পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ
অৱয়ব
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Peristylus |
প্ৰজাতি: | P. constrictus |
দ্বৈৰাশিক নামকৰণ | |
Peristylus constrictus Lindl. | |
সমাৰ্থক | |
|
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ (বৈজ্ঞানিক নাম: Peristylus constrictus) অসম, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, হিমালয়ৰ অন্তৰ্ভুক্ত অঞ্চল, নেপাল, ভিয়েটনাম আৰু ফিলিপাইনছত পোৱা এবিধ অৰ্কিড।[1][2] এই অৰ্কিডবিধ মাটিত গজে। বসন্ত কালৰ শেষৰ ফালে বা গ্ৰীষ্মকালৰ আৰম্ভণিতে ইয়াত বগা ৰঙৰ সুগন্ধি ফুল ফুলে।[2]
বিৱৰণ
[সম্পাদনা কৰক]এই অৰ্কিডবিধ সাধাৰণতে সমুদ্ৰপৃষ্ঠৰ ৪৫০-১২০০ মিটাৰ উচ্চতাৰ এঢলীয়া ঠাইত গজে।[1] উদ্ভিদজোপা ৩০-৭৭ চেণ্টিমিটাৰ উচ্চতাৰ হ'ব পাৰে।[3] ইয়াৰ পাতবোৰ অৰ্ধবৃত্তাকাৰ আৰু অগ্ৰভাগ জোঙা। পাতবোৰ সামান্য শুং থকা আৰু মখমলৰ দৰে। গা-গছৰ মাজৰ পৰা ওলাই অহা এডাল দীঘলীয়া ঠাৰিত জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত[3] বগা ৰঙৰ ফুল ফুলে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Constricted Peristylus". flowersofindia.net. https://www.flowersofindia.net/catalog/slides/Constricted%20Peristylus.html। আহৰণ কৰা হৈছে: 21 May 2023.
- ↑ 2.0 2.1 "Peristylus constrictus (Lindl.) Lindl. 1835". orchidspecies.com. http://www.orchidspecies.com/periconstrictus.htm। আহৰণ কৰা হৈছে: 21 May 2023.
- ↑ 3.0 3.1 "Peristylus constrictus". efloras.org. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=242336623। আহৰণ কৰা হৈছে: 21 May 2023.