সমললৈ যাওক

ষ্টিফেনি মেয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Stephenie Meyerৰ পৰা পুনঃনিৰ্দেশিত)
ষ্টিফেনি মেয়াৰ

ছান ডিয়েগ' কমিক কন ইণ্টাৰনেশ্যনেলত ষ্টিফেনি মেয়াৰ
জন্ম ষ্টিফেনি মৰ্গান
২৪ ডিচেম্বৰ, ১৯৭৩ (৫২ বছৰ)
হাৰ্টফ'ৰ্ড,কানেক্টিকাট
পেচা ঔপন্যাসিক, প্ৰযোজক
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ ভেম্পায়াৰ ৰোমাঞ্চ, চেমনীয়া কল্পকাহিনী, কল্পবিজ্ঞান
উল্লেখনীয় কৰ্মৰাজি টোৱাইলাইট শৃংখলা
দাম্পত্যসংগী ক্ৰিষ্টিয়ান মেয়াৰ (বি. ১৯৯৪)
সন্তান

প্ৰভাবিত হয়
  • অৰ্চন স্কট কাৰ্ড, জেন অষ্টিন, ৱিলিয়াম শ্বেইকছপীয়েৰ, মেভ বিঞ্চি, ব্ৰণ্টে ভগ্নীত্ৰয়, ডেফনে ডু ম'ৰিয়া, এল এম মণ্টগোমেৰী, লুইজা মেই এলকট, ইভা ইবষ্টন, ৱিলিয়াম গোল্ডমেন, জেনেট ইভান'ভিচ

প্ৰভাবিত কৰে
  • এপ্ৰিলিন পাইক, ই এল জেমছ

স্বাক্ষৰ
ৱেবছাইট http://www.stepheniemeyer.com/

ষ্টিফেনি মেয়াৰ (ইংৰাজী: Stephenie Meyer; née Morgan; /[invalid input: 'icon']ˈm.ər/ my-ər; জন্ম: ২৪ ডিচেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত।[1][2][3] ১০০ মিলিয়নতকৈও অধিক বিক্ৰী[1][4] তথা ৩৭টা বিভিন্ন ভাষালৈ অনুবাদ হোৱা[2][3] টোৱাইলাইট উপন্যাস সমূহে তেওঁলৈ বিশ্বজোৰা খ্যাতি আনি দিয়ে। ২০০৮ চনত ২৯ মিলিয়ন[5][6] আৰু ২০০৯ চনত ২৬.৫ মিলিয়ন কিতাপ বিক্ৰীৰে[7] ২০০৮ আৰু ২০০৯ চনত মেয়াৰৰ গ্ৰন্থই আমেৰিকাত সৰ্বাধিকসংখ্যক বিক্ৰীৰ অভিলেখ গঢ়িছিল। ২০০৮ চনত আমেৰিকাৰ কিতাপৰ দোকানসমূহত টোৱাইলাইট আছিল সৰ্বাধিক বিক্ৰী হোৱা কিতাপ।[8]

টাইম আলোচনীৰ "২০০৮ চনৰ ১০০ গৰাকী শীৰ্ষ প্ৰভাৱশালী ব্যক্তি"ৰ তালিকাত মেয়াৰে ৪৯তম স্থান দখল কৰে[9] আৰু ফোৰ্বছৰ ২০০৯ চনৰ শীৰ্ষ এশগৰাকী শক্তিশালী চেলিব্ৰেটীৰ তালিকাত ২৬তম স্থান লাভ কৰে। তেওঁৰ বছৰেকীয়া উপাৰ্জনে ৫০ মিলিয়ন ডলাৰৰ ঘৰো অতিক্ৰম কৰে।[10]

২০১০ চনত ৪০ মিলিয়ন ডলাৰ উপাৰ্জনৰে সৈতে ফোৰ্বছে মেয়াৰক ৫৯তম শক্তিশালী চেলিব্ৰেটীৰ স্থান দিয়ে।[11]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হাৰ্টফ'ৰ্ড,কানেক্টিকাটত জন্মগ্ৰহণ কৰা ষ্টিফেনি মেয়াৰৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে ষ্টিফেন আৰু কেণ্ডী মৰ্গান। পাঁচগৰাকী ভাই-ভনী ছেথ,এমিলি,জেকব,প'ল আৰু হেইডিৰ সৈতে তেওঁ ফিনিক্স,আৰিজোনাত বাস কৰিছিল। তেওঁ স্কট্ছডেল,আৰিজোনাৰ চাপাৰল হাই স্কুলত শিক্ষাগ্ৰহণ কৰে। তাৰ পিছত তেওঁ প্ৰভ,উটাহৰ ব্ৰিগহাম য়ং য়ুনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰে আৰু ১৯৯৭ চনত তাৰ পৰা ইংৰাজীত বি.এ. ডিগ্ৰী লাভ কৰে।[12] চাৰি বছৰ বয়সতে তেওঁ আৰিজোনাত ক্ৰিষ্টিয়ানক লগ পায় আৰু ১৯৯৪ চনত দুয়োৰে ২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানৰ নাম হ'ল গেব,ছেথ আৰু এলি। আগতে হিচাব পৰীক্ষক হিচাপে কাম কৰা ক্ৰিষ্টিয়ান মেয়াৰে বৰ্তমান সন্তানৰ চোৱা চিতা কৰিবলৈ অৱসৰ গ্ৰহণ কৰিছে।[13]

টোৱাইলাইট লিখাৰ আগতে মেয়াৰৰ কোনো লিখাৰ অভিজ্ঞতা নাছিল,আনকি টোৱাইলাইটৰ আগতে তেওঁ এটা চুটিগল্পও লিখা নাছিল। লিখক হোৱাৰ কোনো সম্ভাৱনা নথকা বুলি অনুভৱ কৰি তেওঁ আইন বিদ্যালয়লৈ যাব বিচাৰিছিল, পিছত তেওঁ কয় যে বৰপুত্ৰ গেবৰ জন্মই তেওঁৰ মন সলনি কৰি দিয়ে আৰু কয় যে "যেতিয়া মই গেবক পালোঁ,মই মাত্ৰ তাৰ মাক হব বিচাৰিছিলোঁ। " এজন লেখক হোৱাৰ আগতে মেয়াৰে এটা প্ৰতিষ্ঠানত অভ্যৰ্থনাকাৰীৰ কাম কৰিছিল।[13]

টোৱাইলাইট শৃংখলা

[সম্পাদনা কৰক]

টোৱাইলাইট

[সম্পাদনা কৰক]

মেয়াৰৰ মতে ২০০৩ চনৰ ২ জুন তাৰিখে এটা সপোনত তেওঁৰ মনলৈ টোৱাইলাইটৰ ধাৰণাটি আহে।[14] তেওঁ সপোনত এজনী ছোৱালী আৰু তাইৰ প্ৰেমত পৰা এজন ভেম্পায়াৰ দেখে যিয়ে ছোৱালীজনীৰ তেজ পিবলৈ আতুৰ হৈ থাকে।[14] ইয়াৰ ওপৰত ভেঁজা দি মেয়াৰে এক খচৰা লিখে যিটো বৰ্তমান কিতাপখনৰ ত্ৰয়োদশ অধ্যায়।[15] তিনিমাহৰ ভিতৰতে তেওঁ নিজৰ সপোনক এক কিতাপৰ ৰূপ দিয়ে[1] যদিও তেওঁ কয় যে তেওঁ কেতিয়াও টোৱাইলাইটক প্ৰকাশ কৰিব বিচৰা নাছিল বৰং নিজৰ মনোৰঞ্জনৰ বাবেহে লিখিছিল।[16] কিতাপখনৰ প্ৰতি উৎসাহী সঁহাৰি দি মেয়াৰৰ ভগ্নীয়ে তেওঁক পাণ্ডুলিপিটো প্ৰকাশন গোষ্ঠীসমূহলৈ প্ৰেৰণ কৰিবলৈ জোৰ দিলে।[13]

