বঙ্কোৱাল
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বঙ্কোৱাল | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট |
'বংকোৱাল হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উত্তৰত অৱস্থিত এটা অঞ্চল। বোকাখাত ৰাজহচক্ৰৰ অধীনৰ মহুৰা মৌজাৰ বানে গৰকা এটা অঞ্চল বংকোৱাল। মিচিং সকলৰ তামাৰ গোষ্ঠীৰ লোকসকল এই অঞ্চলটোত বাস কৰে। এই লোক সকলক অসমীয়াভাষী মিচিং বুলিও কোৱা শুনা যায়। অৱশ্যে ভাষাটোৰ বাহিৰে আন সকলো আচাৰ-নীতি, পৰম্পৰা, আদি নিজা মিচিং নিয়ম মতেই পালন কৰে। ব্ৰহ্মপুত্ৰ, ধনশিৰি আৰু গেলাবিল নদীৰে আগুৰা এই অঞ্চলটোৰ লোক সকল কৃষিজীৱি। ২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট জিলাৰ এই অঞ্চলটোৰ মুঠ জনসংখ্যা ২,৭৫৮জন (কেৱল মুল বংকোৱাল)। (http://www.censusindia.gov.in/2011census/dchb/1814_PART_B_DCHB_GOLAGHAT.pdf) নিকৰি, বৰতল, বৰটিকা, অফলা, ৰিৰিেক ধৰি কেইবাখনো গাঁৱক সামৰি এই বৃহত্ৰাতৰ বংকোৱালৰ সীমা (বেচৰকাৰী)। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত বংকোৱাল:- বৃহত্তৰ বংকোৱাল অঞ্চলটোৰ পৰা কেইবাগৰাকীও সমাজ কৰ্মী আৰু ৰাজনৈতিক ব্যক্তিয়ে আত্ম প্ৰকাশ কৰিছিল। এই সকলৰ ভিতৰত প্ৰয়াত কমলেশ্বৰ মৰাং, প্ৰয়াত ৰত্নেশ্বৰ লইং, গোবিন চন্দ্ৰ দলে, পুষ্প চন্দ্ৰ লইং, ডালিমী লইঙৰ নাম লেখত লবলগীয়া। আনহাতে বৃৃৃত্তৰ বোকাখাত অঞ্চলৰ মহিলাৰ ভিতৰত অধিক সক্ৰ্ৰিয় মহিলা সমাজকৰ্মী হিচাপে ডালিমী লইং ওৰফে ডালিমী বাই সকলোৰে পৰিচিত। এই গৰাকী ডালিমী বাইৰ জীৱন আধাৰিত নাটক 'ডালিমী-মৰা সুঁতি জীয়া নৈ' ৰচনা কৰে পলাশ লইঙে। পোন প্ৰৰথমবাৰৰ বাবে মঞ্চস্থ হয় ২১এপ্ৰিল,২০২২ বৰ্ষত উজনি বংকোৱাল ৰংগ মঞ্চ
শিক্ষানুষ্ঠান
[সম্পাদনা কৰক]বংকোৱালৰ উচ্চমাধ্যমিক পৰ্যায়ৰ দুখন বিদ্যালয়খনৰ নাম হৈছে - বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয় আৰু বংকোৱাল ছিনিয়ৰ বেছিক স্কুল। দুয়োখন বিদ্যালয়ৰে মাধ্যম হৈছে অসমীয়া। গোলাঘাট জিলাৰ পশ্চিম শিক্ষাখণ্ডৰ অধীনত এই দুয়োখন বিদ্যালয় অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]বংকোৱাল নামটোৰ উতপত্তিৰ সন্দৰ্ভত জনমানসত এটা কিম্বদন্তী প্ৰচলিত আছে। প্ৰয়াত গংগাধৰ পাৱ (এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, বংকোৱালৰ বাসিন্দা আছিল)ৰ "পাৱ বংশালী" খনত পোৱা তথ্য মতে- এদিন দুখন গাঁৱৰ মাজত চেপা পতাকলৈ দুৰ্বাদল