বন্দী ছোড় দিৱস
বন্দী ছোড় দিৱস | |
---|---|
ষষ্ঠ শিখ গুৰু হৰগোৱিন্দজীক মোগল সম্ৰাট জাহাংগীৰৰ আদেশত গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়াৰ চিত্ৰণ | |
পালন কৰে | শিখ সকল |
প্ৰকাৰ | সাংস্কৃতিক, ধৰ্মীয় |
তাৰিখ | কাৰ্তিক মাহৰ অমাবস্যা |
উদযাপন | পোহৰৰ উৎসৱ হিচাপে বন্তি প্ৰজ্বলন, লংগৰ, গৃহসজ্জা, ধৰ্মীয় অনুষ্ঠান |
সম্পৰ্কিত | দেৱালী |
বন্দী ছোড় দিৱস (ইংৰাজী: Bandi Chhor Divas) শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল। বৰ্তমান এই দুৰ্গৰ যি স্থানত গুৰুক বন্দী কৰি ৰখা হৈছিল তাতে এটা শিখ গুৰুদ্বাৰা গুৰুদ্বাৰ দাতা বন্দী ছোড় চাহিব অৱস্থিত। 'বন্দী ছোড় দিৱস'ৰ আক্ষৰিক অৰ্থ হৈছে 'মুক্তি দিৱস' বা 'বন্দী এৰি দিয়া দিন'। এই দিন শৰৎ ঋতুত পৰে আৰু প্ৰায়ে পঞ্জাবত উদযাপন কৰা পোহৰৰ উৎসৱ হিন্দু উৎসৱ দেৱালীৰ সৈতে একে দিনত উদযাপন কৰা হয়। ঐতিহাসিকভাৱে তৃতীয় শিখ গুৰু অমৰ দাসৰ সময়ৰ পৰা দেৱালী, বৈশাখী আৰু এনে অন্যান্য উৎসৱসমূহত শিখ আৰু হিন্দুসকলৰ গুৰুআসনৰ ওচৰত একত্ৰিত হৈছিল।[1][2][3] ২০ শতিকাৰ শেষভাগত শিখ ধৰ্মীয় নেতা আৰু শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিয়ে শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ তদানীন্তন সভাপতি অধ্যাপক কিৰপাল সিং বাদুংগাৰৰ অধীনত ২০০৩ চনত নানকশাহী কেলেণ্ডাৰ অনুসৰি এই দিনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[4]
দেৱালী উৎসৱ সমগ্ৰ ভাৰত আৰু বিশ্বব্যাপী হিন্দু, জৈন আৰু শিখ ধৰ্মালম্বী লোকসকলে উদযাপন কৰে। ইয়াৰ গুৰুত্ব হিন্দু ধৰ্মৰ প্ৰাচীন ঘটনা আৰু শাস্ত্ৰৰ ওপৰত আধাৰিত। আনহাতে বন্দী ছোড় দিৱসে ষষ্ঠ গুৰু হৰগোৱিন্দৰ সৈতে সম্পৰ্কিত এটা শিখ ঐতিহাসিক অনুষ্ঠান। ঐতিহাসিক তথ্য অনুসৰি এই দিনটোতে গুৰু হৰগোৱিন্দে মোগল সম্ৰাট জাহাংগীৰৰ দ্বাৰা বন্দী ৫২জন ৰজাৰ মুক্তি সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল।[5][6][7]
বন্দী ছোড় দিৱস ব্যক্তিগত ঘৰ আৰু গুৰুদ্বাৰাত উদযাপন কৰা হয়। শোভাযাত্ৰা বা নগৰ কীৰ্তন আৰু লংগৰ বা সম্প্ৰদায়ৰ পাকঘৰৰ লগতে সকলো ঠাই পোহৰেৰে আলোকিত কৰি উদযাপন কৰা হয়। বৈশাখী, হলা মোহল্লা আৰু গুৰুপৰ্বৰ সৈতে এয়া এক গুৰুত্বপূৰ্ণ শিখ উৎসৱ।[4][8]
বৰ্ণনা
[সম্পাদনা কৰক]গুৰু হৰগোৱিন্দ চাহিব জীক গোৱালিয়ৰ কাৰাগাৰৰ পৰা মুক্তি সময়ত তেওঁৰ পিছফালৰ কাপোৰৰ ধৰি ৫২ গৰাকী ৰজায়েও মুক্তি লাভ কৰিছিল। গুৰু গৰাকীয়ে যুদ্ধৰ কোনো লক্ষণ অবিহনে সকলো ৫২জন নিৰীহ শাসকক সুৰক্ষাৰ ব্যবস্থা কৰি দিছিল। নগৰ কীৰ্তন বা পথৰ শোভাযাত্ৰা আৰু গুৰু গ্ৰন্থ চাহিবৰ অখণ্ড পাঠৰ লগতে আতচবাজি প্ৰদৰ্শনেৰে এই দিন উদযাপন কৰা হয়। শ্ৰী হৰমন্দিৰ চাহিবৰ লগতে গোটেই কমপ্লেক্সটো হাজাৰ হাজাৰ জিলিকি থকা লাইটেৰে সজোৱা হয়। গুৰুদ্বাৰ সমূহত নিৰন্তৰ কীৰ্তন আৰু বিশেষ সংগীতজ্ঞসকলৰ প্ৰাৰ্থনা আয়োজন কৰা হয়। শিখসকলে এই অনুষ্ঠানত গুৰুদ্বাৰলৈ দৰ্শন কৰিবলৈ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ এক গুৰুত্বপূৰ্ণ সময় বুলি বিবেচনা কৰে।[9]
