সমললৈ যাওক

পাও ভাজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাও ভাজি
অন্য নাম ভাজি পাও
প্ৰকাৰ ৰাতিপুৱাৰ আহাৰ, মুখ্য আহাৰ
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল মহাৰাষ্ট্ৰ
মুখ্য উপাদান পাওৰুটি, মিশ্ৰিত পাচলি

পাও ভাজি (ইংৰাজী: Pav bhaji) ভাৰতমহাৰাষ্ট্ৰ ৰাজ্যত প্ৰচলিত একপ্ৰকাৰৰ ফাষ্ট ফুড ব্যঞ্জন। ইয়াত কোমল পাওৰুটিৰ সৈতে ডাঠ পাচলিৰ তৰকাৰী পৰিৱেশন কৰা হয়। এই তৰকাৰীত আলু, পিয়াঁজ, গাজৰ, জলকীয়া, মটৰ, কেপচিকাম, আৰু বিলাহী অন্তৰ্ভুক্ত থাকিব পাৰে। ইয়াৰ উৎস মহাৰাষ্ট্ৰ ৰাজ্যত আৰু ই পশ্চিম ভাৰতত বিশেষভাৱে জনপ্ৰিয়।[1] চাপাটি, ৰুটি বা অন্যান্য পাওৰুটি আৰু পাচলিৰ তাৰতম্যৰ ফলত কেইবা প্ৰকাৰৰ পাও ভাজি আছে।

পাও ভাজিৰ উৎপত্তি পৰ্তুগীজ সকলৰ পৰা হৈছিল। তেওঁলোকে সকলো পাচলিৰ সৈতে পাভ ভাজি তৈয়াৰ কৰিছিল আৰু ইয়াক ব্ৰেডেৰে গ্ৰহণ কৰিছিল। তেওঁলোকৰ ব্ৰেডক 'পাও' বুলি কোৱা হয় আৰু ইয়াক ভাৰততো পাও বুলি কোৱা হয়। পিছলৈ পাও ভাজি মুম্বাইৰ বস্ত্ৰ মিল কৰ্মীসকলৰ বাবে কম সময়তে দ্ৰুত মধ্যাহ্ন ভোজন গ্ৰহণৰ ব্যঞ্জন হিচাপে উদ্ভৱ হৈছিল।[2][3] পাও ভাজি পিছলৈ সমগ্ৰ মুম্বাই চহৰৰ ৰেষ্টুৰেণ্টত পৰিৱেশন কৰা আৰম্ভ হৈছিল।[3][4] এতিয়া পদপথৰ বিক্ৰেতা সকলৰ পৰা ভাৰত আৰু বিদেশৰ আনুষ্ঠানিক ৰেষ্টুৰেণ্টলৈ পাও ভাজি পৰিৱেশন কৰা হয়।[5][6]

পাও ভাজি 'ফাষ্ট ফুড' শব্দৰ সৈতে সম্পৰ্কিত হোৱা প্ৰথম দক্ষিণ এছিয়াৰ ব্যঞ্জন বুলি কোৱা হয়। এই ব্যঞ্জনৰ উৎসগুজৰাটৰ সৈতে বহুতে ভুলভাৱে জড়িত কৰি থকাৰ সময়ত, ইয়াক প্ৰকৃততে ১৯ শতিকাৰ মুম্বাইৰ চালৰ মহিলাসকলে এক কম সময়তে ৰান্ধিবপৰা খাদ্য হিচাপে জনপ্ৰিয় কৰিছিল।

প্ৰস্তুতি

[সম্পাদনা কৰক]

ঠাইভেদে পাও ভাজিৰ উপাদান আৰু ৰন্ধাৰ শৈলীৰ তাৰতম্য পৰিলক্ষিত হয়। কিন্তু সকলোৰে আধাৰ হৈছে এটা ডাঠ পাচলিৰ থপ থপিয়াকৈ পিটিকাৰ মচলা মিশ্ৰণ আৰু পাওৰুটি। সাধাৰণতে সমতল তাৱাত পাচলিযুক্ত মছলাখিনি ৰন্ধা হয় আৰু কোমল বগা ব্ৰেড ৰোলেৰে গৰমে গৰমে পৰিৱেশন কৰা হয়।

