প্ৰণৱ মিস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰণৱ মিস্ত্ৰী

প্ৰণৱ মিস্ত্ৰী
জন্ম ১৪ মে', ১৯৮১ (৪২ বছৰ)
পালনপুৰ, গুজৰাট, ভাৰত
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয় (গুজৰাট)
কৰ্মস্থান MIT Media Lab-ৰ গৱেষণা সহযোগী আৰু পি এইছ ডি গৱেষক
শিক্ষানুষ্ঠান নিৰ্মা ইনষ্টিউট অৱ টেকনল'জি(বি.টেক.)
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, ব'ম্বে(এম.ডেছ.)
মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জি(পি এইছ ডি)
ডক্তৰেল পৰামৰ্শদাতা Pattie Maes
জনা যায় SixthSense-ৰ উদ্ভাৱক, Mouseless, Sparsh ছ'ফটৱেৰ আৰু TeleTouch

প্ৰণৱ মিস্ত্ৰী (জন্ম ১৯৮১) এজন ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। শেহতীয়াকৈ তেওঁ Samsung electronics-ৰ গৱেষণা সঞ্চালক (ইংৰাজী: Director of Research) হিচাপে যোগদান কৰিছে আৰু তেওঁ থিংক টেংক গোট (ইংৰাজী: Think Tank Team)ৰ নেতৃত্ব বহন কৰিছে।[1] পূৰ্বতে তেওঁ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জি-ৰ MIT Media Lab-ত গৱেষণা সহযোগী আৰু পি এইছ ডি গৱেষক ৰূপে কৰ্মৰত আছিল। মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিত ভৰ্তি হোৱাৰ পূৰ্বে প্ৰনৱে মাইক্ৰ'ছফটৰ UX Researcher হিচাপে কৰ্মৰত আছিল। প্ৰণৱ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিৰ পৰা Media Arts and Sciences-ত আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, ব'ম্বে Industrial Design Center-ৰ পৰা Master of Design স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ নিৰ্মা ইনষ্টিউট অৱ টেকনল'জি-ৰ পৰা কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। [2] প্ৰণৱ উত্তৰ গুজৰাটৰ পালনপুৰৰ বাসিন্দা। প্ৰণৱ মিস্ত্ৰী তেওঁৰ SixthSense সম্পৰ্কীয় কামৰ বাবে বিখ্যাত।[3][4][5]তেওঁৰ অন্যান্য কামৰ ভিতৰত, Mouseless –অদৃশ্য মাউচৰ উদ্ভাৱন, SPARSH – ডিজিটেল ডিভাইছৰ মাজত "ডাটা কপী-পেষ্ট"ৰ ছ'ফটৱেৰ উদ্ভাৱন, Quickies – search, locate কৰিব পৰা আৰু reminder message পঠাব পৰা intelligent sticky notes, Blinkbot - gaze আৰু blink নিয়ন্ত্ৰিত ৰ'বট; ত্ৰিমাত্ৰিক স্থানত অংকন কৰিব পৰা কলম আৰু পৃথিৱীৰ গুগল হিচাপে কাম কৰিব পৰা এখন ৰাজহুৱা মে'প ইত্যাদি উল্লেখনীয়। প্ৰণৱৰ গৱেষণাৰ বিষয়বস্তু হৈছে-Augmented reality, Ubiquitous computing, Gesture recognition,AI, Machine vision, Collective intelligence আৰু Robotics।

SixthSense সম্পৰ্কীয় প্ৰণৱৰ গৱেষণা ২০০৯ চনত Popular Science-ৰ দ্বাৰা Invention Award-ৰে পুৰস্কৃত হৈছিল।[3] তেওঁ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিৰ Technology Review(TR35)-ৰ দ্বাৰা "৩৫ বছৰ অনুৰ্ধৰ বিশ্বৰ ৩৫ জন উদ্ভাৱক"ৰ তালিকাভুক্তও হৈছিল। [6] ২০১০ চনত Creativity আলোচনীৰ Creativity Magazine's Creativity 50 তালিকাত আছিল প্ৰণৱ মিস্ত্ৰী। [7] Chris Andersen-এ মিস্ত্ৰীক সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ১০ জন উদ্ভাৱকৰ মাজৰ এজন আখ্যা দিছে।[8] প্ৰণৱ মিস্ত্ৰীক Asian Scientist Magazine-এ ২০১১ চনৰ ১৫ মে'ত এছিয়ান ১৫ জন দৰ্শনীয় বিজ্ঞানীৰ তালিকাত স্থান দিছে। [9] GQ India-ই প্ৰণৱক সকলোতকৈ প্ৰভাৱশালী ডিজিটেল ভাৰতীয় আখ্যা দিছে।[10][11] ইণ্ডিয়া টুডে'ই 37 Indians of Tomorrow তালিকাত স্থান দিছে। [12]শেহতীয়াকৈ প্ৰণৱ মিস্ত্ৰীক World Economic Forum-এ Young Global Leader 2013 খিতাপ প্ৰদান কৰিছে। [13]

