বাহক
বাহক হৈছে ভাৰত উপমহাদেশত পোৱা একপ্ৰকাৰৰ ভেষজ উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে দুই প্ৰকাৰৰ। বগা বাহক আৰু ৰঙা বাহক বা তিতাফুল। ভাৰত উপমহাদেশৰ প্ৰায় সৰ্বত্ৰ এই উদ্ভিদ জন্মে। হিন্দীত ইয়াক কোৱা হয় ‘আডুছা’, ‘বানছা’ অথবা ‘ভাছিকা’। সংস্কৃত নাম ‘বাসক’ৰ ভিত্তিত ইয়াৰ ব্যৱসায়িক নাম “বাহক”। আৰ্দ্ৰ, সমতলভূমিত ই বেছিকৈ জন্মে। জনাঞ্চলৰ কাষত বেছিকৈ গজে।
বৰ্ণনা
[সম্পাদনা কৰক]পাতল সেউজীয়া আৰু হালধীয়া ৰঙৰ ডাল-পাতযুক্ত ১ৰ পৰা ২ মি. ওখ গছ, ই চিৰসেউজীয়া উদ্ভিদ। বল্লমাকাৰৰ পাত পাত ডাঙৰ আৰু আগবোৰ জোঙা, ফুল ঘন।
ঔষধী গুণ
[সম্পাদনা কৰক]সেউজীয়া নাইবা শুকান পাত ঔষধ হিচাপে ব্যৱহাৰ হয়। বাহকেৰ পাতত "ভাছিছিন" নামৰ ক্ষাৰকীয় পদাৰ্থ আৰু তেল থাকে। শ্বাসনলীৰ লালতী গ্ৰন্থিক সক্ৰিয় কৰে বাবে বাহক শ্লেষ্মানাশক হিচাবে প্ৰসিদ্ধ। কফ নিঃসাৰক, হাপানি নিবাৰক, মূত্ৰ নিঃসাৰক, শোথহাৰক, কৃমি নাশক, কুষ্ঠ নিবাৰক, কাহ, শ্বসাৰোগ, আমবাত(গাত চকলা উঠা), জ্বৰ, ক্ষয়ৰোগ আদি ৰোগত ইয়াক ব্যৱহাৰ কৰা হয়।[1]