ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ
আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল। উদাহৰণ স্বৰূপে প্ৰথম বিশ্বকাপ উৰুগুৱেত অনুষ্ঠিত কৰা বাবে মাত্ৰ চাৰিখন ইউৰোপীয় দেশেহে তাত অংশ লৈছিলগৈ।[1] তাৰ পৰৱৰ্তী দুয়োখন বিশ্বকাপ ইউৰোপত অনুষ্ঠিত কৰা হৈছিল। তৃতীয় বিশ্বকাপ ফ্ৰান্সত অনুষ্ঠিত কৰা বাবে দক্ষিণ আমেৰিকাৰ বহুতো দেশে অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ তেওঁলোকে অনুমান কৰি লৈছিল যে তেওঁলোক আৰু ইউৰোপৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন স্থান নিৰ্বাচন কৰা হব। আৰ্জেণ্টিনা আৰু উৰুগুৱে দুয়োখন দেশেই ১৯৩৮ চনৰ বিশ্বকাপ বৰ্জন কৰিছিল।[2]
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই বিতৰ্ক আৰু বৰ্জন বিলাক পৰিহাৰ কৰি চলিবলৈ ফিফাই ইউৰোপ আৰু আমেৰিকা মহাদেশ দুখন ৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন কৰাৰ সিদ্ধান্ত লয়, আৰু ২০০২ চনলৈকে এই ব্যৱস্থা বলবৎ থাকে। আজিকালি আয়োজক দেশ নিৰ্বাচনৰ কামটো ফিফাৰ কাৰ্যকৰী সমিতিত “ সম্পূৰ্ণ বেলট” (exhaustive ballot) ব্যৱস্থাৰ ভোট দানেৰে নিৰ্ণয় কৰা হয়। চূড়ান্ত সিদ্ধান্ত মূল প্ৰতিযোগিতাৰ প্ৰায় সাতবছৰ মান আগতহে লোৱা হয়, যদিও ২০২২ আৰু ২০১৮ চনৰ বাবে একেলগে আয়োজক দেশ নিৰ্বাচিত কৰা হ’ল।
কেৱল মেক্সিক’ ইটালী, ফ্ৰান্স আৰু জাৰ্মানীয়েহে দুবাৰকৈ বিশ্বকাপ অনুষ্ঠিত কৰাৰ গৌৰৱ প্ৰাপ্ত কৰিছে। আৰু ২০১৪ চনত ব্ৰাজিল এই গৌৰৱৰ অংশীদাৰ হব। মেক্সিক’ চিটিৰ এজটেক ষ্টেডিয়াম (Aztec Stadium) একমাত্ৰ স্থান য’ত দুখনকৈ ফিফা বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হৈছে। ৰিঅ’ ডি’ জেনিৰ’ৰ মাৰাকানা ষ্টেডিয়াম (Maracanã Stadium) ২০১৪ চনত এই অভিলেখৰ অধিকাৰী হব, ইয়াত ইতিমধ্যে ১৯৫০ চনৰ বিশ্বকাপ ফাইনেল খেল হৈ গৈছে(যদিও এক অন্যধৰণৰ বিন্যাস ব্যৱহাৰ কৰা বাবে ১৯৫০ চনত ফাইনেল বুলি এখন খেল হোৱা নাছিল)
আয়োজক দেশৰ তালিকা
[সম্পাদনা কৰক]ইচ্ছুক প্ৰাৰ্থী আৰু ভোটৰ সবিশেষ পৰবৰ্তী অংশত দিয়া আছে.