তেওঁ লিখা ১৫খন চিঠিৰ ৫ খনৰ কোনো উত্তৰ নাহে,৯ খনে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু শেষৰখনে ৰাইটাৰ্ছ হাউছৰ জোডী ৰীমাৰৰ পৰা ধনাত্মক সঁহাৰি কঢ়িয়াই আনে।[17] ২০০৩ চনৰ এক নিলাম অনুষ্ঠানত আঠগৰাকী প্ৰকাশকে টোৱাইলাইটৰ প্ৰকাশন স্বত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।[17] নৱেম্বৰলৈ মেয়াৰে লিটল,ব্ৰাউন এণ্ড কোম্পানীৰ সৈতে তিনিখন কিতাপ প্ৰকাশ কৰিবলৈ ৭৫০,০০০ডলাৰত চুক্তিৱদ্ধ হয়।[18] ২০০৫ চনত "টোৱাইলাইট"ৰ প্ৰথম ৭৫,০০০ কিতাপ প্ৰকাশিত হয়।[17] প্ৰকাশৰ এমাহৰ ভিতৰতে ই শিশু গ্ৰন্থৰ "নিউ য়ৰ্ক টাইম্ছ বেষ্ট চেলাৰ লিষ্ট"ত পঞ্চম স্থান লাভ কৰে[19] আৰু পিছলৈ প্ৰথম স্থানত অধিষ্ঠিত হয়।[20] ২৬ খনতকৈও অধিক দেশে ইয়াৰ বৈদেশিক স্বত্ব ক্ৰয় কৰে।[21] পাব্লিছাৰ্চ ৱিকলীয়ে ইয়াক বছৰটোৰ শ্ৰেষ্ঠ গ্ৰন্থ বুলি ঘোষণা কৰে আৰু নিউ য়ৰ্ক টাইমছে ইয়াক "সম্পাদকৰ পছন্দ" হিচাপে গ্ৰহণ কৰে।[22]

পৰৱৰ্তী উপন্যাস

[সম্পাদনা কৰক]

টোৱাইলাইটৰ সফলতাৰ পিছত মেয়াৰে নিউ মুন (উপন্যাস)(২০০৬),ইক্লিপ্স(২০০৭) আৰু ব্ৰেকিং ড'ন(২০০৮)ৰ মাজেৰে শৃংখলাটিক আগবঢ়াই লৈ যায়। প্ৰকাশৰ প্ৰথম সপ্তাহতে নিউ মুনে শিশু গ্ৰন্থৰ নিউ য়ৰ্ক টাইম্ছ বেষ্ট চেলাৰ লিষ্টত পঞ্চম স্থান তথা দ্বিতীয় সপ্তাহত প্ৰথম স্থান দখল কৰে আৰু সেই স্থানত এঘাৰ সপ্তাহ জুৰি থাকে। সেই তালিকাত ই প্ৰায় ৫০ সপ্তাহ কটায়।[23] ইক্লিপ্সৰ মুক্তিৰ পিছত প্ৰথম তিনিখন টোৱাইলাইট গ্ৰন্থৰ এই তালিকাত প্ৰায় ১৪৩ সপ্তাহ কটোৱা হয়।[1] টোৱাইলাইট শৃংখলাৰ চতুৰ্থ গ্ৰন্থ ব্ৰেকিং ডনৰ প্ৰথম প্ৰকাশতেই ৩.৭ মিলিয়ন গ্ৰন্থ মুকলি কৰি দিয়া হয়[24] আৰু প্ৰথম দিনাই ইয়াৰ ১.৩ মিলিয়নতকৈও অধিক কিতাপ বিক্ৰী হয়।[25] জে কে ৰাউলিঙদ্য টেলছ অফ বিডল দ্য বাৰ্ডৰ লগত প্ৰতিদ্বন্দ্বিতা সত্ত্বেও ব্ৰিটিছ বুক এৱাৰ্ড লাভ কৰে।[26] এই শৃংখলাৰ কিতাপসমূহ প্ৰায় ৩৭টা ভাষাত গোটেই পৃথিৱীত ১০০ মিলিয়নতকৈও অধিক বিক্ৰী হয়।[4] in 37 languages.[27] ২০০৮ চনত মেয়াৰৰ চাৰিখন গ্ৰন্থই "য়ুএছএ টুডে"ৰ ইয়েৰ এণ্ড বেষ্টচেলাৰ লিষ্টত প্ৰথম চাৰিটা স্থান দখল কৰে আৰু বৰ্তমানলৈ এনেদৰে এই স্থান দখল কৰা মেয়াৰেই একমাত্ৰ সাহিত্যিক হোৱাৰ লগতে তেওঁ বছৰটোৰ সাহিত্যিক হিচাপে পৰিগণিত হয়।[5]

২০০৯ চনৰ আগষ্ট মাহত "য়ুএছএ টুডে"য়ে ঘোষণা কৰে যে শীৰ্ষ দহটা স্থানত প্ৰায় ৫২ সপ্তাহজুৰি থাকি ই জে কে ৰাউলিঙৰ অভিলেখ ভংগ কৰে।[28]

এডৱাৰ্ড কালেনৰ দৃষ্টিকোণৰ পৰা ৰচিত মিডনাইট চানো এই শৃংখলাৰ এটি অংশ হোৱা কথা আছিল[29] আৰু ব্ৰেকিং ডনৰ মুক্তিৰ কিছুদিন পিছতেই ই মুক্তি লভা কথা আছিল। কিন্তু ইয়াৰ প্ৰায় ১২টা অধ্যায় ইণ্টাৰনেট যোগে বাহিৰ হৈ যোৱাত মেয়াৰে ইয়াৰ প্ৰকাশ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখে।[29][30] এই কাণ্ডৰ পৰিপ্ৰেক্ষিতত মেয়াৰ টোৱাইলাইটৰ লগত সম্বন্ধ নথকা কিতাপ লিখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। "মিডনাইট চান"ৰ খচৰা অধ্যায় কেইটা তেওঁ নিজ ৱেবচাইটত উপলব্ধ কৰি দিয়ে।[29]

