সমললৈ যাওক

ফ্ৰিডা পিণ্টো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰিডা পিণ্টো
Freida Pinto at an event for 'Youth For Change' in 2014
২০১৪ চনত পিণ্টো
জন্ম ফ্ৰিডা ছেলেনা পিণ্টো[1]
১৮ অক্টোবৰ, ১৯৮৪ (৪১ বছৰ)
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়, মুম্বাই
পেচা অভিনেত্ৰী, মুখপাত্ৰ মডেল (spokesmodel)
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান

ফ্ৰিডা ছেলেনা পিণ্টো (ইংৰাজী: Freida Selena Pinto, জন্ম: ১৮ অক্টোবৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। ফ্ৰিডাক সাধাৰণতে আমেৰিকান আৰু ব্ৰিটিছ ছবিত দেখা যায়। মুম্বাইতে লালিত-পালিত হোৱা ফ্ৰিডাই খুব কম বয়সতে অভিনয়ৰ লগত ঘনিষ্ঠতা স্থাপন কৰি লৈছিল আৰু ভৱিষ্যতে এগৰাকী অভিনেত্ৰী হ'বলৈ সংকল্পবদ্ধ হৈছিল। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ত এগৰাকী শিক্ষাৰ্থী হিচাপে ফ্ৰিডাই অপেছাদাৰী নাটকত ভূমুকি মাৰিছিল। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে এগৰাকী মডেল আৰু পৰৱৰ্তী সময়ত এগৰাকী টেলিভিছন পৰিৱেশিকা হিচাপে কৰ্মৰত হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৪ চনৰ ১৮ অক্টোবৰ তাৰিখে বোম্বাইত ফ্ৰিডা পিণ্টোৰ জন্ম হয়।[2] তেখেতৰ মাতৃ আছিল ছেইণ্ট জনছ ইউনিভাৰ্ছেল স্কুলৰ অধ্যক্ষ ছিলভিয়া পিণ্টো আৰু পিতৃ আছিল বৰোডা বেংকৰ জ্যেষ্ঠ শাখা পৰিচালক ফ্ৰেডেৰিক পিণ্টো। ফ্ৰিডাৰ জ্যেষ্ঠ ভগ্নী শ্বেৰনে এনডিটিভিত কাম কৰিছিল।[3]

মালাড়ত থকা কাৰ্মেল ছেইণ্ট জোছেফ স্কুলত পিণ্টোৱে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে।[4] পৰৱৰ্তী সময়ত তেখেতে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত অধ্যাপনা কৰে। তেখেতে ইংৰাজী সাহিত্যক মুখ্য আৰু মনোবিজ্ঞান তথা অৰ্থনীতিক গৌণ বিষয় হিচাপে গ্ৰহণ কৰিছিল।[5][6] কলেজত ফ্ৰিডাই অপেছাদাৰী নাটকত অংশগ্ৰহণ কৰিছিল।[5] অৱশ্যে ২০০৫ চনত স্নাতক ডিগ্ৰী অৰ্জন নকৰালৈকে তেখেতে অভিনয় আৰু মডেলিঙৰ কামত মনোনিৱেশ কৰা নাছিল।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]
Pinto with the crew of 'Slumdog Millionaire'
২০০৮ চনত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্লামডগ মিলিয়নেৰিৰ কলা-কুশলীৰ সৈতে ফ্ৰিডা পিণ্টো

২০০৭ চনত পিণ্টোৰ মডেলিং এজেন্সীয়ে তেখেতৰ লগতে আন ছগৰাকী মডেলক ডেনি বয়লৰ 'শ্লামডগ মিলিয়নেৰি' নামৰ ছবিখনৰ শীৰ্ষ অভিনেত্ৰীৰ অডিশ্যনৰ বাবে বাছনি কৰে।[2][5] ছমহীয়া কঠোৰ অডিশ্যনৰ অন্তত ফ্ৰিডাক ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ 'লতিকা'ৰ বাবে নিৰ্বাচিত কৰা হয়। তেখেতৰ বিপৰীতে জামাল নামৰ পুৰুষ চৰিত্ৰটোত অভিনয় কৰিছিল দেৱ পেটেলে[8] ছবিখনে ৮১সংখ্যক অস্কাৰ বঁটাত সৰ্বাধিক সফল ছবি হিচাপে পৰিগণিত হয়। সৰ্বমুঠ দহটা বঁটাৰ বাবে মনোনয়ন লাভ কৰা ছবিখনে আঠটা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। তাৰে মাজত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটাটোও অন্তৰ্ভুক্ত।[9] পিণ্টোৱে "পাম স্প্ৰিংগছ্ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ"ত 'যুগান্তকাৰী অভিনয়'ৰ শিতানত বঁটা লাভ কৰে।[10] ইয়াৰ লগতে ফ্ৰিডাই "স্ক্ৰীন এক্টৰছ গিল্ড"ত অসাধাৰণ অভিনয়ৰ বঁটা অৰ্জন কৰে।[11] ফ্ৰিডা পিণ্টোক ৬২সংখ্যক বাফ্‌টা বঁটাৰ সহ-অভিনেত্ৰীৰ শিতানলৈও মনোনীত কৰা হয়।[12]