Year | Host |
---|---|
১৯৩০ | উৰুগুৱে |
১৯৩৪ | ইটালী |
১৯৩৮ | ফ্ৰান্স |
১৯৪২ | দ্বিতীয় বিশ্বযুদ্ধৰ বাবে বাতিল |
১৯৪৬ | দ্বিতীয় বিশ্বযুদ্ধৰ বাবে বাতিল |
১৯৫০ | ব্ৰাজিল |
১৯৫৪ | ছুইজাৰলেণ্ড |
১৯৫৮ | ছুইডেন |
১৯৬২ | চিলি |
১৯৬৬ | ইংলেণ্ড |
১০৭০ | মেক্সিকো |
১৯৭৪ | পশ্চিম জাৰ্মানী |
১৯৭৮ | আৰ্জেণ্টিনা |
১৯৮২ | স্পেইন |
১৯৮৬ | মেক্সিকো |
১৯৯০ | ইটালী |
১৯৯৪ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
১৯৯৮ | ফ্ৰান্স |
২০০২ | দক্ষিণ কোৰিয়া / জাপান |
২০০৬ | জাৰ্মানী |
২০১০ | দক্ষিণ আফ্ৰিকা |
২০১৪ | ব্ৰাজিল |
২০১৮ | ৰাছিয়া |
২০২২ | কাটাৰ |
ভোটৰ ফলাফল
[সম্পাদনা কৰক]নিবিদা:
ফিফা কংগ্ৰেছে এই বিষয়ত ভোটদানলৈ যোৱাৰ আগতেই কেইবাখনো দেশে নিজৰ মনোনয়ন উঠায় লোৱাত উৰুগুৱে নিৰ্বাচিত হয়। প্ৰথমতে নেদাৰলেণ্ড আৰু হাংগেৰী প্ৰতিদ্বন্দ্ব্বিতা পৰা আঁতৰি যাৰ, তাৰ পাছত চুইডেনে ইটালীৰ সমৰ্থনত নিজৰ মনোনয়ন উঠায় লয়, তাৰ পাছতেই ইটালী আৰু স্পেইন দুয়ো দেশেই আঁতৰি যায়, আৰু কেৱল উৰুগুৱে বাকী ৰয়। ১৯২৯ চনৰ ১৮ মে'ত ফিফা কংগ্ৰেছ স্পেইনৰ বাৰ্চিল'নাত মিলিত হয় আৰু বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে উৰুগুৱে আয়োজক দেশ হিচাপে নিৰ্বাচিত হয়।
ফলাফল:
- উৰুগুৱে
ইটালীউৰুগুৱেৰ সমৰ্থনত মনোনয়ন প্ৰত্যাহাৰস্পেইনউৰুগুৱেৰ সমৰ্থনত মনোনয়ন প্ৰত্যাহাৰছুইডেনইটালীৰ সমৰ্থনত মনোনয়ন প্ৰত্যাহাৰনেডাৰলেণ্ডচ
প্ৰত্যাহাৰ
হাংগেৰীপ্ৰত্যাহাৰ
নিবিদা:
ভোটদানৰ আগতেই চুইডেনে নিজৰ মনোনয়ন উঠায় লয়, আৰু একমাত্ৰ প্ৰাৰ্থী ইটালীয়ে বিশ্বকাপ অনুষ্ঠিত কৰাৰ গৌৰৱ লাভ কৰে। ফিফা কংগ্ৰেছৰ এই সিন্ধান্তত ষ্টকহ'ম, চুইডেন আৰু জুৰিখে ১৯৩২ চনৰ ১৪ মে'ত চূড়ান্ত মোহৰ লগায়। ইটালী জাতীয় ফুটবল সংস্থাই ১৯৩২ চনৰ ৯ অক্টোবৰত আধিকাৰিক ভাৱে আয়োজনৰ দায়িত্ব গ্ৰহণ কৰে।
ফলাফল:
নিবিদা:
কোনো দেশে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ নকৰাত ফিফা কংগ্ৰেছ পৰবৰ্তী বিশ্বকাপৰ স্থান নিৰ্ণয় কৰিবলৈ ১৯৩৬ চনৰ ১৩ আগষ্টত বাৰ্লিনত মিলিত হয়। কেৱল মাত্ৰ এখন বেলটৰ যোগে ফ্ৰান্সে জয়লাভ কৰে কাৰণ, প্ৰথম পৰ্যায়ত তেওঁলোকে আধাতকৈ বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
ফলাফল:
- ফ্ৰান্স, ১৯টা ভোট
- আৰ্জেণ্টিনা, ৪টা ভোট
- জাৰ্মানী, 0টা ভোট
১৯৪২ আৰু ১৯৪৬ চনৰ ফিফা বিশ্বকাপ
[সম্পাদনা কৰক]নিবিদা:
দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱা বাবে ১৯৪২ আৰু ১৯৪৬ চনৰ দুয়োখন বিশ্বকাপ বাতিল হয়, সেয়ে কোনো ভোট গ্ৰহণ কৰা নহ'ল।
নিবিদা:
