ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা

১৯১৪ চনত ল’ৰ্কা
জন্ম ফেডেৰিক’ ডেল ক’ৰাজ’ন ডে’ গ’ৰ্ছিয়া ল’ৰ্কা
৫ জুন, ১৮৯৮
ফুৱেণ্টে ভোকেৰ’, গ্ৰানাডা, এণ্ডালুচিয়াণ, স্পেইন
মৃত্যু ১৯ আগষ্ট, ১৯৩৬ (৩৮ বছৰ)
অলফাকৰ দাতিঁকাষৰীয়া অঞ্চল, গ্ৰানাডা, স্পেইন
ৰাষ্ট্ৰীয়তা স্পেইনীয়
পেচা নাট্যাকাৰ, কবি, নাট পৰিচালক
ৰাজনৈতিক আন্দোলন জেনেৰচন অৱ ’২৭
পিতৃ-মাতৃ ফেডেৰিক’ গাৰ্ছিয়া ৰ’ড্ৰিগুৱেজ
ভিচেণ্টা ল’ৰ্কা ৰ’মেৰ’
স্বাক্ষৰ


ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাৰ স্পেইনৰ এজন প্ৰসিদ্ধ কবি আছিল। ল’ৰ্কাৰ ১৮৯৯ত গ্ৰানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্ৰদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্ৰতিবিম্বিত কৰিব পৰা এখন নিখূট হৃদয়। ল’ৰ্কাৰ জীৱন বসন্তবোৰ পাৰ হৈছিল প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত। আনহাতে একে প্ৰকৃতিৰ বুকুতে সকলো স্তৰৰ মানুহৰ নিধন যজ্ঞ চলাইছিল অত্যাচাৰী শাসকীয় ফ্ৰাংক’ বাহিনীয়ে। সেয়ে ল’ৰ্কাৰ কবিতাত যিদৰে প্ৰকৃতিৰ বিনন্দীয়া উপাদানে ৰহণ চৰায় ঠিক সেইদৰে আনফালে বিষাদৰ ৰং সানে নিপীড়িত সকলৰ অসময়ত বৈ অহা তেজৰ বন্যাৰ শোক, যন্ত্ৰণাৰ আস্ফালনে। ল’ৰ্কাৰ কবিতাৰ এক প্ৰধান উৎস হৈছে মানব প্ৰীতি। কিন্ত এই প্ৰীতিয়ে সাম্যবাদী ৰাজনৈতিক পোছাক পিন্ধা নাছিল। ল’ৰ্কাৰ সৰলতাই ল’ৰ্কাৰ শক্তি আছিল। এই শক্তিৰ আধাৰতে ল’ৰ্কায়ে সপোন দেখিছিল ফ্ৰাংক’ বাহিনী মুক্ত এখন স্পেইনৰ য’ত থাকিব কেৱল মানুহৰ শৌৰ্য্য । ল’ৰ্কাৰ মাটিৰে সুৱাসিত সহজ সৰল কবিতাবোৰে স্পেইনৰ কৃষক- বনুৱা, সহজ সৰল চহালোকসকলৰ হৃদয় সহজতে চুব পাৰিছিল কাৰণ তাত প্ৰতিফলিত হৈছিল তেওঁলোকৰেই জীৱনগাঁথা। ল’ৰ্কা হৈছিল খেতিয়ক ৰাইজৰ মৰমৰ ফেডেৰিক’।

ল’ৰ্কাৰ প্ৰথম কাব্য সংকলন ‘লিব্ৰ’ ডে প’এমাছ’ খন প্ৰকাশ হয় ১৯২১ চনত। কিন্তু তেওঁৰ ২য় গ্ৰন্থ ‘ৰ’মানথেৰ গিটান’ (জিপচী বেলাড) ১৯২৮ চনত প্ৰকাশ পোৱাৰ লগে লগেই তেওঁৰ যশস্যা সমগ্ৰ বিশ্বৰ স্পেনীচ ভাষিক লোকসকলৰ মাজত বিয়পি পৰে। তেওঁৰ এই কাব্য সংকলনখনৰ মাথো ৮ বছৰতে ৭ তা সংস্কৰণৰ পুণঃমুদ্ৰণ হোৱাতো সমগ্ৰ বিশ্বতে ল’ৰ্কাৰ কাব্যিক জনপ্ৰিয়তা প্ৰাপ্তিৰ এক সাক্ষী। স্পেইনৰ গ্ৰামাঞ্চলৰ জীবন্ত চিত্ৰণ, লোক সংস্কৃতি, নিৰ্যাতিতৰ যন্ত্ৰণা, দূখীয়াৰ দূখ, এখন নতুন স্পেইনৰ সপোনবোৰে ল’ৰ্কাৰ বৈচিত্ৰময় গীতিধৰ্মী কবিতাবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে আন আন সমসাময়িক স্পেনীচ কবিসকলৰ পৰা ল’ৰ্কাৰ সৃষ্টিক সুস্পষ্টভাবে পৃথক কৰে। দক্ষ পিয়ান’বাদক ল’ৰ্কাৰ কবিতাবোৰ লাহে লাহে হৈ পৰিছিল স্পেইনৰ জনগনৰ চেতনাৰ প্ৰতীক যি প্ৰতক্ষ্যভাবে শংকিত কৰিছিল ফ্ৰাংক’ক। শিশুসুলভ ল’ৰ্কা কিন্তু এইবোৰ ভয়-সংশয়ৰ পৰা নিজকে মুক্ত কৰি চিৰদিন ব্যস্ত হৈ আছিল কবিতা লিখা, ছবি অঁকা,আবৃত্তি কৰা, গীত গোৱা অথবা পিয়ান’ত বিথ’ফেনৰ সুৰৰ লহৰ তোলাত।

