পানীন্দ্ৰনাথ গগৈ
অৱয়ব
| পানীন্দ্ৰনাথ গগৈ | |
|---|---|
| জন্ম | ১৮৭১ লখিমপুৰ, অসম |
| মৃত্যু | ১৯੦੦ |
| পেচা | লেখক, শিক্ষক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজি | লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা, লৰাশিক্ষা শেহছোৱা |
পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা। (আখৰ জোঁটনি গ্ৰন্থত থকাৰ দৰে উল্লেখ কৰা হৈছে। )[1]
জন্ম আৰু মৃত্যু
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৮৭১ চনত লখিমপুৰ জিলাত।[2] পিতৃৰ নাম কতীয়া গগৈ। মৃত্যু হয় ১৯০০ চনত।
সাহিত্যৰাজি
[সম্পাদনা কৰক]- লৰাশিক্ষা আগছোৱা
- লৰাশিক্ষা মাজছোৱা
- লৰাশিক্ষা শেহছোৱা।
অন্যান্য
[সম্পাদনা কৰক]তেখেতৰ মৃত্যুত পদ্মনাথ গোহাঞি বৰুৱাই কবিতাত লিখিছিল-
বিষাদ ডাৱৰ হিয়া আকাশৰ
বৰষি পাতল হই
শোকৰ উপৰি উপৰিঞ্চিত শোক
ছাতিলা পানীন্দ্ৰ গই
জোনাকী কাকতত পানীন্দ্ৰনাথ গগৈৰ তিনিটা প্ৰবন্ধ প্ৰকাশ পাইছিল-
- জাতীয় প্ৰেম,
- আমাৰ উন্নতি নে অৱনতি আৰু
- তেন্তেনো আমাৰ উপায় কি?
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ প্ৰদীপ বৰুৱা (২০২১). পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সাহিত্যিক পানীন্দ্ৰনাথ গগৈ. প্ৰদীপ বৰুৱা. পৃষ্ঠা. ৩৬.
- ↑ https://nilacharai.com/%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%97%E0%A6%97%E0%A7%88-%E0%A6%B2%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A0/