১৯৪২ চনৰ বিশ্বকাপ আয়োজন কৰিবৰ বাবে ব্ৰাজিলে আধিকাৰিক ভাৱে ইচ্ছা প্ৰকাশ কৰিছিল, যদিও দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত এই খেল বাতিল হয়। ১৯৫০ চনৰ বিশ্বকাপ আচলতে ১৯৪৯ চনত হোৱাৰ সিদ্ধান্ত কৰা হৈছিল, কিন্তু ১৯৪৬ চনৰ ২৬ জুলাইত লাক্সেমবাৰ্গ ত ব্ৰাজিল নিৰ্বাচিত হোৱাৰ লগে লগে এই বিশ্বকাপ ১৯৫০ চনলৈ পিছুৱাই নিয়া হয়।
ফলাফল:
নিবিদা:
১৯৪৬ চনৰ ২৬ জুলাইত ১৯৫০ চনৰ বিশ্বকাপৰ বাবে ব্ৰাজিল নিৰ্বাচিত হোৱাৰ দিনাই ১৯৫৪ চনৰ বিশ্বকাপৰ স্থানো নিৰ্ণয় কৰা হয়। এই বিশ্বকাপো ১৯৫৩ চনৰ পৰা এবছৰ পিছুৱাই ১৯৫৪ চনত পতাৰ সিদ্ধান্ত লোৱা হয়।
ফলাফল:
নিবিদা:
আগৰ বিলাকৰ দৰে এই বাৰো বিশ্বকাপ নিবিদা বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে গ্ৰহণ কৰা হয়, আৰুৰিঅ' ডি জেনিৰ' ত ১৯৫০ চনৰ ২৩ জুনত ফিফা কংগ্ৰেছে চুইডেনৰ নিৰ্বাচনক আধিকাৰিক মোহৰ লগায়।
ফলাফল:
নিবিদা:
পৰ্টুগালৰ লিচবনত ১৯৫৬ চনৰ ১০ জুনত হোৱা ভোটগ্ৰহণৰ আগতেই পশ্চিম জাৰ্মানীয়ে নাম প্ৰত্যাহাৰ কৰে, ফলস্বৰূপে প্ৰতিদ্বন্দ্বিতা দুখন দেশৰ মাজত সীমাবদ্ধ হয়। আৰু ভোটত চিলিয়ে আৰ্জেণ্টিনাক পৰাস্ত কৰে।
ফলাফল:
- চিলি,৩২টা ভোট
- আৰ্জেণ্টিনা, ১১টা ভোট
পশ্চিম জাৰ্মানীপ্ৰত্যাহাৰ
নিবিদা:
১৯৬০চনৰ ২২ আগষ্টত ৰোমত হোৱা ভোটদানৰ আগেয়েই স্পেইনে নিজৰ নাম উঠাই লয়, আৰু এক পৰ্যায় ভোটৰে ইংলেণ্ডে জাৰ্মানীক পৰাস্ত কৰি বিশ্বকাপ আয়োজনৰ সুযোগ লাভ কৰে।
ফলাফল:
- ইংলেণ্ড, ৩৪টা ভোট
- পশ্চিম জাৰ্মানী, ২৭টা ভোট
স্পেইনপ্ৰত্যাহাৰ
নিবিদা:
ফিফা কংগ্ৰেছ ১৯৬৪ চনৰ ৮ অক্টোবৰত জাপানৰ টকিঅ' মিলিত হয় আৰু মাত্ৰ এক পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজেদিয়েই আৰ্জেণ্টিনাক পৰাস্ত কৰা মেক্সিক'ক আয়োজক হিচাপে ঘোষণা কৰে।
ফলাফল:
- মেক্সিকো, ৫৬টা ভোট
- আৰ্জেণ্টিনা, ৩২টা ভোট
১৯৭৪ নিবিদা:
১৯৭৮ ৰ নিবিদা:
১৯৮২ৰ নিবিদা:
এক আচহুৱা ঘটনাক্ৰমৰ মাজেৰে ফিফা কংগ্ৰেছে ১৯৬৬ চনৰ ৬ জুলাইত লণ্ডনত তিনিখন আয়োজক দেশ নিৰ্বাচিত কৰে। স্পেইন আৰু জাৰ্মানীয়ে ১৭৭৪ আৰু ১৯৮২ বিশ্বকাপ নিজৰ মাজত ভগাই লয়। মেক্সিক'ই ইতিমধ্যে ১৯৭০ চনত আয়োজনৰ সুবিধা পোৱা পাবে আৰ্জেণ্টিনাৰ সমৰ্থনত নিজৰ মনোনয়ন উঠাই লবলৈ সন্মত হয়।
ফলাফল:
১৯৭৪:
- পশ্চিম জাৰ্মানী
স্পেইন১৯৮২ত আয়োজনৰ সুবিধা দিয়া বাবে প্ৰত্যাহাৰ
১৯৭৮:
- আৰ্জেণ্টিনা
মেক্সিকো১৯৭০ চনত আয়োজন কৰা বাবে প্ৰত্যাহাৰ
১৯৮২:
- স্পেইন
পশ্চিম জাৰ্মানী১৯৭৪ত আয়োজনৰ সুবিধা দিয়া বাবে প্ৰত্যাহাৰ
নিবিদা:
১৯৭৪ চনৰ ৯ জুনত ভোটগ্ৰহণৰ দায়িত্ব লৈয়েই ফিফাৰ কাৰ্যকৰী সমিতিয়ে(FIFA Executive Committee or Exco') ষ্টকহমত মিলিত হৈ অপ্ৰতিদ্বন্দ্ব্বী হৈ থকাকলম্বিয়াক আধিকাৰিক ভাৱে নিৰ্বাচিত কৰে।