মেয়াৰে চাৰ্লট ব্ৰণ্টেৰ জেন আয়াৰ, এল এম মণ্টগোমেৰিৰ এন অৱ গ্ৰীণ গেবল্ছ আদিকে ধৰি বহুতো উপন্যাসক টোৱাইলাইট শৃংখলাৰ অনুপ্ৰেৰণা বুলি উল্লেখ কৰে।[31] শৃংখলাটিৰ প্ৰতিখন কিতাপেই একোখন ক্লাচিক সাহিত্যকৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত : টোৱাইলাইট জেন অষ্টিনৰ প্ৰাইড এণ্ড প্ৰিজুদিচৰ দ্বাৰা,নিউ মুন শ্বেইকছপীয়েৰৰ ৰোমিও এণ্ড জুলিয়েটৰ দ্বাৰা,ইক্লিপ্স এমিলি ব্ৰণ্টেৰ ৱুডাৰিং হেইটছৰ দ্বাৰা আৰু ব্ৰেকিং ড'ন শ্বেইকছপীয়েৰৰ মাৰ্চেণ্ট অৱ ভেনিচ[32] তথা এ মিডচামাৰ নাইটছ ড্ৰীমৰ দ্বাৰা।[33] মেয়াৰে কয় "গোটেই জীৱনজুৰি মই বয়স্কৰ বাবে লিখা কিতাপ পঢ়ি আহিছো। মই বৰ লোভী পঢ়ুৱৈ আছিলো-কিতাপখনৰ আকাৰ যিমানেই ডাঙৰ,মোৰ কাৰণে তিমানেই ভাল। "[34] তেওঁ আকৌ কয় যে অৰচন স্কট কাৰ্ডৰ তেওঁ এক বৃহৎ অনুৰাগী আৰু জেন অষ্টিনৰ কিতাপসমূহ "আকৌ এবাৰ নপঢ়াকৈ বছৰটো কটাব নোৱাৰে"।[34]

মেয়াৰে এয়াও কয় যে তেওঁৰ লিখনিত সংগীতৰ যথেষ্ট প্ৰভাৱ আছে আৰু তেওঁ নিজা ৱেবছাইটত তেওঁৰ কিতাপসমূহক অনুপ্ৰাণিত কৰা গীতসমূহৰ এক সূচী প্ৰকাশ কৰে।[35] মেয়াৰে স্বীকাৰ কৰে যে এগৰাকী মৰমন হোৱা হেতুকে তেওঁৰ লিখনিত তেওঁৰ বিশ্বাসৰ প্ৰভাৱ পৰিছে। মেয়াৰে কয় যে তেওঁ তেওঁৰ উপন্যাস সমূহ মৰমন প্ৰভাৱান্বিত হোৱাটো নিবিচাৰে,নাইবা তেওঁ যৌন নিস্পৃহতা বা ধাৰ্মিক পৱিত্ৰতাৰ হকেও ওকালতি নকৰে,কিন্তু তেওঁৰ মূল্যবোধে তেওঁৰ লিখনিক আকৃতি দিয়ে। তেওঁ লগতে কয়

মই নাভাবো যে মই যেনেকুৱা,তাৰ বাবে মোৰ কিতাপসমূহ বহুত বেছি ৰৈখিক বা ৰহস্যঘন হ'ব। মোৰ কাহিনীত সদায়ে এটা আলোকময় দিশো আছে[36]

চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

২০০৮ চনৰ ২১ নৱেম্বৰত ছাম্মিট এণ্টাৰটেইনমেণ্টে টোৱাইলাইটৰ চলচ্চিত্ৰ অভিযোজন মুক্তি দিয়ে।[37] কেথেৰিণ হাৰ্ডৱিকৰ নিৰ্দেশনা আৰু মেলিজা ৰোজেনবাৰ্গৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত ক্ৰিষ্টেন ষ্টিৱাৰ্টে বেলা স্বানৰ চৰিত্ৰত,ৰবাৰ্ট পেটিনছনে এডৱাৰ্ড কালেনৰ চৰিত্ৰত আৰু টেইলৰ ল'টনাৰে জেকব ব্লেকৰ চৰিত্ৰত অভিনয় কৰে।[38][39] ইয়াত মেয়াৰে এক নৈশ আহাৰৰ দৃশ্যত সংক্ষিপ্ত চৰিত্ৰত অভিনয় কৰে।[40] টোৱাইলাইট সফল হোৱা দেখি ছাম্মিট এণ্টাৰটেইনমেণ্টে ২০০৮ চনৰ নৱেম্বৰ মাহতে ইয়াৰ ছিকুৱেল 'দ্য টোৱাইলাইট ছাগা : নিউ মুন' নিৰ্মাণৰ সেউজ সংকেত দিয়ে।[41] ক্ৰিছ ৱেইটজৰ নিৰ্দেশনাত[42] ২০০৯ চনৰ ২০ নৱেম্বৰত ই মুক্তি লাভ কৰে।[43] ফেব্ৰুৱাৰী,২০০৯ত ছাম্মিটে 'দ্য টোৱাইলাইট ছাগা : ইক্লিপ্স'ৰ নিৰ্মাণ নিশ্চিত কৰে।[44] ডেভিদ স্লেডৰ নিৰ্দেশনাত ৩০জুন,২০১০ত ই মুক্তি লভে। ২০০৮ চনৰ নৱেম্বৰ মাহতেই ছাম্মিটে ব্ৰেকিং ড'নৰ স্বত্ব ক্ৰয় কৰে[45] আৰু এক দুই খণ্ডৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি প্ৰথম খণ্ডটি ১৮ নৱেম্বৰ,২০১১ ত আৰু দ্বিতীয় খণ্ডটি ১৬ নৱেম্বৰ,২০১২ত মুক্তি দিয়ে।[46]

দ্য হোষ্ট

[সম্পাদনা কৰক]

২০০৮ চনৰ মে মাহত লিটল,ব্ৰাউন এণ্ড কোম্পানীৰ বয়স্ক শাখাই মেয়াৰৰ বয়স্ক কল্পবিজ্ঞান উপন্যাস "দ্য হোষ্ট" প্ৰকাশ কৰে। ইয়াত মেলানি ষ্ট্ৰাইডাৰ নামৰ এক কমবয়সীয়া মহিলা আৰু ৱাণ্ডাৰাৰ নামৰ এক আক্ৰমণকাৰী পৰগ্ৰহী "সত্তা"ৰ কাহিনী বৰ্ণিত আছে যাক এক হৈ কাম কৰিবলৈ বাধ্য কৰোৱা হয়। দ্য হোষ্টে "নিউ য়ৰ্ক টাইম্ছ বেষ্ট চেলাৰ লিষ্ট"ত প্ৰথম স্থানত আত্মপ্ৰকাশ কৰে[47] আৰু সেই তালিকাত প্ৰায় ২৬ সপ্তাহজুৰি থাকে।[48] মেয়াৰে কয় যে তেওঁ হোষ্ট চিৰিজৰ পৰৱৰ্তী কিতাপসমূহৰ ওপৰত কাম কৰি আছে,তেওঁ এক ত্ৰিলোজি লিখাৰ পৰিকল্পনা কৰিছে যাৰ দ্বিতীয় কিতাপখনৰ নাম "দ্য ছ'ল" আৰু তৃতীয়খনৰ নাম "দ্য ছীকাৰ"।[49] কানছাছ ছিটিত অনুষ্ঠিত এক প্ৰশ্নোত্তৰ অনুষ্ঠানত মেয়াৰে কয় যে তেওঁ ছিকুৱেল সমূহৰ বাহ্যিক চিত্ৰটি অংকন কৰাৰ লগতে কিছু লিখনিও সম্পূৰ্ণ কৰিছে,কিন্তু তেওঁ কিছু দুবিধাত পৰিছে কাৰণ দ্য হোষ্টৰ জগতখন "এখন ভয়ানক ঠাই" য'ত চৰিত্ৰসমূহৰ মৃত্যু ঘটিব পাৰে আৰু তেওঁ নিশ্চিত নহয় যে তেওঁ চৰিত্ৰসমূহৰ মৃত্যু ঘটাব বিচাৰে নে নিবিচাৰে।[50]