'শ্লামডগ মিলিয়নেৰি'ৰ সফলতাৰ পাছত পিণ্টোৱে দুখন কলাত্মক ছবিৰ লগত চুক্তিবদ্ধ হয়।[13][14] এণ্ডি এলেনৰ কমেডি-ড্ৰামা "You Will Meet a Tall Dark Stranger" (২০১০)[15] ফ্ৰিডাই এণ্টনিঅ' বেণ্ডাৰাছ, জোছ ব্ৰলিন, এন্থনি হপকিনচ, অনুপম খেৰ আৰু নাওমি ৱাটছৰ দৰে অভিনয়-শিল্পীৰ সৈতে অভিনয় কৰে।[16] ইয়াৰ পিছত ফ্ৰিডাই 'Miral' (২০১০) নামৰ ছবিখনত অভিনয় কৰে। এইখন ছবিৰ নিৰ্মাতা হৈছে জুলিয়ান স্বানাবেল।[17]

২০১১ চনত ফ্ৰিডাই অভিনয় কৰা চাৰিখন ছবিয়ে মুক্তি লাভ কৰে। তাৰে ভিতৰত প্ৰথম আছিল 'Rise of the Planet of the Apes' নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখন।[18] ছবিখনত তেখেতে প্ৰাইমেটোলজিষ্টৰ এটা চৰিত্ৰ ৰূপায়ণ কৰে।[19][20] চৰিত্ৰটো শুদ্ধকৈ ৰূপায়ণ কৰিবলৈ ফ্ৰিডাই ইংৰাজ প্ৰাইমেটোলজিষ্ট জেন গুডঅলৰ কৰ্মজীৱন অধ্যয়ন কৰে।[13] ছবিখন ২০১৬ বৰ্ষৰ সবাতোকৈ উপাৰ্জনকাৰী ছবি হিচাপে বিবেচিত হয়। The film went on to gross US$481.8 million worldwide; it remains her highest-grossing film as of April 2016.[21] ফ্ৰিডাৰ দ্বিতীয়খন ছবি আছিল মাইকেল উইণ্টাৰবটমৰ "তৃষ্ণা" নামৰ ছবিখনত মুখ্য চৰিত্ৰটি ৰূপায়ণ কৰে। থমাছ হাৰ্ডিৰ উপন্যাস 'Tess of the d'Urbervilles'ৰ ওপৰত এই ছবিখন আধাৰিত। ছবিখনত ফ্ৰিডাই এগৰাকী ৰাজস্থানী কিশোৰী কৃষকৰ ভূমিকাত অৱতীৰ্ণ হয়।[22][23] ২০১১ চনৰ টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু দৰ্শক-সমালোচকৰ পৰা ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰে।[24][25] বৰ্ষটোত তেখেতৰ তৃতীয়খন ছবি আছিল "Day of the Falcon'।[26] ফ্ৰিডাৰ চতুৰ্থখন ছবি আছিল ফেণ্টাছি-একছন ছবি "Immortals'।[27]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lindzi, Scharf (May 2012). "What's now! Parties". InStyle (Time Inc.): 108. ISBN 978-7-09-921064-0.
  2. 1 2 "Woman behind success". The Tribune (Chandigarh). Indo-Asian News Service. 9 March 2009. http://www.tribuneindia.com/2009/20090309/ttlife1.htm আহৰণ কৰা হৈছে: 28 November 2015.
  3. D'Mello, Gerry (25 November 2008). "The Newest Star on the Mangalorean Horizon – Freida Pinto". Daijiworld Media. http://www.daijiworld.com/news/news_disp.asp?n_id=53994 আহৰণ কৰা হৈছে: 25 November 2008.
  4. Rego, Norbert (21 October 2009). "Unplugged: Freida Pinto". The Times of India. http://timesofindia.indiatimes.com/life-style/people/Unplugged-Freida-Pinto/articleshow/4379041.cms আহৰণ কৰা হৈছে: 28 November 2015.
  5. 1 2 3 Sung, Helena. "Destiny's Child". Audrey (magazine) (February – March 2009). http://www.audreymagazine.com/index.php?element=cover_story&archive=409 আহৰণ কৰা হৈছে: 29 April 2009.[সংযোগবিহীন উৎস]
  6. Ramani, Nithya. "It's natural to want to become an actress after living in Mumbai". Rediff.com. https://www.rediff.com/movies/2008/jun/16slid1.htm আহৰণ কৰা হৈছে: 15 May 2019.
  7. Rose, Steve (1 March 2012). "Freida Pinto on being Tess". The Guardian. https://www.theguardian.com/film/2012/mar/01/frieda-pinto-i-feel-timid আহৰণ কৰা হৈছে: 30 November 2015.
  8. Hubert, Andrea (3 January 2009). "Desi mates". The Guardian. https://www.theguardian.com/film/2009/jan/03/slumdog-millionaire-stars আহৰণ কৰা হৈছে: 20 September 2015.
  9. Elsworth, Catherine (23 February 2009). "Oscars 2009: Slumdog Millionaire wins eight Academy Awards including best picture and best director". The Daily Telegraph. https://www.telegraph.co.uk/culture/film/oscars/4784569/Oscars-2009-Slumdog-Millionaire-wins-eight-Academy-Awards-including-best-picture-and-best-director.html আহৰণ কৰা হৈছে: 30 October 2015.
  10. "The 20th Palm Springs International Film Festival". The Daily Telegraph. https://www.telegraph.co.uk/news/picturegalleries/celebritynews/4159382/The-20th-Palm-Springs-International-Film-Festival.html?image=4 আহৰণ কৰা হৈছে: 3 January 2017.
