ফিফা বিশ্বকাপ শুভংকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ। এই শুভংকৰটোত আয়োজক দেশৰ বেশভুষা, জৈৱবৈচিত্ৰ্য আদি প্ৰতিফলিত হৈছিল[1]

শুভংকৰ সমূহ সাধাৰণতে কোনো জীৱ-জন্তু মানুহৰ দৰে ৰূপ দি সজা হয়, ইয়াক শিশু সকলৰ আকৰ্ষণ কৰিব পৰাকৈ সাজি উলিওৱা হয়। বিশ্বকাপৰ সময়ত বজাৰত ঊপলব্ধ বিভিন্ন সা-সামগ্ৰীত ইয়াক ব্যৱহাৰ কৰা দেখা যায়।

বিশ্বকাপ শুভংকৰ(সমূহ) বৰ্ণনা
ইংলেণ্ড
১৯৬৬
1966 worldcupwillie.png

ৱৰ্ল্ড কাপ উইলী
World Cup Willie

বিশ্বকাপ বুলি লিখা যুক্তৰাজ্যৰ পতাকা অংকিত চোলা পৰিহিত যুক্তৰাজ্যৰ প্ৰতীক এটি সিংহ।
মেস্কিক’
১৯৭০
1970 juanito.jpg

জুৱানিট’
Juanito

মেস্কিক’ৰ ফুটবল দলৰ পোচাক আৰু মেস্কিক’ ৭০ বুলি লিখা থকা চ’ম্ব্ৰেৰ’ নামৰ টুপী পৰিহিত পৰিহিত এটি ল’ৰা, ল’ৰাটিৰ নাম আছিল জুৱান
পশ্চিম জাৰ্মানী
১৯৭৪
1974 tiptap.png

টিপ আৰু টপ
Tip and Tap

WM আৰু সংখ্যা ৭৪ লিখা থকা জাৰ্মানীৰ ফুটবল দলৰ পোচাক পৰিহিত দুটা ল’ৰা।
আৰ্জেণ্টিনা
১৯৭৮
1978-mascot.jpg

গুৱাচিট’
Gauchito

আৰ্জেণ্টিনাৰ ফুটবল দলৰ পোচাক পৰিহিত এটা ল’ৰা, ল’ৰাটোৰ টুপীটোত আৰ্জেণ্টিনা’ ৭৮ বুলি লিখা আছে, ডিঙিত দক্ষিণ আমেৰিকাৰ গাওচ’সকলে ব্যৱহাৰ কৰা গলবন্ধা আৰু হাতত এডাল চাবুক।
স্পেইন
১৯৮২
1982 naranjito.jpg

নাৰাঞ্জিত’
Naranjito

স্পেইনৰ ফুটবল দলৰ পোচাক পৰিহিত এটি কমলা, স্পেইনিজ ভাষাত নাৰাঞ্জা মানে কমলা, এই নাৰাঞ্জাৰ পৰা নাৰাঞ্জিত’ নাম আহিছে।
মেস্কিক’
১৯৮৬
1986 pique.jpg

পিক
Pique

মেস্কিকান ব্যঞ্জনত ব্যৱহাৰ কৰা হালেপিন’ নামৰ জলকীয়াবিধ, প্ৰতীকটোত হালেপিন’ৰ একোচা মোচ আছে আৰি ই চ’মব্ৰেৰ’ নামৰ মেস্কিকান টুপীটো পিন্ধি আছে।
ইটালী
১৯৯০
Italia 90 mascot.png

চিয়াও
Ciao

লাখুটিৰে সজ্জিত এটি চৰিত্ৰ, ইয়াৰ মূৰটো এটা ফুটবল আৰু দেহত ইটালীৰ পতাকা।
আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৯৪
Usa94mascot.png

ষ্ট্ৰাইকাৰ
Striker,
the World Cup Pup

"USA 94" বুলি লিখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা অংকিত পোচাক পৰিহিত এটা কুকুৰ।
ফ্ৰান্স
১৯৯৮
France98mascot.png

ফুটিক্স
Footix

ফ্ৰান্সৰ জাতীয় প্ৰতীক, বুকুত "FRANCE 98" বুলি লিখা থকা এটা কুকুৰা, ফ্ৰান্সৰ জাতীয় দলৰ পোচাকৰ দৰে ইয়াৰ চোলাটোও নীলা, চোলাটোৰ নাম প’ৰ্টমানেট্যু।
দক্ষিণ কোৰিয়া-জাপান
২০০২
Koreajapan2002mascots.png

এট’,কাঝ আৰু নিক
Ato, Kaz and Nik (The Spheriks)

কম্পিউটাৰত নিৰ্মিত কমলা, পাৰ্পল আৰু নীলা ৰঙৰ তিনিটা চৰিত্ৰ। এওঁলোক তিনিও এটমবল নামৰ এটি কাল্পনিক দলৰ সদস্য, এট’ দলটিৰ প্ৰশিক্ষক আন্থাতেদি কাঝ আৰু নিক খেলুৱৈ।
জাৰ্মানী
২০০৬

গ’লেঅ’ আৰু পিলে’
Goleo and Pille

জাৰ্মানী দলৰ ৬৬ নং জাৰ্চী পৰিহিত এটি সিংহ আৰু ই খেলা পিলে’ নামৰ এটি বল গ’ল (goal)আৰু সিংহ (leo)শব্দৰ পৰা এই নাম আহিছ, আনহাতেদি জাৰ্মান কথিত ভাষাত পিলে’(pille) মানে ফুটবল।
দক্ষিণ আফ্ৰিকা
২০১০
255px-Zakumi.svg.png

জাকুমি
Zakumi

জাকুমি এটা আফ্ৰিকীয় সিংহ, South Africa 2010 বুলি লিখা থকা এটা সেউজীয়া চোলা পিন্ধিছে জাকুমিয়ে, জাকুমিৰ সেউজীয়া আৰু সোণালী ৰঙে দক্ষিণ আফ্ৰিকাৰ জাতীয় দলৰ ৰঙক প্ৰতিনিধিত্ব কৰিছে, জাকুমি নামৰ ZA আহিছে দক্ষিণ আফ্ৰিকাৰ ISO 3166-1 alpha-2 সূচকৰ পৰা, আনহাতেদি কুমি মানে বিভিন্ন দক্ষিণ আফ্ৰিকীয় ভাষাত ১০ (২০১০ৰ বিশ্বকাপ)।
ব্ৰাজিল
২০১৪
আমিজুবি, ফুলেক’ আৰু জুজেক’
Amijubi, Fuleco or Zuzeco
ৰাছিয়া
২০১৮
চূড়ান্ত হোৱা নাই


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kasprzak, Emma (2012-06-15). "BBC News - World Cup Willie's sporting mascot legacy". Bbc.co.uk. http://www.bbc.co.uk/news/uk-england-18430665। আহৰণ কৰা হৈছে: 2012-07-04. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]