বিশ্লেষণ

[সম্পাদনা কৰক]
২০০৭ চনত ইক্লিপ্সৰ প্ৰচাৰ্মূলক ভ্ৰমণৰ সময়ত মেয়াৰ

এণ্টাৰটেইনমেণ্ট ৱিকলীয়ে কয় "এন ৰাইচৰ পিছত মেয়াৰেই পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ভেম্পায়াৰ ঔপন্যাসিক"[51] আৰু দ্য গাৰ্ডিয়ানে মেয়াৰক "এক কল্পনাশক্তি সম্পন্ন কাহিনীকাৰ,এক সৃজনশীল সাহিত্যিক আৰু প্ৰকাশনৰ বজাৰত এক নতুন শক্তিশালী ব্যক্তি" বুলি অভিহিত কৰে।[52] দ্য টাইমছৰ টাইমন স্মিথে মেয়াৰক "চেমনীয়া কল্পকাহিনীৰ চুপাৰষ্টাৰ" আখ্যা দিছে।[53]

মেয়াৰক ইউএছএ টুডে'য়ে ২০০৮ চনত "বছৰটোৰ সাহিত্যিক" হিচাপে আখ্যা দিয়াৰ লগতে[54] তেওঁ এমএচএন লাইফষ্টাইলৰ "২০০৮ চনৰ সবাতোকৈ প্ৰভাৱশালী মহিলা" আখ্যা পায় য'ত তেওঁক "সাহিত্যিক জ্যোতিষ্ক" হিচাপে বৰ্ণনা কৰা হয়।[55] টাইম আলোচনীৰ "২০০৮ চনৰ সবাতোকৈ প্ৰভাৱশালী এশগৰাকী ব্যক্তি"ৰ তালিকাত ৪৯তম স্থান লাভ কৰে।[9] সাহিত্যিক অৰচন স্কট কাৰ্ডে কয় "ষ্টিফেনি মেয়াৰৰ লিখনি অতি প্ৰাঞ্জল,যি কেতিয়াও পাঠক আৰু তেওঁলোকৰ ভাগ লোৱা সপোনৰ মাজত থিয় নহয়। তেওঁৱেই প্ৰকৃত বস্তু"।[56] স্কটে মেয়াৰক এক "অপূৰ্ব প্ৰতিভা"আখ্যা দিয়ে।[57] মেয়াৰে ফোৰ্বছৰ "হলীউদৰ সৰ্বাধিক উপাৰ্জনকাৰী মহিলা"ৰ তালিকাত পঞ্চম স্থান লাভ কৰে য'ত তেওঁৱেই একমাত্ৰ লেখিকা আছিল।[58] মেয়াৰে ভেনিটি ফেয়াৰৰ ২০০৯ চনৰ "টপ ১০০ ইনফৰমেছন এজ পাৱাৰ্ছ"ৰ তালিকাত ৮২তম স্থান লাভ কৰে।[59]

এমাজনৰ দ্বাৰা প্ৰকাশিত এক তালিকা অনুসৰি মেয়াৰ আছিল যোৱাটো দশকৰ দ্বিতীয় সৰ্বাধিক কিতাপ বিক্ৰী হোৱা সাহিত্যিক য'ত প্ৰথম হয় জে. কে. ৰাউলিং[60]

অনুৰাগী

[সম্পাদনা কৰক]

টোৱাইলাইট উপন্যাস সমূহ ৱাছিংটন ৰাজ্যৰ এখন সৰু চহৰ ফোৰ্কছৰ আধাৰত লিখিত। এনেদৰে ফোৰ্কছে অনুৰাগীসকলৰ আকৰ্ষণ লাভ কৰে আৰু অনুৰাগীসকলে ১৩ ছেপ্টেম্বৰত বেলা স্বানৰ জন্মদিনৰ দিনা 'ষ্টিফেনি মেয়াৰ দিৱস' পালন কৰে।[61] টোৱাইলাইট বিষয় হিচাপে লৈ কিছুমান বেণ্ডো গঠন হৈছে।[62]

সমালোচনা

[সম্পাদনা কৰক]

মেয়াৰক জে কে ৰাউলিঙৰ সৈতে তুলনা কৰি ষ্টিফেন কিঙে কয় "আচল পাৰ্থক্যটো হ'ল জে ৰাউলিং এক চমত্‍কাৰী লেখক আৰু ষ্টিফেনি মেয়াৰে প্ৰায় লিখিব নাজানে। তেওঁ সিমান এটা ভাল নহয়। "[63][64] তেওঁ আকৌ কয়

মানুহবোৰ ইয়াৰ কাহিনী,ইয়াৰ গতিৰ দ্বাৰা আকৰ্ষিত হয়,বিশেষকৈ মেয়াৰৰ ক্ষেত্ৰত এনে লাগে যেন মেয়াৰে ছোৱালীৰ এক প্ৰজন্মকলৈ কিতাপসমূহ লিখিছে য'ত তেওঁ প্ৰেম আৰু যৌনতাৰ এক নিৰাপদ পোহাৰ মেলিছে। ই উত্‍কণ্ঠাপূৰ্ণ আৰু শিহৰণকাৰী কিন্তু মুঠেই ভাবুকিপূৰ্ণ নহয় কাৰণ ই অত্যধিক যৌনতাপূৰ্ণ নহয়।[64]

নাৰীবাদী সকলে মেয়াৰক অ-নাৰীবাদী বুলি কৈ কয় যে গোটেই শৃংখলাত এক নিন্দাজনক সম্পৰ্কৰ প্ৰেমচৰ্য্যা কৰা হৈছে,এডৱাৰ্ড কেন্দ্ৰিত বেলাৰ জীৱনত সকলো সময়তে বিপদ ঘণ্টা বাজিয়ে থাকে,তাইৰ জীৱনটো কেতিয়াও নিজৰ নিয়ন্ত্ৰণত নাই,তাইৰ সকলো,কুমাৰীত্ব তথা মানৱত্বও এডৱাৰ্ডৰ ৰক্ষা কৰিব পৰা সামৰ্থৰ ওপৰতেই নিৰ্ভৰশীল,আনকি এডৱাৰ্ডৰ সৈতে শাৰীৰিক মিলনৰ পিছতো বেলাই আঘাতপ্ৰাপ্ত হে হ'ব লগীয়া হয়।[65][66][67] মেয়াৰে এই সমালোচনা নাকচ কৰি কয় যে দৰাচলতে কিতাপখন বেলাৰ নিৰ্বাচনৰ ওপৰতহে কেন্দ্ৰিত আৰু তাইৰ বিপদগ্ৰস্তা নাৰীৰ চৰিত্ৰটি তাইৰ মানৱত্বৰেই পৰিচয়।[68]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৪ চনত মেয়াৰ ক্ৰিষ্টিয়ান মেয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানৰ নাম ক্ৰমে গেব,ছেথ আৰু এলি। তেওঁলোকে কেভ ক্ৰিক,আৰিজোনাত বাস কৰে[69] আৰু মেৰোষ্টোনলেণ্ড আইলেণ্ড,ৱাছিংটনতো এটা ঘৰ ক্ৰয় কৰিছে।[70]

