বাৰ্তা:মদন মোহন মালৱীয়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মালৱীয় নে মালব্য/মালৱ্য? প্রভাকৰ শৰ্মা নেওগ (talk) 14:21, 26 ডিচেম্বৰ 2014 (UTC)

  • মালৱীয় হব লাগে। সেয়েহে ইংৰাজী আৰু হিন্দীত Madan Mohan Malaviyaৰ (मदन मोहन मालवीय) নামটো কেনেকৈ লিখা হয়, তাৰ উল্লেখ কৰিছো। লগতে নামৰ উচ্চাৰণটোও আছে। সকলো দিশ চাই-চিতি আৰু বহু ভাবি-গুণিয়ে অসমীয়া মদন মোহন মালৱীয় বুলি লিখিছো। অসমীয়াত বহুতে ভুলকৈ এই ভাৰতৰত্নগৰাকীৰ উপাধিটো মালব্য বুলি লিখে। সেয়েহে গীতাৰ্থ বৰদলৈয়ে ‘মদন মোহন মালব্য’লৈ ৰিডাইৰেক্ট কৰি থোৱা কথাটো ভাল হৈছে।

বাবুল বৈশ্য 16:29, 26 ডিচেম্বৰ 2014 (UTC)

তথাপিও ৱিকিপিডিয়াৰ এটা নীতি আছে, ৰাইজে নখ জোকাৰিলে নৈ বৈ, গতিকে ব্যৱহৃত শব্দকেই ব্যৱহাৰ কৰা উচিত, ব্যক্তিগত ভাৱে মই মালব্য বা মালৱ্যকেই সমৰ্থন কৰো । 164.100.149.245
ৱিকিপেডিয়াই সাধাৰণতে প্ৰচলিত বানানকে অনুসৰণ কৰে। কিন্তু এই নিয়ম নামৰ লিপ্যন্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হব নে নহয়, নাজানো। ইয়াত ব্যক্তিগত ভাল লগা বা বেয়া লগাৰ কথা নিশ্চয় থকা উচিত নহয়। আমাৰ পূৰ্বসূৰীসকলে অজ্ঞতাজনিত কাৰণত বহুতো বিদেশী বা অনাঅসমীয়া নাম ভুলকৈ লিপ্যন্তৰ কৰি গৈছে। কিন্তু বৰ্তমান এই ভুলকৈ লিপ্যন্তৰ কৰা নামবোৰৰ শুদ্ধৰূপটো জনাত ইণ্টাৰনেটে আমাক যথেষ্ঠ সহায় কৰিছে। এতিয়া আমি কোনটো ভুলটো নে শুদ্ধটো অনুসৰণ কৰিম, তাৰ বিচাৰ বিজ্ঞসকলে কৰক। Madan Mohan Malaviyaৰ ক্ষেত্ৰত যিটো দেখদেখকৈ ভুল আৰু কিয় ভুল, তাক যুক্তিসংগতভাবে আঙুলিয়াই দেখুওৱা হৈছে। তাৰপিছতো ভুল ৰূপটো গ্ৰহণ কৰা উচিত নে? বাবুল বৈশ্য 17:07, 26 ডিচেম্বৰ 2014 (UTC)
মইও আগতে মালব্য লিখিছিলোঁ যদিও বাবুল বৈশ্যৰ যুক্তি অকাট্য। সেয়ে মই এতিয়া হিন্দি ৱিকিত লিখাৰ দৰে মালৱীয় লিখাৰে পোষকতা কৰোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 06:51, 27 ডিচেম্বৰ 2014 (UTC)
ৱিকিৰ নিয়মটো উৰাই দিব নোৱাৰি যদিও মানুহৰ নামৰ ক্ষেত্ৰত ভুল লিপ্যন্তৰ ময়ো পৰিহাৰ কৰি চলিছোঁ। ফুটবলাৰৰ তালিকা বা প্ৰবন্ধবোৰত স্থানীয় উচ্চাৰণমতে নামবোৰ লিখিছোঁ, যেনে- লায়নেল মেছিৰ ঠাইত লিঅ'নেল মেছি— গীতাৰ্থ বৰদলৈ (talk) 09:10, 27 ডিচেম্বৰ 2014 (UTC)