নৰ্থ বেংক মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰ্থ বেংক কলেজ
নৰ্থ বেংক মহাবিদ্যালয়
স্থাপিত ১৯৬১
অধ্যক্ষ ড° যুগল শইকীয়া
স্থান ঘিলামৰা, অসম, ভাৰত
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট https://www.northbankcollege.in/

উত্তৰপৰীয়া মহাবিদ্যালয় বা নৰ্থ বেংক কলেজ হৈছে লখিমপুৰ জিলাৰ ভিতৰৰ দ্বিতীয়খন মহাবিদ্যালয় আৰু মহকুমাটোৰ ভিতৰত প্ৰথমখন। মহাবিদ্যালয়খন ঘিলামৰা অঞ্চলৰ মাজ মজিয়াত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

১৯৬১ চনতে প্ৰয়াত সতীশ চন্দ্ৰ গগৈ ৰ তৎপৰতাত এই কলেজখন স্থাপিত হৈছিল। কলেজখনত বিজ্ঞান বিভাগটো আৰম্ভ ১৯৯৬ চনত আৰম্ভ কৰা হৈছিল আৰু এতিয়াও ভেন্সাৰ পৰ্যায়তে আছে। এটা সময়ত এই কলেজখনেই আছিল মহকুমাটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ থলী। ১৯৬৪ চনলৈ কলেজখন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অধীনত আছিল কিন্তু ১৯৬৫ চনত ই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। সেই সময়ত শিৱসাগৰ, যোৰহাট, মাজুলী ইত্যাদি ঠাইৰ মেধাৱী ছাত্ৰ সকলে ইয়াত মেছ কৰি থাকি পঢ়ি এতিয়া বিদেশত চাকৰি কৰি থকা কথা কলেজৰ "স্মৃতি-গ্ৰন্থ" বোৰত পোৱা যায়। নৰ্থ লখিমপুৰ কলেজ স্থাপন হোৱাৰ মাত্ৰ ১০ বছৰ পিছতেই এই মহাবিদ্যালয় স্থাপন হৈছিল। ২০১১ বৰ্ষ ত মহাবিদ্যালয়খনৰ গৌৰৱোজ্জল সোণালী জয়ন্তী উৎসৱখনি অনুস্থিত হৈ যায়। সেই সময়তে মহাবিদ্যালয় খনিৰ ঘৰ-দুৱাৰৰ আন্তঃগাঁঠনি বহুখিনি উন্নত কৰা হয়।

শৈক্ষিক[সম্পাদনা কৰক]

পাঠ্যক্ৰম সমূহ[সম্পাদনা কৰক]

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)[1]
  • স্নাতক (কলা আৰু বিজ্ঞান)

কলা:

  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • ভূগোল
  • শিক্ষা
  • সমাজ শাস্ত্ৰ
  • গণিত
  • বুৰঞ্জী
  • এন্থ্ৰপলিজী

বিজ্ঞান:

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • ৰাসায়ণ বিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান

মহাবিদ্যালয়ৰ সুবিধাসমূহ[সম্পাদনা কৰক]

  • গ্ৰন্থাগাৰ
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ

অধ্যক্ষসকল[সম্পাদনা কৰক]

বৰ্তমান অধ্যক্ষ[সম্পাদনা কৰক]

ড° যুগল চন্দ্ৰ শইকীয়া

পূৰ্বৰ অধ্যক্ষসকল[সম্পাদনা কৰক]

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]