বধকাব্য
বধকাব্য হৈছে এক প্ৰকাৰৰ কাব্য সাহিত্য। বধকাব্য সমূহৰ লক্ষ্য উদ্দেশ্য হৈছে অন্যায়, অশান্তি, আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা। এই বধকাব্য সমূহৰ লেখক বিভিন্নজন। ৰাম সৰস্বতী এই সকলৰ ভিতৰত অন্যতম। তেওঁ মূল মহাভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা অথচ 'যামল সংহিতা', 'শিৱ ৰহস্য' আদি উপপুৰাণৰ ভিত্তিত মহাভাৰতৰ কিছুমান চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা বধকাব্য আৰু আখ্যানসমূহ বা [1][2] বধকাব্যসমূহে সাধাৰণ ৰাইজক কিংবদন্তীমূলক আখ্যানৰ আধাৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল।[3]
বিষয়বস্তু
[সম্পাদনা কৰক]বধকাব্যসমূহৰ বিষয়বস্তু মহাভাৰত, পুৰাণ আদি গ্ৰন্থৰ পৰা সংগৃহীত।[1] উদাহৰণ স্বৰূপে খটাসুৰ বধ কাব্যত আছে যে- ব্ৰহ্মাৰ বৰেৰে অবধ্য খটাসুৰে পঞ্চপাণ্ডৱক বধ কৰি দ্ৰৌপদীক ধৰিবলৈ আগবাঢ়ি গ'ল। উপায়ন্তৰ হৈ দ্ৰৌপদীয়ে একান্ত শৰণ পৰিতুষ্ট কৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। কৃষ্ণৰ নিৰ্দেশত দ্ৰৌপদীয়ে হাতৰ খাৰুৰে প্ৰহাৰ কৰি খটাসুৰক বধ কৰে আকৌ অশ্বকৰ্ণধত বৰাহৰূপী বিষ্ণুৰপৰা অস্ত্ৰ-শস্ত্ৰ লাভ কৰি ভীমাৰ্জুনে অশ্বকৰ্ণক বধ কৰিছে। এইদৰে বধকাব্য সমূহত দুষ্টক বধ কৰি সন্তৰ বিজয় দেখুওৱা হৈছে লগতে বধকাব্যত শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে। বধকাব্যসমূহ বিশুদ্ধ কাব্য। এইবিধ সাহিত্যক একাধাৰে ধৰ্মগ্ৰন্থ, কাব্য, উপন্যাস, গীত আৰু নাটক আখ্যা দিব পাৰি। পাণ্ডৱ সকলক সকলো বিপদত কৃষ্ণই ৰক্ষা কৰিছিল। সেইবাবে এইবিধ কাব্যৰ নাম ভক্তিকাব্য বা কৃষ্ণায়ন কাব্য।
অনুবাদকৰ পৰিচয়
[সম্পাদনা কৰক]ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয়।[4] ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড° সত্যেন্দ্ৰনাথ শৰ্মাই "অসমীয়া ব্যাস" আখ্যা দিছে।[1] তেওঁ বধ কাব্য নামৰ জনপ্ৰিয় একশ্ৰেণীৰ কাব্য সৃষ্টি কৰে।[1] তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। "ৰাম সৰস্বতী" ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি।[4] মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধি প্ৰদান কৰা হৈছিল। ৰাম সৰস্বতীৰ ৰচনাৱলীক দুটা ভাগত ভগাব পাৰি। ১) মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ বা মূল মহাভাৰতত থকা আখ্যানসমূহৰ অসমীয়া ৰূপান্তৰ। ২) মূল মহাভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা অথচ 'যামল সংহিতা', 'শিৱ ৰহস্য' আদি উপপুৰাণৰ ভিত্তিত মহাভাৰতৰ কিছুমান চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা বধকাব্য আৰু আখ্যানসমূহ।[1] বধকাব্যসমূহে সাধাৰণ ৰাইজক কিংবদন্তীমূলক আখ্যানৰ আধাৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল। মহাভাৰতৰ অনুবাদত তেওঁ সকলো শ্লোক ভাঙনি কৰা নাছিল। বাহুল্য পৰিহাৰ কৰি প্ৰয়োজনীয় শ্লোকসমূহহে ভাঙনি কৰিছিল। মহাভাৰত অনুবাদত তেওঁক তেওঁৰ পুত্ৰ গোপীনাথ পাঠক, বিদ্যাপঞ্চৰণ, কামচাৰী কায়স্থ, দামোদৰ দাস আৰু আন কোনো কোনো কবিয়ে সহায় কৰিছিল। তেওঁৰ দ্বাৰা অনুদিত বধকাব্যৰ ভিতৰত-[1]
- বিজয় পৰ্ব
- মণিচন্দ্ৰ ঘোষ পৰ্ব
- পুষ্পহৰণ পৰ্ব
- কালকুব্জ শোষক পৰ্ব
- ভীম চৰিত
- বকাসুৰ বধ
- কুলাচল বধ
- জঙঘাসুৰ বধ
- জটাসুৰ বধ
- পাঞ্চালী বিবাহ
- সিন্ধুৰা পৰ্ব
- ব্যাসাশ্ৰম
- অশ্বকৰ্ণৰ যুদ্ধ
- খটাসুৰ বধ
- ব্যঞ্জন পৰ্ব, ইত্যাদি অন্যতম।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 ড° সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ১৩৮-১৪৯.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;netzone
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;aslit
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ 4.0 4.1 হেমন্ত কুমাৰ ভৰালী (২০০০). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্চ.