নৱেম্বৰ ২০১৫-ৰ পেৰিছ আক্ৰমণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেৰিছ আক্ৰমণ, নৱেম্বৰ,২০১৫

আক্ৰমণৰ স্থানসমূহ
স্থান পেৰিছ, ফ্ৰান্স
চেইন্ট ডেনিছ, ফ্ৰান্স
১: ষ্টেডি দি ফ্ৰান্স
২: ৰিউ বিছাট আৰু ৰিউ এলিবাৰ্ট (লা কেৰিলন, লা পেটিঁ কম্বোডি)
৩: ৰিউ ডি লা ফন্টেইন ও-ৰই পথৰ লা কাছা ন'ষ্ট্ৰা নামৰ ইটালীয়ান ৰেষ্টোৰাঁ
৪: বাটাক্লেন প্ৰেক্ষাগৃহ
৫: ৰিউ ডি চেৰণী পথৰ লা বেলে ইকুইপি ৰেষ্টোৰাঁ
তাৰিখ ১৩ নৱেম্বৰ ২০১৫ – ১৪ নৱেম্বৰ ২০১৫
২১:১৬ – ০০:৫৮ (মধ্য ইউৰোপীয় সময়)
আক্ৰমণৰ প্ৰকাৰ নিৰ্বিচাৰ গুলিবৰ্ষণ, বোমা বিস্ফোৰণ়়, অতৰ্কিত আক্ৰমণ আৰু পলায়ন, পণবন্দীকৰণ, আত্মঘাতী আক্ৰমণ
অস্ত্ৰ *একে-৪৭ [1]
নিহত ১২৯:[2]
আক্ৰমণকাৰী সাতজনীয়া জেহাদী যুঁজাৰুৰ দল [2]
আহত ৩৫২,[3] গুৰুতৰ ভাৱে আহত ৯৯ [4]
আক্ৰমণকাৰী আইছিছ[5]
ঘাতক * ৩ জন বেলজিয়ান
  • ওমৰ ইছমাইল মোস্তাফা
  • আহমেদ অল মোহম্মদ
  • এম. অল মোহম্মদ
  • ১ জন অচিনাক্ত
কাৰণ ইছলামিক কট্টৰপন্থা

১৩ নৱেম্বৰ, ২০১৫ ৰ সন্ধিয়া মধ্য ইউৰোপীয় সময় প্ৰায় ২১ বাজি ১৬ মিনিট ত আইছিছৰ অতি কমেও সাতজনীয়া জেহাদী যুঁজাৰুৰ দলে আত্মঘাতী মনোভাৱৰে ইউৰোপ মহাদেশৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰী আৰু ইয়াৰ উত্তৰীয় উপনগৰ চেইন্ট ডেনিছৰ সাত ঠাইত প্ৰায় সমান্তৰাল ভাৱে স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ আৰু বোমাৰে আক্ৰমণ চলাই যাৰ ফলত

  • ১। ষ্টেডি দি ফ্ৰান্স খেলপথাৰ
  • ২। ৰিউ বিছাট পথৰ লা কেৰিলন কফি-বাৰৰ সন্মুখ
  • ৩। ৰিউ এলিবাৰ্ট পথৰ লা পেটিঁ কম্বোডি ৰেষ্টোৰাঁ
  • ৪। ৰিউ ডি লা ফন্টেইন ও-ৰই পথৰ লা কাছা ন'ষ্ট্ৰা নামৰ ইটালীয়ান ৰেষ্টোৰাঁ
  • ৫। ৰিউ ডি চেৰণী পথৰ লা বেলে ইকুইপি ৰেষ্টোৰাঁ
  • ৬। ভল্টেয়াৰ নগৰ-বেষ্টনী পথ আৰু
  • ৭। বাটাক্লেন প্ৰেক্ষাগৃহত প্ৰায় চাৰে তিনি ঘন্টাৰ ভিতৰত মুঠতে অতি কমেও ১২৯ জন লোক নিহত আৰু ৩৫২ জন লোক আহত হয় আৰু দেশখনক এক জৰুৰী অৱস্থাৰ মাজলৈ ঠেলি নিয়ে।[9]

২০০৪ চনৰ স্পেইনৰ মাদ্ৰিদ ৰেল বিস্ফোৰণৰ পাচত ইউৰোপত সংঘটিত হোৱা ইয়েই দ্বিতীয় ভয়ংকৰ আক্ৰমণৰ ঘটনা আৰু ফ্ৰান্সৰ মতে দ্বিতীয় মহাসমৰৰ পাচত সেই দেশৰ ওপৰত হোৱা সৰ্বনাশী আক্ৰমণ । ১৪ নৱেম্বৰ, ২০১৫ ৰ ৰাতিপুৱা আইছিছৰ তৰফৰ পৰা এই ঘটনাৰ দায়িত্ব লোৱা হয় আৰু ইয়াক ইউৰোপত অনাগত ধৰ্মযুদ্ধৰ ধুমুহাৰ আৰম্ভনি বুলি ঘোষনা কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Paris attacks: More than 100 killed in gunfire and blasts, French media say". CNN. 14 November 2015. http://edition.cnn.com/2015/11/13/world/paris-shooting/index.html। আহৰণ কৰা হৈছে: 14 November 2015. 
  2. 2.0 2.1 Claire Phipps (15 November 2015). "Paris attacker named as Ismaïl Omar Mostefai as investigation continues – live updates". The Guardian. http://www.theguardian.com/world/live/2015/nov/15/paris-attacker-named-investigation-continues-live-updates। আহৰণ কৰা হৈছে: 15 November 2015. 
  3. "Paris attacks updates". BBC News. http://www.bbc.co.uk/news/live/world-europe-34815972. 
  4. "Attaques à Paris : ce que l'on sait des attentats qui ont fait au moins 128 morts" (French ভাষাত). Le Monde.fr. Le Monde.fr. http://www.lemonde.fr/societe/article/2015/11/13/fusillade-meurtriere-a-paris_4809485_3224.html। আহৰণ কৰা হৈছে: 14 November 2015. 
  5. "ISIS claims responsibility of Paris attacks". CNN. http://www.cnn.com/2015/11/14/world/paris-attacks/। আহৰণ কৰা হৈছে: 14 November 2015. 
  6. "Paris attacks: Bloody atrocity signals shift in Isis strategy". Financial Times. 14 November 2015. http://www.ft.com/cms/s/2/f2135be4-8ac5-11e5-a549-b89a1dfede9b.html. 
  7. Elgot, Jessica; Phipps, Claire; Bucks, Jonathan (14 November 2015). "Paris attacks: Islamic State says killings were response to Syria strikes". The Guardian. http://www.theguardian.com/world/live/2015/nov/14/paris-terror-attacks-attackers-dead-mass-killing-live-updates. "The group says the killings were in response to airstrikes against its militants in Syria, adding France would remain a "key target"." 
  8. ‘This Is Because of all the Harm Done by Hollande to Muslims’, The New York Times.
  9. http://www.telegraph.co.uk/news/worldnews/europe/france/11995246/Paris-shooting-What-we-know-so-far.html