প্ৰিয়দৰ্শনী চেটাৰ্জী
প্ৰিয়দৰ্শনী চেটাৰ্জী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিজয়ী | |
---|---|
জন্ম | ১২ আগষ্ট , ১৯৯৬ ধুবুৰী, অসম |
বাসগৃহ | গুৱাহাটী |
শিক্ষা | হিন্দু কলেজ, দিল্লী বিশ্ববিদ্যালয় নতুন দিল্লী , ভাৰত |
পেচা | মডেল |
উচ্চতা | ১.৭২ মিটাৰ |
পদবী | ফেমিনা মিছ ইণ্ডিয়া-২০১৬ (বিজয়ী) ফেমিনা মিছ ইণ্ডিয়া দিল্লী-২০১৬ (বিজয়ী) |
প্ৰিয়দৰ্শনী চেটাৰ্জী(ইংৰাজী: Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ বিজয়ী।[1] ২০১৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অনুষ্ঠিত হবলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিব।[2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰিয়দৰ্শনী অসমৰ গুৱাহাটীত ডাঙৰ-দীঘল হয়। গুৱাহাটীৰ মাৰিয়া'চ পাবলিক স্কুলত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে নতুন দিল্লীলৈ যায়। বৰ্তমান তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে এগৰাকী পেশাদাৰী মডেল হিচাপে প্ৰতিষ্ঠিত হৈছে।
কৰ্ম জীৱন
[সম্পাদনা কৰক]দিল্লীত পঢ়ি থকা কালতে তেওঁ মডেলিংৰ জগত খনলৈ প্ৰৱেশ কৰিছিল। তেওঁ বিভিন্ন মডেলিংৰ অফাৰ পাবলৈ ধৰিছিল। সেই সময়ত তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মন মেলে। প্ৰিয়দৰ্শনী ফেমিনা মিছ ইণ্ডিয়া দিল্লী-২০১৬ ৰ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি ফেমিনা মিছ ইণ্ডিয়া-২০১৬ লৈ পোনে পোনে প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ এই প্ৰতিযোগিতাৰো চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি প্ৰথম গৰাকী অসমীয়া মিছ ইণ্ডিয়া হৈ পৰে। প্ৰিয়দৰ্শনীয়ে ২০১৬ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Priyadarshani Chatterjee crowned as Femina Miss India 2016". 9 April 2016. http://www.angelopedia.com/news/Priyadarshani-Chatterjee-is-Femina-Miss-India-2016/2393.
- ↑ "Priyadarshini Chatterjee is Femina Miss India 2016". Archived from the original on 23 April 2016. https://web.archive.org/web/20160423185537/https://tkop.org/2016/04/09/priyadarshini-chatterjee-femina-miss-india-2016-miss-world-india/। আহৰণ কৰা হৈছে: 25 April 2016.
- ↑ "Guwahati Girl Priyadarshini Chatterjee Wins Coveted Femina Miss India Title". Archived from the original on 30 May 2016. https://web.archive.org/web/20160530151735/http://lotikai.in/guwahati-girl-priyadarshini-chatterjee-win-coveted-femina-miss-india-title/। আহৰণ কৰা হৈছে: 14 May 2016.