ইতিহাস আৰু তাৎপৰ্য
[সম্পাদনা কৰক]গুৰু হৰগোৱিন্দ চাহিবৰ পিতৃ গুৰু অৰ্জন দেৱক মোগল সম্ৰাট জাহাংগীৰৰ আদেশত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আদেশ দিয়া হৈছিল।[10][11] তেওঁ সম্ৰাটৰ আদেশ অস্বীকাৰ কৰাৰ ফলত ১৬০৬ চনত তেওঁৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল আৰু অৱশেষত মৃত্যুদণ্ড বিহা হৈছিল।[10][12] এই দিন গুৰু অৰ্জন শ্বহীদ দিৱস হিচাপে ভাৰত আৰু শিখসকলৰ ইতিহাসৰ এক নিৰ্ধাৰিত মুহূৰ্ত হিচাপে পৰিগণিত হয়।[10][13] ইয়াৰ পিছত গুৰু হৰগোৱিন্দে তেওঁৰ পিতৃক পিছত পৰৱৰ্তী গুৰু হিচাপে প্ৰতিষ্ঠিত হয়।[10][14][15]
১৬০৬ চনৰ ২৪ জুন তাৰিখে মাত্ৰ ১১ বছৰ বয়সত গুৰু হৰগোৱিন্দে ষষ্ঠ শিখ গুৰু হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[16][17] তেওঁৰ উত্তৰাধিকাৰী অনুষ্ঠানত তেওঁ দুডাল তৰোৱাল গ্ৰহণ কৰিছিল। ইয়াৰ এডালে আধ্যাত্মিক কৰ্তৃত্ব (পিৰি) বজাই ৰখাৰ সংকল্প সূচিত কৰিছিল আৰু আনটো তেওঁৰ অস্থায়ী কৰ্তৃত্বক (মিৰি) সূচিত কৰিছিল।[18] মোগল সম্ৰাট জাহাংগীৰৰ দ্বাৰা গুৰু অৰ্জন সিঙৰ মৃত্যুদণ্ডৰ আদেশৰ বাবে গুৰু হৰগোৱিন্দে মোগল শাসনৰ উৎপীড়নৰ বিৰোধী আছিল। তেওঁ শিখ আৰু হিন্দুসকলক মোগলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ পৰামৰ্শ দিছিল।[19] জাহাংগীৰৰ হাতত তেওঁৰ দেউতাকৰ মৃত্যুই তেওঁক শিখ সম্প্ৰদায়ৰ সামৰিক মাত্ৰাৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰিছিল।[20]
গুৰুক জাহাংগীৰৰ দ্বাৰা গোৱালিয়ৰ দুৰ্গত কেনেকৈ বন্দী কৰা হৈছিল তাৰ বিভিন্ন সংস্কৰণ আছে। এক সংস্কৰণ অনুসৰি যেতিয়া লাহোৰৰ নৱাব মুৰ্তাজা খানে লক্ষ্য কৰিছিল যে গুৰুৱে অমৃতচৰত শ্ৰী অকাল তখ্ট চাহিব বা 'সৰ্বশক্তিমানৰ সিংহাসন' নিৰ্মাণ কৰিছিল আৰু তেওঁৰ সেনাবাহিনীক শক্তিশালী কৰি আছিল, তেওঁ মোগল সম্ৰাট জাহাংগীৰক এই বিষয়ে অৱগত কৰিছিল। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে শিখ গুৰুৱে তেওঁৰ দেউতাকৰ অত্যাচাৰ আৰু মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰস্তুতি কৰি আছে। যেতিয়া জাহাংগীৰে এই বিষয়ে শুনিছিল তেওঁ এবাৰতে গুৰু হৰগোৱিন্দক গ্ৰেপ্তাৰ কৰিবলৈ ৱাজিৰ খান আৰু গুণা বেগক অমৃতচৰলৈ পঠিয়াইছিল।
