পংকজ জ্যোতি মহন্ত
| পংকজ জ্যোতি মহন্ত | |
|---|---|
| জন্ম | মাজুলী, অসম |
| পেচা | লেখক, গণিত-সাধক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| বিষয় | গণিত, বিজ্ঞানধৰ্মী সাহিত্য |
| উল্লেখনীয় কৰ্মৰাজি | প্ৰতিভাৰ উৎস অংক নহয় আতংক |
| ৱেবছাইট | pankajjyoti |
পংকজ জ্যোতি মহন্ত (ইংৰাজী: Pankaj Jyoti Mahanta) অসমৰ এগৰাকী গণিতজ্ঞ[1], লেখক, লগতে গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ'ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।[2] পংকজ জ্যোতি মহন্তই গণিতৰ বিশ্লেষণাত্মক সংখ্যাতত্ত্ব, বীজগণিত আৰু কম্বিনেটৰিস্ক শাখাত গৱেষণা কৰে।[3] তেওঁ ২০১১ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গণিত-বিজ্ঞানৰ উপৰি বিভিন্ন সামাজিক আৰু সাম্প্ৰতিক সময়ৰ প্ৰসংগক লৈ তেওঁ কাকত, ই-আলোচনী আৰু ব্লগৰ জৰিয়তে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে। অসমৰ সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰতিভাৰ উৎস আৰু অংক নহয় আতংক নামেৰে তেওঁৰ দুখন গ্ৰন্থ প্ৰকাশ হৈছে। [4]
২০১৯ বৰ্ষৰ পৰা তেওঁ অসম গণিত শিক্ষায়তনৰ কাৰ্যকৰী সমিতিৰ এজন সদস্য হিচাপে জড়িত হৈ আছে।[5] তেওঁ শিক্ষায়তনৰ পৰা প্ৰকাশিত দ্বিভাষীক আলোচনী গণিত বিকাশৰ ২০২০ চনৰ জুলাই-ডিচেম্বৰ(৬৭ সংখ্যক) মাহৰ পৰা সম্পাদকৰ দায়িত্বত আছে।[6] পংকজ জ্যোতি মহন্তৰ সম্পাদনাতে ২০২১ চনৰ পৰা গণিত বিকাশ তিনিমাহৰ মূৰে মূৰে অনলাইন[7] যোগে প্ৰকাশ হৈ আহিছে।[8]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]পংকজ জ্যোতি মহন্তই ২০১২ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
গৱেষণা-পত্ৰ
[সম্পাদনা কৰক]পংকজ জ্যোতি মহন্তৰ গৱেষণাৰ বিষয় হৈছে অখণ্ড সংখ্যাৰ বিভাজন (integer partition), ডায়ফেণ্টাইন সমীকৰণ (diophantine equations), সংখ্যাতাত্ত্বিক সমীকৰণ আৰু ৰেকাৰেন্সেছ (number theoritic sequences and recurrences) আৰু অন্যান্য। জাৰ্ণেল অৱ নাম্বাৰ থিঅ'ৰি, ফিব'নাকি কোৱাটাৰ্লিকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকা বা জাৰ্নেলত তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ পাইছে।[1]
- Mahanta, Pankaj Jyoti; Saikia, Manjil P. (November 2020). "A family of lacunary recurrences for Lucas Numbers". Fibonacci Quarterly খণ্ড 58 (4): 356-360. https://www.fq.math.ca/Papers/58-4/saikia03052020REV.pdf.
- Mahanta, Pankaj Jyoti; Saikia, Manjil P.; Yaqubi, Daniel (December 2020). "Some properties of Zumkeller numbers and k-layered numbers". Journal of Number Theory খণ্ড 217: 218-236. doi:10.1016/j.jnt.2020.05.003. https://www.sciencedirect.com/science/article/abs/pii/S0022314X20301591.