চলচ্চিত্ৰ প্ৰযোজনা

[সম্পাদনা কৰক]

মেয়াৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজকো। প্ৰযোজক মেঘান হিবেটৰ সৈতে একত্ৰিতভাৱে তেওঁ ২০১১ত নিজাকৈ এক প্ৰযোজনা প্ৰতিষ্ঠান আৰম্ভ কৰে। ইয়াৰ নাম ফিকল ফিশ্ব ফিল্মছ। মেয়াৰে ২০১১ৰ বেছিভাগ সময়ত ব্ৰেকিং ড'নৰ দুইটা খণ্ড আৰু শ্বেনন হেলৰ উপন্যাস অষ্টিনলেণ্ড প্ৰযোজনা কৰি কটায়। ১২,ফেব্ৰুৱাৰী,২০১২ত মেয়াৰে নিজা ৱেবচাইটত ঘোষণা কৰে যে ১৩ ফেব্ৰুৱাৰীৰ পৰা তেওঁৰ উপন্যাস "দ্য হোষ্ট"ৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ব যাৰ তেৱোঁ এক প্ৰযোজক। ২০১২ চনৰ এপ্ৰিল মাহত মেয়াৰে ঘোষণা কৰে যে তেওঁ লোইচ ডানকানৰ উপন্যাস "ডাউন এ ডাৰ্ক হল"ৰ প্ৰযোজনা কৰিব।[71]

অন্যান্য কাম কাজ

[সম্পাদনা কৰক]
২০০৯ চনত মেয়াৰ

মেয়াৰৰ এটা চুটিগল্প “প্ৰম নাইট্স ফ্ৰম হেল” বোলা অতিপ্ৰাকৃতিক প্ৰভাৱ সম্বলিত কিছুমান ভয়ানক প্ৰম নিশাৰ বিষয়ে লিখা গল্পৰ সংকলন এখনত প্ৰকাশ পায়। মেয়াৰৰ গল্প “হেল অন আৰ্থ” আছিল শ্বেবা নামৰ এক দানৱ আৰু গেব নামৰ এক অৰ্ধ-দেৱদূতৰ প্ৰেম কাহিনী। এই কিতাপখন ২০০৭ চনৰ এপ্ৰিল মাহত প্ৰকাশ হয়। মেয়াৰে বহুকেইখন কিতাপৰ ধাৰণা মনত পুহি ৰখা বুলি কয়,ইয়াৰ ভিতৰত আছে "ছামাৰ হাউচ" শীৰ্ষক এক ভৌতিক গল্প,সময় ভ্ৰমণৰ বিষয়ে এক উপন্যাস[72] আৰু জলপৰী সকলৰ বিষয়ে এক উপন্যাস।[73][74] ২০০৮ চনৰ ২৮ আগষ্টত ঘোষণা কৰা হয় যে মেয়াৰে জেকছ মেনকিনৰ মিউজিক ভিডিঅ' দ্য ৰিজলিউশ্যনৰ চিত্ৰনাট্য লিখিছে,ইয়াৰ পৰৱৰ্তী সপ্তাহত তেওঁ ইয়াৰ সহ-নিৰ্দেশনা কৰে।[75][76]

২০০৯ চনত মেয়াৰে নিজাকৈ কাপোৰৰ এক শৈলী আৰম্ভ কৰিবলৈ কাপোৰৰ প্ৰতিষ্ঠান হ'ব স্কেট কোম্পানীৰ লগত মিলিত হয় আৰু তেওঁৰ কল্প বিজ্ঞান উপন্যাস দ্য হোষ্টৰ লগত সম্পৰ্ক থকা চোলা তৈয়াৰ কৰে।[77] ২০১০ চনৰ ১০ মাৰ্চত ঘোষণা কৰা হয় যে মেয়াৰে দ্য চৰ্ট ছেকেণ্ড লাইফ অৱ ব্ৰী টেনাৰ নামৰ ২০০পৃষ্ঠাৰ এক উপন্যাসিকা ৰচনা কৰিছে। ৫ জুনত ই প্ৰকাশিত হয় আৰু ৭ জুনৰ পৰা ৫ জুলাইৰ ভিতৰত মেয়াৰৰ আনুষ্ঠানিক ৱেবচাইটত বিনামূলীয়াকৈ উপলব্ধ হয়।[78][79]