কাজিয়া হল। পাটকাই পৰ্বতৰ নামনি অঞ্চল। এদিন ৰাতি নদীৰ সিপাৰৰ গাঁওখনৰ মানুহক কাটিবলৈ বুলি মদৰ ৰাগিত নাওত উঠিল। গভীৰ ৰাতি মদৰ ৰাগিত থকাৰ বাবে নাওখন সিপাৰৰ গাঁৱত নালাগি আকো নিজৰ গাঁৱতে লাগিলহি। ভুলবশতঃ শত্ৰুৰ গাঁও বুলি নিজৰ বংশৰ মানুহকে কাটি শেষ কৰিলে। পিছত পুৱা যেতিয়া দেখিলে তেতিয়া লাজ আৰু অনুশোচনাত দগ্ধ হৈ সেই গাঁও ত্যাগ কৰি আহি কালক্ৰমত এই গাঁও পাইহি। নিজৰ বংশ কটাৰ পৰাই কালক্ৰমত অপভ্ৰংশ হৈ বংশ...বংক...বংকোৱাল হল। অসমীয়া আলোচনী সাতসৰী (https://www.facebook.com/SATSORI-184110228868/ assamesebooks.com/112-magazines ) ৰ ২০০৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা কিব পলাশ লইঙৰ -" বংকোৱালৰ কথা "শীৰ্ষক কবিতাটোত বংকোৱালৰ কিম্বদন্তীটো সুন্দৰ ৰূপত প্ৰকাশ পাইছে। প্ৰয়াত নাট্যকাৰ অজিত দত্তই পলাশ লইঙৰ কবিতাৰ আধাৰত কথা-বংকোৱাল নামৰ পূৰ্ণাংগ নাট লিখিছিল আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি, আৰু গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ২০১৩ চনৰ ২৫ নৱেম্বৰত মঞ্চস্থ হৈছিল।
অসমীয়া সহিত্য জগতত বংকোৱাল
[সম্পাদনা কৰক]ইতিমধ্যে বংকোৱালক কবি পলাশ লইঙে অসমৰ সাহিত্য জগতত কবিতাৰ জৰিয়তে এটি সুখপাঠ্য কবিতাৰে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ পৰা সাহিত্যৰ পথাৰত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল প্ৰয়াত ৰত্নেশ্বৰ লইং (শিক্ষক), প্ৰয়াত পুষ্প চন্দ্ৰ লইং আদিয়ে। তোখেতসকলে অঞ্চলেটাৰ সামাজিক শিক্ষা, উন্নয়নৰ লগতে সাহিত্য সাধনাতো ব্ৰতী হৈছিল। ইতিমধ্যে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা মাণিক চন্দ্ৰ দাৱ দিও বৰ্তমানে দেৰগাঁৱত নিগাজীকৈ থাকিবলৈ লৈছে, হলেও তেওঁ বংকোৱালত ডাঙৰ-দীঘল হৈয়ে সাহিত্য সাধনাত মনোনিবেশ কৰিছিল। শেহতীয়াকৈ অমল দাৱ (ফ্ৰীডম দলে), পলাশ লইং, জয়ন্ত মাধৱ মৰাং, ৰুণাল্ডো টাইড, দেৱজীত্ বিলু, নিপন লইং, গান্ধিৰাম বড়ি আদিয়ে নিয়মীয়াকৈ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। পলাশ লইংঙে ইতিমধ্যেো নাটক ৰচনাতো মনোনিবেশ কৰিছে।
উৎসৱ
[সম্পাদনা কৰক]আন মিচিংসকলৰ দৰে বংকৱোলৰ লোকসকলেও ফাগুনৰ প্ৰথম বুধবাৰত আলি-আই-লৃগাং পালন কৰে। আনহাতে অসমৰ বাপুতি সাহোন তিনিবিহুও পালন কৰি আহিছে।
বংকোৱালৰ উপাধিসমূহঃ পেগু, লইং, মৰাং, দলে, কামান, টাইদ, বড়ি, পাৱ আদি উপাধিৰ লোক বেচিকৈ পোৱা যায়।