সমললৈ যাওক

পূব খাছী পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূব খাছী পাৰ্বত্য জিলা
পূব খাছী
মেঘালয়ৰ পূব খাছী পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ পূব খাছী পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় শ্বিলং
চৰকাৰ
  Vidhan Sabha constituencies
কালি
  মুঠ
২,৭৫২ বৰ্গকিমি (১,০৬৩ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৮,২৫,৯২২
  ঘনত্ব ৩০০/বৰ্গকিমি (৭৮০/বৰ্গমাইল)

পূব খাছী পাৰ্বত্য (ইংৰাজী: East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।[1]

১৯৭৬ চনৰ ২৮ অক্টোবৰত খাছী পাৰ্বত্য জিলাক পূব আৰু পশ্চিম খাছী পাৰ্বত্য জিলা হিচাপে বিভক্ত কৰা হৈছিল। ১৯৯২ চনৰ ৪ জুনত পূব খাছী পাৰ্বত্য জিলাক পূব খাছী পাৰ্বত্য জিলা আৰু ৰি-ভৈ জিলা হিচাপে দুখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছিল।

শ্বিলং পূব খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ।

প্ৰশাসনিক বিভাগসমূহ

[সম্পাদনা কৰক]

পূব খাছী পাৰ্বত্য জিলাখন আঠটা ব্লকত বিভক্ত:[2]

নাম মুখ্যালয় জনসংখ্যা স্থিতি
Khatarshnong LaitkrohMawjrong
MawkynrewMawkynrew
MawphlangMawphlang
MawryngknengMawryngkneng
MawsynramMawsynram
MylliemMylliem
PynsurslaPynsursla
Shella BholaganjCherrapunjee

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৮২৫,৯২২ জন,[1] যি প্ৰায় কমোৰস[3] ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ডকোটা[4] ৰাজ্যৰ সমান৷ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৭৮তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৯২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (৭৬০ /sq mi)[1] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৬৮% ।[1] ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০৮ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৪.৭% ৷[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  2. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (en ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf আহৰণ কৰা হৈছে: 2011-09-29.
  3. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html আহৰণ কৰা হৈছে: 2011-10-01. "Comoros 794,683 July 2011 est."
  4. "2010 Resident Population Data". U. S. Census Bureau. Archived from the original on 2010-12-27. https://archive.today/20101227010452/http://2010.census.gov/2010census/data/apportionment-pop-text.php আহৰণ কৰা হৈছে: 2011-09-30. "South Dakota 814,180"

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

আধিকাৰিক ৱেবছাইট

এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।