ফলাফল:
কিন্তু, আৰ্থিক সমস্যাৰ দোহাই দি ১৯৮২ চনৰ ২ নৱেম্বৰত কলম্বিয়াই বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে, তেতিয়া মূল প্ৰতিযোগিতালৈ মাত্ৰ চাৰিবছৰ মানহে বাকী আছিল। আকৌ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু তলৰ দেশ সমূহে আয়োজক হবলৈ ইচ্ছা প্ৰকাশ কৰে।
নিবিদা:
১৯৮৩ চনৰ ২০ মে'ত জুৰিখত বিশ্বকাপৰ ইতিহাসত মেক্সিক'ক সৰ্ব সন্মতিৰে নিৰ্বাচিত কৰা হয়।
ফলাফল:
- মেক্সিকো, সৰ্বসন্মতিৰে( ভোটৰ সংখ্যা জনা নেযায়)
- কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ: ০ ভোট
নিবিদা:
১৯৮৪ চনৰ ১৯ মে'ত জুৰিখত হোৱা ভোট গ্ৰহণৰ পূৰ্বেই ইংলেণ্ড আৰু গ্ৰীচে নাম প্ৰত্যাহাৰ কৰে। আকৌ মাত্ৰ এলানি ভোটতে ইটালীয়ে চোভিয়েত ইউনিয়নক পৰাস্ত কৰে।
ফলাফল:
- ইটালী, ১১টা ভোট
- ছ'ভিয়েট সংঘ, ৫টা ভোট
ইৰানপ্ৰত্যাহাৰ[উদ্ধৃতিৰ প্ৰয়োজন]ইংলেণ্ডপ্ৰত্যাহাৰগ্ৰীচপ্ৰত্যাহাৰ
নিবিদা:
যদিও তিনিখন দেশে প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল, মাত্ৰ এলানি ভোটতে সিদ্ধান্ত লব পৰা হয়। ১৯৮৮ চনৰ ৪ জুলাইত জুৰিখত হোৱা ভোটগ্ৰহণত আমেৰিকাই আধাতকৈও অলপ বেছি ভৌট লাভ কৰি জয়লাভ কৰে।
ফলাফল:
- আমেৰিকা যুক্তৰাষ্ট্ৰ, ১০টা ভোট
- মৰক্কো, ৭টা ভোট
- ব্ৰাজিল, ২টা ভোট
নিবিদা:
এইবাৰো বিশ্বকাপৰ স্থান নিৰ্বাচনৰ বাবে ফিফা জুৰিখত ১৯৯২ চনৰ ১ জুলাইত মিলিত হয়। কেৱল এক পৰ্যায়ৰ ভোটতে ফ্ৰান্সে মৰক্কো আৰু চুইজাৰলেণ্ডক পৰাজিত কৰে।
ফলাফল:
- ফ্ৰান্স, ১২টা ভোট
- মৰক্কো, ছুইজাৰলেণ্ড; মুঠ ৭টা ভোট
নিবিদা:
পঞ্চম বাৰৰ বাবে জুৰিখত নিৰ্বাচন সমিতিৰ সভা অনুষ্ঠিত হয়। জাপান আৰু দক্ষিণ কোৰিয়াই য়ুটীয়া ভাৱে নিবিদা দাখিল কৰে, আৰু মৌখিক ভোটত তেওঁলোকে মেক্সিক'ক পৰাস্ত কৰি আয়োজক দেশৰ সন্মান লাভ কৰে। এইয়া বিশ্বকাপৰ প্ৰথম তথা এতিয়ালৈকে একমাত্ৰ যুটীয়া আয়োজন।
ফলাফল:
- দক্ষিণ কোৰিয়া/ জাপান (যুটীয়া নিবিদা, মৌখিক ভোটত গৃহীত)
- মেক্সিকো
বিতৰ্ক
[সম্পাদনা কৰক]২০০২ চনত এচিয়াৰ প্ৰথম বিশ্বকাপ জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়া ভাৱে আয়োজন কৰে। পোন প্ৰথমে এই এচিয় দেশ কেইখন নিবিদাৰ প্ৰতিদ্বন্দ্বী আছিল, কিন্তু ভোটদানৰ আগে আগে যুটীয়া ভাবে নিবিদা দিয়াৰ সিদ্ধান্ত লয়। তথাপিও, দুয়োখন দেশৰ মাজৰ দূৰত্ব আৰু ৰাজনৈতিক শত্ৰুতাই বহু সাংগঠনিক তথা নীতিগত সমস্যাৰ সৃষ্টি কৰে। ফিফাই মত পোষণ কৰে যে আকৌ বোধহয় যুটীয়া ভাৱে কাকো বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ দিয়া নহব, আৰু এই ২০০৪ চনত এই সিদ্ধান্ত আধিকাৰিক ৰূপে প্ৰকাশ কৰে।[3]
নিবিদা:
