বসুধৈৱ কুটুম্বকম্‌

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহা উপনিষদৰ "পৃথিৱীখন এটা পৰিয়াল" বাক্যাংশ ভাৰতৰ সংসদৰ প্ৰৱেশ কোঠাত খোদিত কৰা আছে।[1]

বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"।[2] বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়।

ভাঙনি[সম্পাদনা কৰক]

বসুধৈৱ কুটুম্বকম্ (সংস্কৃত: वसुधैव कुटुम्बकम्) বাক্যাংশত কেইবাটাও শব্দ আছে: বসুধা (সাঁচ:Trans);[3] এৱ (সাঁচ:Trans);[4] আৰু কুটুম্বকম্‌ (সাঁচ:Trans).

ইতিহাস[সম্পাদনা কৰক]

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

মূল শ্লোকটো মহা উপনিষদৰ ষষ্ঠ পাঠত পোৱা যায়।[5][6][7]ভাৰতীয় সমাজত ইয়াক এক গুৰুত্বপূৰ্ণ নীতিমূলক উপদেশ হিচাপে গণ্য কৰা হয়।[8][9][1] মহা উপনিষদৰ এই বাক্যাংশ ভাৰতৰ সংসদৰ প্ৰৱেশ কোঠাতো খোদিত কৰা আছে।[1]

The World Is A Family

এজন মোৰ আপোন, এজন অচিনাকী,
ক্ষুদ্ৰ মনৰ লোকেহে এনেকৈ কয়,
সমগ্ৰ পৃথিৱী এক পৰিয়াল,
উদাৰ হৃদয়ৰ লোকৰ বাবে।

উদাসীন হোৱা,
উদাৰ হৃদয়ৰ হোৱা,
মনৰ উত্তৰণ কৰা, আনন্দ লোৱা
ব্ৰাহ্মনীয় স্বাধীনতাৰ ফলৰ।

মহা উপনিষদ ৬.৭১–৭৫[8][5]

পাছৰ শ্লোকসমূহত কোৱা হৈছে যে আসক্তি নথকা লোকসকলে ব্ৰাহ্মণক বিচাৰি যাওক। ইয়াৰ দ্বাৰা আধ্যাত্মিক বিকাশৰ চৰম স্তৰ লাভ কৰা আৰু সম্পত্তিৰ প্ৰতি মোহ নোহোৱাকৈ কৰ্ম কৰিব পৰা লোকৰ গুণক বুজোৱা হৈছে।[10]

প্ৰভাৱ[সম্পাদনা কৰক]

এই পাঠ্যই পাছৰ গুৰুত্বপূৰ্ণ হিন্দু সাহিত্যক প্ৰভাৱিত কৰিছে। উদাহৰণস্বৰূপে পুৰাণ শৈলীৰ আটাইতকৈ বেছি অনূদিত হোৱা কাব্য ভাগৱদ গীতা[11] মহা উপনিষদৰ বসুধৈৱ কুটুম্বকম্‌ বাণীক "মহানতম বেদান্তীয় চিন্তা" বুলিছে।।[12]

গান্ধী স্মৃতি আৰু দৰ্শন স্মৃতিৰ পূৰ্বৰ সঞ্চালক ড° এন ৰাধাকৃষ্ণণে গান্ধীয় দৃষ্টিৰ পূৰ্ণতাবাদী বিকাশ আৰু সকলো জীৱৰ প্ৰতি শ্ৰদ্ধা; অহিংসাক বিশ্বাস আৰু কৌশল হিচাপে লৈ অহিংসাৰে দ্বন্দ্ব নিৰসন আদি প্ৰাচীন ভাৰতীয় দৰ্শন বসুধৈৱ কুটুম্বকমৰে প্ৰসাৰণ।[13]

আধুনিক বিশ্বত প্ৰয়োগ[সম্পাদনা কৰক]

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাক্যাংশক আৰ্ট অৱ লিভিঙে আয়োজন কৰা বিশ্ব সাংস্কৃতিক উৎসৱ্ৰ বক্তৃতাক উল্লেখ কৰে আৰু কয় যে "ভাৰতীয় সংস্কৃতি অৰি ধনী আৰু আমাৰ মাজত ই উচ্চ আদৰ্শ সুমুৱাই দিছে, আমি অহম ব্ৰহ্মাস্মিৰ পৰা বসুধৈৱ কুটুম্বকমলৈ আহিছোঁ, আমি উপনিষদৰ পৰা উপগ্ৰহলৈ আহিছোঁ।"[14]