মিস্ত্ৰী ভাৰতৰ ২১ বছৰৰ অনুৰ্ধ কাবাডী দলৰ দলপতি আছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতে ২১ বছৰৰ অনুৰ্ধ বিশ্বকাপত খিতাপ দখল কৰিছিল।

পুৰস্কাৰ, সফলতা[সম্পাদনা কৰক]

  • Winner of TR35 2009 award, Technology Review[6]
  • Winner of Invention of the Year award, Popular Science[3]
  • Winner of Young Indian Innovator 2009 award, Digit Magazine
  • Speaker for TED 2009 talk, TED 2009, Long Beach, CA[14]
  • 2010 Creativity 50 recipient[7]
  • Awarded Young Global Leader 2013 - World Economic Forum [15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Think Tank Team. Think Tank Team homepage. Retrieved 2013-09-03.
  2. "about Pranav Mistry". Pranavmistry.com. http://www.pranavmistry.com/। আহৰণ কৰা হৈছে: 2012-08-28. 
  3. BBC SixthSense blurs digital and the real.
  4. CNN Fareed Zakaria GPS: Innovation Nation
  5. 6.0 6.1 "2009 Young Innovators Under 35: Pranav Mistry, 28". Technology Review. 2009. http://www.technologyreview.com/tr35/profile.aspx?TRID=816। আহৰণ কৰা হৈছে: August 14, 2011. 
  6. 7.0 7.1 2010 Creativity 50 Archived 2011-10-02 at the Wayback Machine List of 50 most influential and inspiring creative personalities of 2010
  7. TEDtalk Pranav Mistry and Chris Andersen discussion at the end.
  8. "The Ultimate List Of 15 Asian Scientists To Watch – Pranav Mistry". AsianScientist.com. May 15, 2011. http://www.asianscientist.com/list/pranav-mistry/। আহৰণ কৰা হৈছে: May 21, 2011. 
  9. "The World's most powerful digital Indians". gqindia.com. April 1, 2011. Archived from the original on March 31, 2012. https://web.archive.org/web/20120331011531/http://www.gqindia.com/promotions/Digitalindians। আহৰণ কৰা হৈছে: April 3, 2012. 
  10. "The World's most powerful digital Indians - Pranav Mistry". gqindia.com. April 1, 2011. http://www.gqindia.com/sites/all/themes/gq/digitalindians/pranav_mistry.php#। আহৰণ কৰা হৈছে: April 3, 2012. [সংযোগবিহীন উৎস]
  11. "Indians of Tomorrow". indiatoday.com. December 15, 2012. http://indiatoday.intoday.in/37th-anniversary-issue/index.jsp। আহৰণ কৰা হৈছে: December 20, 2012. 
  12. "Pranav Mistry- Young Global Leader 2013. World Economic Forum". weforum.org. April 12, 2013. http://www.weforum.org/young-global-leaders/pranav-mistry। আহৰণ কৰা হৈছে: April 13, 2013. 
  13. "Pattie Maes and Pranav Mistry demo SixthSense | Video on". Ted.com. Archived from the original on 2012-08-26. https://web.archive.org/web/20120826031931/http://www.ted.com/talks/pattie_maes_demos_the_sixth_sense.html। আহৰণ কৰা হৈছে: 2012-08-28. 
  14. "Pranav Mistry- Young Global Leader 2013. World Economic Forum". weforum.org. April 12, 2013. http://www.weforum.org/young-global-leaders/pranav-mistry। আহৰণ কৰা হৈছে: April 13, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]