৭ জুলাই, ২০০০ চনত একেৰাহে ষষ্ঠ বাৰৰ বাবে জুৰিখত আয়োজক দেশ নিৰ্বাচনৰ বাবে সভা অনুষ্ঠিত হয়। ভোটদানৰ তিনিদিন আগতে ব্ৰাজিলে মনোনয়ন প্ৰত্যাহাৰ কৰে, আৰু প্ৰতিদ্বন্দ্ব্বিতা চাৰিখন দেশৰ মাজত সীমাবদ্ধ হয়। এই বাৰেই প্ৰথম একাধিক পৰ্যায়ত ভোট গ্ৰহণ কৰিব লগা হয়। অবশেষত তিনিবাৰ ভোট গ্ৰহণেৰেহে চূড়ান্ত সিদ্ধান্ত লব পৰা হয়গৈ। অবশেষত দক্ষিণ আফ্ৰিকাক মাত্ৰ এটা ভোটত পৰাস্ত কৰি জাৰ্মানী ২০০৬ চনৰ বাবে আয়োজক দেশ হিচাপে নিৰ্বাচিত হয়। (তলত চাওক):
দেশ | ভোট | ||
---|---|---|---|
১ | ২ | ৩ | |
জাৰ্মানী | ১০ | ১১ | ১২ |
দক্ষিণ আফ্ৰিকা | ৬ | ১১ | ১১ |
ইংলেণ্ড | ৫ | ২ | |
মৰক্কো | ২ | ||
ব্ৰাজিল | 0 | ||
মূঠ ভোট | ২৩ | ২৪ | ২৩ |
বিতৰ্ক
[সম্পাদনা কৰক]২০০৬ চনৰ বিশ্বকাপ জাৰ্মানী প্ৰদান কৰা লৈ হোৱা বিতৰ্কই ফিফাক নতুন নীতি নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰে। ভোটৰ শেষত বিজয়ী জাৰ্মানী আৰু প্ৰতিদ্বন্দ্বী দক্ষিণ আফ্ৰিকাৰ মাজত ভোটৰ ব্যৱধান আছিল মাত্ৰ এটা। দক্ষিণ আফ্ৰিকা জয়ী হব বুলি বহুতে আশা কৰিছিল। নিউজিলেণ্ডৰ ফিফা সদস্য 'চাৰ্লি ডেম্পচে' ক দক্ষিণ আফ্ৰিকাৰ সপক্ষে ভোটদান কৰিবলৈ অচেনিয়া ফুটবল কনফেডাৰেচনে নিৰ্দেশ দিছিল, কিন্ত শেষ মুহূৰ্তত তেওঁ ভোটদানৰ পৰা বিৰত থাকে। যদি তেওঁ ভোটদান কৰিলেহেঁতেন তেন্তে দক্ষিণ আফ্ৰিকাইয়ো জাৰ্মানীৰ সমানে ১২টা ভোট পালেহেঁতেন, আৰু তেতিয়া ফিফাৰ সভাপতি 'চেপ ব্লেটাৰে'(Sepp Blatter) নিৰ্ণায়ক ভোট দিয়াৰ সুবিধা পালেহেঁতেন, আৰু বিশ্বাস কৰা যায় তেওঁৰ ভোট দক্ষিণ আফ্ৰিকাৰ ফালেই গ'লহেঁতেন।[4]'ডেম্পচে'ৰ লগতে আৰু কাৰ্যকৰী সমিতিৰ আঠোজন সদস্যই ভোটদানৰ আগৰাতি জাৰ্মান ব্যংগ আলোচনী 'টাইটানিক'(Titanic)ৰ সম্পাদক সকলৰ পৰা এটা ফেক্স লাভ কৰে, যত লিখা আছিল যে তেওঁলোকে জাৰ্মানীৰ সপক্ষে ভোট দিলে প্ৰত্যেককে একোটাকৈ ঘড়ী আৰু মিঠাই খাবলৈ পাব। তেওঁ কয় যে সকলো ফালৰ পৰা তেওঁক হেঁচা দিয়া হৈছিল, আৰু সৰ্বশেষত এক উৎকোচ প্ৰচেষ্টাৰ বাবে মৰ্মাহত হৈ তেওঁ ভোটদানৰ পৰা বিৰত থাকে।[5]
ইয়াৰ পিছতে ফিফাই বিশ্বকাপৰ স্থান তেওঁলোকৰ কনফেডাৰেচন সমূহৰ মাজত আবৰ্তিত কৰাৰ সিদ্ধান্ত লয় আৰু "আন্তৰ্মহাদেশীয় আৱৰ্তন নীতি" বন্ধ কৰি দিয়া হব বুলি ঘোষণা কৰে।[6]
নিবিদা:
"আন্তৰ্মহাদেশীয় আবৰ্তন" নীতি ( মহাদেশ সমূহৰ মাজত বিশ্বকাপৰ স্থান আবৰ্তন কৰা) অনূযায়ী নিবিদা আহ্বান কৰা প্ৰথম বিশ্বকাপ হ'ল ২০১০ চনৰ বিশ্বকাপ,[3] আৰু লগতে আফ্ৰিকাত অনুষ্ঠিত হোৱা প্ৰথম বিশ্বকাপ। ফিফাই যুটীয়া নিবিদা নিষিদ্ধ কৰাৰ পাছত লিবিয়া আৰু টিউনিচিয়া, ২০০৪ চনৰ ৮ মে'ত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যায়। ২০০৪ চনৰ ১৫ মে'ত জুৰিখত (সপ্তমবাৰৰ বাবে এই ঠাইত চূড়ান্ত সিদ্ধান্ত লোৱা হয়) দক্ষিণ আফ্ৰিকাই, ২০০৬ চনৰ নিবিদাত মূৰামুৰিকে পৰাস্ত হোৱাৰ পাছত, মৰক্কোক ১৪-১০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ আয়োজকৰ সন্মান লাভ কৰে। ইজিপ্তে কোনো ভোটা লাভ কৰিবলৈ সক্ষম নহয়।