২০১৩ চনত ভাৰতৰ মাইচুৰুত অনুষ্ঠিত হোৱা সপ্তম আন্তৰ্জাতিক আৰ্থ চায়েঞ্চ অলিম্পিয়াদৰ লগ'ত ইয়াক ব্যৱহাৰ কৰা হৈছিল। বিদ্যালয়ৰ পাঠ্যক্ৰমত পৃথিৱীৰ উপশ্ৰেণীসমূহক সংহত কৰাৰ গুৰুত্ব দি ইয়াক ডিজাইন কৰা হৈছিল।[15]

১ ডিচেম্বৰ, ২০২২ ৰ পৰা ৩০ নৱেম্বৰ ২০২৩ লৈকে ভাৰতৰ জি২০ সভাপতিত্বৰ ল'গ' আৰু থীমত “বসুধৈৱ কুটুম্বকম” বা “এক বিশ্ব-এক পৰিয়াল-এক ভৱিষ্যত"ৰ উল্লেখ আছে। এক সৰ্বভাৰতীয় ল'গ' ডিজাইন প্ৰতিযোগিতাৰ ২৪০০ নিবেদনৰ পৰা ইয়াক বাছনি কৰা হৈছিল।[16]

২০২৩ চনত অন্তৰ্জাতিক যোগ দিৱসৰ মূলমন্ত্ৰ হিচাপে এই বাক্যাংশ ব্যৱহাৰ কৰা হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 S Shah and V Ramamoorthy (2014), Soulful Corporations, Springer Science, আই.এচ.বি.এন. 978-8132212744, page 449
  2. "DNA of non-violence engrained in our society: PM". Times Now. 2 September 2014. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226124027/https://www.timesnownews.com/DNA-of-non-violence-engrained-in-our-society-PM/articleshow/4463308.cms। আহৰণ কৰা হৈছে: 22 September 2014. 
  3. vasudhA Sanskrit English Dictionary, Koeln University, Germany
  4. Sanskrit Dictionary
  5. 5.0 5.1 Jeffrey Moses (2002), Oneness, Random House Publishing, আই.এচ.বি.এন. 0-345457633, page 12
  6. Robin Seelan (2015), Deconstructing Global Citizenship (Editors: Hassan Bashir and Phillips Gray), Routledge, আই.এচ.বি.এন. 978-1498502580, page 143
  7. BP Singh and Dalai Lama (2008), Bahudhā and the Post 9/11 World, Oxford University Press, আই.এচ.বি.এন. 978-0195693553, page 51
  8. 8.0 8.1 Hattangadi 2000, षष्ठोऽध्यायः ७१- ७३, Quote: अयं बन्धुरयं नेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्तकलनारभ्यं नीरागं पदमाश्रय ॥ एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया । आदाय विहरन्नेवं सङ्कटेषु न मुह्यति ॥ (...).
  9. AG Krishna Warrier (1953), Maha Upanishad, Theosophical Society, Madras, Online[সংযোগবিহীন উৎস], Verse VI.71–73
  10. AG Krishna Warrier (1953), Maha Upanishad, Theosophical Society, Madras, Online[সংযোগবিহীন উৎস]
  11. Sheridan 1986, পৃষ্ঠা. 1–16.
  12. Badlani 2008, পৃষ্ঠা. 184.
  13. Radhakrishnan, N.. "Gandhi In the Globalised Context". http://www.mkgandhi.org/articles/Radhakrishnan.htm. 
  14. "- YouTube". YouTube. https://www.youtube.com/watch?v=KVFyqbQFnWk. 
  15. "7th International Earth Science Olympiad". 7th International Earth Science Olympiad. Archived from the original on 2019-09-05. https://web.archive.org/web/20190905151705/https://ieso2013.webs.com/। আহৰণ কৰা হৈছে: 2022-04-11. 
  16. Rahul Shrivastava (8 November 2022). "As PM Modi unveils G20 logo, India readies to display global muscle in elite grouping". India Today. https://www.indiatoday.in/news-analysis/story/as-pm-modi-unveils-g20-logo-india-readies-to-display-global-muscle-in-elite-grouping-2294821-2022-11-08। আহৰণ কৰা হৈছে: 2023-02-27. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Chung, Tan (2009). "Towards A Grand Harmony". India International Centre Quarterly খণ্ড 36 (3/4): 2–19.