নীল প্ৰজাপতি
নীল প্ৰজাপতি | |
---|---|
নীল প্ৰজাপতিৰ বেটুপাত | |
লেখক | অনুৰাধা শৰ্মা পূজাৰী |
প্ৰচ্ছদ শিল্পী | দিগন্ত বিজয় |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | সামাজিক উপন্যাস |
প্ৰকাশক | বনলতা |
প্ৰকাশ | জানুৱাৰী ২০১৩ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ (পকাবন্ধা) |
পৃষ্ঠা সংখ্যা | ১৩৬ |
আই.এচ.বি.এন. | 978-93-82750-44-4 |
পূৰ্বৱৰ্তী | সোণ হৰিণৰ চেকুঁৰ |
নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস। উপন্যাসখন অসমীয়া প্ৰতিদিনৰ পূজা সংখ্যাত সম্পাদকৰ তাগিদাত সৃষ্টি হৈছিল।[1] "বিশ্বায়ন, মুক্ত বাণিজ্যিক অৱস্থাত, আধুনিক সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে। বহুজাতিক সংস্থাই মানৱ সম্পদৰ ব্যৱহাৰ যন্ত্ৰৰ দৰে কৰিবলৈ লোৱাত, পাৰিবাৰিক সংঘাত, জীৱনৰ মূল্যায়নৰ সংজ্ঞাও সলনি হৈছে। মানুহৰ জাতি, চৰিত্ৰ, ঐতিহ্য সকলো একাকাৰ হৈ, 'একবিশ্ব'ৰ সামূহিক নতুন চৰিত্ৰ গঠন হৈছে। অৰ্থ আৰু প্ৰলোভনে নিয়ন্ত্ৰণ কৰা মানৱ সমাজৰ কেইটিমান চৰিত্ৰ লৈ 'নীল প্ৰজাপতি' ৰচনা কৰা হৈছে।"[1]
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]- সুজয় - এক বহুজাতিক কোম্পানীৰ চাকৰিয়াল
- ৰিমঝিম - সুজয়ৰ পত্নী
- বিটপী - ৰিমঝিমৰ ভগ্নী, বাতৰি পৰিৱেশিকা
- সিদ্ধাৰ্থ - বিটপীৰ পতি, ৰেডিঅ' জকী
- ৰাহুল মিশ্ৰ - সুজয়ৰ সহকৰ্মী
- ঊশ্বা (ঊষা) - ৰাহুল ৰ পত্নী
- সুভদ্ৰা ৰাস্তোগী - সুজয়ৰ সহকৰ্মী
- নীলেশ - সুভদ্ৰাৰ পতি
- সুৰেশ ৰাস্তোগী - সুভদ্ৰাৰ শহুৰেক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া
- ডালিয়া - সুজয়ৰ সহকৰ্মী
- ৰোহন - ডালিয়াৰ পতি
- স্বপন - মেক্আপ আৰ্টিষ্ট
- হংসৰাজ - ইতিহাস বিশেষজ্ঞ
কাহিনীভাগ
[সম্পাদনা কৰক]সুজয়, ৰাহুল আৰু সুভদ্ৰা সহকৰ্মী। তিনিও মাজে-সময়ে নিজ নিজ পাৰিবাৰিক সংঘাতৰ বিষয়ে লুকঢাক নকৰাকৈ আলোচনা কৰে। স্ফূৰ্টিবাজ ডালিয়াই সুজয়ৰ বিভাগত নতুনকৈ 'পি এ' হিচাপে যোগ দিছে। ৰিমঝিমে ডালিয়াৰ সৈতে সুজয়ৰ অবৈধ সম্পৰ্ক গঢ় লৈ উঠা বুলি তেওঁক অবিশ্বাস কৰিবলৈ লয়। সুভদ্ৰাৰ পতি নীলেশেও সুভদ্ৰাৰ এজন পুৰণি সহপাঠীৰ সৈতে এক সম্পৰ্কৰ কথা জানি সন্দেহৰ বশৱৰ্তী হয়। আনহাতে ৰাহুলৰ পত্নী ঊষাই শাহুৱেকৰ বিষয়ে বিভিন্ন অভিযোগ অনাত লিপ্ত হৈ থাকে। তিনিওৰে নিজ নিজ ঘৰুৱা অশান্তি বাঢ়ি গৈ থাকে। ইয়াৰ মাজতে ৰিমঝিম ভনীয়েক বিটপীৰ ঘৰলৈ যায় আৰু তাতে হংসৰাজক লগ পায়। হংসৰাজে ৰিমঝিমৰ শিল্পী সত্তাৰ উমান পায় আৰু নৃত্যৰ প্ৰতি থকা তাইৰ হাবিয়াস পুনৰবাৰ জগাই তোলে। ইফালে সুভদ্ৰায়ো যুক্তৰাষ্ট্ৰলৈ যোৱাৰ সুযোগ পায় আৰু তাৰ মাজতে নীলেশক বিচ্ছেদৰ প্ৰস্তাৱ দিবলৈ মনস্থ কৰে। আনহাতেদি ৰাহুলে বৰ্দ্ধিত পাৰিবাৰিক অশান্তিৰ ফলতেই আত্মহত্যা কৰে। এই ঘটনাই ঊষাক বিধ্বস্ত কৰি থৈ যায়। সুভদ্ৰা উলটি আহি এই খবৰ পাই মৰ্মাহত হয়। ইফালে ৰিমঝিমে সুজয়ক নৃত্যচৰ্চা পুনৰ আৰম্ভ কৰাৰ কথা কয়। কিন্তু ই তেওঁলোকৰ মাজৰ মানসিক দূৰত্ব বঢ়াইহে তোলে। ইতিমধ্যে কিছু জটিল পৰিস্থিতিত পৰি ডালিয়াৰো বিয়া হৈ যায়। বিয়াৰ অনুষ্টুপীয়া অভ্যৰ্থনাৰ পৰা একেলগে ঘূৰি আহোঁতে নীলেশ আৰু সুভদ্ৰাই অনুভৱ কৰে যেন দুয়ো দুয়োকে বুজি উঠিছে। আৱেগবিহ্বল হৈ দুয়ো দুয়োকে কেতিয়াও এৰি থৈ নোযোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াতেই উপন্যাসখনৰ সামৰণি ঘটে।
সমালোচনা
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অনুৰাধা শৰ্মা পূজাৰীৰ ই-বুকসমূহ Archived 2018-10-17 at the Wayback Machine