উপাদান আৰু ৰন্ধনশৈলীৰ ওপৰত ভিত্তি কৰি পাও ভাজিৰ বিভিন্ন প্ৰকাৰ আছে। যেনে চীজ পাও ভাজিত গৰম ভাজিৰ ওপৰত চীজৰ সৈতে পৰিবেশন কৰা হয়। ভজা পাও ভাজিত পাওৰুটিখিনি ভাজিৰ লগত লুটিয়াই ভাজি লোৱা হয়। পনীৰ পাও ভাজিত ভাজিৰ সৈতে পনীৰ মিহলাই লোৱা হয়। মচৰুম পাও ভাজিত ভাজিৰ সৈতে কাঠফুলাৰ মিহলাই লোৱা হয়। খড়া পাও ভাজিত পাচলিখিনি পিটিকা নকৰাকৈ ডাঙৰ ডাঙৰ টুকুৰা থকাতে পৰিবেশন কৰে। জৈন পাও ভাজিত ধৰ্মীয় বিশ্বাস অনুসৰি পিয়াঁজ আৰু নহৰু অবিহনে আৰু আলুৰ পৰিৱৰ্তে উদ্ভিদৰ অন্যান্য অংশৰ সৈতে তৈয়াৰ কৰা হয়।[7][8] কোলহাপুৰী পাও ভাজি মহাৰাষ্ট্ৰৰ কোলহাপুৰ জনপ্ৰিয়। ইয়াত একপ্ৰকাৰৰ স্থানীয় মছলাৰ সৈতে তৈয়াৰ কৰা হয়। বগা পাও ভাজিত গৰম মছলা আৰু জলকীয়া জলকীয়া গুৰি অবিহনে তৈয়াৰ কৰা হয়।

চিত্ৰ বিথিকা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Najmi, Quaid. "Meet Mumbai's rags-to-riches Restaurant King". The New indian Express. Archived from the original on 17 September 2016. https://web.archive.org/web/20160917113534/http://www.newindianexpress.com/business/news/Meet-Mumbais-rags-to-riches-Restaurant-King/2013/11/06/article1875361.ece আহৰণ কৰা হৈছে: 31 May 2015.
  2. Patrao, Michael. "Taking pride in our very own pav". The Printers (Mysore) Private LtdDeccan Herald. https://www.deccanherald.com/content/32025/taking-pride-our-very-own.html আহৰণ কৰা হৈছে: 31 May 2015.
  3. 1 2 Patel, Aakar. "What Mumbaikars owe to the American Civil War: 'pav bhaji'". HT Media LimitedLive Mint. http://www.livemint.com/Leisure/jydWXXQfOONBU8jaCtLAXO/What-Mumbaikars-owe-to-the-American-Civil-War-8216pav-bh.html আহৰণ কৰা হৈছে: 31 May 2015.
  4. Munshaw-Ghildiyal, Rushina. "A feast of flavours". HT Media LimitedHindustan Times. Archived from the original on 1 June 2015. https://web.archive.org/web/20150601010749/http://www.hindustantimes.com/mumbai/a-feast-of-flavours/article1-722425.aspx আহৰণ কৰা হৈছে: 31 May 2015.
  5. Pathak, Anil. "'Bhaji pav' to invade NY's Times Square". Bennett, Coleman & Co. LtdThe Times of India. http://timesofindia.indiatimes.com/city/ahmedabad/Bhaji-pav-to-invade-NYs-Times-Square/articleshow/46999100.cms আহৰণ কৰা হৈছে: 13 January 2015.
  6. Rajesh, Monisha. "10 of the best street foods in Mumbai". Guardian News and Media LimitedThe Guardian. https://www.theguardian.com/travel/2012/mar/01/10-best-street-food-mumbai-india আহৰণ কৰা হৈছে: 2 September 2015.
  7. Dalal, Tarla (2010). Mumbai's Roadside Snacks. প্ৰকাশক Mumbai: Sanjay & Company. পৃষ্ঠা. 60. ISBN 978-81-89491-66-6. https://books.google.com/books?id=4kjEPd1NmmkC&pg=PA60 আহৰণ কৰা হৈছে: 31 May 2015.
  8. Kumar, Shikha. "In search of the perfect pav bhaji". HT Media LimitedHindustan Times. http://www.hindustantimes.com/brunch/in-search-of-the-perfect-pav-bhaji/story-NGNxEke5VWUSea2kybkFWN.html আহৰণ কৰা হৈছে: 4 March 2017.