বাৰ্তা:জানকী অম্মল (ৰামানুজনৰ পত্নী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

SlowPhoton দাদা, মই এইটো লিখি থকাৰ সময়ত প্ৰবন্ধটোত টেগ লগোৱাৰ কাৰণ কি?

@অনামিকা(চুমু) বড়া: প্ৰবন্ধটোৱে মোৰ মতে ৱিকিপিডিয়াৰ জীৱনীৰ বাবে উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। নিয়ম অনুসৰি "এজন উল্লেখযোগ্য ব্যক্তিৰ সৈতে সম্পৰ্কিত হোৱা বাবেই আন এজন ব্যক্তি উল্লেখযোগ্য নহ’বও পাৰে। এজন উল্লেখযোগ্য ব্যক্তিৰ প্ৰবন্ধত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰো নাম উল্লেখ কৰিলে বুলিয়ে পৰিয়ালৰ সদস্যসকল কোনোমতেই উল্লেখযোগ্যতাৰ শাৰীত নপৰে।" ৰামানুজন উল্লেখযোগ্য ব্যক্তি হয় বুলিয়েই তেওঁৰ পত্নী উল্লেখযোগ্য হ'ব নোৱাৰে। তেওঁ নিজৰ কামৰ বাবে উল্লেখযোগ্য হোৱাটো প্ৰয়োজন। প্ৰবন্ধটোৱে উল্লেখযোগ্যতা সাব্যস্ত কৰাত ব্যৰ্থ হৈছে। ইয়াৰোপৰি ৱিকিপিডিয়াৰ প্ৰবন্ধত আমোদজনক ঘটনা বা trivia সদৃশ তথ্যৰ স্থান নাই। আপুনি বিচাৰে যদি উৎসসহ তথ্যখিনি থুলমুলকৈ ৰামানুজনৰ প্ৰবন্ধটেই যোগ দিব পাৰে। --SlowPhoton (talk) 14:34, 29 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton: দাদা, আপোনাৰ কথাখিনি বুজিছোঁ, কিন্তু প্ৰথম কথা সম্পাদনা চলি থকা সময়ত মোৰ প্ৰবন্ধটোত টেগ লগোৱাতকৈ মোক সদস্য বাৰ্তা এটা দিলে ভাল আছিল।

দ্বিতীয় কথা সম্পূৰ্ণ নোহোৱা প্ৰবন্ধটো আপুনি উল্লেখযোগ্য নহয় বুলি কোৱাৰ কোনো যুক্তিয়েই মই নেদেখোঁ। কেৱল বঁটা বাহন পালে, কিতাপ লিখিলে, অভিনয় কৰিলেহে নাৰী উল্লেখযোগ্য হয়নি? তৃতীয় কথা, ৰামানুজনৰ লগত সম্পৰ্কিত হ'ল বুলিয়েই জানকীক উল্লেখযোগ্যতা নাথাকে বুলি ক'ব খোজা কথাষাৰ কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। যিগৰাকী জানকীৰ বাবে আমি আজি ৰামানুজনৰ সম্পদসমূহ, গৱেষণা পত্ৰসমূহ সযতনে পালোঁ, ৰামানুজনৰ মৃত্যুৰ ইমান বছৰ পিছতো, সেইগৰাকী জানকীৰ উল্লেখযোগ্যতা তথাকথিত লেখিকা, অভিনেত্ৰী, দেৱী আদিতকৈ বহু গুণে ওপৰত। ইমানদিনে ৱিকিত জানকীৰ বিষয়ে সুকীয়া প্ৰবন্ধ এটা নথকাটোহে মোৰ দৃষ্টিত পৰিতাপৰ বিষয়। ধন্যবাদ।

@অনামিকা(চুমু) বড়া: আপুনি ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি) এবাৰ পঢ়ি চাব। আবেগিক যুক্তিতকৈ নীতি নিৰ্দেশনা অনুসৰি প্ৰবন্ধ সৃষ্টি কৰিলে ভাল হয়। এই প্ৰবন্ধটো নিশ্চয় কোনো কাকত আলোচনীৰ বাবে সুন্দৰ বিষয়বস্তু হব পাৰে, কিন্তু মোৰ বোধেৰে বিশ্বকোষীয় বিষয় নহয়। আৰু ৱিকিপিডিয়াত সকলোৱে সম্পাদনা কৰিব পাৰে বা টেগ লগাব পাৰে। তাত কাৰো আপত্তি থাকিব নালাগে। সম্পাদনা দ্বন্দ্ব লগালে বুলিয়েই আনে কোনো সম্পাদনা কৰিব নোৱাৰে তাৰ মানে নাই। --SlowPhoton (talk) 15:30, 29 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]