সমললৈ যাওক

পাংচাউ পাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Pangsau Pass
উচ্চতা 1,136 m (3,727 ft)
অৱস্থান Part of Changlang district in Arunachal Pradesh on India–Myanmar border
পৰ্বতমালা Himalaya
স্থানাঙ্ক 27°14′51″N 96°09′22″E / 27.2476°N 96.156°E / 27.2476; 96.156স্থানাংক: 27°14′51″N 96°09′22″E / 27.2476°N 96.156°E / 27.2476; 96.156
চিত্ৰ:Burma
Pangsau Pass
Pangsau Pass
Location of the Pangsau Pass
বাহিৰা ভিডিঅ'
video icon Making the road from Ledo (Stilwell Road); Pangsau Pass. 8:30min. Filmed in 1942-43 by Gyles Mackrell[1]

পাংচাউ পাছ বা পান চাউং পাছ ইংৰাজী: Pangsau Pass(বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা। [2]পাছটো বিখ্যাত লিডো ৰোড (ষ্টিলৱেল ৰোড)ত অৱস্থিত আৰু ম্যানমাৰৰ অঞ্চলৰ নিকটতম গাওঁ পাংচাউৰ নামেৰে নামকৰণ কৰা হৈছে। পাংচাউ গাওঁখন পাছৰ পৰা ২ কিলোমিটাৰ পূৱত অৱস্থিত। ভাৰতৰ পূৰ্বতম বিন্দু "চৌকান পাছ" - চাংলাং জিলাৰ বিজয়নগৰৰ পূবত - পাংচাউ পাছৰ উত্তৰ-পূবত অৱস্থিত।

প্ৰাৰম্ভিক যুগ

[সম্পাদনা কৰক]

১৩শ শতিকাত আহোমসকলে অসমলৈ আগমন আৰু বসতিৰ বাবে এইটো পথ সঘনাই ব্যৱহৃত কৰিছিল।

বৃটিছৰ শাসন কাল

[সম্পাদনা কৰক]

উনবিংশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছে ভাৰতৰ পৰা উত্তৰ বাৰ্মাৰ মাইটকিনালৈ হুকাৱং উপত্যকাৰ মাজেৰে সম্ভাৱ্য ৰেলপথ তৈয়াৰ কৰিবলৈ পাছটো চাইছিল। কিয়নো সেই সময়ত এই অঞ্চল ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ আছিল, কিন্তু কোনো ৰেলপথ নিৰ্মাণ কৰা হোৱা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীনত জাপানীসকলৰ সৈতে যুঁজ দিয়া জাতীয়তাবাদী চীনা বাহিনীৰ সৈতে ব্ৰিটিছ ভাৰতক সংযোগ কৰা ষ্টিলৱেল ৰোড (লিডো ৰোড)ৰ বাবে পাছটো বিখ্যাত হৈ পৰে। লিডোৰ পৰা পাংচাউ পাছলৈ দূৰত্ব হৈছে ৬১ কিমি (৩৮ মাইল)। পাছটোৰ ভয়ংকৰ ঢাল আৰু বোকাৰ বাবে, যাৰ ফলত পাছটোত উঠাটো কঠিন হৈ পৰিছিল। সেয়ে যুদ্ধৰ সময়ত ইয়াক "হেল পাছ" বা নৰকৰ পাছ বুলি অভিহিত কৰা হৈছিল।[3]

বৰ্তমান যুগ

[সম্পাদনা কৰক]

২০০৭ চনৰ পৰা পাংচাউ পাছ শীতকালীন উৎসৱ অৰুণাচল প্ৰদেশৰ নামপঙত প্ৰতি বছৰে জানুৱাৰীৰ তৃতীয় সপ্তাহত আয়োজিত হয়। এয়া হৈছে এক যুটীয়া ভাৰত-ম্যানমাৰ ৩ দিনীয়া বাৰ্ষিক গোলকীয় গ্ৰাম্য অনুষ্ঠান। এই উৎসৱত উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হয়। যাৰ ভিতৰত আছে লোকগীত, লোক নৃত্য, কলা, শিল্পকলা, জাতিগত খাদ্য, আৰু পৰম্পৰাগত ক্ৰীড়া, আৰু টাংচা নাগা জনজাতিৰ সংস্কৃতি। টাংচা ৰংগ্ৰাণ্ড যুদ্ধ নৃত্য, লুংচাং নৃত্য, ৱাঞ্চো নৃত্য, বিহু নৃত্য, আৰু বাঁহনৃত্য আদি প্ৰদৰ্শন কৰা হয়।[4]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Centre of South Asian Studies - Mackrell Collection - Film 12 Archived 2012-07-12 at Archive.today
  2. Gazetteer of north-east India, Govt. of India
  3. Donovan Webster, The Burma Road
  4. Pangsau Pass Winter Festival: Going beyond the Frontier, Northeast Now, 7 December 2018.