পানীটেঙা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পানীটেঙা
উৎপত্তি
উৎপত্তিৰ স্থান ভাৰত
আঞ্চল বা ৰাজ্য অসম
বিতং তথ্য
প্ৰকাৰ মুখৰোচক খাদ্য
মুখ্য উপাদান সৰিয়হৰ গুটি, লাইশাকৰ গুটি, কাজিনেমু বা থেকেৰা,

পানীটেঙা এবিধ অসমীয়া মুখৰোচক খাদ্য। অসমীয়া থলুৱা জুতি-বুধিৰ ই অন্যতম প্ৰধান উপাদান।

প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

পানীটেঙা প্ৰস্তুত কৰিবৰ বাবে যাৱতীয় সামগ্ৰীসমূহ হৈছে সৰিয়হৰ গুটি, লাইশাকৰ গুটি (সৰিয়হৰ ১/৪ অংশৰ সমান), কাজিনেমু (বা থেকেৰা), নিমখ আৰু কলপাত।

প্ৰথমেই সৰিয়হ আৰু লাইশাকৰ গুটিখিনি ভালধৰে ধুই একেলগ কৰি ৰ'দত শুকুৱাই লোৱা হয়। পানীভাগ সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত ইয়াক ঢেঁকীত খুন্দি মিহিকৈ গুড়ি কৰা হয়। প্ৰয়োজন অনুসাৰে চালনীৰে চালি ভাঙি নোযোৱা টুকুৰা আৰু অপদ্ৰৱ্যসমূহ আঁতৰাব লাগে। গুড়িখিনিত কাজিনেমুৰ ৰস আৰু নিমখ মিহলাই হাতেৰে এমুঠি হোৱাকৈ লাড়ু বনোৱা হয়। নেমুৰ ঠাইত জুইত পোৰা থেকেৰাও ব্যৱহাৰ কৰিব পাৰি। সৰিয়হ আৰু লাইগুটিৰপৰা ওলোৱা তেলৰ কণিকাই লাড়ুটো বান্ধি ৰখাত সহায় কৰে। এই এমুঠীয়া লাড়ুবোৰ পাছত কলপাতেৰে ভালদৰে মেৰিয়াই বান্ধি পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ ৰখা হয়। তিনি বা চাৰিদিনৰ পিছতে পানীটেঙা খাবৰ উপযোগী হৈ উঠে। এনেদৰে তৈয়াৰ কৰা পানীটেঙা ১8/১৫ দিন পৰ্যন্ত বা কেতিয়াবা ততোধিক দিন ভালে থাকে।

পৰিৱেশন[সম্পাদনা কৰক]

সৰিয়হৰ জ্বলা গুণ আৰু কাজিনেমু/থেকেৰাৰ টেঙা সোৱাদৰ ৰুচিকৰ সংমিশ্ৰণ ঘটে পানীটেঙাত। ইয়াক ভাতৰ লগত শুদাকে নাইবা পোৰামাছ বা পোৰাআলুৰ সৈতে পিটিকি পৰিৱেশন কৰা হয়।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]