- Mahanta, Pankaj Jyoti; Saikia, Manjil P. (January 2021). "SOME NEW AND OLD GIBONACCI IDENTITIES". Rocky Mountain Journal of Mathematics. https://projecteuclid.org/journals/rmjm/rocky-mountain-journal-of-mathematics/DownloadAcceptedPapers/200917-Saikia.pdf.
- Mahanta, Pankaj Jyoti (October 2021). "Refinement of Some Partition Identities of Merca and Yee". International Journal of Number Theory. doi:10.1142/S1793042122500592. https://www.worldscientific.com/doi/abs/10.1142/S1793042122500592.
কৰ্মজীৱন
[সম্পাদনা কৰক]পংকজ জ্যোতি মহন্ত, ২০১১ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা, গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ'ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। ২০২০ চনৰ পৰা পংকজ জ্যোতি মহন্তই অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিকাশ আলোচনীৰ সম্পাদকৰূপে দায়িত্ব পালন কৰিছে। তেতিয়াৰ পৰাই আলোচনীখন অনলাইনযোগে পি দি এফত সকলো পঢ়ুৱৈৰ বাবে উপলব্ধ।[9] পংকজ জ্যোতি মহন্ত অসম বিজ্ঞান সমিতিৰ পৰা প্ৰকাশিত বিজ্ঞান জেউতিৰ সম্পাদনা সমিতিৰ সদস্য হিচাপে ২০১১ চনৰ পৰা আছে। [10]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- প্ৰবন্ধ সংকলন
- উপন্যাস
বঁটা সন্মান
[সম্পাদনা কৰক]- ২০২১ চনত ৰাজ্য চৰকাৰৰ লেখক সম্বৰ্ধনা লাভ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "researchgate profile of Pankaj-Jyoti-Mahanta". https://www.researchgate.net/profile/Pankaj-Jyoti-Mahanta। আহৰণ কৰা হৈছে: 22 September 2021.
- ↑ "গণিত চ'ৰা". https://gonitsora.com/about-us/। আহৰণ কৰা হৈছে: 22 September 2021.
- ↑ "scholar google". https://scholar.google.com/citations?user=2g-waisAAAAJ&hl=en। আহৰণ কৰা হৈছে: 22 September 2021.
- ↑ পংকজ জ্যোতি মহন্ত (নৱেম্বৰ,২০১৭). প্ৰতিভাৰ উৎস. সঞ্জীৱন প্ৰকাশন.
- ↑ "অসম গণিত শিক্ষায়তন". Archived from the original on 23 April 2021. https://web.archive.org/web/20210423163209/http://aamonline.org.in/index_pages.php?page=Executive-Body-2018-2019। আহৰণ কৰা হৈছে: 22 September 2021.
- ↑ পংকজ জ্য়োতি মহন্ত (July – December 2020). "সম্পাদকীয়". গণিত বিকাশ খণ্ড ৬৭. Archived from the original on 2022-10-02. https://web.archive.org/web/20221002114512/https://aamonline.org.in/ganit-bikash/volume-67/। আহৰণ কৰা হৈছে: 2022-10-02.
- ↑ "গণিত বিকাশ-অসম গণিত শিক্ষায়তন". Archived from the original on 2 October 2022. https://web.archive.org/web/20221002073226/https://aamonline.org.in/ganit-bikash/। আহৰণ কৰা হৈছে: 2 October 2022.
- ↑ "Editorial Board". Archived from the original on 2 October 2022. https://web.archive.org/web/20221002114514/https://aamonline.org.in/ganit-bikash/editorial-board/। আহৰণ কৰা হৈছে: 2 October 2022.
- ↑ "গণিতবিকাশৱেবছাইটত". Archived from the original on 24 September 2021. https://web.archive.org/web/20210924231809/http://aamonline.org.in/index_pages.php?page=Ganit-Bikash। আহৰণ কৰা হৈছে: 22 September 2021.
- ↑ "বিজ্ঞান জেউতি ২০২১". https://drive.google.com/file/d/1kRGM3-KySjCExMVBnp7cvt-49L-D1Ui9/view। আহৰণ কৰা হৈছে: 22 September 2021.