কিন্তু গুৰু হৰগোৱিন্দৰ গুণগ্ৰাহী ৱাজিৰ খানে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সলনি গুৰুক দিল্লীলৈ যাবলৈ অনুৰোধ কৰিছিল যে সম্ৰাট জাহাংগীৰে তেওঁক লগ কৰিব বিচাৰে। যুৱ গুৰুৱে আমন্ত্ৰণটো গ্ৰহণ কৰিছিল আৰু সোনকালেই দিল্লীত উপস্থিত হৈছিল। ইয়াতে জাহাংগীৰে তেওঁক বন্দী বনাই ১৬০৯ চনত গ্বালিয়ৰ দুৰ্গলৈ পঠিয়াইছিল। আন এক সংস্কৰণ অনুসৰি গুৰু অৰ্জনৰ ওপৰত আৰোপ কৰা জৰিমনা শিখ আৰু গুৰু হৰগোৱিন্দে পৰিশোধ কৰা নাছিল বুলি অজুহাতত গুৰু হৰগোৱিন্দক কাৰাদণ্ডৰ বিহা হৈছিল বুলি কোৱা হয়।[21] তেওঁ বন্দী হিচাপে কিমান সময় অতিবাহিত কৰিছিল সেয়া স্পষ্ট নহয়। তেওঁৰ মুক্তিৰ চন ১৬১১ বা ১৬১২ বুলি গণ্য কৰা হয়। এই সময়ত গুৰু হৰগোৱিন্দৰ বয়স প্ৰায় ১৬ বছৰ আছিল।[21] দাবিস্তান-ই-মাজাহিবৰ দৰে পাৰ্চী ঐতিহাসিক সমল অনুসৰি তেওঁক ১৬১৭-১৬১৯ চনৰ ভিতৰত গ্বালিয়ৰৰ কাৰাগাৰত ৰখা হৈছিল। ইয়াৰ পিছত তেওঁক আৰু তেওঁৰ শিবিৰক জাহাংগীৰে মুছলিম সেনাৰ নিৰীক্ষণত ৰখা হৈছিল।[22][23] কিছুমান তথ্য অনুসৰি গুৰু হৰগোৱিন্দে মুক্তিৰ পিছত তেওঁ অমৃতচৰলৈ গৈছিল আৰু তেতিয়া মানুহবোৰে দেৱালী উৎসৱ উদযাপন কৰি আছিল। শিখ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ দিনটোক এতিয়া বন্দী ছোড় দিৱস উৎসৱ বুলি কোৱা হয়।[24]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ William Owen Cole; Piara Singh Sambhi (1995). The Sikhs: Their Religious Beliefs and Practices. Sussex Academic Press. পৃষ্ঠা. 135–136. ISBN 978-1-898723-13-4. https://books.google.com/books?id=zIC_MgJ5RMUC&pg=PA135.[সংযোগবিহীন উৎস], Quote: "Since the time of Guru Amar Das it has been customary for Sikhs to assemble before their Guru on three of the most important Hindu festival occasions - Vaisakhi, Divali and Maha Shivaratri".
- ↑ Kathleen Kuiper (2010). The Culture of India. The Rosen Publishing Group. পৃষ্ঠা. 127. ISBN 978-1-61530-149-2. https://books.google.com/books?id=c8PJFLeURhsC&pg=PA127.
- ↑ Eleanor Nesbitt (2016). Sikhism: a Very Short Introduction. Oxford University Press. পৃষ্ঠা. 28–29, 59. ISBN 978-0-19-874557-0. https://books.google.com/books?id=XebnCwAAQBAJ.
- ↑ 4.0 4.1 Eleanor Nesbitt (2016). Sikhism: a Very Short Introduction. Oxford University Press. পৃষ্ঠা. 6, 122–123. ISBN 978-0-19-874557-0. https://books.google.com/books?id=XebnCwAAQBAJ.
- ↑ Phyllis G. Jestice, Holy People of the World: A Cross-cultural Encyclopedia, Volume 1
- ↑ Sikhism: A Guide for the Perplexed by Arvind-Pal Singh Mandair
- ↑ Knut A. Jacobsen; Kristina Myrvold (2012). Sikhs Across Borders: Transnational Practices of European Sikhs. Bloomsbury Academic. পৃষ্ঠা. 26–27, 33 with note 19. ISBN 978-1-4411-0358-1. https://books.google.com/books?id=fU8BAQAAQBAJ&pg=PA26.