দেশ | ভোট | ||
---|---|---|---|
1 | |||
দক্ষিণ আফ্ৰিকা | ১৪ | ||
মৰক্কো | ১০ | ||
ইজিপ্ত | |||
মুঠ ভোট | ২৪ |
- দক্ষিণ আফ্ৰিকা, ১৪টা ভোট
- মৰক্কো, ১০টা ভোট
- ইজিপ্ত, ০টা ভোট
লিবিয়াযুটীয়া নিবিদা নিষিদ্ধ কৰাৰ পাছত ২০০৪ চনৰ ৮ মে'ত আঁতৰি য়ায়[উদ্ধৃতিৰ প্ৰয়োজন]তুনিছিয়াযুটীয়া নিবিদা নিষিদ্ধ কৰাৰ পাছত ২০০৪ চনৰ ৮ মে'ত আঁতৰি য়ায়[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰধান প্ৰবন্ধ:World Cup bid process
নিবিদা:
ফিফাই ২০১৪ চনৰ বিশ্বকাপ দক্ষিণ আমেৰিকালৈ বুলি নিৰ্দিষ্ট কৰি নিজৰ "আন্তৰ্মহাদেশীয় আবৰ্তন" নীতি জাৰি ৰাখে। প্ৰথমতে অনুমান কৰা গৈছিল যে এইবাৰ এই নীতি বলবৎ কৰা নহব[7], কিন্তু ফিফাই শেষ বাৰৰ কাৰণে এই নীতি অনুযায়ী কাম কৰাৰ সিদ্ধান্ত লয়।
২০১৪ চনৰ বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ কলম্বিয়াইও ইচ্ছা প্ৰকাশ কৰিছিল,[8] কিন্তু পিছত আঁতৰি যায়।[9] চিলি আৰু আৰ্জেণ্টিনা ই ২০০২ চনত জাপান আৰু কোৰিয়াৰ দৰে য়ুটীয়া ভাৱে বিশ্বকাপ আয়োজন কৰাৰ আশা প্ৰকাশ কৰিছিল,[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু যুটীয়া নিবিদা ব্যৱস্থা উঠাই লোৱা বাবে তেওঁলোক প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যায়। [vague]তেনেতে ব্ৰাজিলে বিশ্বকাপ অনুষ্ঠিত কৰাৰ ইচ্ছা প্ৰকাশ কৰে, "কনমেবল" (CONMEBOL), বা দক্ষিণ আমেৰিকীয় ফুটবল ফেডাৰেচনেও ব্ৰাজিলত বিশ্বকাপ পতাৰ পোষকতা কৰে।[10]ব্ৰাজিল আধিকাৰিক ভাৱে নিবিদা দাখিল কৰা একমাত্ৰ দেশ ৰূপে পৰিগণিত হয়, কাৰণকলম্বিয়া, চিলি আৰু আৰ্জেণ্টিনা ইতিমধ্যে প্ৰতিদ্বন্দ্বিতাৰত পৰা আঁতৰি যায় আৰ ভেনিজুৱেলা মনোনয়ন দিবলৈ অনুমতি দিয়া নহয়।
১৮৮৬ৰ পিছত পোন-প্ৰথম বাৰৰ বাবে ব্ৰাজিলে বিনা-প্ৰতিদ্বন্দ্বিতাৰে নিবিদা দাখিল কৰে( ১৯৮৬ চনত কলম্বিয়াক নিৰ্বাচন কৰা হৈছিল, কিন্তু আৰ্থিক সমস্যাৰ বাবে তেওঁলোক আঁতিৰ যায়)। ২০০৭ চনৰ ৩০ অক্টোবৰত ফিফাৰ কাৰ্যকৰী সমিতিয়ে সৰ্বসন্মতিৰে ব্ৰাজিলক ২০১৪ চনৰ বাবে আয়োজক দেশ হিচাপে ঘোষণা কৰে।[11]
ফলাফল:
- ব্ৰাজিল (সৰ্বসন্মত, ভোটৰ সংখ্যা জনা নাযায়)
অতিৰিক্ত তথ্য:2018 and 2022 FIFA World Cup bids
২০১৮ৰ নিবিদা:
২০২২ৰ নিবিদা:
