সমললৈ যাওক

পৰাণ যায় জ্বলিয়া ৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰাণ যায় জ্বলিয়া ৰে

ছবিগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক ৰবি কিনাগী
ৰচনা এন.কে. সলিল
সুৰেশ নাইৰ
ভিত্তি নমস্তে লণ্ডন
প্ৰযোজক শ্ৰীকান্ত মোহতা
অভিনয়ত দেৱ
শুভশ্ৰী গাংগুলী
চিত্ৰগ্ৰহণকাৰী কুমুদ ভাৰ্মা
সম্পাদনা ৰবি ৰঞ্জন মৈত্ৰ
সংগীত পৰিচালক জিৎ গাংগুলী
প্ৰযোজনা
কোম্পানী
পৰিবেশক শ্ৰী ভেংকটেশ ফিল্মছ্
মুক্তি
২৫ মাৰ্চ ২০০৮ (2008-03-25)
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা বাংলা
সৰ্বমুঠ আয় ₹৯.৫০ কোটি [1][2]

পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে।[3] এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ। মূল চিনেমাখনৰ পৰিচালক বিপুল শ্বাহে পৰাণ যায় জ্বলিয়া ৰেৰ প্ৰযোজকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৭৫ লাখ টকাৰ জৰিমনা লাভ কৰে।[4] ২০০৯ চনৰ চেলেঞ্জ নামৰ ছবিখনৰ পিছত, ই দ্বিতীয়খন ছবি আছিল য'ত দেৱ আৰু শুভশ্ৰীয়ে একেলগে অভিনয় কৰিছিল।

কাহিনীভাগ

[সম্পাদনা কৰক]

আন্না লণ্ডনত বাস কৰা এগৰাকী প্ৰবাসী ভাৰতীয় ছোৱালী। তাইৰ পিতৃয়ে বিচাৰে যে তাই ভাৰতীয় ল’ৰা এজনলৈ বিয়া হওক। কিন্তু আন্নাই হেৰীক ভালপায় আৰু তাৰ লগতেই বিয়া হ'বলৈ বিচাৰে। আন্নাৰ ককায়েক ছিডো এগৰাকী বৃটিছ ছোৱালীৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁ তাইক বিয়া কৰাব বিচাৰে। কিন্তু, আন্নাৰ দেউতাকে এই কথা মানি নলয় যাৰ বাবে ছিডে ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লয়। ইফালে আন্নাৰ পিতৃয়ে পত্নী আৰু কন্যাকলৈ ভাৰতলৈ আহে। ইয়ালৈ আহি তেওঁ কন্যাৰ বাবে এগৰাকী উপযুক্ত দৰা বিচাৰি পায়। তেওঁলোকে ৰাজ নামৰ ল'ৰা জনক লগ পায়। ইতিমধ্যে ৰাজ আন্নাৰ প্ৰেমত পৰে আৰু ৰাজৰ দেউতাক আন্নাৰ দেউতাকৰ পুৰণি বন্ধু হোৱাৰ বাবে তেওঁলোকৰ বিয়াখন চূড়ান্ত হয়। কিন্তু আন্নাই ৰাজক ভাল পালেও ককায়েকৰ সহযোগত ৰাজক লণ্ডনলৈ নি বিয়াখন বাতিল কৰাৰ পৰিকল্পনা ৰচনা কৰে। এতিয়া বিদেশত ৰাজে আন্নাক পাবলৈ তথা বিয়া কৰাবলৈ আপ্ৰাণ চেষ্টা কৰে। এনে পৰিস্থিতিৰ মাজেৰেই এদিন হেৰীৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পায়, যেতিয়া হেৰীয়ে আন্নাৰ লগত বেয়া আচৰণ কৰিছিল আৰু ৰাজে তাৰ প্ৰত্যুত্তৰ দিছিল। অৱশেষত, ৰাজ আৰু আন্নাৰ বিয়া হয় আৰু তেওঁলোকে সুখেৰে জীৱন নিৰ্বাহ কৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • দেৱ - ৰাজ
  • শুভশ্ৰী গাংগুলী - অনামিকা "আন্না" বেনাৰ্জী
  • ৰাহুল বেনাৰ্জী - বিবেক (অতিথি ৰূপত)
  • টোটা ৰায় চৌধুৰী - সিদ্ধাৰ্থ "ছিড" বেনাৰ্জী
  • মৰিয়ম - লিজা, সিদ্ধাৰ্থৰ পত্নী
  • বিশ্বজিৎ চক্ৰৱৰ্তী - ৰঞ্জিত বেনাৰ্জী, আন্নাৰ পিতৃ
  • লাবণী সৰকাৰ - মায়া বেনাৰ্জী, আন্নাৰ মাতৃ
  • অৰিত্ৰ দত্ত বণিক - ৰাজৰ মোমায়েকৰ ল'ৰা
  • বোধিসত্ত্ব মজুমদাৰ - বিজয়, ৰাজৰ পিতৃ
  • মৌচুমী সাহা - ৰাজৰ মাক
  • লকেট চেটাৰ্জী - সীমা
  • ৰজত গাংগুলী - ৰঞ্জিতৰ বন্ধু
  • মিতা চেটাৰ্জী - ৰাজৰ আইতা
  • শান - হেৰী
পৰাণ যায় জ্বলিয়া ৰে
সংগীত এলবাম
মুক্তি ২০০৯
বাণীবন্ধন ২০০৮
ষ্টুডিঅ' শ্ৰী ভেংকটেশ ফিল্মছ্
শৈলী/ধৰণ ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক
ভাষা বাংলা
লেবেল এছভিএফ
প্ৰযোজক শ্ৰী ভেংকটেশ ফিল্মছ্


