পাণ্ডা পৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পান্ডা পৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
পাণ্ডা পৰুৱা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Hymenoptera
উপবৰ্গ: Apocrita
মহাপৰিয়াল: Vespoidea
পৰিয়াল: Mutillidae
গণ: Euspinolia
প্ৰজাতি: E. militaris
Mickel, 1938
বৈজ্ঞানিক নাম
Euspinolia militaris

পাণ্ডা পৰুৱা (বৈজ্ঞানিক নাম: Euspinolia militaris) হ'ল হাইমেনোপটেৰা পৰ্ব আৰু Mutillidae পৰিয়ালৰ অন্তৰ্ভুক্ত একপ্ৰকাৰ কীট।[1] পাণ্ডাৰ নিচিনা দেখাত হ'লেও এই পতঙ্গ যাক পাণ্ডা পৰুৱা বুলি কোৱা হ'লেও সি আচলতে পৰুৱা নহয়, ই একপ্ৰকাৰ বৰল[2]

বৈশিষ্ট্য[সম্পাদনা কৰক]

ই এক ধৰণৰ বৰল যাৰ দেহ বগা-ক'লা আৰু যাৰ গোলাকাৰ ক'লা চকু আছে। এইবোৰক ভেল্ভেট পৰুৱা বুলিও কোৱা হয়। পাণ্ডা পৰুৱা পোৱা যায় চিলি আৰু আৰ্জেণ্টিনাৰ শুষ্ক অঞ্চলত। ইহঁত পৰুৱাৰ নিচিনা কলোনি তৈৰি নকৰে বৰং বৰলৰ নিচিনাই অকলে থাকে। পাণ্ডা পৰুৱাৰ বগা-ক'লা ৰঙ অকল সিহঁতৰ স্ত্ৰী প্ৰজাতিৰ মাজতেই দেখা যায়। স্ত্ৰী পাণ্ডা পৰুৱা উৰিব নোৱাৰে। পাখিৰ সলনি সিহঁতৰ আছে ভয়ানক এক হুল যিটোৰে বিন্ধিলে অবৰ্ণৰ্নীয় বেদনা হয়। এই হুলেৰ বাবেই সিহঁতৰ আৰু এটা নাম আছে, “গৰুৰ খুনী পৰুৱা”। ইহঁতে গাৰ ৰঙৰ মাধ্যমেদি অন্য প্ৰাণীবোৰক এই বিষাক্ত হুলৰ পৰা সাবধান কৰি দিয়ে। মতাবোৰৰ হুল নেথাকে কাৰণ এই হুল মূলতঃ কণী দিয়াৰ অঙ্গ।

প্ৰজনন[সম্পাদনা কৰক]

পুৰুষ পাণ্ডা পৰুৱা দেখিবলৈ সাধাৰণতে বৰলৰ দৰেই। মতাবোৰৰ পাখি থকাৰ বাবেই উৰিবলৈ পায়। যৌন মিলনৰ সময়ত পুৰুষটোৱে স্ত্ৰীকটোক পিঠিত লৈ উৰি ফুৰে। মিলন শেষ হ'লে স্ত্ৰীটোক মাটিত নমাই দিয়ে। স্ত্ৰী পাণ্ডা পৰুৱা মাটিত অইন কোনো পতঙ্গৰ বাহ বিচাৰি লৈ তাতেই কণী দিয়ে। কণী ফুটি বাহিৰ হোৱা পাণ্ডা পৰুৱাৰ পোৱালিবোৰ সেই বাহৰ পোকবিলাকৰ কণী খাই পেলায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Pagliano, Guido (2011-10-31). "I Mutillidae (Hymenoptera) della collezione Zavattari Le collezioni del Museo Regionale di Scienze Naturali di Torino. II". ResearchGate. পৃষ্ঠাসমূহ: 37–60. https://www.researchgate.net/publication/303098110। আহৰণ কৰা হৈছে: 18 May 2020. 
  2. Finley, Reginald V. (17-01-2016). "The Panda Ant (Euspinolia militaris)". Exploring Our Planet's Amazing Biodiversity. Amazing Life. Archived from the original on 13 March 2017. https://web.archive.org/web/20170313021207/http://amazinglife.bio/the-panda-ant-euspinolia-militaris/। আহৰণ কৰা হৈছে: 18 May 2020.