স্পেইনক গৃহ যুদ্ধই সম্পূৰ্ণ গ্ৰাস কৰাৰ তিনিদিন পূৰ্বে কিউবা আৰু যুক্তৰাষ্ট্ৰ ভ্ৰমণৰত ল’ৰ্কা মাদ্ৰিদলৈ উভতি আহিছিল আৰু কিছুপৰ পিছতেই ‘university student theater company’ ৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে আৰু স্পেইনৰ সামাজিক আৰু সাংস্কৃতিক দিশটোৰ লগত ওতঃপোতভাবে জড়িত হৈ পৰে। এইসময়ছোৱাতে ল’ৰ্কায়ে নিজৰ নাটক দলটিৰ লগত স্পেইনৰ বহু ভিতৰুৱা অঞ্চল ভ্ৰমণ কৰে আৰু ৰাইজক বহু ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ধ্যান ধাৰণাৰ বিষয়ে অবগত কৰে, যিবোৰ আছিল ফ্ৰাংক’ৰ ৰাজনৈতিক স্বাৰ্থৰ সম্পূৰ্ণ বিৰোধী। ফলশ্ৰুতিত জাৰি হ’ল ল’ৰ্কাৰ মৃত্যুৰ পৰোৱানা। মাদ্ৰিদৰ পৰা নিজ জন্মভূমি গ্ৰানাডালৈ যাওঁতে কৰায়ত্ত কৰা হ’ল ল’ৰ্কাক। সামাজিক ন্যায়ৰ কথা কোৱা, সাধাৰণ জনতাৰ কন্ঠক কবিতাৰে ঝংকাৰিত কৰা এজন সৰল, শিশুসুলভ কবিক ফ্ৰাংক’ বাহিনীয়ে বধ্যভূমিলৈ চোঁচোৰাই নি নিৰ্মমভাবে গুলীয়াই হত্যা কৰে। কোৱা হয় ১৯৩৬ চনৰ ১৯ আগষ্টত ল’ৰ্কা আৰু তেওঁৰ কমৰেড বন্ধুসকলক শাৰীৰিক নিৰ্য্যাতন চলাই, তেওঁলোকে নিজেই খন্দা গাতত গুলীওৱাৰ পিছত পুতি থোৱা হৈছিল। ‘সমকামী’তাক ল’ৰ্কাক হত্যাৰ কাৰণ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ’ল। পুৰি পেলোৱা হৈছিল তেওঁৰ সকলো কিতাপ। নিষিদ্ধ হৈছিল ল’ৰ্কাৰ জীৱনৰ অথবা কবিতাৰ মুকলি চৰ্চা।

‘মই কবি, মোক তেওঁলোকে কেতিয়াওঁ হত্যা নকৰে।’ এই বিশ্বাসেৰে জীয়াই থকা স্পেইনৰ প্ৰখ্যাত কবি গাৰ্ছিয়া ল’ৰ্কাক বধ্যভূমিলৈ চোঁচোৰাই নি হত্যা কৰা হৈছিল ফেচিষ্ট শাসকৰ দ্বাৰা। শিশুসুলভ এইজনা মাটিৰ সুৱাসেৰে সশোভিত কবিয়ে ২৯ বছৰ বয়সতো নিজৰ বিষয়ে কৈছিল ‘ I have always been a child’. ল’ৰ্কায়ে স্পেইনৰ মাটিক, স্পেইনৰ চহা মানুহখিনিক নিজৰ কবিতাৰ মাধ্যমেৰে দিয়া মৰম আৰু তাৰ বিনিময়ত স্পেইনৰ কৃষক- বনুৱাৰ হৃদয়ত লাভ কৰা অফুৰন্ত মৰম আৰু আদৰেই হৈছিল ল’ৰ্কাৰ জীৱনৰ কাল। বন্ধুৰ দ্বাৰা পোৱা বিপদৰ আগজাননীকো প্ৰত্যাখ্যান কৰি এই মৰমৰ তাগিদাতেই সৃষ্টি কৰি গৈছিল সাধাৰণ শ্ৰমজীৱী মানুহৰ ঘৰ্মাক্ত দেহাৰে সুৱাসিত এটাৰ পিছত আনটো যুগজয়ী কবিতা। কেৱল ৩৮বছৰ জীয়াই থকা ল’ৰ্কাৰ চমু জীৱন কালত প্ৰকাশ হৈছিল মুঠ ১০ খন কাব্য সংকলন। মৃত্যুৰ পিছত প্ৰকাশ পাইছিল আন দুখন কবিতা পুথি। চিৰ সুবিধাবাদী, ক্ষমতালিপ্সু শাসকদলে ল’ৰ্কাৰ শৰীৰটিক নিধন কৰিলে কিন্তু ল’ৰ্কাৰ কাব্যিক, মুক্তিকামী সত্তা চিৰ প্ৰবাহমান। স্পেইনত, সমগ্ৰ বিশ্বত যেতিয়ালৈকে শ্ৰমজীবী, কৃষক-বনুৱাসকল থাকিব তেতিয়ালৈকে থাকিব ল’ৰ্কাৰ কবিতাৰ গুণগুণনি এজাক বতাহৰ দৰে স্বস্তিৰ নিশ্বাস হৈ ।