সমললৈ যাওক

ফুলটোকা চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker)
Male
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Dicaeidae
গণ: Dicaeum
প্ৰজাতি: D. cruentatum
বৈজ্ঞানিক নাম
Dicaeum cruentatum
(Linnaeus, 1758)

ফুলটোকা চৰাই (ইংৰাজী: Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।

ফুলটোকা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯ ছে:মি: হোৱা দেখা যায়। ছুটি নেজেৰে সৈতে ই এবিধ সৰু আকাৰৰ চৰাই। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত বেলেগ বেলগ হয়। . মতা ফুলটোকা চৰাই চৰাইৰ পিঠি অংশ নীলা আৰু ইয়াৰ মাজেৰে এডাল উজ্জ্বল ৰঙা আঁচ মূৰৰ পৰা নেজলৈকে বৈ গৈছে। মাইকী আৰু পোৱালি ফুলটোকা চৰাইৰ দেহৰ বৰণ সাধাৰণতে জলফাই সেউজীয়া বৰণৰ হয়। ইয়াৰ নেজ ক'লা আৰু নেজ অংশ ৰঙা বৰণীয়া হোৱা দেখা যায়। মতা-মাইকী উভয়ৰে পেট অংশ বগা বৰণীয়া, চকু ক'লা আৰু ঠোঁট গাঢ় মুগা হয়। পোৱালি ফুলটোকা চৰাইৰ দেহৰ বাহ্যিক গঠন মাইকীজনীৰদৰেই হয়, কেৱল ইয়াৰ ঠোঁট কমলা বৰণীয়া হোৱা দেখা যায়। [2]

এই চৰাইবিধ বংলাদেশ, ভূটান, ব্ৰণেই, কম্বোডিয়া, চীণ, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে। [1]

বাসস্থান

[সম্পাদনা কৰক]

ফুলটোকা চৰাই সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ উচ্চতাত ক্ৰান্তীয় সেমেকা বনাঞ্চল (tropical moist lowland forests)আৰু উদ্যানসমূহত দেখা পোৱা যায়। I[3]

এই চৰাইবিধে প্ৰধানকৈ Ficus fistulosa , F. grossularoides[4] ,Syzygium jambos আদি গছৰ গুটি খোৱা দেখা যায়। [5]

ফুলটোকা চৰায়ে গছৰ ডালৰ পৰা ওলমি থকা মোনাৰ দৰে বাহ সাজে। বাহটোৰ একাষে সোমোৱা বাট থাকে। [6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
মতা ফুলটোকা চৰাই