- ↑ Glimpses of Sikhism By Major Nahar Singh Jawandha
- ↑ Nikky-Guninder Kaur Singh (2011). Sikhism: An Introduction. I.B.Tauris. পৃষ্ঠা. 86. ISBN 978-0-85773-549-2. https://books.google.com/books?id=w8yWAwAAQBAJ&pg=PT86.
- ↑ 10.0 10.1 10.2 10.3 Pashaura Singh (2005), Understanding the Martyrdom of Guru Arjan Archived 2016-03-03 at the Wayback Machine, Journal of Philosophical Society, 12(1), pages 29-62
- ↑ Kulathungam, Lyman (2012). Quest: Christ amidst the quest. Wipf. পৃষ্ঠা. 175–177. ISBN 978-1-61097-515-5.
- ↑ Jahangir, Emperor of Hindustan (1999). The Jahangirnama: Memoirs of Jahangir, Emperor of India. Oxford University Press. পৃষ্ঠা. 59. ISBN 978-0-19-512718-8.
- ↑ Louis E. Fenech, Martyrdom in the Sikh Tradition, Oxford University Press, pp. 118-121
- ↑ W.H. McLeod (2009). The A to Z of Sikhism. Scarecrow Press. পৃষ্ঠা. 20 (Arjan's Death). ISBN 9780810863446. https://books.google.com/books?id=vgixwfeCyDAC. ""The Mughal rulers of Punjab were evidently concerned with the growth of the Panth, and in 1605 the Emperor Jahangir made an entry in his memoirs, the Tuzuk-i-Jahāṅgīrī, concerning Guru Arjan's support for his rebellious son Khusro. Too many people, he wrote, were being persuaded by his teachings, and if the Guru would not become a Muslim the Panth had to be extinguished. Jahangir believed that Guru Arjan was a Hindu who pretended to be a saint and that he had been thinking of forcing Guru Arjan to convert to Islam or his false trade should be eliminated, for a long time. Mughal authorities seem plain to have been responsible for Arjan's death in custody in Lahore, and this may be accepted as an established fact. Whether the death was by execution, the result of torture, or drowning in the Ravi River remains unresolved. For Sikhs, Arjan is the first martyr Guru.""
- ↑ WH McLeod (1989). The Sikhs: History, Religion, and Society. Columbia University Press. পৃষ্ঠা. 26–51. ISBN 978-0231068154. https://archive.org/details/sikhshistoryreli00mcle.
- ↑ Louis E. Fenech, Martyrdom in the Sikh Tradition, Oxford University Press, pages 118-121
- ↑ HS Singha (2009), Sikh Studies, Book 7, Hemkunt Press, আই.এচ.বি.এন. 978-8170102458, pages 18-19
- ↑ HS Syan (2013), Sikh Militancy in the Seventeenth Century, IB Tauris, আই.এচ.বি.এন. 978-1780762500, pages 48-55
- ↑ V. D. Mahajan (1970). Muslim Rule In India. S. Chand, New Delhi, p.223.
- ↑ Phyllis G. Jestice (2004). Holy People of the World: A Cross-cultural Encyclopedia, Volume 1. ABC-CLIO. পৃষ্ঠা. 345, 346. ISBN 9781576073551. https://books.google.com/books?id=H5cQH17-HnMC&pg=PA345.
- ↑ 21.0 21.1 Arvind-Pal Singh Mandair (2013). Sikhism: A Guide for the Perplexed. A & C Black. পৃষ্ঠা. 48. ISBN 9781441117083. https://books.google.com/books?id=BEP0Ty-GuVEC&pg=PA48.
- ↑ Fauja Singh. "HARGOBIND GURU (1595-1644)". In Harbans Singh. Punjabi University PunjabiEncyclopaedia of Sikhism. ISBN 978-8173802041. http://www.learnpunjabi.org/eos/index.aspx। আহৰণ কৰা হৈছে: 7 December 2015.
- ↑ The Sikh Review, Volumes 42-43, Issues 491-497. Sikh Cultural Centre. 1994. পৃষ্ঠা. 15–16. https://books.google.com/books?id=1XPXAAAAMAAJ.
- ↑ Eleanor Nesbitt (2016). Sikhism: a Very Short Introduction. Oxford University Press. পৃষ্ঠা. 28–29, 59, 120–131. ISBN 978-0-19-874557-0. https://books.google.com/books?id=XebnCwAAQBAJ.