বাৰ্তা:অসমীয়া ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


অঞ্জল দা, এইটোৰ অনুবাদৰ দায়িত্ব আপোনাৰ দেই ! Gitartha.bordoloi 15:49, 17 জানুৱাৰী 2012 (UTC)

ঠিক আছে৷ মাজতে অলপ কাম কৰিছিলোঁ৷ দুই এদিনতে একেবাৰে আপটুডেট কৰি দিম৷

Anjal Borah 05:16, 18 জানুৱাৰী 2012 (UTC)


ভাষা পৰিয়াল[সম্পাদনা কৰক]

ইয়াত- ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, কামৰূপীৰ পিছত "অসমীয়া-বাংলা-উড়ীয়া" বুলি কিয় লিখা হৈছে? কিবা কাৰণ আছেনেকি?

Anjal Borah (talk) 10:38, 21 মাৰ্চ 2012 (UTC)

অসমীয়া ভাষা সম্পৰ্কত[সম্পাদনা কৰক]

অসমীয়া ভাষা সম্পৰ্কত ইয়াত যি উল্লেখ আছে ই সম্পূৰ্ণভাৱে শুদ্ধ হৈছে বুলি নাভাবো। অসমীয়া ভাষা এটা সম্পূৰ্ণকৈ আৰ্য্য ভাষা হয় নে নহয় তাত সন্দেহ আছে। তদুপৰি ইয়াৰ গঢ় সংস্কৃতৰ পৰা ওলোৱা নহয়। বৰং ইয়াৰ গঢ় সংস্কৃতৰ সৈতে কিছু পৰিমাণে মিলে আৰু বহুলাংশে নিমিলে বুলিহে কোৱা যুগুত। ধ্বনি বৈশিষ্ট্য একেবাৰে নিমিলে। অসমীয়া ভাষাত সংস্কৃতৰ লগত মিলা মাত্ৰ তিনি-চাৰিটামানহে ধ্বনি আছে। নিৰপেক্ষভাৱে ক'বলৈ হ'লে অসমীয়া ভাষাটো আৰ্য্য আৰু অনাৰ্য্যৰ মিশ্ৰ ভাষাহে। ইয়াত দুয়ো ধৰণৰ বৈশিষ্ট্য আছে। বেছিখিনি বৈশিষ্ট্য অনাৰ্য্যমূলীয়। কিন্তু ইয়াৰ শব্দ ভাণ্ডাৰটোৰ বেছিখিনিয়েই সংস্কৃতমূলীয়। তাৰ কাৰণ প্ৰাচীন অসমীয়া সাহিত্য অনুবাদমূলক আৰু সেই অনুবাদবোৰৰ মূল সংস্কৃত সাহিত্য হোৱাটো।

ইতি শ্ৰী দুৰ্লভ গগৈ 20/6/2014 durlavgogoi@gmail.com

তথ্যউৎসবোৰ উল্লেখ কৰি কথাখিনি যোগ কৰি দিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 15:13, 20 জুন 2014 (UTC)