প্ৰকাশিত পুথি

[সম্পাদনা কৰক]
টোৱাইলাইট শৃংখলা
  1. টোৱাইলাইট (২০০৫)
  2. নিউ মুন (২০০৬)
  3. ইক্লিপ্স (২০০৭)
  4. ব্ৰেকিং ড'ন (২০০৮)
  • দ্য চৰ্ট ছেকেণ্ড লাইফ অৱ ব্ৰী টেনাৰ (২০১০)
  • দ্য টোৱাইলাইট ছাগা : দ্য অফিছিয়েল ইলাষ্ট্ৰেটেড গাইড (২০১১)
অন্যান্য গ্ৰন্থ
  • প্ৰম নাইটছ ফ্ৰম হেল (অংশ,২০০৭)
  • দ্য হোষ্ট (২০০৮)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Lev Grossman (2009-11-13). "It's Twilight in America". Time magazine. Archived from the original on 2012-01-19. https://web.archive.org/web/20120119014126/http://www.time.com/time/magazine/article/0,9171,1938712-1,00.html আহৰণ কৰা হৈছে: 2009-11-13.
  2. 1 2 Claudia Parsons (2008-11-21). ""Twilight" publisher sees film boosting book sales". Reuters. http://www.reuters.com/article/idUSTRE4AK03620081121 আহৰণ কৰা হৈছে: 2010-09-23.
  3. 1 2 Kenneth Turan (2002-11-21). "Movie Review: 'Twilight'". LA Times. http://www.latimes.com/entertainment/la-et-twilight21-2008nov21,0,2444525.story আহৰণ কৰা হৈছে: 2008-11-21.
  4. 1 2 John A. Sellers (2010-03-30). "New Stephenie Meyer Novella Arriving in June". Publishers Weekly. http://www.publishersweekly.com/article/454614-New_Stephenie_Meyer_Novella_Arriving_in_June.php আহৰণ কৰা হৈছে: 2010-03-30.
  5. 1 2 Bob Minzesheimer and Anthony DeBarros (2009-01-15). "Sellers basked in Stephenie Meyer's 'Twilight' in 2008". USA Today. http://www.usatoday.com/life/books/news/2009-01-14-top-sellers-main_N.htm আহৰণ কৰা হৈছে: 2009-01-16.
  6. "The World's Most Powerful Celebrities: #26 Stephenie Meyer". Forbes. http://www.forbes.com/2009/06/03/forbes-100-celebrity-09-main_slide_27.html আহৰণ কৰা হৈছে: 2009-07-23.
  7. Diane Roback (2010-03-22). "Children's Bestsellers 2009: The Reign Continues". Publishers Weekly. http://www.publishersweekly.com/article/453747-Children_s_Bestsellers_2009_The_Reign_Continues.php আহৰণ কৰা হৈছে: 2010-04-04.
  8. Debarros, Anthony; Cadden, Mary; DeRamus, Kristin; Schnaars, Christopher (2009-01-14). "The top 100 titles of 2008". USA Today. http://www.usatoday.com/life/books/news/2009-01-14-top-100-titles_N.htm আহৰণ কৰা হৈছে: 2009-01-16.
  9. 1 2 "The 2008 Time 100 Finalists". 2008-04-01. Archived from the original on 2011-02-03. https://web.archive.org/web/20110203011702/http://www.time.com/time/specials/2007/article/0,28804,1725112_1726934_1726935,00.html আহৰণ কৰা হৈছে: 2009-07-23.
  10. Gil Kaufman (2009-06-04). "Angelina Jolie, Oprah, Madonna Top Forbes Celebrity 100". MTV. Archived from the original on 2009-06-07. https://web.archive.org/web/20090607132917/http://www.mtv.com/news/articles/1613253/20090604/madonna.jhtml আহৰণ কৰা হৈছে: 2009-06-10.
  11. "The Celebrity 100". Forbes.com. 2009-06-03. http://www.forbes.com/lists/2010/53/celeb-100-10_The-Celebrity-100.html আহৰণ কৰা হৈছে: 2010-08-01.
  12. Cracroft, Richard H. (Winter 2008). "YA Novels and Mormon Memoirs". Brigham Young University Magazine. http://magazine.byu.edu/?act=view&a=2155 আহৰণ কৰা হৈছে: 2008-08-01.
  13. 1 2 3 Damian Whitworth (2008-05-13). "Harry who? Meet the new J.K. Rowling". প্ৰকাশক London: The Times. Archived from the original on 2008-05-13. https://web.archive.org/web/20080513200339/http://entertainment.timesonline.co.uk/tol/arts_and_entertainment/books/article3917660.ece আহৰণ কৰা হৈছে: 2009-08-15.
  14. 1 2 "The Story Behind ''Twilight''". StephenieMeyer.com. Archived from the original on 2008-07-30. https://web.archive.org/web/20080730025156/http://www.stepheniemeyer.com/twilight.html আহৰণ কৰা হৈছে: 2010-08-01.
  15. Walker, Michael R. (Winter 2007). "A Teenage Tale With Bite". Brigham Young University Magazine. http://magazine.byu.edu/?act=view&a=1972 আহৰণ কৰা হৈছে: 2008-08-01.
  16. "BookStories Interview with Stephenie Meyer". BookStories. Changing Hands Bookstore. August 2006. http://chbookstore.qwestoffice.net/fa2006-08.html আহৰণ কৰা হৈছে: 2009-08-15.
  17. 1 2 3 "Stephenie Meyer By the Numbers". Publishers Weekly. 2008-12-05. Archived from the original on 2009-10-19. https://web.archive.org/web/20091019011138/http://www.publishersweekly.com/article/CA6559505.html আহৰণ কৰা হৈছে: 2009-08b-15.
  18. Karen Valby. "Stephenie Meyer: Inside the 'Twilight' Saga". Entertainment Weekly. Archived from the original on 2014-11-05. https://web.archive.org/web/20141105014227/http://www.ew.com/ew/article/0,,20213067_20213068_20211938,00.html আহৰণ কৰা হৈছে: 2009-08-15.
  19. "Her Literary Career – Stephenie Meyer". Time.com. Archived from the original on 2010-08-12. https://web.archive.org/web/20100812160145/http://www.time.com/time/photoessays/10questions/0,30255,1833919_1752991,00.html আহৰণ কৰা হৈছে: 2010-08-01.
  20. "Children's Books – New York Times". New York Times. 2007-06-17. http://www.nytimes.com/2007/06/17/books/bestseller/0617bestchildren.html?scp=10&sq=the+new+girl+falls+love+vampire&st=nyt আহৰণ কৰা হৈছে: 2009-07-23.
  21. "Stephenie Meyer". Waterstone's. http://www.waterstones.com/waterstonesweb/navigate.do?pPageID=200000424 আহৰণ কৰা হৈছে: 2009-08-15.
  22. Larry Carroll (2008-05-09). "Official ‘Twilight’ Synopsis Sadly Lacking In 'OME!' Exclamations". MTV. Archived from the original on 2009-08-27. https://web.archive.org/web/20090827073441/http://moviesblog.mtv.com/2008/05/09/official-twilight-synopsis-sadly-lacking-in-ome-exclamations/ আহৰণ কৰা হৈছে: 2009-08-15.
  23. Children's Books: Best Sellers from The New York Times, August 2007
  24. Jacks, Brian (2008-08-04). "'Breaking Dawn' Sells 1.3 Million Copies in One Day". MTV.com. Archived from the original on 2008-08-28. https://web.archive.org/web/20080828035238/http://moviesblog.mtv.com/2008/08/04/breaking-dawn-sells-13-million-copies-in-one-day/ আহৰণ কৰা হৈছে: 2008-08-09.
  25. Memmott, Carol (2008-08-04). "Record-breaking sales for 'Breaking Dawn'". USA Today. http://www.usatoday.com/life/books/news/2008-08-03-breaking-dawn-sales_N.htm আহৰণ কৰা হৈছে: 2010-09-23.
  26. Hephzibah Anderson (2009-04-03). "Obama's 'Dreams,' Meyer's Vampires Capture 'Nibbie' Book Awards". Bloomberg.com. http://www.bloomberg.com/apps/news?pid=20601088&sid=atco4IDHLk44&refer=home আহৰণ কৰা হৈছে: 2009-04-11.
  27. Anita Singh (2008-08-22). "Harry Potter under threat from Bella Swan in new vampire film Twilight". প্ৰকাশক London: The Daily Telegraph. http://www.telegraph.co.uk/news/newstopics/celebritynews/2602938/Harry-Potter-under-threat-from-Bella-Swan-in-new-vampire-film-Twilight.html আহৰণ কৰা হৈছে: 2008-11-01.