২০০৭ চনৰ ২৯ অক্টোবৰত ফিফাই ঘোষণা কৰে যে তেওঁলোকে আন্তৰ্মহাদেশীয় আৱৰ্তন নীতি আৰু চলাই নেথাকে, আৰু ২০০৬ চনৰ পৰা এই নীতি কাৰ্যকৰী নহব। নতুন নীতি মতে আগৰ দুবাৰ বিশ্বকাপ আয়োজন কৰা কনফেডাৰেচন কেইখনৰ অন্তৰ্ভুক্ত নহ'লেও যি কোনো দেশেই নিজৰ প্ৰাৰ্থীত্ব দিব পাৰিব। সেইমতে ২০১৮ আৰু ২০২২ চনৰ বিশ্বকাপৰ বাবে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ কোনো দেশেই মনোনয়ন দাখিল কৰিব নোৱাৰিব।[12][13]তদুপৰি ফিফাই য়ুটিয়াভাৱে মনোনয়ন দিয়াৰ ক্ষেত্ৰতো সন্মতি প্ৰদান কৰে (২০০২ চনৰ পিছত ইয়াক নিষিদ্ধ কৰা হৈছিল), কিন্তু য়ুটীয়া নিবিদাৰ ক্ষেত্ৰত কেৱল এখনহে " আয়োজক সমিতি" থাকিব পাৰিব (জাপান/কোৰিয়াৰ ক্ষেত্ৰত এনে সমিতি পৃথককৈ দুখন আছিল)।[14] ইচ্ছা প্ৰকাশ কৰা দেশবোৰৰ অন্যতম আছিল অষ্ট্ৰেলিয়া, ইংলেণ্ড, ইণ্ডোনেচিয়া, জাপান, কাটাৰ, ৰাছিয়া, দক্ষিণ কোৰিয়া আৰু আমেৰিকা আৰু লগতে যুটীয়া ভাৱে স্পেইন আৰু পৰ্তুগাল তথা বেলজিয়াম আৰু নেদাৰলেণ্ড[12][15][16]
দুয়োখন বিশ্বকাপৰে আয়োজক দেশৰ নাম ফিফাৰ কাৰ্যকৰী সমিতিয়ে ২০১০ চনৰ ২ ডিচেম্বৰত ঘোষণা কৰে, ২০১৮ চনৰ বাবে ৰাছিয়া নিৰ্বাচিত হয়, পুব ইউৰোপত এয়েই প্ৰথম বিশ্বকাপৰ আয়োজন, আৰু লগতে ৰাছিয়া ভৌগোলিক ভাৱে বিশ্বকাপ আয়োজন কৰা সৰ্ববৃহৎ দেশ। ২০২২ চনৰ বিশ্বকাপ আয়োজনৰ সুবিধা লাভ কৰে কাটাৰে, লগে লগে কাটাৰ বিশ্বকাপ আয়োজিত কৰা মধ্য-প্ৰাচ্যৰ প্ৰথম আৰু এচিয়াৰ দ্বিতীয়খন দেশ ৰূপে পৰিগণিত হয়। লগতে কাটাৰে বিশ্বকাপ আয়োজন কৰা সকলোতকৈ সৰু দেশৰ খিতাপো লাভ কৰে।[17]
দেশ | ভোট | |
---|---|---|
১ | ২ | |
ৰাছিয়া | ৯ | ১৩ |
স্পেইন/ পৰ্তুগাল | ৭ | ৭ |
নেডাৰলেণ্ডচ | ৪ | ২ |
ইংলেণ্ড | ২ | |
মুঠ ভোট | ২২ | ২২ |
দেশ | ভোট | |||
---|---|---|---|---|
১ | ২ | ৩ | ৪ | |
কাটাৰ | ১১ | ১০ | ১১ | ১৪ |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ৩ | ৫ | ৬ | ৮ |
দক্ষিণ কোৰিয়া | ৪ | ৫ | ৬ | |
জাপান | ৩ | ২ | ||
অষ্ট্ৰেলিয়া | ১ | |||
মুঠ ভোট | ২২ | ২২ | ২২ | ২২ |
বিতৰ্ক
[সম্পাদনা কৰক]ভোটদানৰ আগে আগে, উৎকোচ লোৱাৰ অভিযোগত ফিফা কাৰ্যকৰী সমিতিৰ দুজন সদস্যক বৰ্খাস্ত কৰা হয়, ফলত ভোটাৰৰ সংখ্যা ২২ লৈ হ্ৰাস পায়[18] নিবিদাত অংশগ্ৰহণ কৰা ইংলেণ্ডেওৰাছিয়া নিৰ্বাচিত হোৱাত নিজৰ আপত্তি দৰ্শাইছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "History of 1930 World Cup". BBC Sport. April 11, 2002. http://news.bbc.co.uk/sport3/worldcup2002/hi/history/newsid_1632000/1632201.stm। আহৰণ কৰা হৈছে: 13 April 2006.
- ↑ France 1938, FIFA World Cup site. Retrieved on April 13, 2006.
- ↑ 3.0 3.1 Host nation of 2010 FIFA World Cup - South Africa, FIFA Media Release, May 15, 2004. Retrieved on January 8, 2006.
