বগৰী
|
বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।
বৰ্ণনা
[সম্পাদনা কৰক]প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মসৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহিবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদ লগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্বয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে। ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।[2]
বিস্তৃতি
[সম্পাদনা কৰক]বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিণ-পূৱ ইউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।[2]
খেতি আৰু ব্যৱহাৰ
[সম্পাদনা কৰক]বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।[3]বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ।
বেমাৰ আৰু অপকাৰী কীট
[সম্পাদনা কৰক]চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হ'লে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। [4]
References
[সম্পাদনা কৰক]- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on 2023-04-17. https://web.archive.org/web/20230417101004/http://www.theplantlist.org/tpl/search?q=Ziziphus। আহৰণ কৰা হৈছে: 2015-08-17.
- ↑ 2.0 2.1 Rushforth, K. (1999).
- ↑ Gupta, Anil K. "Origin of agriculture and domestication of plants and animals linked to early Holocene climate amelioration", Current Science, Vol. 87, No. 1, 10 July 2004, 59.
- ↑ Fruit Facts: Jujube Archived 1996-11-01 at the Wayback Machine