পেঙলাখুটি খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমৰ কিছুমান ঠাইত ভোগালী বিহুৰ সময়ত খেল-ধেমালিৰ সময়ত পেঙলাখুটি খেল অনুস্থিত হয়। দুডাল নিফোঁপ বাঁহত ফুটা কৰি সৰু বাঁহৰ টুকুৰা ভৰাই ভৰিৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে চেপি ধৰা হয়।[1] হাঁফলু, ঢাপ বা ওখ স্থানৰ পৰা পেঙত উঠি স্বাভাৱিক খোজকঢ়াৰ দৰে মানুহজন যাব পাৰে। এই খেলত যথেষ্ট অভ্যাসৰ লগতে অসীম ধৈৰ্য, সাহস আৰু বুদ্ধিমত্তাৰ প্ৰয়োজন।[1]

পুৰণি কালত ইয়াৰ ব্যৱহাৰ[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকাতে চাওলুং চুকাফাই ম্যুং-ডুন-চুন-খাম বা অসমলৈ প্ৰৱেশ কৰোঁতে পেঙলাখুটিৰ সহায়তে অনেক জান-জুৰি অতিক্ৰম কৰিছিল বুলি জনা যায়। চুকাফাৰ দিনতে বোলে এই পেঙৰ ব্যৱহাৰ অধিক হৈছিল। চুকাফাই পেঙৰ ব্যৱহাৰিক দিশটোতহে প্ৰাধান্য দিছিল।[1]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • অসমীয়া লোকাচাৰ-বিশ্বাস-অবিশ্বাস : হেম বুঢ়াগোহাঞি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 জ্যোতিৰেখা তামূলী (১৬-৩১ মে’ ২০১৩). "পেঙলাখুটি খেল". প্ৰান্তিক (৩২শ বছৰ ১২শ সংখ্যা): ৬.