পদ্মাৱতী বন্দ্যোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এয়াৰ মাৰ্শ্বাল
পদ্মাৱতী বন্দ্যোপাধ্যায়
পিভিএছএম, এভিএছএম, ভিএছএম

২০১২ চনত পদ্মা বন্দ্যোপাধ্যায়
জন্মৰ নাম পদ্মাৱতী স্বামীনাথন
গুপ্তনাম পদ্মা
জন্ম ০৪ নৱেম্বৰ, ১৯৪৪
তিৰুপতি, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰ প্ৰদেশ)
আনুগত্য ভাৰত
চাকৰি/শাখা ভাৰতীয় বায়ুসেনা
চাকৰিৰ কাৰ্যকাল ১৯৬৮ - ২০০৫
পদমৰ্যদা এয়াৰ মাৰ্শ্বাল
পুৰস্কাৰ পৰম বিশিষ্ট সেৱা মেডেল
অতি বিশিষ্ট সেৱা মেডেল
বিশিষ্ট সেৱা মেডেল

এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম (জন্ম ৪ নৱেম্বৰ ১৯৪৪) ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তিনিতাৰকাযুক্ত পদবীত অধিষ্ঠিত হোৱা দ্বিতীয় গৰাকী মহিলা।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪৪ চনৰ ৪ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ তিৰুপতিত (বৰ্তমান অন্ধ্ৰ প্ৰদেশ) পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ মাতৃ যক্ষ্মা ৰোগত আক্ৰান্ত আছিল। শয্যাশায়ী মাতৃক তেওঁ ৪-৫ বছৰ বয়সৰ পৰায়ে চোৱা-চিতা কৰিবলগীয়া হৈছিল। তেওঁলোক নতুন দিল্লীৰ গল মাৰ্কেটৰ কাষত থাকোঁতে ওচৰতে লেডী হাৰ্ডিং মেডিকেল কলেজৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ এছ. আই. পদ্মাৱতী বাস কৰিছিল। তেওঁৰ মাতৃৰ অসুস্থতা আৰু চাফদাৰজোং হস্পিটেলত লাভ কৰা অভিজ্ঞতা আৰু চুবুৰীয়াত একে নামৰ মহিলা চিকিৎসক বাস কৰাৰ পৰা তেওঁ ডাঙৰ হৈ চিকিৎসক হবলৈ অনুপ্ৰাণিত হৈছিল।[1]

শিক্ষা[সম্পাদনা কৰক]

তেওঁ দিল্লী তামিল শিক্ষা সন্থাত কলা বিষয়ত অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ত কলা শাখাৰ পৰা বিজ্ঞান শাখালৈ শাখা স্থানান্তৰ কৰে। তেওঁ কিৰৰী মল কলেজত প্ৰিমেডিকেল অধ্যয়ন কৰিছিল আৰু তাৰপিছত ১৯৬৩ চনত আৰ্মড ফৰ্চ মেডিকেল কলেজত যোগদান কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ ১৯৬৮ চনত ভাৰতীয় বায়ুসেনাত যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ বায়ুসেনাৰ বিষয়া এছ. এন. বন্দ্যোপাধ্যায়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।[2] ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেওঁৰ ব্যৱহাৰৰ বাবে তেওঁ বিশিষ্ট সেৱা মেডেল লাভ কৰিছিল।[3]সতী নাথ আৰু পদ্মা ৰাষ্ট্ৰপতি পদক একেলগে লাভ কৰা ভাৰতীয় বায়ুসেনাৰ প্ৰথম দম্পতী।[4]

তেওঁ এৰ'স্পেছ মেডিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ প্ৰথম মহিলা ফেল'। ইয়াৰ লগতে তেওঁ উত্তৰ মেৰুত বৈজ্ঞানিক গৱেষণা চলোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা।[5]ইয়াৰ লগতে তেওঁ ১৯৭৮ চনত ৰক্ষা সেৱা কলেজ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা প্ৰথম গৰাকী মহিলা।[6] তেওঁ বায়সেনাৰ সদৰত চিকিৎসা সেৱাৰ (বায়ু) ডাইৰেক্টৰ জেনেৰেল হিচাপে কৰ্মৰত আছিল।[7] ২০০২ চনত তেওঁ দুইতাৰকাযুক্ত এয়াৰ ভাইচ মাৰ্শ্বাল পদবীলৈ পদোন্নতি লাভ কৰে। তাৰপিছত তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হয়। এই দুয়ো পদ লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা। তেওঁ নিউয়ৰ্ক একাডেমী অফ চাইন্সৰ এভিয়েছন মেডিচিনৰ বিশেষজ্ঞ আছিল।[8]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

পদ্মাৱতী বন্দ্যোপাধ্যায়ে বহুতো সামৰিক আৰু অসামৰিক সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • বিশিষ্ট সেৱা মেডেল, ১৯৭৩
  • ইন্দিৰা প্ৰিয়দৰ্শনী বঁটা
  • অতি বিশিষ্ট সেৱা মেডেল, ২০০২
  • পৰম বিশিষ্ট সেৱা মেডেল, ২০০৬
  • পদ্মশ্ৰী, ২০২০[9]
  • সুদীৰ্ঘ ৩০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ২০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ৯ বছৰকাল সেৱা মেডেল
  • পশ্চিমী ষ্টাৰ
  • সংগ্ৰাম মেডেল
  • অপাৰেচন বিজয় মেডেল
  • হাই এলটিটিউড চাৰ্ভিছ মেডেল
  • স্বাধীনতাৰ ৫০ বৰ্ষপূৰ্তি মেডেল
  • স্বাধীনতাৰ ২৫ বৰ্ষপূৰ্তি মেডেল

তথ্য উৎস[সম্পাদনা কৰক]