাৰা সাঙুৰি লয়। "[27]

২০০৯ চনত নিউ মুনে জ্যেষ্ঠ "য়ং ৰীডাৰ্ছ চইছ এৱাৰ্ড" লাভ কৰে।[28]

অভিযোজন

[সম্পাদনা কৰক]

২০ নৱেম্বৰ,২০০৯ ত নিউ মুনৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে।[8][29][30] ই মেয়াৰৰ প্ৰথম উপন্যাস টোৱাইলাইটৰ ভিত্তিত নিৰ্মিত চলচ্চিত্ৰ টোৱাইলাইটৰ ছিকুৱেল। এই ছবিখনত বেলা,এডৱাৰ্ড আৰু জেকব ব্লেকৰ চৰিত্ৰত ক্ৰিষ্টেন ষ্টিৱাৰ্ট,ৰবাৰ্ট পেটিনছন আৰু টেইলৰ ল'টনাৰে অভিনয় কৰে।[31] ২০০৮ চনৰ শেষৰফালেই ক্ৰিজ ৱেইটজৰ নিৰ্দেশনাত আৰু মেলিজা ৰোজেনবাৰ্গৰ চিত্ৰনাট্যত এই ছিকুৱেল নিৰ্মিত হ'ব বুলি সেউজ সংকেত দিয়ে।[32] চিনেমাখনৰ অধিকাংশ দৃশ্যগ্ৰহণেই ভেংকুভাৰ,ব্ৰিটিছ কলম্বিয়াত কৰা হৈছে।[33]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Meyer, Stephenie (Subject) (2007). Stephenie Meyer Talks About Eclipse (Video). Amazon.com. Event occurs at 00:00:18. Retrieved 2009-01-18.
  2. "Twilight Series|New Moon FAQ". StephenieMeyer.com. Archived from the original on 2011-08-07. https://web.archive.org/web/20110807182356/http://stepheniemeyer.com/nm_faq.html আহৰণ কৰা হৈছে: 2011-08-12.
  3. 1 2 Cecelia Goodnow (2007-08-06). "Stephenie Meyer's Forks-based saga of teen vampire love is now a global hit". Seattle Post-Intelligencer. http://www.seattlepi.com/books/326554_vampire07.html আহৰণ কৰা হৈছে: 2009-08-15.
  4. 1 2 "Children's Books - New York Times". New York Times. 2006-11-12. http://www.nytimes.com/2006/11/12/books/bestseller/1112bestchildren.html?_r=1&scp=15&sq=twilight%20children's%20books%20-%20List&st=cse আহৰণ কৰা হৈছে: 2009-07-23.
  5. 1 2 "Best-Selling Books Database". USA Today. 2009-08-02. http://content.usatoday.com/life/books/booksdatabase/default.aspx আহৰণ কৰা হৈছে: 2009-08-09.
  6. Diane Roback (2009-03-23). "Bestselling Children's Books 2008: Meyer's Deep Run". Publishers Weekly. Archived from the original on 2009-10-16. https://web.archive.org/web/20091016164907/http://www.publishersweekly.com/article/CA6645692.html?q=stephenie+meyer+numbers আহৰণ কৰা হৈছে: 2009-08-09.
  7. 1 2 Debarros, Anthony; Cadden, Mary; DeRamus, Kristin; Schnaars, Christopher (January 6, 2010). "Best-Selling Books: The top 100 for 2009". USA Today. http://www.usatoday.com/life/books/news/2010-01-05-top-books-2009_N.htm আহৰণ কৰা হৈছে: May 31, 2011.
  8. 1 2 Larry Carroll (2009-02-19). "'Twilight' Exclusive: 'New Moon' Art And Official Title Revealed!". MTV. Archived from the original on 2009-02-21. https://web.archive.org/web/20090221043928/http://moviesblog.mtv.com/2009/02/19/twilight-exclusive-new-moon-art-and-official-title-revealed/ আহৰণ কৰা হৈছে: 2009-02-20.
  9. "BookStories Interview with Stephenie Meyer". BookStories. Changing Hands Bookstore. August 2006. http://chbookstore.qwestoffice.net/fa2006-08.html আহৰণ কৰা হৈছে: 2009-08-15.
  10. 1 2 3 4 5 6 7 Stephenie Meyer. "The Story Behind the Writing of New Moon". StephenieMeyer.com. Archived from the original on 2006-11-04. https://web.archive.org/web/20061104034126/http://stepheniemeyer.com/nm_thestory.html আহৰণ কৰা হৈছে: 2009-08-15.
  11. 1 2 "Twilight Lexicon » The Q & A from the February 2007, BYU Symposium". Twilight Lexicon. February 9, 2007. http://www.twilightlexicon.com/?p=274 আহৰণ কৰা হৈছে: June 13, 2011.
  12. "Stephenie Meyer answers your questions". Twilight Lexicon. 2009-11-17. http://www.twilightlexicon.com/2009/11/17/stephenie-meyer-answers-your-questions/ আহৰণ কৰা হৈছে: 2011-06-12.
  13. "If Jacob Didn't Break the Rules". Stephenie Meyer.com. Archived from the original on June 23, 2011. https://web.archive.org/web/20110623072037/http://www.stepheniemeyer.com/pdf/nm_outtakes_jacob.pdf আহৰণ কৰা হৈছে: June 12, 2011.
  14. "The Q & A from the February 2007, BYU Symposium". Twilight Lexicon. February 9, 2007. http://www.twilightlexicon.com/?p=274 আহৰণ কৰা হৈছে: July 5, 2011.