- ↑ "FIFA president Blatter a big loser with Germany getting 2006 World Cup" Archived 2009-01-08 at the Wayback Machine by Robert Wagman, SoccerTimes, July 7, 2000. Retrieved on January 8, 2006.
- ↑ "German magazine takes credit for bribery hoax", IOL, July 7, 2000. Retrieved on January 8, 2006.
- ↑ Australia can host World Cup, by Matthew Hall, published 18 September 2005
- ↑ "Games win inspires bid to host 2018 World Cup" Archived 2020-04-14 at the Wayback Machine by John Goodbody, The Times, November 16, 2005. Retrieved on January 8, 2006.
- ↑ BBC News, Colombia bids for 2014 World Cup, 17 July 2006
- ↑ FIFA, Brazil confirms bid - Colombia withdraws, 13 April 2007
- ↑ Brazil set to host World Cup, BBC. Retrieved on April 11, 2006.
- ↑ FIFA, Clear declaration to defend the autonomy of sport, 2006-12-06
- ↑ 12.0 12.1 "The end of the rotation policy: the press conference explaining the decision.". Fifa.com - News Centre. 2007-10-29. http://www.fifa.com/newscentre/videos/player.html#id=625042.
- ↑ "Fifa abandons World Cup rotation". BBC SPORT. 2007-10-29. http://news.bbc.co.uk/sport1/hi/football/7067187.stm.
- ↑ "Blatter announces what's to come". FIFA. 2010-06-07. http://www.fifa.com/aboutfifa/federation/bodies/news/newsid=1230904.html.
- ↑ "Iberian threat to England's 2018 World Cup bid". ESPNsoccernet. 2007-11-27. Archived from the original on 2012-10-01. https://web.archive.org/web/20121001152956/http://soccernet.espn.go.com/news/story?id=485193.
- ↑ "Australia Drops Out of Race to Host 2018 World Cup". BBC. 2010-06-10. http://news.bbc.co.uk/sport2/hi/football/8733913.stm.
- ↑ "Russia and Qatar to host 2018 and 2022 FIFA World Cups, respectively". FIFA. 2010-12-02. http://www.fifa.com/worldcup/bidders/2018/media/newsid=1344971.html.
- ↑ "Temarii to appeal against suspension". ESPN. 2010-11-30. Archived from the original on 2012-10-23. https://web.archive.org/web/20121023231942/http://soccernet.espn.go.com/news/story?id=847710&sec=global&cc=5901.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- FIFA World Cup Host Announcement Decision (PDF) Archived 2010-12-14 at the Wayback Machine
|
|