  28. Carol Memmott and Mary Cadden (2009-08-05). "Twilight series eclipses Potter records on Best-Selling list". USA Today. http://www.usatoday.com/life/books/news/2009-08-03-twilight-series_N.htm আহৰণ কৰা হৈছে: 2010-01-14.
  29. 1 2 3 "Twilight Series | Midnight Sun". Stepheniemeyer.com. 2008-08-28. Archived from the original on 2011-08-30. https://web.archive.org/web/20110830055132/http://www.stepheniemeyer.com/midnightsun.html আহৰণ কৰা হৈছে: 2010-08-01.
  30. "Stephenie Meyer spits dummy, dumps book after spoiler post". www.meeja.com.au. 2008-09-03. http://www.meeja.com.au/index.php?display_article_id=143 আহৰণ কৰা হৈছে: 2008-09-03.
  31. Karen Valby (2008-11-05). "Stephenie Meyer: 12 of My 'Twilight' Inspirations". Entertainment Weekly. Archived from the original on 2009-07-22. https://web.archive.org/web/20090722011444/http://www.ew.com/ew/gallery/0,,20234559_20234565_20237747,00.html আহৰণ কৰা হৈছে: 2008-11-05.
  32. "Frequently Asked Questions: Breaking Dawn". December 14, 2008. Archived from the original on 2016-07-12. https://web.archive.org/web/20160712215353/http://stepheniemeyer.com/bd_faq.html আহৰণ কৰা হৈছে: 2009-06-04. ""What was the other book besides Midsummer Night's Dream that you said influenced Breaking Dawn?" As noted above, it was The Merchant of Venice."
  33. Proctor, Maurine (August 8, 2008). "Stephenie Meyer's Twilight". Meridian. Archived from the original on December 1, 2008. https://web.archive.org/web/20081201143401/http://meridianmagazine.com/books/080806vampire.html আহৰণ কৰা হৈছে: December 11, 2008.
  34. 1 2 "Author Interview: Stephenie Meyer". Hachette Book Group. Archived from the original on 2009-10-09. https://web.archive.org/web/20091009041809/http://www.hachettebookgroup.com/9FA6868D6CC441738975A4C8D11EA37A.aspx আহৰণ কৰা হৈছে: 2009-10-04.
  35. "Twilight Series | Twilight | Playlist". Stepheniemeyer.com. Archived from the original on 2016-07-11. https://web.archive.org/web/20160711014315/http://stepheniemeyer.com/twilight_playlist.html আহৰণ কৰা হৈছে: 2010-08-01.
  36. Mills, Tony-Allen (August 10, 2008). "News Review interview: Stephenie Meyer". The Times (London). Archived from the original on 2008-09-17. https://web.archive.org/web/20080917184010/http://entertainment.timesonline.co.uk/tol/arts_and_entertainment/books/article4492238.ece আহৰণ কৰা হৈছে: 2008-12-12.
  37. Weiss, Sabrina Rojas (2008-08-15). "Did 'Harry Potter' Release Date Change To Avoid 'Twilight' Competition?". MTV. Archived from the original on 2010-09-21. https://web.archive.org/web/20100921104142/http://moviesblog.mtv.com/2008/08/15/did-harry-potter-release-date-change-to-avoid-twilight-competition আহৰণ কৰা হৈছে: 2010-09-23.
  38. Fleming, Michael Hardwicke to direct Meyer's 'Twilight', Variety (October 2, 2007)
  39. "Twilight Series | Twilight | Twilight the Movie". Stepheniemeyer.com. Archived from the original on 2016-06-24. https://web.archive.org/web/20160624041600/http://stepheniemeyer.com/twilight_movie.html আহৰণ কৰা হৈছে: 2010-08-01.
  40. Larry Carroll (2008-04-04). "Exclusive: 'Twilight' Author Stephenie Meyer Shoots Movie Cameo". MTV. Archived from the original on 2009-02-17. https://web.archive.org/web/20090217233842/http://moviesblog.mtv.com/2008/04/04/exclusive-twilight-author-stephenie-meyer-shoots-movie-cameo/ আহৰণ কৰা হৈছে: 2009-02-12.
  41. Carroll, Larry (2008-11-22). "'Twilight' Sequel Confirmed: 'New Moon' To Hit The Big Screen". MTV. MTV Networks. Archived from the original on 2010-03-15. https://web.archive.org/web/20100315040249/http://www.mtv.com/movies/news/articles/1599994/story.jhtml আহৰণ কৰা হৈছে: 2009-04-20.
  42. Carroll, Larry (2008-12-13). "BREAKING: Chris Weitz Named 'New Moon' Director, While Taylor Lautner Comes Up Short". MTV. MTV Networks. Archived from the original on 2009-03-09. https://web.archive.org/web/20090309012205/http://moviesblog.mtv.com/2008/12/13/breaking-chris-weitz-named-new-moon-director-while-taylor-lautner-comes-up-short/ আহৰণ কৰা হৈছে: 2010-09-23.
  43. Sperling, Nicole (2008-12-10). "'Twilight' sequel: New details on 'New Moon'". Entertainment Weekly. Time Inc. http://hollywoodinsider.ew.com/2008/12/10/twilight-sequel আহৰণ কৰা হৈছে: 2010-09-23.
  44. "Summit Entertainment Starts Production on The Twilight Saga: Eclipse" (Press release). Summit Entertainment. 2009-08-18. http://www.summit-ent.com/news.php?news_id=122 আহৰণ কৰা হৈছে: 2009-08-18.
  45. Steven Zeitchik (2008-11-14). "'Twilight' film franchise looks ahead". The Hollywood Reporter. Archived from the original on 2008-12-04. https://web.archive.org/web/20081204062709/http://www.hollywoodreporter.com/hr/content_display/film/news/e3ifc7bb2290700c27f4a0ada4363d9b59e আহৰণ কৰা হৈছে: 2010-01-12.
  46. "Twilight: Breaking Dawn Release Date Set". comingsoon.net. 2010-05-05. http://www.comingsoon.net/news/movienews.php?id=65746 আহৰণ কৰা হৈছে: 2010-06-11.
  47. "Books – Best-Seller Lists". New York Times. 2008-05-25. http://query.nytimes.com/gst/fullpage.html?res=990CE3DE1639F936A15756C0A96E9C8B63&scp=3&sq=may%2025th%20best%20sellers&st=cse আহৰণ কৰা হৈছে: 2010-08-01.
  48. "The 25 Entertainers of the Year". Entertainment Weekly. 2008-11-13. Archived from the original on 2014-10-22. https://web.archive.org/web/20141022025254/http://www.ew.com/ew/gallery/0,,20152943_20153287_20239984_20,00.html আহৰণ কৰা হৈছে: 2008-11-13.
  49. Carroll, Larry (2008-04-09). "'Twilight' Writer Stephenie Meyer Wants Matt Damon For 'Host' Movie – Movie News Story MTV Movie News". Mtv.com. Archived from the original on 2010-04-27. https://web.archive.org/web/20100427075829/http://www.mtv.com/movies/news/articles/1585112/story.jhtml আহৰণ কৰা হৈছে: 2010-08-01.
  50. "The Host Tour - Kansas City". The Host Lexicon. February 12, 2011. Archived from the original on March 30, 2012. https://web.archive.org/web/20120330220702/http://thehostlexicon.com/thehostinterviews/the-host-tour-kansas-city/ আহৰণ কৰা হৈছে: August 17, 2011.
  51. Gregory Kirschling (2007-08-02). "Stephenie Meyer's 'Twilight' Zone". Entertainment Weekly. Archived from the original on 2009-04-21. https://web.archive.org/web/20090421012004/http://www.ew.com/ew/article/0,,20049578,00.html আহৰণ কৰা হৈছে: 2009=04-14.
  52. "All fangs, no bite". প্ৰকাশক London: The Guardian. 2008-08-07. http://www.guardian.co.uk/commentisfree/2008/aug/07/fiction আহৰণ কৰা হৈছে: 2009-08-16.