  15. Proctor, Maurine (August 8, 2008). "Stephenie Meyer's Twilight". Meridian. Archived from the original on December 1, 2008. https://web.archive.org/web/20081201143401/http://meridianmagazine.com/books/080806vampire.html আহৰণ কৰা হৈছে: April 19, 2010.
  16. 1 2 "The Breaking Dawn Concert Tour-Seattle Q&A". Twilight Lexicon. http://www.twilightlexicon.com/the-lexicon/personal-correspondence/the-breaking-dawn-concert-tour-seattle-qa/ আহৰণ কৰা হৈছে: July 5, 2011.
  17. Meyer, Stephenie (April 2011). "Frequently Asked Questions". The Twilight Saga: The Official Illustrated Guide. Little, Brown.
  18. "Stephenie Meyer". Waterstone's. http://www.waterstones.com/waterstonesweb/navigate.do?pPageID=200000424 আহৰণ কৰা হৈছে: 2009-08-15.
  19. "''New York Times'' Best Seller list". Nytimes.com. 2006-10-22. http://www.nytimes.com/2006/10/22/books/bestseller/1022bestchildren.html?scp=4&sq=human+vampire+continue+love+affair&st=nyt আহৰণ কৰা হৈছে: 2011-08-12.
  20. "''New York Times'' Best Seller list". Nytimes.com. 2007-07-15. http://www.nytimes.com/2007/07/15/books/bestseller/0715bestchildren.html?scp=11&sq=human+vampire+continue+love+affair&st=nyt আহৰণ কৰা হৈছে: 2011-08-12.
  21. DeBarros, Anthony; Lopez, Korina; Cadden, Mary (2010-01-14). "The top 100 books of 2007". USA Today. http://www.usatoday.com/life/books/news/2010-01-06-2007-top100books_N.htm আহৰণ কৰা হৈছে: June 13, 2011.
  22. "USA Today's best-selling books of last 15 years". USA Today. 2008-10-30. http://www.usatoday.com/life/books/news/2008-10-29-top-150-books_N.htm?loc=interstitialskip আহৰণ কৰা হৈছে: 2009-08-22.
  23. Debarros, Anthony; Cadden, Mary; DeRamus, Kristin; Schnaars, Christopher (January 14, 2009). "The top 100 books of 2008". USA Today. http://www.usatoday.com/life/books/news/2009-01-14-top-100-titles_N.htm আহৰণ কৰা হৈছে: May 31, 2011.
  24. Hillias J. Martin. "Editorial Reviews". Amazon.com. http://www.amazon.com/dp/0316160199 আহৰণ কৰা হৈছে: 2009-04-14.
  25. New Moon (The Twilight Saga) - Stephenie Meyer: Books. Amazon.com. ISBN 978-0-316-07565-7. http://www.amazon.com/dp/product-description/0316075655 আহৰণ কৰা হৈছে: 2011-08-12.
  26. "New Moon by Stephenie Meyer". Teenreads.com. http://www.teenreads.com/reviews/0316160199.asp আহৰণ কৰা হৈছে: 2011-08-12.
  27. Anna Limber. "'New Moon' by Stephenie Meyer - Book Review". About.com. Archived from the original on October 2, 2011. https://web.archive.org/web/20111002030830/http://bestsellers.about.com/od/fictionreviews/gr/new_moon.htm আহৰণ কৰা হৈছে: June 13, 2011.
  28. "2009 YRCA Winners". Pnla.org. Archived from the original on 2011-08-18. https://web.archive.org/web/20110818002527/http://www.pnla.org/yrca/2009nominees.htm আহৰণ কৰা হৈছে: 2011-08-12.
  29. Jennifer Cady (2009-02-20). "New Moon Gets an Official Title and Artwork". E! Online. http://www.eonline.com/uberblog/b100852_new_moon_gets_official_title_artwork.html আহৰণ কৰা হৈছে: 2009-02-20.
  30. "What Rob Pattinson Misses Most & His Secret Fear". The Improper. 2009-02-21. Archived from the original on 2009-02-24. https://web.archive.org/web/20090224161242/http://www.theimproper.com/Template_Article.aspx?IssueId=11&ArticleId=3216 আহৰণ কৰা হৈছে: 2009-02-21.
  31. "Taylor Lautner to Reprise His Role as Jacob in New Moon" (Press release). Summit Entertainment. 2009-01-07. http://www.summit-ent.com/news.php?news_id=100 আহৰণ কৰা হৈছে: 2009-03-17.
  32. Thompson, Anne (2008-12-07). "No Hardwicke for 'Twilight' sequel". Variety (Reed Elsevier). http://www.variety.com/VR1117997013.html আহৰণ কৰা হৈছে: 2008-12-12.
  33. Malkin, Marc (2009-01-07). "Rob Pattinson and a Bevy of Beautiful Vampires". E! Online. E! Entertainment Television, Inc. http://ca.eonline.com/uberblog/b77933_Rob_Pattinson_and_a_Bevy_of_Beautiful_Vampires.html আহৰণ কৰা হৈছে: 2009-04-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]