  11. "Slumdog Millionaire bags 2 more US film awards". CNN-News18. 26 January 2009. http://www.news18.com/news/india/sag-slumdog-307173.html আহৰণ কৰা হৈছে: 3 January 2017.
  12. "Film Awards Winners in 2009". British Academy of Film and Television Arts. http://www.bafta.org/film/awards/film-awards-winners-in-2009 আহৰণ কৰা হৈছে: 15 August 2018.
  13. 1 2 Blair, Iain (4 August 2011). "Freida Pinto rises up in new 'Planet of the Apes'". Reuters. https://www.reuters.com/article/us-freidapinto/freida-pinto-rises-up-in-new-planet-of-the-apes-idUSTRE7735IZ20110804 আহৰণ কৰা হৈছে: 13 February 2018.
  14. "Slumdog to stardom: How Freida Pinto has adapted to the demands of fame". The Independent. 13 July 2011. https://www.independent.co.uk/arts-entertainment/films/features/slumdog-to-stardom-how-freida-pinto-has-adapted-to-the-demands-of-fame-2326905.html আহৰণ কৰা হৈছে: 11 September 2015.
  15. Scott, A. O. (21 September 2010). "Looking for Something When Life Signifies Nothing". The New York Times. https://www.nytimes.com/2010/09/22/movies/22you.html?pagewanted=all&_r=0 আহৰণ কৰা হৈছে: 16 April 2013.
  16. Verma, Sukanya (17 December 2010). "A twisted Woody Allen fairytale!". Rediff.com. http://www.rediff.com/movies/report/review-you-will-meet-a-tall-dark-stranger/20101217.htm আহৰণ কৰা হৈছে: 16 April 2013.
  17. Dehn, Georgia (22 November 2010). "Freida Pinto capitalises on her Slumdog pedigree". The Daily Telegraph. https://www.telegraph.co.uk/culture/film/bollywood/8127032/Freida-Pinto-capitalises-on-her-Slumdog-pedigree.html আহৰণ কৰা হৈছে: 29 March 2017.
  18. Bagdadi, Danish (12 July 2014). "All 8 'The Planet of the Apes' Movies Ranked from Worst to Best". Daily News and Analysis. http://www.dnaindia.com/entertainment/comment-all-8-the-planet-of-the-apes-movies-ranked-from-worst-to-best-2001648 আহৰণ কৰা হৈছে: 11 September 2015.
  19. Joshi, Tushar (30 May 2012). "Freida's freed herself from desi stereotypes". The Times of India. http://timesofindia.indiatimes.com/nri/nri-entertainment/Freidas-freed-herself-from-desi-stereotypes/articleshow/13640190.cms আহৰণ কৰা হৈছে: 11 September 2015.
  20. "Freida Pinto out of 'Planet of the Apes' sequel". Mid-Day. 4 June 2013. http://www.mid-day.com/articles/freida-pinto-out-of-planet-of-the-apes-sequel/216467 আহৰণ কৰা হৈছে: 11 September 2015.
  21. "Freida Pinto: Worldwide (Unadjusted)". Box Office Mojo. http://www.boxofficemojo.com/people/chart/?view=Actor&id=freidapinto.htm আহৰণ কৰা হৈছে: 23 March 2016.
  22. French, Philip (11 March 2012). "Slumdog Millionaire star Freida Pinto captivates in Michael Winterbottom's bold reading of Hardy's tragedy". The Guardian. https://www.theguardian.com/film/2012/mar/11/trishna-michael-winterbottom-review আহৰণ কৰা হৈছে: 22 February 2016.
  23. Collin, Robbie (8 March 2012). "Trishna, review". The Daily Telegraph. https://www.telegraph.co.uk/culture/film/filmreviews/9131922/Trishna-review.html আহৰণ কৰা হৈছে: 16 April 2013.
  24. "Trishna". Metacritic. http://www.metacritic.com/movie/trishna আহৰণ কৰা হৈছে: 29 November 2015.
  25. "Trishna (2012)". Rotten Tomatoes. http://www.rottentomatoes.com/m/trishna_2011/ আহৰণ কৰা হৈছে: 29 November 2015.
  26. "Day of The Falcon 2013". Rotten Tomatoes. http://www.rottentomatoes.com/m/day_of_the_falcon/ আহৰণ কৰা হৈছে: 29 November 2015.
  27. "Freida Pinto takes on Immortals". The Indian Express. 23 July 2010. http://archive.indianexpress.com/news/freida-pinto-takes-on-immortals/650759/ আহৰণ কৰা হৈছে: 25 September 2010.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]