  53. Tymon Smith (2009-08-07). "Stephanie Meyer vs Jordan Scott". The Times. Archived from the original on 2010-04-11. https://web.archive.org/web/20100411011233/http://blogs.timeslive.co.za/bookcase/2009/08/07/stephanie-meyer-vs-jordan-scott/ আহৰণ কৰা হৈছে: 2009-08-23.
  54. "Books year in review". USA Today. 2008-12-28. http://www.usatoday.com/life/books/2008-12-17-meyer-10-picks_N.htm আহৰণ কৰা হৈছে: 2009-07-23.
  55. "MSN Lifestyle's Most Influential Women of 2008". MSN. Archived from the original on 2009-02-10. https://web.archive.org/web/20090210055420/http://lifestyle.msn.com/your-life/bigger-picture/staticslideshow.aspx?cp-documentid=15893872&imageindex=10 আহৰণ কৰা হৈছে: 2009-08-23.
  56. Orson Scott Card (2009-04-30). "The 2008 Time 100: Stephenie Meyer". Time. Archived from the original on 2009-05-24. https://web.archive.org/web/20090524112454/http://www.time.com/time/specials/2007/article/0,28804,1733748_1733752_1736282,00.html আহৰণ কৰা হৈছে: 2009-08-23.
  57. "The Host". StephenieMeyer.com. Archived from the original on 2012-04-09. https://web.archive.org/web/20120409064607/http://www.stepheniemeyer.com/thehost.html আহৰণ কৰা হৈছে: 2010-08-01.
  58. Dorothy Pomerantz (2009-08-05). "Hollywood's Top-Earning Women". Forbes. Archived from the original on 2012-09-18. http://www.forbes.com/2009/08/05/top-earning-women-business-entertainment-hollywood.html আহৰণ কৰা হৈছে: 2009-08-23.
  59. "The New Establishment 2009". Vanity Fair. 2009-09-01. http://www.vanityfair.com/business/features/2009/10/new-establishment200910?currentPage=17 আহৰণ কৰা হৈছে: 2009-09-02.
  60. Liew, Jonathan (2009-12-16). "Amazon: top 10 best-selling books of the decade". The Daily Telegraph (London). http://www.telegraph.co.uk/technology/amazon/6825584/Amazon-top-10-best-selling-books-of-the-decade.html আহৰণ কৰা হৈছে: 2010-05-24.
  61. Paige Dickerson (2010-09-06). "Forks' Stephenie Meyer Day to celebrate 'Twilight' author's books". Peninsula Daily News. http://www.peninsuladailynews.com/article/20100907/news/309079999/forks-stephenie-meyer-day-to-celebrate-twilight-authors-books আহৰণ কৰা হৈছে: e2010-09-23.
  62. Lev Grossman (2008-04-24). "Stephenie Meyer: A New J.K. Rowling?". TIME. Archived from the original on 2009-05-23. https://web.archive.org/web/20090523094542/http://www.time.com/time/magazine/article/0,9171,1734838,00.html আহৰণ কৰা হৈছে: 2011-11-16.
  63. Brain Tuitt: It's great to be the King, page 7. USA Weekend, March 6–8, 2009.
  64. 1 2 Stephen King says 'Twilight' author 'can't write', February 3, 2009
  65. Laura Miller (2008-07-30). "Touched by a vampire". salon.com. Archived from the original on 2010-03-27. https://web.archive.org/web/20100327054247/http://www.salon.com/books/review/2008/07/30/Twilight/index.html আহৰণ কৰা হৈছে: 2009-12-03.
  66. Christine Seifert. "Bite Me! (Or Don't)". bitchmagazine.org. Archived from the original on 2010-01-07. https://web.archive.org/web/20100107125826/http://bitchmagazine.org/article/bite-me-or-dont আহৰণ কৰা হৈছে: 2009-12-03.
  67. Natalie Wilson (2011-11-17). "Breaking Dawn: Part 1—An Anti-Abortion Message in a Bruised-Apple Package". msmagazine.com. http://msmagazine.com/blog/blog/2011/11/17/breaking-dawn-part-1an-anti-abortion-message-in-a-bruised-apple-package/ আহৰণ কৰা হৈছে: 2011-11-21.
  68. "New Moon: The Story". StephenieMeyer.com. Archived from the original on November 4, 2006. https://web.archive.org/web/20061104034126/http://stepheniemeyer.com/nm_thestory.html আহৰণ কৰা হৈছে: November 13, 2008.
  69. "'Twilight' author, Stephenie Meyer is America's JK Rowling". প্ৰকাশক London: The Independent. 2009-11-19. http://www.independent.co.uk/arts-entertainment/books/news/twilight-author-stephenie-meyer-is-americarsquos-jk-rowling-1823480.html আহৰণ কৰা হৈছে: 2009-11-21.
  70. Jeff Chew (2009-09-18). "Twilight author a part-time resident of Peninsula on which her books are set". Peninsula Daily News. http://www.peninsuladailynews.com/article/20090918/NEWS/309189992 আহৰণ কৰা হৈছে: 2009-09-18.
  71. Vary, Adam (April 19, 2012). "Stephenie Meyer on optioning suspense novel 'Down a Dark Hall': 'It gave me some serious nightmares'". Entertainment Weekly. Archived from the original on April 21, 2012. https://web.archive.org/web/20120421204848/http://popwatch.ew.com/2012/04/19/down-a-dark-hall-stephenie-meyer/ আহৰণ কৰা হৈছে: April 21, 2012.
  72. "Stephenie Meyer's vampire empire Stephenie Meyer | Cover Story | Books | Entertainment Weekly | 4". Ew.com. Archived from the original on 2014-10-22. https://web.archive.org/web/20141022025306/http://www.ew.com/ew/article/0,,20211938_4,00.html আহৰণ কৰা হৈছে: 2010-08-01.
  73. "Twilight series offers young people a twist on vampire fiction – CBC Arts Books". Cbc.ca. 2007-09-24. Archived from the original on 2007-07-03. http://www.cbc.ca/arts/books/meyer.html আহৰণ কৰা হৈছে: 2010-08-01.
  74. "The Q & A Session in Spain with the members of Crepusculo.". http://www.twilightlexicon.com/?p=277.
  75. James Montgomery (2008-08-28). "'Twilight' Author Stephenie Meyer To Direct Vampire-Free Jack's Mannequin Video". MTV. Archived from the original on 2010-11-27. https://web.archive.org/web/20101127200119/http://www.mtv.com/news/articles/1593776/20080828/jacks_mannequin.jhtml আহৰণ কৰা হৈছে: 2008-10-29.
  76. Jennifer Vineyard (2008-09-05). "'Twilight' Author Stephenie Meyer Tries To Drown Jack's Mannequin In 'Resolution' Video". MTV. Archived from the original on 2008-09-12. https://web.archive.org/web/20080912135507/http://www.mtv.com/news/articles/1594188/20080905/jacks_mannequin.jhtml আহৰণ কৰা হৈছে: 2008-10-29.
  77. Terri Schwartz (2009-09-02). "'Twilight' Author Stephenie Meyer Gets Her Own Clothingline!". MTV. MTV Networks. Archived from the original on 2009-09-04. https://web.archive.org/web/20090904182635/http://hollywoodcrush.mtv.com/2009/09/02/twilight-author-stephenie-meyer-gets-her-own-clothingline/ আহৰণ কৰা হৈছে: 2009-09-03.
  78. Flood, Alison (30 March 2010). "Stephenie Meyer to publish new Twilight novella". প্ৰকাশক London: The Guardian. http://www.guardian.co.uk/books/2010/mar/30/stephenie-meyer-new-twilight-novella আহৰণ কৰা হৈছে: 30 March 2010.
  79. Debi Moore (2010-03-30). "New Twilight Novella Coming: The Short Second Life of Bree Tanner". DC. Dread Central. http://www.dreadcentral.com/news/36681/new-twilight-novella-coming-the-short-second-life-bree-tanner আহৰণ কৰা হৈছে: 2010-03-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]