পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (গ্ৰন্থ)
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি | |
---|---|
লেখক | মহেশ্বৰ নেওগ |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | সংস্কৃতি |
প্ৰকাশক | বাণী মন্দিৰ |
প্ৰকাশ | ১৯৫৭ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
আই.এচ.বি.এন. | 978-93-244-0561 |
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত। ১৯৫৭ চনত বাণী মন্দিৰ প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।[1]
বিষয়বস্তু
[সম্পাদনা কৰক]"পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি" শীৰ্ষক গ্ৰন্থখনত অসমত বসবাস কৰা ভিন ভিন জাতি-জনজাতিৰ উল্লেখ,অসমৰ ধৰ্মীয় ইতিহাস,সংগীত কলা,জ্যোতিষ-চৰ্চা,অনুবাদ চৰ্চা ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনাৰ লগতে পুৰণি অসমৰ আৰ্থ-সামাজিক দিশটোও প্ৰকাশ হৈছে। বৰ্তমানৰ পৰিবৰ্দ্ধিত সংস্কৰণত সত্ৰীয়া নৃত্য আৰু চিত্ৰকলা সম্পৰ্কীয় প্ৰবন্ধসমূহ সংযোগ কৰিছে। গ্ৰন্থখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে।
প্ৰবন্ধসমূহ
[সম্পাদনা কৰক]গ্ৰন্থখনৰ আৰম্ভণিতে 'অসমৰ জাতি জনজাতি' আৰু 'ধৰ্ম আৰু সম্প্ৰদায়' সম্বন্ধীয় আলোচনা দুটা পাতনি হিচাপে দিয়া হৈছে। গ্ৰন্থখনত সন্নিবিষ্ট আন আন প্ৰবন্ধসমূহ হৈছে-'শৈৱ ধৰ্ম', 'শাক্ত ধৰ্ম', 'বৈষ্ণৱ ধৰ্ম', 'বৌদ্ধ ধৰ্ম', 'ধৰ্ম দেৱতাৰ পূজা, 'সৰ্প-দেৱী মনসাৰ পূজা', 'শীতলা পূজা', 'নাথ ধৰ্ম', 'সূৰ্য আৰু নৱগ্ৰহৰ পূজা', 'তন্ত্ৰ মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যা', 'শদিয়াৰ কেঁচাইখাঁতী গোসাঁনী আৰু নৰবলি', ' নৰবলিৰ প্ৰথা', 'আত্মবলি,স্ব-গাত্ৰ ৰধিৰ দান আৰু স্ব-মাংস প্ৰদান', 'সংস্কৃত সাহিত্য আৰু আন পুথি', 'স্মৃতি নিবন্ধ ', 'সংগীত কলা', 'জ্যোতিষ চৰ্চা', 'আয়ুৰ্বেদ', 'অসমীয়া ভাষা সাহিত্য', 'অৰ্থনৈতিক সামাজিক জীৱন', 'অসমত ধ্ৰুপদী নৃত্যৰ ঐতিহ্য ', 'সত্ৰীয়া আৰু ওজা-পালি নাচৰ ধ্ৰুপদী স্বীকৃতি', 'সত্ৰীয়া নৃত্য', 'পুৰণি অসমৰ চিত্ৰকলা' আৰু 'অসমৰ চিত্ৰকলা'।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 নেওগ, মহেশ্বৰ. ISBN 978-93-244-0561.