বগা ভালুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বগা ভালুক
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Ursidae
গণ: Ursus
প্ৰজাতি: U. maritimus
বৈজ্ঞানিক নাম
Ursus maritimus
Phipps, 1774[2]
Polar bear range
সমাৰ্থক

Ursus eogroenlandicus
Ursus groenlandicus
Ursus jenaensis
Ursus labradorensis
Ursus marinus
Ursus polaris
Ursus spitzbergensis
Ursus ungavensis
Thalarctos maritimus

বগা ভালুক বা ধ্ৰুৱীয় ভালুক মেৰু অঞ্চলত পোৱা এবিধ ভালুক।

বাসস্থান[সম্পাদনা কৰক]

এই ভালুক সুমেৰু বৃত্তত পোৱা যায়, সুমেৰু মহাসাগৰ আৰু ওচৰৰ সাগৰ তথা ভূমি সামৰি। যদিও প্ৰায়বোৰ বগা ভালুকৰে জন্ম মাটিত হয়, অথচ বেছি ভাগ বগা ভালুকেই সাগৰীয় বৰফত বাস কৰে। সাগৰীয় বৰফৰ ওপৰত থকা নীৰ্ভৰশীলতাৰ বাবেই বগা ভালুকক সাগৰীয় প্ৰাণী জ্ঞান কৰা হয়।[3]

বিৱৰণ[সম্পাদনা কৰক]

এই ভালুকৰ খাদ্যৰ ৭০%তকৈ অধিক অংশই আমিষ আৰু বগা ভালুকৰ আকাৰ প্ৰায় কডিয়াক ভালুকৰ সমানেই।[4] মটা ভালুকৰ ওজন ৩৫০-৭০০ কিলোগ্ৰাম আৰু মাইকী ভালুকৰ ওজন তাৰ প্ৰায় আধা।[5] বগা ভালুক বৰ্তমানে জীৱিত, ভূমিত থকা আটাইতকৈ ডাঙৰ মাংসাহাৰী প্ৰাণীৰ অন্যতম।[6] বগা ভালুকৰ শৰীৰ শীতল জলবায়ু, বৰফ পাৰ হোৱা, চীল চিকাৰ কৰা আদিৰ বাবে বিকশিত।[7] এই ভালুকে জীৱনৰ সৰহ ভাগ সময় সাগৰীয় বৰফত পাৰ কৰে আৰু এই ভালুকৰ বৈজ্ঞানিক নামৰ অৰ্থও "সাগৰীয় ভালুক"। এই ভালুকবোৰে নিজৰ খাদ্য- চীল, সাগৰীয় বৰফৰ কিনাৰৰপৰা চিকাৰ কৰে। যেতিয়া সাগৰীয় বৰফ নাথাকে, এই ভালুকে দেহৰ চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে।

জল-বায়ু পৰিৱৰ্তন আৰু বগা ভালুক[সম্পাদনা কৰক]

জল-বায়ু পৰিৱৰ্তনৰ বাবে ভৱিষ্যতলৈ বগা ভালুকৰ বাসস্থান ধ্বংস হোৱাৰ কথা অনুমান কৰা হয়। বিগত সময়চোৱাত উচ্চ-মাত্ৰাত কৰা চিকাৰৰ বাবে বগা ভালুকৰ অস্তিত্ব আন্তৰ্জাতিক সমাজৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। পিচে, নিয়ন্ত্ৰণ আৰু ক'টাৰ ফলত, বগা ভালুকৰ সংখ্যা কম হোৱা কমিছে।[8]

জন সংস্কৃতিৰ অংশ ৰূপে বগা ভালুক[সম্পাদনা কৰক]

সহস্ৰাধিক বৰ্ষৰপৰা সুমেৰু অঞ্চলৰ লোকসকলৰ বাবে বগা ভালুক এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক, বস্তুগত আৰু সাংস্কৃতিক চৰিত্ৰ হৈ পৰিছে।[9] ইংৰাজীত বগা ভালুকক 'প'লাৰ বিয়েৰ' বা 'ধ্ৰুবীয় ভালুক' আৰু 'নানুক' আখ্যা দিয়াও দেখা যায়। ইনুইটসকলে এই প্ৰাণীক নানুক বোলে।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Schliebe et al. (2008). Ursus maritimus. IUCN Red List of Threatened Species. Retrieved on 5 जनवरी 2010.
  2. Phipps, John (1774). A voyage towards the North Pole undertaken by His Majesty's command, 1773 /by Constantine John Phipps.. London :Printed by W. Bowyer and J. Nicols, for J. Nourse. পৃষ্ঠা. 185. http://www.biodiversitylibrary.org/page/628763। আহৰণ কৰা হৈছে: 8 सितंबर 2008. 
  3. Polar Bears. University of Michigan Press. https://books.google.com/books?id=ViOiGWPQRjIC. 
  4. "Polar bear, (Ursus maritimus)" (PDF). United States Fish and Wildlife service. http://www.fws.gov/endangered/esa-library/pdf/polar_bear.pdf। আহৰণ কৰা হৈছে: 9 September 2009. "Appearance. The polar bear is the largest member of the bear family, with the exception of Alaska's Kodiak brown bears, which equal polar bears in size." 
  5. "Basic Facts About Polar Bears". https://defenders.org/polar-bear/basic-facts। আহৰণ কৰা হৈছে: 13 June 2019. 
  6. সাঁচ:MSW3 Carnivora
  7. "Ursus Maritimus". University of Michigan Museum of Zoology. http://animaldiversity.ummz.umich.edu/site/accounts/information/Ursus_maritimus.html। আহৰণ কৰা হৈছে: 27 October 2007. 
  8. "Why is polar bear hunting allowed?" Error in Webarchive template: Empty url.. Retrieved 8 July 2015.
  9. "Definition of 'white bear'". Collins English Dictionary. Glasgow, Scotland: HarperCollins Publishers LLC. Retrieved 21 October 2017. 
  10. The Arctic Sounder