জুবিন গাৰ্গে কণ্ঠ দিয়া "চোখেৰ জলে" গীতটি আটাইতকৈ ডাঙৰ হিট আছিল।[5]

নং শিৰোনামকণ্ঠশিল্পী(সকল) দৈৰ্ঘ্য
1. "চোখেৰ জলে"  জুবিন গাৰ্গ ৫:১০
2. "স্বপ্ন নীল"  জিৎ গাংগুলী ৪:০৮
3. "মন জানে"  শান, জুন বেনাৰ্জী ৪:১৭
4. "ঢাকেৰ তালে"  অভিজিৎ ভট্টাচাৰ্য, পৰিণীতা, সুদীপ্ত আৰু কোৰাছ ৪:৫১
5. "পৰাণ যায় জ্বলিয়া ৰে টাইটেল ট্ৰেক"  জিৎ গাংগুলী ৪:৫৭
6. "পৰাণ যায় জ্বলিয়া ৰে (ৰিমিক্স)"  জিৎ গাংগুলী  

ছবিখনৰ সকলো গীতৰ কথা লিখিছিল গৌতম সুষ্মিত, প্ৰিয় চট্টোপাধ্যায়ে আৰু সংগীত পৰিচালনা কৰিছিল জিৎ গাংগুলীয়ে।

ছবিখন মুক্তি পোৱাৰ পিছতে নমস্তে লণ্ডনৰ প্ৰযোজক বিপুল শ্বাহে ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ছবিখনৰ কাহিনীভাগ তেওঁৰ ছবিৰ পৰা, তেওঁৰ অনুমতি অবিহনেই লোৱা হৈছে বুলি তেওঁ অভিযোগ কৰিছিল। ছবিখনৰ প্ৰদৰ্শনত দুবাৰকৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। এবাৰ নিম্ন আদালতে আৰু পিছত কলিকতা উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে শ্ৰী ভেংকটেশ ফিল্মছে পঁয়সত্তৰ লাখ (৭৫ লাখ) টকা জৰিমনা ভৰিবলৈ সন্মত হয়। ইয়াৰ পিছত গোচৰটোৰ নিষ্পত্তি হয়। আদালতৰ বাহিৰৰ এই নিষ্পত্তিটোক ডাঙৰ বুলি ধৰিব পাৰি যিহেতু ছবিখনৰ নিৰ্মাণত প্ৰায় ২ কোটি টকা ব্যয় হৈছিল। তদুপৰি এই নিষ্পত্তিৰ বাবে ছবিখনত ‘বিপুল অমৃতলাল শ্বাহৰ ছবি নমস্তে লণ্ডনৰ ওপৰত ভিত্তি কৰি’ লিখা শিৰোনাম প্ৰদৰ্শন কৰিব লগা হৈছিল।[4]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]